এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি
দেখি শিকা, লিখি শিকা-তাম সোন-ঢলা;
ঠেকি শিক্ষা কেচা পোন সুৱগাত গলা।
⸺
(২০) সুখ আৰু দুখ।
ঘিণ-লগা শামুকত মাণিকৰ খণি,
অসতে চিনাই দিয়ে সৎ শিৰোমণি।
অভাবেই আবিৰ্ভাব-মূল
অনুকূলে বাহে প্ৰতিকুল,
নিৰাকাৰ সাকাৰৰ ভেঁটি
বৈপৰীতা অস্তিত্ব প্ৰকৃতি।
নহল হেঁতেন যদি দুখৰ চোনি
নেপালোঁহেঁতেন গম সুখ উলহনি।
⸺
(২১) তপস্যাৰ ফল।
বৰ ভাই অতি গৰবী ৰাৱণ
বল তপস্যাৰ বলে,
মাজু কুম্ভকৰ্ণ দোৰোপা নিদ্ৰালু
সুৰা-ভজনাৰ ফলে;
সৰু বিভীষণ ধৰ্মপৰায়ণ
জ্ঞান তপস্যাৰ গুণে,
তিনিও বিভিন্ন পথৰ পথিক
আপোন ধাউতি পিনে।
৫৮