সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি ৷
 

আগৰ শতুৰু বোৰে ঠেকত পেলাই
এনেকুৱা কৰিছে কিলাই।

নিচিন্তো অহিত কাৰো-আপোনাৰ আজ্ঞা
প্ৰাণ ৰাখোঁ খাই গছঁপাত,
সাধু হই বিপত্তিৰ সীমা নাইকিয়া
পূৰ্ব্ব কৰ্ম্মফল কি লগাত।

গুৰুৱে মিছিকি হাঁহি দিলে সমিধান
সাপ! তই সমূলি নিৰ্ব্বোধ,
কইছিলোঁ ত্যাগ কৰা উচিত মাথোন
তোৰ লোভ মোহ কাম ক্ৰোধ।

শতুৰুক দেখি তই কিয় আশ দিলি?
সাধুৰূপ কি নুলুকালি?
সিহঁত আহোঁতে খেদি আগৰ দৰেই
ফোঁচ, ফোঁচ, কিয়, নকৰিলি?


(২১) প্ৰকৃতিয়ে মোক সাদৰিব।


নেলাগে কেৱেঁ আদৰ কৰিব
প্ৰকৃতিয়ে মোক সাদৰিব,
কৰক আটায়ে অবজ্ঞা মোক
প্ৰকৃতিয়েতো সামৰিব!

৮৩