এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
৩-কুঞ্জ থুপি।
(১) ভক্তি আৰু মুক্তি।
ভকতি বিৰহ প্ৰেম, মুকুতি মিলন,
বিৰত ৰাটে স্পৃহা, দিনে সমাপন।
প্ৰেমত আপ্লুত হই প্ৰেমিক ভকত
মুক্তিত নিস্পৃহ, ভক্তিভাৱে গদগদ।
অন্তত তৃষ্ণৰূপ অগনি জ্বলিলে
অশান্তি তাপেৰে হিয়া দেই পুৰি যায়,
সম্পদ সোপাকে আনি কিহৰ চপালে,
অতৃপ্ত হিয়াৰ তেও তৃপ্তি পায়।
কৃষিতে উগাৰি তৃষ্ণা—অশান্তিৰ ভাৰ,
পাই বুলি কৰবাত পতিয়ণ ঠাই,
লগৰীয়া চান্দি ফুৰে প্ৰকাশি যন্ত্ৰণা,
অতৃপ্ত আকাঙ্ক্ষা তাৰ লগে লগে যায়।
| (৩) সাধনা।
সকল কাঠতে জুই আছে লুপ্ত হই,
নাহলে উদ্ভাৱন হব কেনেকই।