সান্ধ্যভ্ৰমণ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

[  ]
 

সান্ধ্যভ্ৰমণ

(ব্যতিক্ৰমধৰ্মী চুটিগল্পৰ সম্ভাৰ)




মন্টু কুমাৰ বৰঠাকুৰ

ফোন : ৯৯৫৭০৬৯৪৭৫

 

[  ]
 

“SANDHYA BHRAMAN” A collection of exceptional short stories of Sri Montu Kumar Borthakur and Published by Mr. Bishnulal Shastri, on behalf of Bharatia Sahitya Pratishthan, Tezpur, Assam.

1st Edition, Nov. 2017.

Price : 100/ only


ISBN-978-93-84900-73-1


প্ৰকাশক :

শ্ৰীবিষ্ণুলাল শাস্ত্ৰী (ভাৰতীয় সাহিত্য প্ৰতিষ্ঠানৰ হৈ)


প্ৰথম প্ৰকাশ :

নৱেম্বৰ, ২০১৭ খ্ৰীষ্টাব্দ

© লিখক

প্ৰচ্ছদ :

বিকাশ শৰ্মা, বিশ্বনাথ চাৰিআলি

মূল্য :

১০০/- (এশ) টকা মাত্ৰ

ডি.টি.পি. :

মন্টু কুমাৰ বৰঠাকুৰ (লেখক)

মুদ্ৰক :

নলিনী প্ৰিন্টাৰ্চ, বৰপথাৰ, গোলাঘাট, অসম৷

 

[  ]
 

প্ৰকাশকৰ একাষাৰ

 ২০১৪ চনৰ জানুৱাৰী মাহত প্ৰকাশিত ’মুখামুখি’ৰ পিছত মন্টু কুমাৰ বৰঠাকুৰৰ দ্বিতীয়খনি ব্যতিক্ৰমধৰ্মী গল্পসম্ভাৰ হৈছে এই ‘সান্ধ্যভ্ৰমণ’।

 ২০১৬ চনৰ নৱেম্বৰ মাহত আমি অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰা এই লেখকৰ ব্যতিক্ৰমধৰ্মী উপন্যাস ‘লালীগুৰাঁস’ৰ সফলতাৰ পিছত এই ‘সান্ধ্যভ্ৰমণ’ গল্পসম্ভাৰখনি হৈছে আমাৰ ফালৰ পৰা প্ৰকাশিত এই লেখকৰ দ্বিতীয়খনি গ্ৰন্থ।

 আশা ৰাখিছোঁ, লেখকজনৰ অনুৰাগী পাঠকসমাজে এই গল্পসম্ভাৰ খনিও আদৰি ল’ব।

শ্ৰী বিষ্ণুলাল শাস্ত্ৰী

ফোন : ৯১০১১১৪৫০৩

 

[  ]

সূচীপত্ৰ

 দেৱদূত
মাহী
বন্দীশাল
নৱবৰ্ষৰ শুভেচ্ছা
সংস্কাৰ
ৰাজযোগ
সান্ধ্যভ্ৰমণ
সম্বৰ্ধনা
প্ৰতিচ্ছবি
সহযাত্ৰী
প্ৰতিধ্বনি

 

পৃষ্ঠা : ১
পৃষ্ঠা : ১১
পৃষ্ঠা : ১৮
পৃষ্ঠা : ২৭
পৃষ্ঠা : ৩৩
পৃষ্ঠা : ৩৮
পৃষ্ঠা : ৪৬
পৃষ্ঠা : ৫২
পৃষ্ঠা : ৫৯
পৃষ্ঠা : ৬৭
পৃষ্ঠা : ৮৫

[  ]
 

দেৱদূত

 

 সেই নগৰখনৰ মাজমজিয়াতে দেউতাই সজাই থৈ যোৱা আমাৰ সেইটো দুমহলীয়া ডাঙৰ ঘৰ!

 সেই নগৰখনৰ চাৰিচুকত আমাৰ চাৰিটাকৈ ভাড়াঘৰ!

 আনকি, ঘৰ সজোৱাকৈ পেলাই থোৱা মাটি দুটুকুৰাও পৰি আছে।

 অথচ মই, দেউতাৰ একমাত্ৰ ল’ৰাটোৱে আজি সেই ঘৰ-দুৱাৰ তাতে এৰি সোমাই আছোঁহি এইখন নগৰৰ এই গলিটোৰ এইহেন ভাড়াঘৰটোত!

 কিয়? কাৰ দোষত?

 আপুনি ক’ব, মই ভুল কৰিছোঁ। মই পৰিস্থিতি চম্ভালিব পৰা নাই।

 মই পলায়নবাদী।

 অ, মই পলায়নবাদী, মই পলাইছোঁ।

 কিন্তু, কিয় পলাইছোঁ জানেনে?

 আত্মসন্মানৰ খাতিৰত।

 মই ভাবো, সা-সম্পত্তিতকৈয়ো আত্ম-সন্মানটো ডাঙৰ বস্তু।

 সা-সম্পত্তি হেৰালেও ঘূৰাই পাব পাৰি, কিন্তু আত্ম-সন্মানটো এবাৰ হেৰালে হেৰায়েই যায়। ইয়াক পুনৰোদ্ধাৰ কৰিব পৰা নাযায়।

 আৰু, সেইখন ঘৰত থকা মানে আত্ম-সন্মানৰ বাজী লগোৱাহে হ’ব।

 কোনদিন কি ঘটি যাব, কোনদিনা পুলিচ আহি ঘৰ সোমাবহি তাৰ কোনো নিশ্চয়তা নাই, জানে?

 আৰু, সেইখন ঘৰত পুলিচ আহি সোমোৱা মানে আমাৰ নাক-কাণ একোৱেই নাথাকিব। আমি মূৰ ডাঙি সমাজত থিয় হ’ব নোৱাৰিম। আজি, যি সকলে মোক ‘ছাৰ' বুলি মাতিছে, সভাই সমিতিয়ে নিমন্ত্ৰণ কৰিছে, বিভিন্ন উপলক্ষ্যত মোৰ ডিঙিত গামোচা পিন্ধাইছে, কাইলৈ তেওঁলোকেই মোক দেখিলে হাঁহিব, তিৎকাৰি মাৰিব, থুৱাব।

 মই কথাবোৰ কাক কম? কাক বুজাম?

 মোৰ কথা বুজিবলৈ আগবাঢ়ি আহিব কোন?

 যুক্তিৰ খাতিৰত ধৰি লৈছোঁ, দুই এক শুভাকাংক্ষী আহিলেই যেনিবা, [  ] তেওঁলোকক মই ক’ব পাৰিমনে যে মোৰ মা, যাক তেওঁলোকে, তেওঁলোকে কিয় সৌ সিদিনালৈকে মই নিজেও এগৰাকী দেৱী বুলি জ্ঞান কৰি আছিলো, সেই মায়েই আমাৰ ঘৰখন এখন নৰক কৰি তুলিলে! আৰু শেষত, নিজৰ নাক- কাণ বচাবৰ বাবেই মই ঘৰৰ পৰা ওলালো বা আপুনি ক’বৰ দৰে, পলালো।

 “মইতো তেনেকৈ কাহানিও...”

 আচ্ছা, সঁচা কথাবোৰকে ক’লোৱেই যেনিবা, বুজিব কোনে?

 অইনৰ কথা বাৰু বাদেই, আপুনিয়োতো মোক বুজিবলৈ চেষ্টা কৰা দেখা নাই। আপুনিয়োতো কয়, মইহে ভুল কৰিলো বুলি। কিন্তু, কি ভুল?

 “কেতিয়া ক’লোনো? মইতো...”

 হয়, মই মাৰ পচন্দ অপচন্দক গুৰুত্ব নিদি মণিক বিয়া কৰালো।

 কিন্তু মই কৰোনো কি?

 মাৰ কথামতে তাইক এৰি আনক বিয়া কৰোৱাৰ কথা মই ভাবিবও নোৱাৰিলো। তাইক অন্যায় কৰাৰ কথা মই ভাবিব নোৱাৰিলো।

 কিন্তু, তাইক পলুৱাই অনাওতো নাছিলো।

 দহৰাইজক সাক্ষী কৰি, সামাজিক প্ৰথামতেই বিয়া কৰাই আনিছিলো।

 আপুনি নিজেই দেখিছিল মায়ে কেনেকৈ জোৰোণ দিয়াৰ পৰা কইনাক দুৱাৰমুখত আদৰালৈকে সকলোখিনি কৰিছিল।

 সেইদিনা মাৰ হাঁহিভৰা মুখখন দেখাৰ পাছত মইনো বাৰু কেনেকৈ অনুমান কৰিব পাৰো যে মায়ে মনতে এক প্ৰতিশোধৰ ভাব পুহি ৰাখিছিল! প্ৰতিশোধ! তাকো, মোৰ ওপৰত! নিজৰ একমাত্ৰ পুতেকৰ ওপৰত!

 চাওক মামা, মই মণিক চিনি পাওঁ, বুজিও পাওঁ।

 দুখীয়াঘৰৰ সন্তান হোৱাৰ বাহিৰে তাইৰ অন্য দোষ নাই।

 স্বাস্থ্যপাতি ভাল, স্বভাৱ চৰিত্ৰ ভাল, ব্যৱহাৰপাতি ভাল, শিক্ষাদীক্ষাও আছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, মই তাইক বিচাৰোঁ আৰু তাইয়ো মোক বিচাৰে। আৰুনো লাগে কি?

 হয়, তাইৰ গাত আভিজাত্যৰ চাপ নাই।

 কিন্তু, মইতো তাইৰ গাত বিচাৰিবলৈ যোৱা নাই সেই ফোপোলা আভিজাত্যৰ ক’লীয়া ছাপ!

 মইয়ে যদি বিচৰা নাই, তেন্তে মাৰ গাটো ফৰ্ ৰাইছে কিয়?

 মায়ে বিচাৰিব কিয়? কি যুক্তিত?

 হয়, মায়ে আভিজাত্যৰ মাজতেই জীৱনটো কটালে, আৰু আজিলৈকে [  ] কটাইয়ো আছে।

 আভিজাত্য মানে কি আৰু, ধনী দেউতাকৰ একমাত্ৰ জীয়েক বুলি সৰুৰে পৰা লাহ বিলাহৰ মাজতে ডাঙৰ হৈছিল।

 কিন্তু, সঁচা কথা ক’বলৈ হ’লে মাৰ মনটো কোনো প্ৰকাৰেই অভিজাত নহয়। খালি, জেদ ধৰা আৰু ফেপেৰি পাতি ধৰাটোৱেই মাৰ স্বভাৱ, যিটো কাম পৃথিৱীৰ যিকোনো এজনী মাইকীমানুহেই কৰিব পাৰে।

 আৰু মই দেখিছোঁ, বেছিভাগে তাকে কৰেও।

 জানে মামা, তাহানি দেউতাইয়ো মাৰ এই স্বভাৱটোৰ বাবে যথেষ্ট অশান্তিৰ মাজত দিন কটাইছিল। মায়ে তেওঁক বুজিবলৈ কোনোদিনেই চেষ্টা কৰা নাছিল। তেখেতে কিন্তু মনৰ কথাবোৰ কাৰো আগত প্ৰকাশ কৰা নাছিল।

 হয়তো, আত্ম-সন্মানৰ কথা ভাবিয়েই।

 কথাবোৰ মই বুজি পাইছিলো।

 কিন্তু, মই বুজি পাইছিলো বুলি দেউতাই জনা নাছিল।

 মায়েতো এইবোৰ ’ফাল্টু’ কথাত গুৰুত্বই দিয়া নাছিল।

 আৰু, আপুনিতো জানেই দেউতাৰ কেনেকৈ মৃত্যু হৈছিল।

 দহৰাইজে দেখিছিল, সেইদিনা দেউতাৰ শৱটো সাবটি ধৰি মায়ে হুৰাওৰাৱে কান্দিছিল। দুই তিনিজনী মানুহে মাক ধৰি ৰাখিব পৰা নাছিল।

 কিন্তু মামা, আপুনি হয়তো নাজানে যে দেউতাৰ হাৰ্ট এটেক হোৱাৰ আচল কাৰণ আছিল মোৰ মা!!

