এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি৷
প্ৰভূ! দেখা দেখা লাগে পূৰ্ব্ব স্মৃতি তব
জড়িত আছে বা তাতে!
কাহানিবা হলে গই থাকোঁতেই
নিচিনা নজনা বাটে।
*
কাহানিবা হলে জোন-জোনাকত
নীলা আকাশৰ পিনে,
চবুকা চুবুকি ডাৱৰৰ মাজে
চাওঁতে উদাস মনে;
চিন চিনা লাগে কেনেবা কেনেবি
কোনোবা কালৰ যেন চিনা ছবি
তোমাৰে বা প্ৰভূ! আপোন-আপোন
অতীতৰ স্মৃতি তেনে!
একো একো দিনা জোন জোনাকত
নীলা আকাশৰ পিনে।
*
প্ৰভূ! জীৱ জগতত সদায় ভ্ৰমিছোঁ,
সদায় দেখিছোঁ এনে,
কাহানিবা হলে চাওঁতে চাওঁতে
আচকিত হওঁ কেনে!
বিশ্ব খন যেন জীৱন সাগৰ,
যত জীৱ, আমি জীৱ জলচৰ,
উটি বুৰি তাতে আছোঁ নিৰন্তৰ
জীৱন মৰন কেনে!