এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি
(৭)
কিনো দুখ দিয়াঁ দয়াময়!
দুখ কিয়নো দিয়াঁ?
শৰীৰেৰে পীড়া বেমাৰে আজাৰে
মনেৰে সন্তাপ দিয়াঁ;
জীৱন সজাত আতমা পখিটি
বন্দী কৰি কৰাঁ কেনে যে দুৰ্গতি!
ত্ৰিতাপেৰে তাপাঁ হিয়া আশকতি,
তাপ কিয়নো দিয়াঁ?
তাপ নহলে যে নগলে পৰাণ
(তোমাৰ) সাঁচত নুঠে যে হিয়া
ঠিক এইবাৰ বুজিলোঁ বুজিলোঁ
দুখ সেইহে দিয়াঁ।
⸻
(৮)
প্ৰভু! পোন যৌবনৰ ঢলনি যেতিয়া
(মোৰ) হিয়া উটি বুৰি পৰিলে,
কামনা-উদ্বেগ-হেন্দোলনি ঢৌৱে
ঠৌকি-বাঠৌ কৰিলে;
তেতিয়া তোমাৰ পহৰি ৰাখিলাঁ
(মই) হিয়া হেৰুৱাওঁ বুলি,
প্ৰকৃতিৰ-ৰূপৰ সমষ্টি কাম্যৰ
তত্ব-থাকিলোঁ ভুলি!