 আৰু, কলেও আপুনি বিশ্বাস নকৰিব। মই জানো।

 দেউতাৰ সেই তাহানিৰ দৰিদ্ৰতা পীড়িত অতীতটোৰ কথা সোঁৱৰাই দি ‘টোকোনাৰ জাত!’ বুলি তুচ্ছ-তাচ্ছিল্য কৰি কৰি মায়ে তেওঁৰ আত্ম-সন্মানত বাৰে বাৰে নিৰ্মম আঘাত হানিছিল।

 “বিশ্বাস কৰ! মই এইবোৰ একোয়েই গম নাপাওঁ।”

 আপুনি নাজানিব পাৰে, মানি লৈছোঁ। কিন্তু, ই সঁচা।

 সঁচা কথা, দেউতাৰ গাত আভিজাত্যৰ ছাপ নাছিল।

 কিন্তু, তেওঁ ভদ্ৰলোক আছিল। মানুহে তেওঁক ভাল পাইছিল।

 বাৰু, সেইবোৰ কথা এতিয়া বাদ দিওঁ।

 মোৰ নিজৰ কথালৈকে আহো বাৰু।

 চাওঁক মামা, বিয়াৰ বাবে গোট খোৱা আলহী অতিথিখিনি থকালৈকে মায়ে এজনী সাদৰী মাকৰ অভিনয় সুন্দৰকৈয়ে কৰি গৈছিল। [  ]  সেইদিনা সকলোৰে সন্মুখতে মায়ে মণিক ‘তই’ বুলিয়েই মাতিছিল।

 “বোৱাৰীনো কি আৰু, নিজৰ ছোৱালীয়েই!

 নিজৰ ছোৱালীজনীক কোনো মাকে ’তুমি’ বুলি মাতেনে?”

 সকলোৰে লগত সেইদিনা মণিয়েও হাঁহিছিল।

 মই কিন্তু ইমান এটা খোলা মনেৰে হাঁহিব পৰা নাছিলো, কাৰণ আনে নাজানিলেও মইতো জানো, মায়ে আমাৰ মাইনীক ‘তুমি’ বুলি মাতে।

 সেইদিনাই মই ধৰিব পাৰিছিলো, মায়ে কিবা এটা জেং লগাব৷

 তথাপিও, মই বিশ্বাস কৰিছিলো, মণিৰ ব্যৱহাৰে এদিন নহয় এদিন মাক নিশ্চয় সলনি কৰি পেলাব!

 মই ভবাৰ দৰে অৱশ্যে কথাবোৰ নহ’লগৈ।

 মায়ে মণিক যথেষ্ট বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।

 তুচ্ছ তাচ্ছিল্য কৰিবলৈ ল’লে।

 প্ৰায় প্ৰতিটো কথাতে তাইক মাইনীৰ লগত তুলনা কৰিবলৈ ল’লে।

 আৰু, আপুনিতো জানেই, মণি কোনো প্ৰকাৰেই মাইনীৰ সমপৰ্য্যায়ৰ নহয়। হ’ব নোৱাৰেও কোনো দিনেই। দুয়োজনীৰ বেকগ্ৰাউণ্ড বেলেগ, কাম- কাজ বেলেগ, চিন্তাচৰ্চাৰ স্তৰ বেলেগ।

 তাতে, মাইনী থাকেও বাঙ্গালোৰত, এখন অভিজাত সমাজত!

 চাওক মামা, মণিৰ মাক-দেউতাক আজিকালি আমাৰ ঘৰলৈ নাহে।

 বিয়াৰ আগতেই যি দুই-এবাৰ আহিছিল আৰু!

 প্ৰথমবাৰ, মায়ে যিমান পাৰে কম কথাৰে তেওঁলোকক বুজাই দিলে।

 দ্বিতীয়বাৰ দেখায়েই নিদিলে।

 মই মাথোঁ তলৰ ওঁঠখন কামুৰি ধৰি এক অপৰাধীৰ দৰেই তললৈ মূৰ কৰি ৰৈ থাকিলো। মইতো জানিছিলো, মোৰ লগত কথা পাতিবলৈ তেওঁলোক অহা নাছিল।

 যাবৰ পৰত, গেইটৰ সমুখতে মণিৰ দেউতাকে স্বগতোক্তি কৰাৰ দৰেই কৈছিল, “মোৰ এজনীয়েই ছোৱালী। তাইৰ ভৱিষ্যতটো,...’’

 মাকে অট’খনৰ পৰা তেওঁক টানকৈয়ে মাতিছিল, ’এহ্, আহক!’

 মনত আছে, সেইদিনা তেওঁলোকে আমাৰ ঘৰত চাহো খোৱা নাছিল।

 তেওঁলোক যোৱাৰ পাছত ঠাণ্ডা হোৱা চাহখিনি ৰত্নাই পেলাই দিছিল।

 “ইচ্ ইচ্ ইচ্..। বৰ বেয়া কথাটো হ’ল তেন্তে।”

 চাওক মামা, মাইনীৰ শহুৰেকৰ ঘৰৰ মানুহো আমাৰ ঘৰলৈ নাহে। [ ১০ ]  তেওঁলোক ডাঙৰ মানুহ, ব্যস্ত মানুহ। প্লেইনত অহা-যোৱা কৰা মানুহ!

 আগৰ দিনৰ অসমীয়া মানুহৰ দৰে বিহুৱে-সংক্ৰান্তিয়ে মিতিৰ ফুৰিবলৈ তেওঁলোকৰ সময়ো নাই, ইচ্ছাও নাই। যোৰহাটৰ ঘৰখনলৈ তেওঁলোক কেতিয়াবা আহিলে অৱশ্যে দুই এক ‘পুৰণি বন্ধু’ৰ সান্নিধ্য বিচাৰি যায়।

 তাকো, কোনো অফিচাৰ বা বিখ্যাত উকিল বা ব্যৱসায়ী বন্ধুহে।

 কিন্তু, মিতিৰ ফুৰিবলৈ নাযায়।

 মাথোঁ, কেতিয়াবা মায়েহে ফোন কৰা দেখো।

 মাইনীৰ ল’ৰাটোৰ জন্ম হওতে যোৱাবছৰ মাৰ লগত অৱশ্যে মইয়ো বাঙ্গালোৰলৈ গৈছিলো। ট্ৰেইনতে গ’লো। দুদিন থাকিলোও।

 পিছে, তেওঁলোকৰ ফ্লেটৰ জীৱন, কৃত্ৰিম জীৱন।

 একেবাৰে ভাল নালাগিল।

 গতিকে, ডিউটিৰ বাহানা দেখুৱাই গুচি আহিলো।

 মাকো লগতে লৈ আনিলো।

 মন কৰিছিলো, মা যথেষ্ট উৎফুল্লিত হৈ উঠিছিল। মায়ে মোক কৈছিল, “এইবোৰ ডাঙৰ মানুহৰ ডাঙৰ কথা! কাৰবাৰেই বেলেগ, দেখিলি?”

 মই মাৰ মুখলৈকে চোৱা নাছিলো। মাথোঁ, খিৰিকিৰে বাহিৰলৈ চাই ৰৈছিলো। তথাপিও, মোৰ মনৰ চকুৰ আগত ভাঁহি উঠিছিল মাৰ মুখত বিৰিঙি উঠা ৰঙীন আভাখিনি!

 চাওক মামা, মোৰ গাত থকা দেউতাৰ তেজে সেইবোৰ কৃত্ৰিমতা সহ্য নকৰে যেন লাগে। মা কিন্তু সম্পূৰ্ণ বিপৰীত। আমাৰ লগত নিমিলেই।

 ঘৰলৈ আহি জীয়েক-জোৱায়েকৰ ডাঙৰ মানুহৰ ডাঙৰ কথাবোৰ মায়ে পাগুলি থকাৰ সময়তে এদিন দেউতাৰ দৰেই আন এক টোকোনাৰ জাত মণিৰ মাক-দেউতাক অট’ এখনত উঠি আহি উপস্থিত হৈছিলহি আমাৰ গেইটৰ সমুখত।

 মায়ে তেওঁলোকক যথেষ্ট ভদ্ৰভাৱে কথাবোৰ বুজাই দি বিদায় দিলে।

 তেওঁলোকক বিদায় দিয়াৰ পিছতে মায়ে মোকো শেষবাৰৰ বাবে কথাবোৰ বুজাই দিলে।

 কিন্তু কিয় জানো, মাৰ কথাবোৰ বুজিবলৈ মই বৰ টান পাইছিলো।

 হয়তো, দেউতাৰ দৰেই মোৰো মগজ বোলা বস্তুটো নাই!

 মগজ নথকা মানুহক কথা বুজাই থাকিবলৈ মাৰ ধৈৰ্য্য নাই।

 গতিকে, তেওঁ মোৰ গালত শোধাই দিলে এটা কাণতলীয়া চৰ!

 আপুনিতো দেখিছেই, মা কিমান মদ্ গজ মানুহ! জোৰো আছে গাত। [ ১১ ]  তথাপি, মাকৰ হাতৰ চৰ! কোনো ডাঙৰ কথা নহয়।

 সহ্য কৰিব পাৰি।

 কিন্তু, এনেকুৱা চৰ মণিয়ে সহ্য কৰিব কিয়?

 তাকো, সৰু সুৰা কথাবোৰতে!

 “তইতো, আগতে মোক এইবোৰ কথা কাহানিও...”

 হয়, কোৱা নাছিলো।

 ভাবিছিলো, ঘৰৰ ভিতৰৰ কথাবোৰ ঘৰৰ ভিতৰতে থাকক।

 নিজৰ লেতেৰা কাপোৰ ৰাজহুৱাকৈ ধোৱাটো বেয়া কথা।

 কিন্তু, তাই হৈছে ঘৰৰ একমাত্ৰ ছোৱালী! দেউতাকৰ নয়নৰ মণি!

 মাকৰ ঘৰত তাইৰ গাত চাগে কোনেও আঙুলি এটাও লগোৱা নাছিল।

 অথচ, মোৰ লগত বিয়া হোৱাৰ সুবাদতে তাইৰ গালত পৰিল চৰ!

