সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪-বিবিধ থুপি।

(১) কবিতা।


বাহিৰত প্ৰকৃতিৰ পূৰ্ণ পয়োভৰ
 —স্ৰজন, পালন, সংহৰণ;
ভিতৰত পৰমাত্মা প্ৰকৃতিৰ পৰ
 নিৰ্গুণ-পুৰুষ নিৰঞ্জন।
বাহিৰ ভিতৰ মিলি অস্তিত্ব সৃষ্টিৰ
 পুৰুষ প্ৰকৃতি সঙ্কলন,
ক্ষুদ্ৰ তাঙ্গৰণ তাৰে জীৱন নশ্বৰ
 দেহ আৰু আত্মাৰ স্ৰজন।
বাহিৰত সংঘটিত ঘটনা তুলিৰে
 অন্তৰত ভাব অঁকা বুলি,
কবিৰ কবিতা সৃষ্টি বাহিৰে ভিতৰে
 ভাব আৰু ভাষা দুয়ো মিলি।


(২) বাল্মীকি-প্ৰতিভা।


নৌজ্বলে তেতিয়াও কবিতাৰ আভা,
বাল্মীকি প্ৰতিভা লীন দস্যুৰ হিয়াত,