এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫⸺নীতিথুপি।
(১)
যিটো পথে সাধু চলে লোৱাঁ সেই পথ,
নেলাগে ভাগৰ সিদ্ধি হব মনোৰথ।
(২)
নিজৰ স্বভাৱ নিতে কৰাঁ আলোচনা,
সততা পশুত্ব চোৱাঁ ৰিজাই কতনা।
(৩)
সতেৰে বিষাদ কৰা সি বহু ভালেই,
অসতেৰে সঙ্গো নেপাতিবাঁ কোনো কালেই।
(৪)
বয়সতো আগ্ৰহেৰে বিদ্যা উপাৰ্জ্জিৱাঁ,
ইকালে নোপোৱা ফল সিকালত পাবাঁ।
(৫)
ঘৰত লাগোঁতে জুই ব্যৰ্থ খনা খাল;
বিপদৰ পূৰ্ব্বে প্ৰতিকাৰ চিন্তা ভাল।
(৬)
লৰাৰো যৌক্তিক কথা নেপেলাবাঁ খেলি,
বন্তিয়েঁও পোহৰায় মাৰগলে বেলি।