 কি কৰোঁ কওক! মাক বুজাবলৈ যোৱা আৰু ঢেৰুৱা ঠাৰি সিজাবলৈ যোৱা একেটাই কথা। লাভ নাই। জানো। কিন্তু, এনেকৈ চৰ-গোৰ খাই মৰিবলৈ মণিকো মাৰ হাতত এৰি দিব নোৱাৰোঁ নহয়।

 তাইয়োতো গাভৰু ছোৱালী।

 খং উঠি কোনোবা দিনা যদি উভতি ধৰে?

 এইবোৰ কথা চিন্তা কৰিয়েই এদিন মণিক ঘৰখনৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰিলো। মানে, প্ৰাইভেট স্কুল এখনতে সুমুৱাই দিয়ালো। অন্ততঃ মই ডিউটিলৈ যোৱাৰ সময়কণত, দিনটোৰ পাঁচ-ছয় ঘণ্টা, তাই ঘৰৰ বাহিৰত থাকিলে ঘৰখনত শান্তি হ’ব। বাকী সময়খিনিত যিহেতু মই ঘৰত থাকিমেই, কিবাকিবি কৰি পৰিস্থিতি চম্ভালিব পাৰিম আৰু!

 মায়ে তাতে আপত্তি কৰিলে। এইখন ঘৰৰ বোৱাৰীয়ে বোলে বাহিৰলৈ গৈ চাকৰি কৰিবগৈ নোৱাৰে। আমাৰ এটা মান-সন্মানৰ কথা আছে।

 ’কথাবোৰ তই তোৰ ঘৈনিয়েৰক......’

 মন কৰিলেনে মামা, মাৰ কথাষাৰ?

 সেই সময়তে মোৰ ফোনৰ ৰিংট’নটো বাজি উঠিছিল।

 মাৰ কথা তল পৰিল।

 ফোনটো ৰিচিভ কৰিয়েই ওলাই আহি গাড়ীত বহিলোহি।

 ক্ষন্তেক পিছতে মণিও ওলাই আহিল।

 মন কৰিলো, বোৱা কপাহী কাপোৰযোৰে তাইক যথেষ্ট শুৱাইছিল।

 তাই মাৰফালে মূৰ দোৱাই সোঁ-হাতখন মেলি দিয়া চকুত পৰিল। [ ১২ ]  মায়ে কিন্তু ঘূৰিও নাচালে।

 মোৰ মনত বেয়া লাগিল।

 আগদৰ্জাখন মেলি ধৰি তাইক মাতি দিলো।

 ‘আমি যাওঁ, মা!’-বুলি কৈ আমি ওলাই আহিলো।

 চাওক মামা, মই ডিউটিৰপৰা উভতি আহি ঘৰ সোমাওঁহি চাৰে চাৰি বা পাঁচবজাত। মণি উভতি আহে আঢ়ৈ বা তিনিবজাতে। গতিকে, মাজৰ সেই ডেৰ- দুই ঘণ্টাৰ সময়কণত ঘৰখনত কি হয়, কি ঘটে মই নাজানো।

 হয়তো, মোক নকয়। মায়েও নকয়, মণিয়েও নকয়।

 মাথোঁ মন কৰোঁ, মণি ৰূমতে সোমাই থাকে। প্ৰায়েই, শুই থাকে।

 আবেলিৰ টিফিন পিছে আমি দুয়োটাই একেলগেই খাওঁ।

 ভালেই লাগে। কিন্তু, মই আহোঁতে কেতিয়াবা দেৰিও হয়।

 তেতিয়ালৈকে তাই ভোকতেই থাকেনে?

 ভাবো, এই ৰত্নাইয়োনো কি কৰি থাকে?

 তাই কিবাকিবি এটা বনাই কৰি দিবও নোৱাৰেনে?

 মই কথাবোৰ সুধিব পাৰো, কিন্তু সোধা নাছিলো।

 ভাবিলো, থাককচোন বাৰু! পিছে পৰে কেতিয়াবা,...

 এদিন পিছে মণিয়ে ক’লে, তাই হেনো মাকৰ ঘৰলৈ যাব খোজে।

 ভাবিলো, হ’ব, মাকৰ ঘৰলৈহে যাব। থৈ আহিমগৈ।

 দুদিনমানৰ পিছত আকৌ লৈ আনিমগৈ। কিনো কথা!

 জানে মামা, কথাটো মই ভবাৰ দৰে নহ’লগৈ।

 তিনিদিনৰ পিছত তাইক আনিবলৈ গ’লো।

 তাই ওলাই নাহিল। শুই আছিল। গা বেয়া হেনো।

 মাকে ক’লে, তাই হেনো অলপ দিন তাতে থাকিব।

 মই বোলো, তাইৰনো হৈছে কি?

 তেওঁ বোলে, “হৈছে কি মানে, তাই তাত থাকি অসুবিধা পাইছে।

 সঁচা কথা ক’বলৈ হ’লে, তাই তাত থাকিবলৈ ভয় কৰিছে।

 তাই নিৰাপত্তাহীনতাত ভূগিছে। আৰুনো তোমাক আমি ক’ম কি?

 তুমি নিজেই বুজা উচিত।”

 বিশ্বাস কৰক মামা, সেইদিনা শাহুমাৰ কথাষাৰ শুনি মই তলৰপৰা ওপৰলৈ মূৰ কৰিব পৰা নাছিলো।

 এক অপৰাধবোধে মোক ক্ৰমান্বয়ে চেপি খুন্দি শেষ কৰি আনিছিল। [ ১৩ ]  আন উপায় নেদেখি অকলেই উভতি আহিলো।

 “কি-ই-ই? কথা ই-মা-ন দূৰ পালেগৈনে?”

 হয়, ইমান দূৰেই পালেগৈ।

 ইয়াৰ পিছত মই কি কৰোঁ, কওক! আপুনিতো মাক জানেই!

 ইফালে, মণিক তেনেকৈ মাকৰ ঘৰত থাকিবলৈয়ো দিব নোৱাৰোঁ।

 আকৌ, তাইক ওভোতাই আনি মাৰ হাতত এৰি দিবওতো নোৱাৰোঁ।

 আনফালে, মাক সেইটো ঘৰতে এৰি বেলেগ এটা ঘৰত থাকিবলৈয়ো যাব নোৱাৰোঁ। কথাবোৰ ওলাই পৰিব। মানুহে বদনাম গাব।

 ইমান দিনৰপৰা গোট খোৱা মান-সম্মান সব মাটি হৈ যাব।

 সেইবাবেইতো মই লাগি ভাগি ইয়ালৈ ট্ৰেন্সফাৰ লৈ গুচি আহিলো।

 সবেই জানে, চৰকাৰী চাকৰি, ট্ৰেন্সফাৰ হ’বই। কিন্তু, এই কথা কোনেও নাজানে যে মই নিজেইহে লাগি ভাগি ট্ৰেন্সফাৰটো কৰাই ল’লো।

 মই ভাবো, এই কথাটো আপুনিও নাজানে, নহয়নে মামা?

 “তহঁতে ক’লেহে জানিম। মই কিবা সৰবজাননে?”

 আচলতে, এইবোৰ কথা কাকো নকওঁ বুলিয়েই ভাবিছিলো।

 আজি, পৰিস্থিতিত পৰিহে ক’বলগীয়া হ’ল।

 আৰু, ট্ৰেন্সফাৰ হ’লে মানুহে পৰিয়ালটো লগত নিয়েই।

 পৰিয়াল বুলিবলৈ মোৰ এতিয়া আৰু মানুহজনীহে।

 তাইক এৰি অহাৰতো কথাই নাহে। গতিকে, লগত লৈয়েই আনিলো।

 “এসঃ তই যদি এই কথাটো মোক এবাৰ হ’লেও আগতেই,....”

 চাওক মামা, এতিয়াতো কোনেও একো সুধিবলৈয়ো নাই, কাৰো একো ক’বলৈয়ো নাই। অৱশ্যে, আপুনি দেখিছেই, পৈতৃক ঘৰখন মই একেবাৰে এৰি দিয়া নাই। বন্ধৰ দিনবোৰত একোপাক মাৰিয়েই আছোঁ। মাজে মাজে, মণিকো লগত লৈ গৈছোঁ। মাক লগতে লৈ বজাৰ সমাৰ অলপো কৰি মেলি থৈ আহোঁ। ক’ৰবাত বিয়া, সকাম ওলালে মাকো লগতে লৈ যাওঁ।

 আকৌ, মাক ঘৰত নমাই থৈ আমি দুয়োটা ইয়ালৈ ঘূৰি আহোঁ।

 সব ঠিকেই চলি আছে। অসুবিধাতো একো হোৱা নাই।

 এতিয়া, আপুনি যে কৈছে মায়ে অকলশৰীয়া অনুভৱ কৰিছে বুলি!

 কিয়? এই ৰত্নাজনী নাই নেকি?

 আকৌ, আমাৰ ওপৰৰ ৰূমকেইটা সেই বৰা নে বৰুৱাৰ পৰিয়াল এটাকো ভাড়ালৈ দিছে নহয়, সিহঁতো নাই নেকি? [ ১৪ ]  “আ..ছে। কিন্তু, সেইবোৰ বাহিৰা মানুহ, দেচোন!”

 সেইবোৰ বাহিৰা মানুহ!! তেন্তে, ভিতৰুৱা মানুহনো কোন? মই??

 কিন্তু, মোকেইতো মায়ে সিদিনা ‘তিৰোতা-সেৰুৱা’ বুলি গালি পাৰি পাৰি ঘৰৰ পৰা ওলাই যাবলৈ কৈছিল। আৰু আজি? আজি মই ঘৰুৱা মানুহ!

 এটা নতুন কথা শুনিলো আজি, বুইছে মামা?

 সঁচায়ে কৈছে, মোৰ বাবে একেবাৰে নতুন কথা।

 বিশ্বাস কৰিবলৈকে টান লাগিছে।

 নহ’লে, মাইনীৰ ঘৰলৈকো মা গুচি যাব পাৰে দেখোন। তেওঁতো কথাই প্ৰতি বাঙ্গালোৰলৈ গুচি যোৱাৰ কথা কৈয়েই থাকে। নাযায় কিয়?

 “নহয় অ’! সিহঁতৰ নিজৰেই ইমানবোৰ লেঠা!

 তাতে, বাহিৰা মানুহ এজনী...”

 অ! মা এতিয়া সিহঁতৰ বাবে বাহিৰা মানুহহে হ’ল!

 দেখিলে, মামা?

 অথচ, সৌ সিদিনালৈকে মায়ে সিহঁতৰ তাৰিফ কৰি তৎ পোৱা নাছিল।

 হঁহুৱালে, মামা! আপুনি আজি মোক ভাল হঁহুৱালেহি দেই। বঢ়িয়া!

 আচ্ছা, কথা এটা কওকচোন মামা, আপুনি বাৰু আজি ইয়ালৈ নিজেই আহিছে নে মায়ে পঠিয়াইছে? সঁচা কথা ক’ব কিন্তু!

 “নিজেই আহিছোঁ অ’! তাতে, তোক বহুত দিন দেখাও নাছিলো।

 তইয়ো আৰু আমাৰ ফালে নোযোৱাই হ’লি নহয়।

 বাটেই পাহৰিলি চাগে!

