সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
 

পথাৰত শোভা গাৱঁলীয়া
 পজাবাসী কৃষক জীৱন
  সুখময় দেখে নাগৰিকে
কৃষকেও নগৰীয়া জাকজমকত
 দেখা পায় শুদা
   নাগৰিক সুখ স্বচ্ছন্দকে।
অইনত স্নেহ প্ৰেম প্ৰীতি
 অনুৰাগ নিলগত
   অইনেহে দেখে সুখময়,
ওচৰৰ বিঘিনি জঞ্জাল
 খুঁতি–নাতি দোষ যত
  নিলগত প্ৰতীতি নহয়।
কাষত সদায় পায়
 আসোৱাঁহ দুখময় ‘বেয়া’-
  নৰহিয়া সদায় অসুখ,
নিলগত যেনি চাবা
 তেনি দেখি সুখ-পূৰ্ণ ভাল
  মৰু মৰীচিকা দৃশ্য-সুখ।


(১৯) পিছলনি।


নাছিল জঞ্জাল একো খুটিবন্ধা মন,
দিওঁ আনি ওচৰতে দেনা নানা ভাৰ,—
উপাদেয় বস্তু কত ভাল ভাল বাছি,
ভাবিলো পুৰিছে তাৰ ইবেলি হেঁপাহ।

৮১