সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
 

মৰতত অঁকা আছে বিভূতি ধৰম কৰ্ম্ম
জ্যোতিশ্ময় জ্ঞান আলোকেৰে .
পশুত্বত অঁকা আছে হিংসা দ্বেষ তাপ যত
অজ্ঞান পাপ আন্ধাৰেৰে।

তৃণ তৰু লতা পাত হৰিং ৰঙ্গেৰে অঁক।,
ফুল অঁকা সুমিষ্ট ঘ্নাণেৰে,
পৰ্বত ভৈয়াম আৰু সৰিৎ সাগৰ অঁকা
গছ বন পথাৰ জলেৰে।

গ্ৰীষ্মত অঁকা তাপে, বৰ্ষাত বৃষ্টিৰে সতে.
শৰতত গৰ্ভিণী শষ্যৰে ,
হেমন্তত নীয়ৰেৰে, শীতত জাৰেৰে অঁকা,
বসন্তত মলয়া ৰাৱেৰে।

প্ৰতি ক্ষণ প্ৰতি স্থান প্ৰতি বিষয়ত প্ৰভু!
অঁকা আছে তযু মহিমাৰে;
তোমাৰ অনন্ত ছবি সৰ্ব্বত্ৰতে অঁকা আছে
ব্যাপ্য লিপি বিশ্ব প্ৰকৃতিৰে।


১৪


জোন বেলি তৰা আকাশ ডাৱৰ
 গছ লতাফুল ছন্দেৰে
তোমাৰ কবিতা বিৰচিত প্ৰভু!
  মনোমদ পুষ্প গোন্ধেৰে।

১৫