এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
সেনাপতি আব্দাৰক ধৰি আনিছিলে,
গড়গাওঁ! ইয়াতেই বান্ধি ৰাখিছিলে।
কৰতোৱালৈকে বাঢ়ে সীমা সাম্ৰাজ্যৰ
পৰিল কোচৰ ৰজা তল আহোমৰ!
যবনেৰে সন্ধি হলে
বৰফুকণক থলে
দুৱলী শাসনকৰ্ত্তা নাম অসমৰ।
গুৱাহাটী ৰাজধানী হল সিজনৰ।
কছাৰিৱে আহি কৰিছিলে উৎপাত
আহোম সেনাৰে ৰণ লাগিল ৰহাত।
কছাৰী পলাই গল,
আহোমেও খেদি গল,
পৰিল কছাৰী ৰাজ্য আহোম-হাতত;
সোন্দৰ গোহঁইক পাতি থলে সি ৰাজ্যত।
কত কম গড়গাওঁ! তেতিয়াৰ কথা,
আহোমৰ পৰাক্ৰম সিবে শোকগাঁথা।
সূৰ্য হেন আহোমৰ
জ্যোতি ভৰ দুপৰৰ
কিৰণ অসম জোৰা পৰি আছে চিন্,
“আহোমৰ দিন” সেই আহোমৰ দিন;
চুচেংফাৰ বৰপুত্ৰ চুৰমফা কোৱঁৰ।
তিনি বৰ্ষ ৰজা হয় আহোম ৰাজ্যৰ!
৩৩