সমললৈ যাওক

পৃষ্ঠা:Kaibo-kali-Ed-1st.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি
 

নৰহিয়া উদ্দীপিত কাব্য জ্যোৎঙ্গা প্ৰভা
উজৰি উজৰি মাৰ যায় হৃদয়ত।


কৰ্মফল পথ ভুলি সিটো জনমৰ
ৰত্নাকৰ দস্যুৰূপে থাকোঁতে ভকত,
মায়াৰ ঢাকনী দাঙ্গি বাল্মীকি দেৱৰ,
নাৰদ ঈশ্বৰ দূতে কৰিলে বেকত।


স্বৰ্গৰ জেউতি পৰি দস্যু হৃদয়ত
মায়া অন্ধকাৰ হল আলোকত লীন;
উভটি ধৰিলে নিজ পথ সাধনাত,
পুৰুষাকাৰত গল সংস্কাৰ জিন।


দূৰ হল দস্যুবৃত্তি মায়া অহঙ্কাৰ
নিজ পৰিবাৰবৰ্গ পালনৰ চিতা,
দূৰ হল কাম, ক্ৰোধ, লোভ, মোহ, মদ,
মাৎসৰ্য্যৰ আক্ৰমণ বাধ্য বাধকতা।


দূৰ হল আত্মপৰ মায়া ভেদ জ্ঞান,
সুখ দুখ, পাপ পুণ্য, ধৰ্ম্ম অধৰ্ম্ম,
বিবেক হিয়াত তাৰ হল মূৰ্তিমান,
ক্ৰমাৎ কৰিলে ত্যাগ সংসাৰৰ কৰ্ম্ম


আলোকৰ ছটা এটি তাৰ হৃদয়ৰ
কবিতা জপেৰে সাঁচ ৰই মৰতত

৬৩