 সিদিনা অৱশ্যে বাইদেইৰ তালৈ গৈছিলো, হয়।

 তায়ে ফোন কৰি মাতি পঠিয়ালে। গ’লো।

 তেতিয়াই তাই তহঁতৰ কথাবোৰ কৈ দুখ কৰিছিল।”

 দুখ কৰিছিল? মায়ে আমাৰ কথাবোৰ কৈ দুখ কৰিছিল?

 চাওক মামা, মাৰ কথাবোৰক লৈ মোৰ কি-মা-ন দুখ লাগে!

 ব-হু-ত দুখ লাগে, জানেনে?

 মণিৰ আগত মোৰ আচলতে লাজেই লাগে।

 মণিৰ ঠাইত আন ছোৱালী হোৱাহেঁতেন পুলিচ-কে’চ এটা দি মাকৰ ঘৰত সোমাই থাকিলেহেঁতেন।

 তাৰ পিছত কিখন হ’ব আপুনিতো জানেই।

 টি বি-ত এই ধৰণৰ নিউজ ওলায়েই থাকে। [ ১৫ ]  আমাৰ ভাগ্য ভাল বুলিয়েই ক’ব লাগিব যে মণিয়ে এইবোৰ নকৰিলে।

 হয়তো, মোৰ কথা ভাবিয়েই নকৰিলে।

 এই কথাবোৰ বাহিৰত নোলাবৰ বাবেই মই এনেদৰে ট্ৰেন্সফাৰ লৈ গুচি আহিলো।

 কিন্তু, আজিকালি কোনো ইমান অঁকৰা নহয়, মামা! সব টেঙৰ হ’ল।

 তাতে, ৰত্নাইতো ঘৰখনৰ সকলো কথাই জানে।

 তাই কি কাৰো আগত একো নক’ব?

 তাইৰ মুখত কোনে সোপা দিব?

 “বাৰু, সেইবোৰ কথা এতিয়া বাদ দে আৰু!

 বাইদেউৰো বহুত ভুল আছে। জানো।

 কিন্তু, হোৱাবোৰতো হৈয়েই গ’ল।

 সেইবোৰতো নোহোৱা কৰিব নোৱাৰি।

 তাতে, আজিকালি বাইদেউৰ গাটোও হেনো ভালে নথকা হৈছে। প্ৰেছাৰটোৱে দিগদাৰ দিয়েই থাকে। টেবলেট খালেও হেনো টোপনি নাহে।

 কোনদিন কি ঘটে ঠিক নাই।

 কোনোবাদিনা কিবা অঘটন হ’ব লাগিলে দহেও তোকেহে দূষিব।

 গতিকে, মই কওঁ, তই এতিয়া ঘৰলৈ উভতি ব’ল!

 ঘৰখন হাত পাতি ধৰ!

 ভিনদেউৱে ইমান কষ্টকৰি তোৰ বাবেই ঘৰখন সজাই থৈ গৈছে, এতিয়া সেই ঘৰখন বাহিৰা মানুহৰ হাতত এৰি নিদিবি!

 এই কথাবোৰ তই বোৱাৰীকো বুজা! তই ভালকৈ ক’লে তাই বুজিব।”

 বুজিছোঁ।

 মানে, মায়ে মামাৰ যোগেদি এক সন্ধিৰ প্ৰস্তাৱেই আগবঢ়াইছে।

 পিছে, মণিয়ে বা কি কয়!

(ৰচনা : জুন, ২০১৬)

[ ১৬ ]

মাহী

 ইতিমধ্যে, তিনিটা সাক্ষাৎকাৰ নিষ্ফল হৈছিল বুলি গম পাইছিলো।

 সাক্ষাৎকাৰকেইটা মই লোৱা নাছিলো, এওঁৱেই লৈছিল।

 আচলতে, মই তাত উপস্থিতেই নাছিলো। বাহিৰতহে আছিলো।

 মানে, সঁচা কথা ক’বলৈ হ'লে, মই আঁতৰি দিছিলো। বোলো, তেওঁৱেই যি কৰে কৰি থাকক। মই থাকিলে একো এটা নকৈয়ো নোৱাৰোঁ।

 মানে, জানেইতো, বাকীকেইটাৰ নিচিনা ‘ইয়েছ মেন’ হৈ ‘তুমি চিত্তবৃত্তি মোৰ’ বুলি গাই গাই, মাথোঁ ড্ৰাইভাৰগিৰি কৰি থাকিবলৈ মইতো ভাল নাপাওঁ।

 মই ‘ৰাইট্’ বিচাৰো, অধিকাৰ বিচাৰো।

 অন্ততঃ মত প্ৰকাশৰ অধিকাৰটোতো মোক লাগেই।

 আৰু, জানেই নহয়, মই মাত মাতিলেই বিপদ।

 গতিকে, ‘এজনীয় নিৰ্বাচন ও নিযুক্তি কমিটি’ হিচাপে আমাৰ হ’ম মিনিষ্টাৰেই সাক্ষাৎকাৰকেইটা লৈছিল। আনকি, আমাৰ জানৰো কোনো ধৰণৰ বক্তব্য, মন্তব্য আদি হেনো গ্ৰাহ্য কৰা হোৱা নাছিল।

 সঁচা কথা ক’বলৈ হ’লে, তেওঁৰ আগত যিকোনো ধৰণৰ বক্তব্য বা মন্তব্য দিয়াৰ দুঃসাহস তাই কৰিবই নোৱাৰে। তাইৰ কলিজাটো সৰু।

 তেওঁৰ সাধাৰণ এটা ধমকতে তাই ‘ফিউজ’ হৈ যায়।

 খালি, মোৰ ওচৰতহে তাই অলপ চল পায়।

 বাৰু, এতিয়া এইবোৰ বাদ। আচল কথালৈ আহোঁ।

 সৌ সিদিনালৈকে কথাবোৰ ঠিকেই চলি আছিল।

 নিয়ম মাফিক চাকৰি কৰি আছিলো। বজাৰ-সমাৰ কৰি আছিলো।

 খাই-বৈ ‘মস্তি চে’ আছিলো।

 ভুলতো, চাহ একাপো নিজে বনাই খোৱা নাছিলো।

 তেওঁৰ ব্যক্তিগত সুবিধা, অসুবিধা নিৰ্বিশেষে যিকোনো অৱস্থাতে ৰন্ধা- বঢ়া কৰিবৰ বাবে “এন-অ’-চি” দি থৈছিলো।

 বিৰাজদাৰ ভাষাত, মই হেনো বামুণৰ ‘জাত’-য়েই মাৰি দিছিলো।

 অৱশ্যে, মা জীয়াই থকাহেঁতেন এই ধৰণৰ সুবিধা ল’ব নোৱাৰিলো [ ১৭ ] হেঁতেন। মানে, গালি দিলেহেঁতেন। কিন্তু, বৰ্তমান যিহেতু মা নাই, গতিকে অসুবিধা বুলিবলৈ তেনেকৈ একোয়েই নাই।

 আকৌ, অবাবত ’টেন্ চন’ দিবলৈ চেষ্টা কৰা অপশক্তিসমূহক বহুত দিন ওচৰ চাপিবলৈকে দিয়া নাছিলো।

 আগতেই যি ‘টেন্ চন’ দিলে, দিলে আৰু! এতিয়া কিন্তু ‘চান্স’ নাপায়।

 সঁচাকৈয়ে, ‘বিন্দাছ লাইফ’ এটায়েই কটাই আছিলো।

 সিদিনা পিছে হ’ল কি মানে, দ্বীপেন হাজৰিকাদেৱৰ ফোনকল এটাই গোটেইখন খেলিমেলি লগাই থৈ গ’ল নহয়!

 পটাপট মনৰ মাজত আৰম্ভ হ’ল হাজাৰটা হিচাপ-নিকাচ।

 কিন্তু, উত্তৰটো হ’লে শূন্য। মানে, মই যিমানেই যি হিচাপ-নিকাচ কৰোঁ লাগিলে, শেষ সিদ্ধান্তটো ল’বগৈ আমাৰ হ’ম মিনিষ্টাৰেহে।

 জানো, ভালকৈয়ে জানো। মই ভাবি, চিন্তি লাভেই নাই।

 আগতেও, মাজে মাজে তেওঁ অৱশ্যে কৈ থাকে, তেওঁৰ গাত বোলে হে’ড-মাষ্টৰৰ তেজ আছে৷ তেওঁলোকৰ সকলোৱেই হেনো হে’ড-মাষ্টৰ, হে’ড-মাষ্টৰণী!

  আনকি, তেওঁৰ মাকো হে’ড-মাষ্টৰণীয়েই।

 তাকো, এলাপেচা হে’ড-মাষ্টৰণী নহয়।

 একেবাৰে মানে “চুপাৰ হে’ড-মাষ্টৰণী”!

 অৱশ্যে, ঘৰখনৰ ভিতৰতেহে দেই।

 গতিকে, বংশানুক্ৰমিকভাৱে এওঁৰ ভাগ্যতো সেই অধিকাৰ থাকিবই।

 খালি, ‘বি-এড’ৰ কৰ্চটো পাছ কৰি ল’ব পাৰিলেই হ’ব।

 মই আক’ ভাবি আছিলো, এওঁৰ ক’তনো ‘বি-এড’-টো কৰা হ’বগৈ!

 থাকিব আৰু এনেকৈয়ে। হে’ড মাষ্টৰণী হ’বলৈ নাপাবগৈ।

 কেতিয়াবা অৱশ্যে আই-চি হ’বগৈয়ো পাৰে।

 হলেও, আই-চিৰ ইমান এটা বাহাদুৰি নাথাকে।

 জনাই জানে, আই-চিৰ অৱস্থা থৰক-বৰক।

 কোন সময়ত চকী এৰি দিবলগীয়া হয়, ঠিক নাথাকে।

 কিন্তু, কথাবোৰ মই ভবাৰ দৰে, আশা কৰাৰ দৰে নহ’লগৈ।

 সিদিনা, একেবাৰে ‘ডি-এচ-ই’ৰ পৰা অৰ্ডাৰ আহিল, তেওঁ ‘বি-এড’-ত নাম ভৰ্তি কৰাবই লাগিব। তাকো এসপ্তাহৰ ভিতৰতে।

 থাকিবও লাগিবগৈ হোষ্টেলত। [ ১৮ ]  তাকো, এদিন দুদিনৰ বাবে নহয়, সম্পূৰ্ণ দুবছৰৰ বাবে।

 এতিয়া, মই মানে ঘৰৰ ভিতৰৰ কামবোৰ কৰি কৰি মৰিব লাগিব!

 একেবাৰে মানে, ৰন্ধা-বঢ়াৰ পৰা ঘৰ-দুৱাৰ চাফ-চিকুণ কৰালৈকে!

 বাপ ৰে’! কি বিপদ! ক’তে মৰো!

 জানেতো এইবোৰ কৰিবই নোৱাৰিব। সৰু ছোৱালী।

 তাতে, আগন্তুক পৰীক্ষাটোৰ বাবেও তাই পঢ়া-শুনা কৰিব লাগিব।

 এতিয়া, তাইকনো আৰু এইবোৰ কামত লগাব পাৰিনে?

 “এস্! এইবোৰ কাম আপুনি কিয় কৰিব লাগেহে?

