এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
এই সুযোগতে আহোমৰ ৰনুৱাই
বেৰি ধৰি মোগলক দিলেহি ঘটাই।
মহাশঙ্কটত পৰি মিৰজুম্লাই
সন্ধিৰ প্ৰস্তাৱ কৰে হই নিৰুপায়।
স্বৰ্গদেৱ মান্তি হই
দিয়ে সালঙ্কৃতা কই
“ৰমণী গাভৰু” বিয়া বাদছাহ লই
বেটী বন্দী ঘোঁড়া হাতী—যৌতুক নথই।
জয়ধ্বজ সিংহ ৰজা হই অসমৰ
মহা প্ৰতাপেৰে ৰাজা পালে ন-বছৰ।
“ৰমণী গাভৰু” পালে
বাদছাহে ভাবি ললে
শৰণীয়া হল আৰু ৰজা অসমৰ
পাব পেচ্কচ চৈ প্ৰত্যেক বছৰ।
কিন্তু সি বাসনা যেবে নহল পূৰণ
আহোম নহয় তল, দিব খোজে ৰণ,
মহাক্ৰোধে দিল্লীশ্বৰে
যুঁজিবলে আহোমৰে
- [১] চানা আৰু ফিৰোজৰ সেনাপতিত্বত
পঠিয়ালে মোগলৰ সেনা অসংখ্যাত।
হাৰিলে মোগল যেবে ভঙ্গ দিলে ৰণ
চানা ফিৰোজক বন্দী কৰি তেতিক্ষণ
৩৬
- ↑ চৈয়দ চানা আৰু চৈয়দ ফিৰোজ।