এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য়-কলি।
তোমাৰ উদ্দেশ্য সিদ্ধৰ নিমিত্তে
তোমাৰ যে লীলা কেনে।
*
কেনে যে তোমাৰ লীলা দয়াময়।
কেনে যে তোমাৰ লীলা
পুৰুষত দিছাঁ চোকা অস্ত্ৰ মন,
স্ত্ৰীৰুপ দিছা শিলা;
অস্ত্ৰৰ মোল নুবুজি মানুহে
নিজে টি মৰে গলা।
ধৰাব নেজানি শিলত ঘহোঁতে
বদুৱাহে কৰে নচলে নেকাটে;
তোমাৰ সঁজুলিৰ দুৰদশা এনে
তেও সকলোতে দিলাঁ।
তোমৰৰ মহিমা কি বুজিম প্ৰভু।
কেনে যে তোমাৰ লীলা
⸻
(৪)
কোনো অচহুৱা বাটে,
কাষে পাশে পোৱা গছ বনলতা
পথ চিনা-চিনা লাগে;-
কৰবাৰ যেন কোনোবা কালৰ
খেলা ধেমালিৰ ঠাইহে নিজৰ,