 ৰাখক না মানুহ এজনী! কিমাননো খৰচ হ’ব!”

 বন্ধুমহলৰ উপদেশ।

 কিন্তু, লেঠাটো যে লাগিছে তাতেই।

 ৰাখিম কাক? বিশ্বাসী মানুহ কাকনো পাম?

 যাকেই ৰাখো, ভাত-দাইলখিনি ভালকৈ, আমাৰ পেটত সুজাকৈ ৰান্ধিব পাৰিব লাগিব। তাইৰ হাতত ঘৰখন এৰি যাব পৰা হ’ব লাগিব।

 তাতোকৈয়ো, মোৰ মানুহজনীৰ অনুপস্থিতিত তেওঁৰ শাড়ী-চাৰীবোৰ তাই পিন্ধি থাকিবও নালাগিব। সমস্যা হ’ব! চকুৰ জলক তবক লাগি মই হঠাৎ তাইকে “হে’ৰা!” বুলি মাতি দিব লাগিলে কেচটো নগেনেই নহ’বনে?

 আৰু এটা কথা, মই প্ৰায়েই লক্ষ্য কৰোঁ, যিবোৰ মানুহৰ ঘৰত কাম কৰা মাইকী মানুহ ৰাখে, সেইবোৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰে মানুহজনীক সদায় ‘পেহী!’ বুলি মাতে।

 পেহী কিয়? মাহীওতো হ’ব পাৰিলেহেঁতেন। বাইদেউয়োতো হ’ব পাৰিলেহেঁতেন। আন্টীয়োতো হ’ব পাৰিলেহেঁতেন। কে’চটো কি?

 আকৌ, মালিকজনে তাইক সদায় ‘তই’ বুলিও মাতিব লাগিব।

 মাজে-মধ্যে দম দি কাম আদায় কৰাব লাগিব। সৰু-সুৰা কথাতে তাইক পঠিয়াই দিবৰ বাবে ওৱাইফৰ ওচৰত দাবী জনাই থাকিবও লাগিব।

 তেওঁ তাইক ‘তুমি’ বুলি মাতিলে আৰু হাঁহি-মাতি কথা ক’লে যে সেই অনা ডেইলে আৰু!

 ঘৰৰ মূল মানুহজনৰ ওপৰত বুদ্ধি কৰি ইমান এটা প্ৰে’ছাৰ দি থোৱাৰ কাৰণটো কি হ’ব পাৰে? বিশ্বাসৰ অভাৱ?

 দেখাততো, মানুহবোৰে একেবাৰে সুখী দম্পতীৰে ‘প্ৰক্সি’ দি থাকে।

 ‘আমাৰ এখেত!’ বুলি গোটেইজনী একেবাৰে পমি যোৱাৰ দৰেই! [ ১৯ ]  কথাবোৰ মই কিবা বুজিয়েই নাপাওঁ দেখোন।

 আকৌ, কাম কৰা মানুহজনী দেখোন সদায় জাধলী হৈয়েই থাকে।

 মূৰ নাঁচোৰে, দাঁতকেইটা পৰিষ্কাৰ কৰি নাৰাখে।

 তাতে, তামোল পকতিয়াই একেবাৰে ঘিণলগা এজনী হৈ থাকে।

 তাই কিবা এটা ৰান্ধি বাঢ়ি দিলেও খাবলৈ ভাল নালাগে।

 আলহী-দুলহী গলে অৱশ্যে মালিকনীসকলে নিজেই খাদ্যখিনি পৰিৱেশন কৰে। মানুহজনীক আলহীৰ ওচৰলৈ ওলাবলৈ নিদিয়ে বাৰু।

 তথাপিও, মই এই কথাবোৰ ধৰিব পাৰো।

 দুই এঘৰৰ মালিক-মালিকনীক মই কৈছিলোও, বোলো এইক অলপ চাফা হৈ থাকিবলৈ দিবচোন! এইবোৰত বেমাৰ আজাৰৰ কথাও থাকে।

 পিছে, নাই নহ’ল। যাৰে ঘৰলৈকে যাওঁ, সেই একেই অৱস্থা।

 মই এই কথা জানিবলৈ পাই আচৰিত নহৈ নোৱাৰিলো যে কামকৰা মাইকী মানুহবোৰৰ এই বিকৰ্ষণীয় চেহেৰাৰ বাবে দায়ী মালিকনীসকলহে!

 তেওঁলোকে মানে, সিহঁতক গা-পা ধুই পৰিষ্কাৰ হৈ, মূৰ-চুৰ আঁচুৰি, ভাল কাপোৰ এসাজ পিন্ধি থাকিবলৈকে নিদিয়ে। আনকি, সিহঁতে নাখাওঁ বুলিলেও জোৰকৈ তামোল একোখন খুৱাই দাঁতকেইটা লেতেৰা কৰাই ৰাখে।

 তাইক দেখিলেই মানে আপোনাৰ ‘মিটাৰ ডাউন’-হে হৈ যায়।

 কথাটো আপোনালোকে মন কৰিছেনে বাৰু?

 মই কিন্তু মন কৰোঁ, বুইছেনে?

 দেখাত সৰু যদিও আচলতে ই কিন্তু ডাঙৰ কথাই।

 সিদিনা, আমাৰ ঘৰতো কামকৰা বাই এজনীৰ বিষয়টো ওলাইছিল।

 তেওঁ নিজেই উলিয়াইছিল। মই মাথোঁ নিৰৱে শুনিহে আছিলো।

 সেই সময়ত, মোৰ মনৰ চকুৰ আগত ভাহি উঠিছিল তাহানিৰ ৰত্নাৰ পৰা আদি কৰি ৰুমালৈকে প্ৰায় বিশজনীমান কাম কৰা মাইকী মানুহৰ প্ৰতিচ্ছবি।

 সঁচায়, এক বিৰক্তিকৰ আৰু অসহনীয় অনুভৱ, বিশ্বাস কৰক!

 “মই মানে মানুহ এজনী পাইছোঁ। ঠিকেই আছে। কাইলৈ মাতিছোঁ।

 কথা পাতি চাম। কথা মিলিলে ৰাখিম আৰু! নে, কি কয়?”

 তেওঁ মোৰ পৰামৰ্শ বিচাৰিছে! আচৰিত কথা!

 মই যেনিবা এওঁক চিনিহে নাপাওঁ!

 এওঁ ‘ঠিকেই আছে’ বোলা মানুহজনী কেনেকুৱা হ’ব পাৰে তাক অনুমান কৰিবলৈ বেছি মগজৰ প্ৰয়োজনেই নাই। মোৰটোৰ নিচিনা মগজেই যথেষ্ট। [ ২০ ] তথাপিও, চাওঁচোন বাৰু!

 ইতিমধ্যে, তিনিজনী প্ৰাৰ্থীৰ আৱেদন নাকচ হৈছে বুলি গম পাইছোঁ।

 জানে কোৱা মতে প্ৰথমে, যোৱা দেওবাৰে যিজনী আহিছিল তাইৰ বয়স মোটামুটি পচিশৰ পৰা ত্ৰিশৰ ভিতৰত হ’ব।

 তাইৰ ফুলাম শাড়ী, লিপষ্টিক আৰু চেম্পোকৰা চুলিৰ বাহাৰ দেখিয়েই এওঁ হেনো গেইটৰ মুখৰপৰাই তাইক বিদায় দিলে। কথাই নাপাতিলে।

 কোনে পঠিয়াইছিল সেইহেন হাই-ফাই মডেলগৰাকীক?

 ৰহস্য! কোনোবা দুবৃত্তই হ’ব লাগিব, মই জানো।

 তাৰ পিছত, যোৱা মঙ্গলবাৰে যিজনী আহি ওলাইছিলহি তাই আছিল আক’ পতি-পৰিত্যজা। তাতে, তাইৰ গাৰ ৰংটোও হেনো আমাৰ এওঁৰ গাৰ ৰঙতকৈ যথেষ্ট উজ্জল আছিল। তাইৰ আৱেদন নাকচ হ’বৰ বাবে এইটোৱেই নিশ্চয় আটাইতকৈ শক্তিশালী যুক্তি আছিল। বাকী কথা বাদ।

 শেহতীয়াকৈ, কালি আহি ওলোৱাজনীক দেখাৰ সৌভাগ্য (নে দুৰ্ভাগ্য?) মোৰ হৈছিল। তাই দেখিবলৈ যেনেকুৱাই নহওক লাগিলে, পিছে, তাইৰ নামটোতে কেণাটো লাগিল। মানে, মই তাহানি কলেজত পঢ়ি থকাৰ দিনতে মোৰ লগত দুৰ্বাদল প্ৰেমৰ সম্পৰ্ক থকা বুলি এওঁ সন্দেহ কৰা গৰাকীৰ লগত তাইৰ নামটো একে আছিল। গতিকে, মোৰ মনত পূৰ্বৰ অনুৰাগ পুনৰ জাগ্ৰত হোৱাৰ আশংকাতেই নিশ্চয় সেইজনীকো আৰম্ভণিতেই বিদায়!

 কথাবোৰ শুনি মই মানে আমোদেই পাইছোঁ।

 সিদিনা আক’ বেলেগ কথা এটা শুনিলো। সঁচায়েই নে মিছা নাজানো।

 মোৰে সম্পৰ্কীয় এজনে হেনো হামি এটা মাৰিলেও তেওঁৰ ওৱাইফৰ নামটোহে লয়, আমাৰ দৰে, ‘অস্ অস্ আই ঔ!’ বুলি নকয়।

 বেটাই ঘৰটোও সজাই লৈছে শহুৰেকৰ মাটিতে।

 হওতে, অফিচিয়েলি ডেৰলাখ টকাত কিনা বুলি দেখুৱাইছে, কিন্তু মিছা, মিছা, গোকাট মিছা! ইমান যে মিছা কথা কয় পাই!

 তথাপিও, তেওঁলোকৰ প্ৰেম হেনো সঁচা। নিভাজ সঁচা।

 এদিন আবেলি, দুয়োৰে মনটো ৰোমান্তিক ৰোমান্তিক লাগি থাকোতেই মাজতে তেওঁৰ হেনো মন গ;ল ওৱাইফৰ প্ৰেমৰ পৰীক্ষা ল’বলৈ।

 এই বয়সতো কি যে অদ্ভূত ইচ্ছা!

 “কোৱাচোন দেহা! মই যদি হঠাৎ মৰি থাকোঁ, তুমি অকলে কেনেকৈ থাকিবা?” [ ২১ ]  তেওঁ প্ৰশ্নটো সমাপ্ত কৰাৰ আগতেই তেওঁৰ মিছেচে হেনো সোঁ- হাতখনেৰে তেওঁৰ মুখতে সোপা মাৰি ধৰি ক’লে, “ছিঃ নাপায় নহয় এনে কথা ক’ব। তথাপিও, যদি এনেকুৱা কিবা এটা হয়, তেন্তে আমাৰ ভণ্টীকে আনি ল’ম। থাকিম আৰু তাইৰ লগতে!

 পিছে, এতিয়া তুমি কোৱাচোন, মই যদি হঠাৎ মৰি যাওঁ, তেতিয়া?”

