এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
চামগুৰি ফৈদৰ চুহুং কোৱঁৰ
তেৰ মাহ ৰজা হয় অসম ৰাজ্যৰ,
দেবেৰা বৰ বৰুৱাই
বিহপান কৰোৱাই
হত্যা কৰে, হিংসা তাৰ ডফলা ৰণৰ,
হবা বুলি স্বৰ্গদেৱে বিকুথিলে বৰ।
কুৰি দিন ৰজা হল গোবৰ কোৱঁৰ
কোৱৰ আছিল তেওঁ তুং খুং ফৈদৰ।
দিহীঙ্গীয়া বঙহৰ
চুজিন্ফা কোৱৰৰ
তিনিবৰ্ষ লাভ হয় ৰাজসিংহাসন,
আত্মঘাটী হয় তেওঁ মন্ত্ৰীৰ কাৰণ।
পৰ্ব্বতীয়া ফৈদৰ চুদৈফা কোৱঁৰ
অসম ৰাজ্যৰ ৰজা হয় দুবছৰ।
তেতিয়া বৰফুকণে *[১]
গৌহাটীত মনে মনে
যড়যন্ত্ৰ কৰে ৰঙ্গামাটী—নৰাবেৰে;
আকৌ মছলমান লাগে আহোমৰে।
এই কাল কালক্ষণ অসম ৰাজ্যৰ
ৰজা ভঙ্গা পতা হাত মন্ত্ৰীসকলৰ;
৪১
- ↑ গৌহাটীৰ বৰ ফুকণ লালুকসোলা