এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি
বলী বলিয়াৰ কৃত্ৰিম প্ৰভাৱ
কলৈবা কেনিবা গল,
সতানিষ্ঠ ধৰ্ম্মী জ্ঞানী বিভীষণ
মৰিও অমৰ হল।
⸻
(২২) সহানুভূতি।
শোকৰ খুন্দাত এৰা থৰ-যুগুতি,
হতাশত জয় পৰা ওখ আশাটী,
নিৰাশত কোচ খোৱা
বিপদত পেটা হোৱা
চিন্তাত জুৰুলা পৰা হই বিকৃতি,
দুৰ্বল হিয়াৰ বল সহানুভূতি।
⸻
(২৩) কৰম কপাল।
গুণৰ বাহিৰে নাই দয়া, ক্ষমা,
নাই দণ্ডবিধি, অজ্ঞান, জ্ঞান;
বিৰাজে মাথোন চেতন আতমা
সূক্ষ্ম পৰিশুদ্ধ প্ৰকৃতি-প্ৰাণ।
স্তুতি গালি একো নেযায় তালৈ,
ভাবিও সেইহে নেপাওঁ লাগ;
নিজে নিজে নিজ কৰ্ম্ম-ফল লই
ভূঞ্জিছাঁ ভবত ভাগ্যৰ ভাগ।
৫৯