 জিন্দেগীত নিজৰ মগজ খটাই চিন্তা কৰি নোপোৱা আৰু অনবৰতে ওৱাইফৰ কথাকে অমোঘ সত্য বুলি মানি লোৱা মহাপুৰুষজনেও হেনো বিশেষ চিন্তা নকৰি বোলে, “কিনো কৰিম আৰু! আনি ল’ম আৰু তোমালোকৰ ভণ্টীকে......”

 সেইৰাতি তেওঁলোকৰ হেনো ৰাতিৰ সাঁজ খোৱাই নহ’ল।

 এবাৰ হেনো এটাই তাৰ ওৱাইফৰ সমুখতেই তাৰ সৰু শালপতিজনক কঁপা কঁপা মাতেৰেই দম এটা দিছিল, “তোমাক এজনী ধুনীয়া ছোৱালী দিলো। ‘টৰ্চাৰ’ কৰি কৰি কি.ই..ই..ই ছোৱালীজনী কি কৰি পেলালাগৈ!”

 মোৰ আক’ তাৰ ওৱাইফজনীলৈ বেয়াই লাগে পাই! বেচেৰীজনী!

 বাহিৰত ইমান সুখী দম্পত্তিৰ প্ৰক্সি দি থাকে, অথচ ভিতৰি ভিতৰি..

 সংসাৰ কিছুমানো যে কেনেকৈ চলি থাকে নহয়! আচৰিত লাগে।

 বাৰু, এইবোৰ কথা এতিয়া বাদ। লোকৰ কথা, লোকৰ বতৰা।

 আমাৰনো কি আহে, যায়? নহয় জানো?

 আজি পুৱা দহমান বজাত আহি ওলাইছিলহি নহয় আন এজনী।

 মইয়ো ঘৰতে আছিলো। ভাবিলো, মই নিজেই সাক্ষাৎকাৰটো নল’লেও ওচৰতে থাকি আলেখ লেখটোকে চাওঁচোন বাৰু।

 এওঁৰ ভাষাত মানুহজনী ঠিকেই আছিল। মানে, এওঁৰ হিচাপৰ ’নমৰ্চ’ খিনি তাইৰ আছিল : আগদাঁত চাৰিটা নাই, চুলিখিনি আধাপকা, গাৰ বৰণটো ক’লা আৰু নাকটোৰে অনবৰতে সোঁত-সোঁতাই থাকে।

 মুঠতে, ফাৰ্স্ট ক্লাছ কেণ্ডিডেট!

 এওঁৰ মতে, এনে এগৰাকী সৰ্বগুণ সম্পন্না কাম্ লা বাই বৰ্তমান বিচাৰি পোৱাই টান। আমাৰ ভাগ্য ভাল বুলিয়েই ক’ব লাগিব যে এওঁৰ মাকৰ ঘৰৰ ফৰ্মাইচমতেই তাই আহি ইয়াত ওলাইছেহি।

 কথাবোৰৰ ধৰণ কৰণ দেখি মোৰ মনত আমোদেই লাগিল।

 তাইক ৰাখো নাৰাখো পিছৰ কথা, তথাপিও, ’তই’ বা ’তুমি’ একো বুলি সম্বোধন নধৰি, মালিকৰ মেজাজেৰেই তাইক সুধিলো, “নামটো কি?” [ ২২ ]  “মাহী, ছাৰ! লিখোতে মহিমা বুলি লিখো।”

 তাই লিখোতে নামটো যি বুলিয়েই লিখক লাগিলে, মই সেইটো কথাত মন দিয়া নাছিলো। তাৰ বিপৰীতে, আমাৰ এওঁৰ মুখলৈ কৌতুকপূৰ্ণ দৃষ্টিৰেই চাবলৈ ধৰিলো।

 মোৰ মনৰ ভাবটো এনেকুৱা, “এইবাৰ পিছে কি কৰিবা? পেহী নহয় দেখিছা, মাহীহে হয়। অন্যৰ ঘৰত ‘পেহী’ থাকিব পাৰে, মোৰ ঘৰত কিন্তু সেইয়া নহ’ব। মোৰ ঘৰত ‘মাহী’-হে থাকিব।”

 এইবোৰ অৱশ্যে, মই মনতে ভাবি থকা কথাহে। কোৱা কথা নহয়।

 এওঁ কিন্তু মোৰ মনৰ ভাবটো ঠিকেই বুজি পালে।

 অকল তেওঁ বুলিয়েই নহয়, মইয়ো তেওঁৰ মনৰ ভাববোৰ সুন্দৰকৈ বুজি পাওঁ। মুখেৰে ফুটাই ক’ব নোৱাৰা ‘আল্ট্ৰা চাউণ্ড’-ৰ কথাবোৰো সহজেই বুজিব পাৰো। মানে, ভাৰতীয় সংস্কৃতিৰ অনৈক্যৰ মাজৰ ঐক্য যেনেকুৱা, আমাৰ মাজৰ সম্পৰ্কটোও তেনেকুৱাই।

 দুপৰীয়া ভাতৰ পাতত বহোঁতেই তেওঁ প্ৰসঙ্গ টানি উলিয়ালে আকৌ সেই মানুহজনীৰ বিষয়টো, বোলে ‘হেৰি নহয়, আপুনি বা মই যেনিবা তাইক ’মাহী’ বুলিয়েই মাতিম, জানে পিছে ডাঙৰ মানুহজনীক নাম কাঢ়ি মাতিবনে? জানেতো তাইক পেহী’ বুলিয়েই মাতিব লাগিব, নহয় জানো?

(ৰচনা কালঃ আগষ্ট,২০১৫)

[ ২৩ ]

বন্দীশাল

 ভণ্টীয়ে হেনো চাকৰিটো এৰি দিব।

 তাই হেনো কথাটো খাটাং কৰিয়েই পেলাইছে।

 তাই কৈছে, এই মাহৰ দৰমহাটো লৈয়েই তাই চাকৰিটো এৰি দিব।

 তাই মোলৈ মাথোন খবৰটোহে পঠাইছে।

 মোৰপৰা কোনো ধৰণৰ উপদেশ-পৰামৰ্শ আদিও বিচৰা নাই।

 কথাটো মই ভালেই পাম নে বেয়াই পাম, তাকো সোধা নাই।

 ক’ৰবাত যদি কিবাকিবি অসুবিধা হৈছে, তাকো কোৱা নাই।

 মই কিবা-কিবি সহায় কৰি দিব পাৰিম নেকি, তাকো সোধা নাই।

 আচৰিত! এই ছোৱালীবোৰ যে আৰু!

 ইহঁতৰ মূৰত কেতিয়া কি খেলায় একো ঠিক নাই।

 চাওকচোন, এইটো চাকৰি পাবলৈকে সৌ-সিদিনালৈকে তাইৰ যিহে চট্ ফটনি, ধৰ্ ফৰনি! টেট্ পৰীক্ষাৰ বাবে ‘ফৰ্ম ফীল-আপ’ কৰাৰ পৰাই তাইৰ হেনো খাৱন-শোৱন নাছিলেই। খালি, টি-ৱি অন কৰিব আৰু টেটৰ ওপৰত দিয়া প্ৰগ্ৰেমবোৰ চাই চাই বহি থাকিব। বাকি সময়খিনিও হেনোপাৰ কৰে কেৱল কিতাপ- পত্ৰ আৰু আলোচনী পঢ়াতেই। ইংৰাজী গ্ৰামাৰৰ পৰা আদিকৰি একেবাৰে শেহতীয়া সংস্কৰণৰ শিশু-মনোবিজ্ঞানৰ কিতাপলৈকে পঢ়ি থাকে।

 মায়ে কোৱা মতে, তাইৰ হেনো বাকি কাম-কাজ সব বাদ।

 ঠিকেই আছে। পঢ়! পাৰিলে পাছ কৰ! আৰু, চাকৰিটো ল!

 বি এ পাছ কৰাৰপৰা আজি ইমানদিনেতো ঘৰতে বহি বহিয়েই কটালি।

 লাভনো কিটো হ’ল!

 ঘৰুৱা কাম-বনকেইটাকে কৰি কৰি মাথোন সময়বোৰহে পাৰ কৰিলি।

 আৰু, সেইবোৰোনো কামনে?

 কিবা বোলে, নিজেই কোনোবা এটাক ভাল চাল পাই, পটাই-কৰি বিয়া- চিয়াওটো হৈ ল’ব নোৱাৰিলি। ভাল ছোৱালী হৈ মাৰ চাদৰৰ আঁচলতে ধৰি ধৰি ঘৰতে সোমাই থাকিলি। আঁকৰীজনী ক’ৰবাৰ!

 হেৰ’! লগৰবোৰৰ পৰাও একো এটা শিকিব নোৱাৰিলিনে? [ ২৪ ]  ইপিনে, মইয়েনো কৰোঁ কি বাৰু? থাঁকো দূৰৈত। তাকো, ভাড়াঘৰত।

 যেতিয়াৰপৰা চাকৰি কৰিছোঁ তেতিয়াৰপৰাই দূৰে দূৰেই প’ষ্টিং!

 এতিয়াও আছোঁ ঘৰৰ পৰা তিনিশ মাইল দূৰতহে। তাকো, অকলে।

 আকৌ, বিয়া বাৰু নপতা ডঙুৱা ডেকাল’ৰা এটাই ভাড়াঘৰ পোৱাটো কিমান দিগ্দাৰ কি ক’ম, কি শুনিব! ক’লেও চাগে বিশ্বাস নকৰিব।

 ভাড়াঘৰৰ মালিকবোৰো যে ইমান নিসিজা, নহয়!

 পা-পৰিয়াল নাথাকিলে ঘৰ ভাড়ালৈ দিবলৈকে নিবিচাৰে।

 যেন, সিহঁতৰ ঘৈনিয়েক বা জীয়েকজনীকহে পলুৱাই লৈ যাম।

 কি যে চিন্তা বেচেৰাহঁতৰ!

 ইপিনে, নিজেই ৰন্ধা বঢ়া, ধোৱা-পখলা কৰি মেলি খোৱা-বোৱা কৰাৰ যাতনাখিনিতো আছেই।

 মাজে মাজে ভাবো, বিয়াখনকে পাতি লওঁ নেকি।

 আচলতে, পাতো বুলিলে কাইলৈকে পাতিব পাৰো।

 চৰকাৰী চাকৰি কৰোঁ। স্বাস্থ্য-পাতি ভাল। দেখাই শুনাইয়ো ভাল। বদ- অভ্যাস বুলিবলৈও নাই। মদ, ভাং নাখাওঁৱেই। জুৱা-চুৱা নেখেলোৱেই।

 কোনে নিদি পাৰে মোলৈ ছোৱালী!

 কিমানে, ভাত-চাহ খাবলৈ বুলিয়েই ঘৰলৈ মাতে।

 কিমানে, বাটে-পথে দেখিলে অভিমান কৰিও দেখুৱায়। কিমানে,...

 কিন্তু, হ’লে কি হ’ব! মা-দেউতাৰ কাঢ়া নিৰ্দেশ, প্ৰথমে ভণ্টীক বিয়া দি ল’ব লাগিব। তাৰ পিছতহে মোৰ। দেখিছেনে বাৰু!

