সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি
 


বলী বলিয়াৰ কৃত্ৰিম প্ৰভাৱ
 কলৈবা কেনিবা গল,
সতানিষ্ঠ ধৰ্ম্মী জ্ঞানী বিভীষণ
 মৰিও অমৰ হল।


(২২) সহানুভূতি।


শোকৰ খুন্দাত এৰা থৰ-যুগুতি,
হতাশত জয় পৰা ওখ আশাটী,
 নিৰাশত কোচ খোৱা
 বিপদত পেটা হোৱা
চিন্তাত জুৰুলা পৰা হই বিকৃতি,
দুৰ্বল হিয়াৰ বল সহানুভূতি।


(২৩) কৰম কপাল।


গুণৰ বাহিৰে নাই দয়া, ক্ষমা,
নাই দণ্ডবিধি, অজ্ঞান, জ্ঞান;
বিৰাজে মাথোন চেতন আতমা
সূক্ষ্ম পৰিশুদ্ধ প্ৰকৃতি-প্ৰাণ।
স্তুতি গালি একো নেযায় তালৈ,
ভাবিও সেইহে নেপাওঁ লাগ;
নিজে নিজে নিজ কৰ্ম্ম-ফল লই
ভূঞ্জিছাঁ ভবত ভাগ্যৰ ভাগ।

৫৯