এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
কি যে চকু হাঁয়! কেনে যে ভ্ৰুভঙ্গী
কি যে হিয়া-ভেদা দৃষ্টি!
যেনি মু’কৰিলোঁ তেনিয়ে দেখিলোঁ-
(যেন) চকুৰ বিষ সৃষ্টি!
দুচকু মুদিলোঁ তথাপি দেখিলোঁ--
চকু যে নোৰোৱা হল।
অপ্ৰস্তুত হলোঁ, লাজে ভয়ে মোৰ
নাক কোঁচ খাই গল।
⸻
(২৩) ব্ৰজহিয়া।
অন্তৰৰ প্ৰেম সুঁতি আঁৰ কৰি থোৱা
ঠেঁহ-পেঁচ খং বিষ অঁকা যবনিকা
সুলকিল উদঙ্গাই শত শত হিয়া
আঁহফলা নিঠুৰৰ যাবৰ বেলিকা।
নাজানি হিয়াৰ প্ৰীতি প্ৰেম-অনুৰাগ
প্ৰেমৰ পুৰতে থাকি প্ৰেম খাকলুৱা;
শতেক হিয়াৰ জুৰী হাঁয়! কৰি ত্যাগ
তৃষ্ণাতুৰ কি যে লই ক্ষুদ্ৰ পাণীপীয়া।
৮৫