সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
 

নিজ কৰ্ম্ম ফলে ধন লভিবা যিমান
সন্তুষ্ট থাকিবাঁ তাকে লই।
 (২)
তোমাৰ আপোন কোন পুত্ৰ পৰিবাৰ
মায়াময় বিচিত্ৰ সংসাৰ,
তুমি বা আপোন কাৰ, কৰপৰা হল,
চিন্তা ভাই আত্ম তত্ব তাৰ।
 (৩)
ধন জন যৌবনৰ গৰ্ব্ব অকাৰণ
কালে নিমিষতে হৰে চোৱাঁ,
জানি ভবমায়া মোহ অতিক্ৰম কৰি
পৰব্ৰক্ষ্ম পদাশ্ৰয় লোৱাঁ।
 (৪)
পদুম পাতৰ জল তৰল যিৰূপ
অথিৰ জীৱন ইতো তাৰ,
ক্ষণিক সংসাৰ, সাৰ সাধুসঙ্গ মাথোঁ
ভবাৰ্ণব তৰিবৰ নাৱ।
 (৫)
জনমৰেপৰা মৃত্যু, মৰণৰে পৰা
পুনৰ্জ্জন্ম-জীৱনৰ দুখ,
জনম-মৰণশীল সংসাৰত নৰ!
কাহানিনো লভিবা সন্তোষ?
 (৬)
সন্ধ্যা,পূৱা, নিশা, দিন, শীত বসন্তাদি
কালৰ চাকত আহে যায়,

৭৬