সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
 

  উদিল পোনতে চুকাফা কাঁচলি
 উজ্জ্বল পতাকা লই,
 চুতেউফা, চুবিন্ফা, চুখাংফা, চুখ্ৰামফা
 এজন এজন কই,

 চতুফা আৰু ত্যাও খাম্‌থিলৈ
 সাতজনা স্বৰ্গদেৱে
 এশ-তিনি-কুৰি বছৰ ইয়াতে
 ৰাজ্য শাসিছিলে তেবে।

 হৰি। তেতিয়া তোমাৰ মহত্ত্ব অসীম
 তোমাৰ গৌৰৱ গান,
 বুৰঞ্জীয়ে আজি প্ৰতিধ্বনি কৰে
 শুনিলে জুৰায় প্ৰাণ।

(আজি) তোমাৰ বুকুৰ পখীয়েও গাইছে,
 আহোমৰ ধ্বংস গাঁথা
(আজি) তোমাৰ বুকুৰ তৃণে পাতে অঁকা
 আহোমৰ স্মৃতি কথা।

 মৰান, বৰাহী আদিৰাজ্য যত
 তুমিয়ে পেলালাঁ ওৰ,
 সৌমাৰ ভৈৱামে তোমাৰ কাষত
 সম্ভমে দোঁৱালে মূৰ।

২০