 খং এটা মাজে মাজে নুঠা নহয়, উঠে।

 মাজে মাজে ভাবো, নুশুনো ইহঁতৰ কথা।

 এনেওতো, মই ঘৰত নাথাকোঁৱেই। দূৰৈতহে থাকোঁ।

 তাকো, ভাড়াঘৰতহে৷

 বিয়াখন ইয়াৰপৰা পাতিলেই হ’ল। কৰ্ট-মেৰেজ কৰিলেওতো হ’ব।

 পিছত, বন্ধু-বান্ধৱক পাৰ্টি এটা দি দিলেই হ’ল। বেয়া হ’বনেকি?

 কিন্তু, নোৱাৰোঁ।

 দেউতাতো দেউতায়েই, মাৰ মুখখন মনলৈ আহিলেই বেয়া লাগে।

 মায়ে মানে, আজিলৈকে মোৰপৰা একোৱেই বিচৰা নাই।

 কোনোদিনেই কোনো কথাতে আপত্তি-বিপত্তি কৰি দেখুওৱাও নাই।

 মাথোঁ, এটাই আশা কৰে, মই যেন ভণ্টীক বিয়া নিদিয়াকৈ নিজৰ বিয়াখন [ ২৫ ] পাতি নেপেলাওঁ। কোনো কাৰণতে, মই যেন স্বাৰ্থপৰ হৈ নপৰো।

 এজনীয়েই ভণ্টী! তাইৰ কথা যাতে ভাবো।

 আজিৰ যুগতো অইনে বিয়াখন পাতি দিব বুলি ৰৈ থাকিব লাগেনে?

 আমি ককাই-ভনী দুটাৰ বাহিৰে কোনে কৰে এনেকুৱা অঁকৰালি?

 ইফালে, দেউতাও যে আৰু!

 আজিলৈকে, কোনো ঠাইতে ভণ্টীৰ কাৰণে দৰা এটা বিচাৰি নগ’ল।

 হাইস্কুলৰ হে’ড মাষ্টৰ হৈ ৰিটায়াৰ কৰিলে যে, আত্ম-সম্মানটোকে খামুচি ধৰি থাকিল। কোনোবাই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে বুলি ভয়তে ক’লৈকো ন’গল। কাকো একো এটা নকলেও। নিজেই কোনোবা এটা অহালৈ বাট চাই ৰৈ থাকিল : কোনোবা এটা সু-পাত্ৰ আহিব, তেখেতক যোগ্য সম্মান প্ৰদৰ্শন কৰি কন্যাভিক্ষা মাগিব, তেখেতেও তাহানিৰ হে’ড মাষ্টৰৰ মেজাজেৰে দৰাপক্ষক জেৰা কৰিব, মায়েও কথাৰ পাকতে, “আমিওতো চাব লাগিব, নহয় জানো?” বুলি টিপ্পনি কাটিব।

 ইমানৰ পিছতো, দৰাপক্ষই দেউতাক হাতযোৰ কৰি অনুৰোধ কৰিব।

 শেষত, মায়ে, “হ’ব আৰু! উপায়তো নাই, নহয় জানো?”বুলি বিয়াখনৰ আয়োজন কৰিব।

 ধুৰ! মানুহ কিছুমানৰ যে আশাবোৰ আৰু!

 কিবা বোলে, ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ,.......

 এনেকৈ হলে, আমাৰ কাৰো একোডাল নহ’বগৈ।

 হ’ব বাৰু কেনেকৈ, কওকচোন!

 মাজতে ভাবিছিলো, অৰিন্দম ল’ৰাটো বেয়া নহ’ব চাগে।

 উপাৰ্জনৰ পথ এটাও আছে, স্বাস্থ্য-পাতিও ভালেই।

 মদ-পানী খোৱাও আজিলৈকে চকুত পৰা নাই। আৰুনো লাগে কি?

 ভণ্টীৰ লগত মিলিব যেনেই লাগিছিল।

 আলেঙে আলেঙে খবৰ এটাও লোৱালো।

 কিন্তু নাই, নহ’ল। বায়েকজনীৰ বিয়াখন নোহোৱালৈকে সি হেনো নিজৰ বিয়াৰ কথা ভাবিবই নোৱাৰে। মাকে হেনো নামানেই।

 মাক দেউতাকবোৰেও এনেকুৱাখন কৰিলে ভাল লাগেনে বাৰু?

 কাম নাই, কাম নাই। এনেকৈ হ’লে, আমাৰ ভৱিষ্যত বুলিবলৈ একো ডালেই নাথাকিবগৈ। মই মানে, এনেই কোৱা নাই দেই।

 যি দেখিছোঁ, যি বুজিছোঁ, তাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ। [ ২৬ ]  সচাঁ কথা কিন্তু এইটোৱেই, বিশ্বাস কৰক!

 ইপিনে, পা-পৰিয়াল নাই বুলিয়েই মোৰ ভাড়াঘৰটো আটাইৰে বাবে হৈ পৰিছে যেন এটা ক্লাবহে। সন্ধিয়া সন্ধিয়া, তিনি চাৰিখন মটৰ চাইকেল আহি মোৰ ভাড়াঘৰৰ সমুখত ৰ’বহি, দম দি দুৱাৰ খুলিবলৈ ক’ব, গিৰিপ গিৰিপ্কৈ সোমাই আহিব আৰু চকী, বিচনা যিহকে পায় তাতে আ-ৰা-ম-চে’ বহিব আৰু তাৰ পিচতে ইটো ফৰমাইচ, সিটো ফৰমাইচ : এই গিলাচ আনা! এই পানী আনা! এই....

 নিদিও নোৱাৰোঁ। লগ-ভাগ বুলিবলৈ সিহঁতেই।

 হস্কিলে মস্কিলে সিহঁতকে বিচাৰো, সিহঁতকে পাওঁ।

 কিবা এটা কৰোঁ বুলিলেও, কৰবালৈ যাওঁ বুলিলেও সিহঁতেই লগ।

 হয়, ঠিকেই। কিন্তু, সিহঁতেওতো বুজিব লাগে।

 এইটো মেইন ৰাস্তা। দিনে ৰাতিয়ে হাজাৰটা মানুহ এইটো ৰাস্তাৰে, মোৰ ভাড়াঘৰৰ সমুখেদি অহা-যোৱা কৰে। নাচাওঁ বুলিলেও চকুত পৰিব। নুশুনো বুলিলেও কাণত পৰিব। হয়নে নহয়?

 তেনে স্থলত, সন্ধিয়া সন্ধিয়া মোৰ ভাড়াঘৰত মদৰ আড্ডা পাতিলে মোৰ পাব্লিক ইমেজটো কি হ’বগৈ?

 মই যে মদ মুখতে নিদিওঁ, সেই কথা কোনে বিশ্বাস কৰিব?

 আৰে, মোৰ ভাড়াঘৰতেই দেখোন মদৰ আড্ডা!

 তাত আৰু, মোকনো ধৰ্ম-যুধিষ্ঠিৰ বুলি কোনেনো বিশ্বাস কৰিব?

 আৰে, যি কৰিবলৈ মন যায় নিজৰ ঘৰত কৰ্ না! কোনে বাধা দিব?

 অ, নোৱাৰ! ঘৈনিয়েৰহঁতলৈ ভয়। একেবাৰে, ভিজা মেকুৰী!

 দেখিছোঁ নহয়, ঘৰত বাতি-কাঁহি ধোৱাৰপৰা ঘৈনিয়েৰৰ মেখেলা ধুই দিয়ালৈকে সব কৰ! কো..নো আপত্তি নাই। হেৰি কা বাচ্চাবোৰ ক’ৰবাৰ!

 কিন্তু, মনৰ নিষ্ফল খং-দুখবোৰৰ কি কৰিবি?

 গতিকে, আহ আৰু মোৰ ডঙুৱা ভাড়াঘৰটোলৈকে সন্ধিয়া সন্ধিয়া!

 গিলি ল এগিলাচ এগিলাচ মদ!

 আৰু, ‘দিল’ খুলি কৈ যা তহঁতৰ গৰম গৰম ডায়েলগ্ বোৰ!

 বেচেৰাহঁত! কি কি যে ডায়েলগ! কি কি যে লেকচাৰ!

 এটাই হেনো তাৰ শালপতি এটাক পাৰিলে ‘ডিৰেক্ট চ্যুট’ কৰিব।

 সি বেটাই হেনো তাৰ ওৱাইফজনীক বৰ টৰ্চাৰ কৰে।

 ইয়াৰ মানে, সহ্যই নহয়। এবছৰ আগতে ইয়ালৈ অহা হ’লে ইয়েই [ ২৭ ] হেনো তাইক বিয়া কৰাব পাৰিলেহেঁতেন। কিন্তু, তাইৰ ভাগ্যই বেয়া বুলি ক’ব লাগিব হেনো, যিহেতু সি আহিল এবছৰৰ পিছতহে।

 গতিকে, সি সৰুজনীকে আনি থ’বলগীয়া হ’ল আৰু!

 মুঠতে, বিৰাট জমনি হয় মাজে মাজে!

 কালি পিছে, কি হ’ল জানে?

 সেই কৃষ্ণটোৱে মোৰ ওচৰত আঠু কাঢ়ি বহি ল’লে নহয়!

 মই বোলো কি হ’ল আক’ ইয়াৰ? নিচাই পুৰা ধৰিলে চাগে।

 মোৰ মানে হাঁহিহে উঠিল। ৰাজেশহঁতেও হাঁহি দিলে।

 সি কিন্তু নাৰ্ভাচ কৰা নাছিল, চিৰিয়াছ!

 কিন্তু, ই কয় কি?

 “চা উত্তম! সিদিনা মই তোৰ ভণ্টীক দেখি আহিছোঁ।

 মই তাইক বিয়া কৰাব খোজো। দিবিনে নাই ক!”

 ডাং খাই অহা মোৰ হাতখনত বিদ্যুতে থাপ মাৰি ধৰিলে। নহ’লে,...

 কিন্তু, মই চিঞৰি দিলো, “বন্ধ কৰ এইসব! যাঃ ইয়াৰ পৰা!”

 মোৰ গৰ্জনে কাম দিলে।

 ইটোৱে সিটোৰ চকুলৈ চাই, চকুৰেই কিবা ইঙ্গিত দিলে।

 তাৰ পিছত, এটা এটাকৈ, লাহে ধীৰে, মোৰ কান্ধত মৃদুভাৱে থপৰিয়াই থপৰিয়াই, আফচোচ কৰি কৰি, তলমুৱাকৈ চাই চাই, সিহঁত ওলাই গ’ল।

 বিদ্যুৎ বেগেৰে গৈ আগফালৰ দুৱাৰখন ধমকৈ বন্ধ কৰি দিলো।

 বটল গিলাচবোৰ বুটলি লৈ পিছফালৰ কঁচুৱনি খালটোলৈ ধামধুমকৈ দলিয়াই দিলো। পিছ দুৱাৰখনো বন্ধ কৰিলো, ধম্ কৈ।

 চকীখনতে থপ্ কৈ বহি দিলো।

 মনৰ সমস্ত দুখ-খঙত মোৰ গা কঁপি উঠিল। কান্দিবলৈকে মন গ’ল।

 কিন্তু, নাকান্দিলো। কান্দিলে নহ’ব। কান্দিলে মানুহে চল পায়।

 লাগিলে, খং কৰিম। লাগিলে, দাঁত-মুখ ভাঙি দিম, কিন্তু নাকান্দো।

 ৰাতিটো অৱশ্যে, টোপনিয়েই নাহিল। দহটা চিন্তা!

