এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
এইজনা স্বৰ্গদেৱে হিন্দু অনুসৰি
হিন্দুধৰ্ম্ম দীক্ষা লয় বুদ্ধধৰ্ম্ম এৰি।
ৰাজগুৰু নিৰঞ্জন।
হল বাপু বিচক্ষণ
বামুণৰ প্ৰতিপত্তি এদোন চৰিল,
আহোম ৰাজ্যৰ ধ্বজা ইয়াতে লৰিল।
আহোমৰ অধঃপাত হয় তাৰ ফলে,
গীতাৰ মহতি বাক্য যাবকি বিফলে,⸺
“স্বধম্মে নিধনং শ্ৰেয়ঃ।
পৰধম্মো ভয়াবহঃ।”
এৰি নিজ বৌদ্ধধৰ্ম্ম হিন্দুধৰ্ম্ম ললে,
সেই পাপে আহোমৰ গতি ৰসাতলে।
সিকালত মিৰজুম্লাৰ আক্ৰমণ
স্বৰ্গদেৱে ততালিকে নকৰি বাৰণ
ৰজা প্ৰজা সমে দূৰ হল
শূন্য ৰাজধানী ৰল
মোগল সোমাল গৈ উদং নগৰ,
নুবুজিলে সি যে এক ব্যুহ আহোমৰ।
বাৰিষাৰ বানপানী আহি যেতিয়াই
গড়গাওঁ ঘেৰি ললে বাটপথ নাই,
খাদ্যৰ নাটনি হল,
জহনিতে কতো গল,
৩৫