এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
সুখ নৰকত, সুখ-দুখ মৰতত,
একমাত্ৰ সুখ শান্তি আছে স্বৰগত।
মৰতৰ অধিবাসী মনাহ ভকত।
বিচাৰি নোপোৱাঁ পূণ্য সুখ মৰতত।
সত্যেৰে বন্ধোৱা পাৰ দুটিত ঠেকাই
বিমল প্ৰেমৰ যত নই বই যায়,
প্ৰীতিৰ মলয়ে যত ঢৌৱায় খেলায়
সেয়েই স্বৰগ সেয়ে শান্তিময় ঠাই।
নাই তাত মিছা বেশ্যা পাপ তাপ যত,
হিংসা কপততা একো নাই সিথানত।
ইচ্ছা যদি আছে মোত ৰাখিবা সঞ্জাত,
শান্তিধামলৈ যোৱা দেখুৱাঁও বাট,—
দৃঢ় প্ৰতিজ্ঞাৰ সাহ বান্ধি হৃদয়ত,
ধৈৰ্যৰ লাখুটি ধৰি কৰ্ত্তব্য কামত,
সৎস্বভাৱৰ এৱাঁসূতাৰ সাঁকোত,
বগাঁৱা ঈশ্বৰ-নাম সুৱঁৰি মনত।
সাৱধান! ধুমুহাই আকুল কৰিব,
বাধা বিঘিনিৰ ঢৌৱে তৎ হেৰুৱাব,
বাৰে-শত্ৰু শিহু ঘঁৰিয়ালে আক্ৰমিব,
ধুঁৱলি কুঁৱলি দিশ হুতাশে ছাটিব।
তেতিয়া নেযাৱাঁ তুমি কৰ্ত্তব্য পাহৰি,
আগুৱাঁবা একে ৰাহে কৰ্তব্য সুঁবৰি।
তেহে পাবাঁগই তুমি শান্তিময় স্থান,
জঞ্জাল দুখৰপৰা পাই পৰিত্ৰাণ।
৭৪