এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
(মোৰ) নহওক যশস্যা ঐশ্বৰ্য্য-বিভূতি
অসাৰ বিষয় দৌলত ধন,
(মোক) নেলাগে ওফোন্দা মানৰ টেটোলা।
সাদৰ লুভীয়া উচ্চ মন।
ক্ষুদ্ৰ মানুহৰ ক্ষুদ্ৰ হিয়া
সকলোলৈকে ঠাই নাইকিয়া,
আহল-বহল প্ৰকৃতিৰ হিয়া
খোলা আছে কোনে আগুৰিব!
নেলাগে কেৱেঁ আদৰ কৰিব
প্ৰকৃতিয়ে মোক সাদৰিব।
⸻
(২২) নাক কোঁচখাই গল।
ভাবিছোঁ এ দনা পাপৰ ভাবনা,
—নেদেখেতো কেৱেঁ হিয়া!—
কত কি পাঙ্গিছোঁ কত কি ভাঙ্গিছোঁ।
আদি অন্ত নাইকিয়া।
চমকি উঠিলোঁ, বুজিছে বা থানে!—
কেউপিনে চালোঁ ঘুৰি,
শূইনে শূইনে গৰে গছে বনে,
দেখিলো চকু এজুৰি।
৮৪