এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
যত বহে স্বৰ্গদেৱ
সাধ্য কি পশিব কেওঁ!
খিকিন্দালি কৰি আজি গৰখীয়া লৰায়ো,
তাত উঠি বিহু পাতে
কত যে অভইচ মাতে!
পৰ্ব্বত উলঙ্ঘে হাঁয়! ভৰি ভগা খোড়ায়ো।
ইটাৰে বন্ধোৱা গড়
চাৰি মেৰ চৌহদৰ
ভাগি খহি গৈ তাত গছ হাবি গজিছে।
পৰীয়াৰ চৌকি ঘৰ
মত দিয়ে বোন্দাপৰ
ধিপ্মাত্ৰ আছে চিন্ হাবি বনে ছাতিছে।
অদূৰত ৰং ঘৰ
যুঁজ ৰং চোৱা ঘৰ ,
যাৰ নামে এই পুৰী— ৰিঙ্গা ৰিঙ্গা বাজিছে।
চৌদিশে পথাৰৰ
গাওঁ ভূঁই ওচৰৰ
ম্লান ভাব বনে পাতে দীন বেশে সাজিছে।
পূবে দি দিখৌ নৈ।
ধীৰে ধীৰে বৈ বৈ
আপুনি আপোন মনে মন মাৰি চলিছে।
৪৯