এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাব্য-কলি।
দু’ এদিন মাত্ৰ চন্দ্ৰে পূৰ্ণৰূপে
সুষমা বিকাশ কৰে।
(৪৪)
অন্যৰ বুদ্ধিত চলে যিটোনৰ
নিজ বুদ্ধি গৰ্ব্ব কি?
লোকৰ গহনা খুজি পিন্ধোতাৰ
থকা ধুন মৰা সি।
(৪৫)
পরক পীড়াদি সুখ বাঞ্চোঁতাই
নিজে পৰিতাপ আৰ্জ্জে,
পৰৰ তেজ পী দুখ দিয়া জোঁকে
পীড়াত যাতনা ভুঞ্জে।
(৪৬)
নীতি বিগৰ্হিত আচৰোঁতা কণা,
কলা নীতি নুশুনোতা,
উপযুক্ত সময়ত প্ৰিয় বাক্য
কব নেজানোতা বোবা।
(৪৭)
বিনয়েৰে দান, ক্ষমাযুক্ত শৌৰ্য্য
আৰু গৰ্ব্ব হীন জ্ঞান,
দানযুক্ত বিত্ত, এই সংসাৰত,
দুৰ্লভ চাৰি প্ৰধান।
৯৬