 নাই নাই, এনেকৈ নহ’ব। ঘৰ-গৃহস্থী কৰিব লাগিব। মোৰ ভাড়াঘৰটো এনেকৈ এই মদাহীসোপাৰ ক্লাব হ’বলৈ এৰি দিব নোৱাৰি।

 এইবাৰ ঘৰত যদি অনুমতি নিদিয়ে তেন্তে মই নিজেই সিদ্ধান্ত ল’ম।

 ল’বলৈ বাধ্য হ’ম মই।

 ক’বলৈ বেয়া, কিন্তু সঁচা কথা ক’বলৈ হ’লে, মোৰ এনে সিদ্ধান্তৰ বাবে [ ২৮ ] যদি কাৰোবাক দায়ী কৰিবলগীয়া হয়, তেন্তে মই মোৰ মা-দেউতাকে কৰিম। আনে কি কয়, মই ক’ব নোৱাৰোঁ।

 ভাবিছিলো, ভণ্টীয়েও যিহেতু চাকৰি এটা পাইছে, তাইৰ বাবেও দৰা এটা এতিয়া নিশ্চয় ওলাব। আজিৰ যুগত চাকৰি কৰা ছোৱালী এজনী বিয়া কৰাবলৈ কোন আগবাঢ়ি নাহিব?

 দেখিছোঁ নহয়, দোৰ্ঘোৰ প্ৰেম কৰি, যৌতুক পৰ্য্যন্ত নালাগে বুলি কোৱা মহান প্ৰেমিককেইটাইয়ো পিছত ঘৈনিয়েকহঁতক চাকৰি একোটাত যেনেতেনে হ’লেও, কাৰোবাৰ ভৰিত ধৰি হ’লেও, ঘোচ দি হ’লেও, সুমুৱাই দিবৰ বাবে কি কি যে নকৰে!

 অন্য উপায় নাপালে শেষত স্থানীয় প্ৰাইভেট স্কুল এখনত হ’লেও সুমুৱাই লৈ ৯ বজাত থ’বগৈ, ১২ বজাত টিফিন খুৱাবগৈ আৰু ৩ বজাত আনিবগৈও। ইমপ্ৰেচড্!!

 যুক্তিও দেধাৰ দেখুৱায় বেটাহঁতে!

 ঘৰত এনেই এনেই সোমাই থাকি থাকি ওৱাইফৰ মন চন্ বোলে এক্দম বেয়া হৈ গৈছে।

 হয়তো, হ’বও পাৰে। নহ’ব বুলি নকওঁ।

 কিন্তু, তাৰ মাজতো কিবা এটা থাকি যায়, দিয়কচোন।

 বাৰু যিয়েই নহওক, মনতে ইমানবোৰ প্লেন-প্ৰগ্ৰেম কৰি থাকিলো, কিন্তু, সিদিনা পিছে শুনিলো কি! ভণ্টীয়ে বোলে চাকৰিটো এৰি দিব।

 এৰি দিব! কি ভাবিছে তাই? পাগলী হোৱা নাইতো?

 তেনেকুৱা কৰিলে তাইক বিয়া কৰাব কোনে?

 লগে লগে, মালৈফোনটো লগালো, “হেৰি নহয় মা! কি হ’ল এইৰ?”

 কিন্তু ই কি? মায়েও দেখোন তাইৰ পক্ষ লৈহে কথাবোৰ কৈছে!

 মানে, মায়েও দেখোন তাই চাকৰিটো কৰি থকাটো বিচৰা নাই।

 ঠাইখন হেনো একেবাৰে ভাল নহয়। মেইন ৰাস্তাৰপৰা পাঁচ নে ছয় কিল’মিটাৰমান সোমাব লাগে। তাকো, ৰাস্তা-ঘাটবোৰ একেবাৰে তথৈবচ। ভগা- চিগা। বাৰিষা হয় বোকা আৰু খৰালি হয় ধুলি। গাড়ী-মটৰৰ আহযাহ নাই। মাজতে আধাকিল’মিটাৰমান ডাঠ হাবি এখনো পাৰ হৈ যাব লাগে। বাঘ-চাঘ ওলায় বুলি তাইৰ হেনো ভয়তে জীৱ ওলাই যাব যেনহে লাগে।

 সিদিনা, তাৰে কোনোবা থাপা উপাধিৰ এজনক হেনো বাঘে ডিঙিতে কামুৰি ধৰি লৈয়েই গ’ল। তেওঁৰ ভায়েকজনে তেওঁক বচাবলৈ যাওঁতে তেওঁকো [ ২৯ ] হেনো একামোৰ মাৰি থৈহে গ’ল।

 কি সাংঘাতিক পৰিৱেশ, পৰিস্থিতি!!

 কিন্তু, সেইবোৰ নেপালী মানুহ! কলিজা আছে! দম আছে!

 সেইবোৰ মানুহৰ কথা বেলেগ। কিন্তু, আমাৰ মাইনী!

 কি কাৰণে তাই ল’ব লাগে ইমান ৰিস্ক?

 শেষত, মায়ে মোখনি মাৰিলে এনেদৰে, “হেৰি কৰিবি অ’! পাৰিলে, এইৰ বাবে কোনোবা ল’ৰা এটাকে বিচাৰিবি! চাবি আৰু, সৰু হ’লেও চাকৰি এটা কৰা আৰু মদ-পানী নোখোৱা হ’লে ভাল। বিয়াকে দি দিব লাগিব আৰু এইজনীক। তাৰ পিছতে, তোৰখনো........

 দেখিছেনে বাৰু? ভাবি আছিলো কি, আৰু হৈছেগৈ কি?

 এনেকুৱাতে মানে, সন্যাসী হৈ গুচি যাবলৈহে মন যায়, জানেনে?

 ঘৰৰ ডাঙৰ লৰা হ’লো বুলিয়েই -দেউতাহঁতেও বাৰু ইমান হেঁচা দি ৰাখিব পায়নে? মোৰ কি নিজস্ব চিন্তা-ভাবনা নাই? আশা-আকাংখ্যা নাই? সপোন- কল্পনা নাই? মানুহৰ বয়স কি ৰৈ থাকে?

 আৰু, দেউতাই কি তাইৰ বাবে দৰা এটা বিচাৰি যাব নোৱাৰে?

 কি কৰিলে ইমান দিন?

 খালি, ভেমটোকে খামুচি ধৰি থাকি তাইৰ জীৱনটো ধ্বংস কৰিলে।

 আৰু লগতে, মোৰটোও৷

 কাম নাই, কাম নাই এইসবৰ।

 আৰু, তাই নিজেওনো কি ছোৱালী, হাঃ

 তাইৰ লগৰ আটাইকেইজনীয়েই বিয়া হৈ গুচি গ’ল।

 এতিয়া মানে, সিহঁত চাগে মাক হ’লগৈ।

 কেইদিনমানৰ পিছত, সিহঁতৰ ছোৱালীৰ শান্তি-বিয়া খাবলৈকে তাইক নিমন্ত্ৰণ কৰিবহি। তেতিয়া, কি কৰিব তাই? ক’ব কি?

 গা-বেয়া? নে, কিবা কামত ব্যস্ত!

 নাই, নাই। এই কথাই কথা নহয় দেই!

 এনেকৈ থাকিলে সেই তাহানি স্কুলত থাকেঁতে পঢ়া জ্ঞানী চৰাইৰ সাধুটোৰ দৰেহে হ’বগৈ।

 আচলতে, নিজৰ কামবোৰ নিজেই কৰি যাব লাগে।

 আমাৰ ঠাকুৰে কিন্তু ঠিকেই কৰে। কালৈকো বাট চাই ৰৈ নাথাকে।

 কোনে ভাল পাব, কোনে বেয়া পাব এইবোৰো চিন্তা নকৰে। [ ৩০ ]  তেওঁৰ মতে, ভাল পালে আহিবা, বেয়া পালে নাহিবা।

 এইবোৰলৈ তেওঁ কেৰেপেই নকৰে।

 তেওঁ নিজৰ মতে চলে, নিজৰ মতেই কাম কৰে।

 মাজে মাজে অৱশ্যে, তেওঁ মোক নোকোৱা নহয়, কয়।

 কিন্তু, মইহে বোলো...

 এইবাৰ কিন্তু, এনেকৈ নহ’ব। এইবাৰ কিবা এটা কৰিমেই কৰিম। মোৰ জীৱনৰ সিদ্ধান্ত মই নিজেই ল’ম। কাইলৈকে ওলাই যাম। বোকাজানৰ ছোৱালীজনীৰ কথা যে এদিন অসীমে কৈছিল, তাইৰ ঘৰৰ পৰাই আহিমগৈ।

 এটা কাম কৰো নহ’লে, অসীমলৈ ফোন এটা কৰিয়েই লওঁ।

 সি আক’ কাইলৈ মোৰ লগত যাব পাৰিবনে নোৱাৰে!

 ফোন লগালো। নট্ ৰিচ্চেবল!

 নাই, নাই যি নায়েই। কি কৰোঁ?

 বাদ দিয়া আৰু এতিয়া এইবোৰ! শুইৱেই লওঁ। ৰাতিপুৱা দেখা যাব।

 মাজতে, লাগিল প্ৰস্ৰাৱ কৰিব। লগতে, উঠি আহিল এটা খং!

 কৃষ্ণৰ মূৰটোকে পাৰিলে একেমাৰে ভাঙি দিবলৈ মন গ’ল।

 শেষত, উপায় নাপাই এক, দুইকৈ নেওঁতাকে আওৰাবলৈ ধৰিলো।

 টোপনি আনিবৰ বাবে মোৰ এক বিশেষ ব্যৱস্থা।

 সাৰ পালো পুৱা সাত-বিশত।

 নিত্যনৈমিত্যিক কামকেইটা কৰি লৈ, ভাত-পানী খাই বৈ বাইকখন মহাৰি কৰি ললো। ভাবিলো, প্ৰথমে, অসীমৰ ঘৰলৈকে যোৱাটো ভাল হ’ব।

 তাক লগতে লৈ চিধা বোকাজানলৈ যাব লাগিব।

 ৰৈ থাকিবলৈ সময় নাই। দৰকাৰো নাই।

 উদেশ্য ভাল হ’লে হেনো ভগৱানেও সহায় কৰে।

 এইবোৰ মানুহে কোৱা কথা। তথাপি, চাওঁচোন বাৰু।

 পিছে, অসীমৰ গহীন মুখখন দেখিয়েই মোৰ গা চেবালে।

 কথাবোৰ মই ভবাৰ দৰে নহ’বগৈ নেকি বাৰু!

 নে, ইয়াৰ নিজৰে কোনো সমস্যা চলি আছে?

 “ডাঙৰ কথা এটা হ’ল নহয়, উত্তম।

 ছোৱালীজনীয়ে যে মনে মনে বেলেগ এটা ল’ৰাকহে ভাল পাই আছিল সেই কথা তাইৰ ঘৰৰ কোনেও হেনো জনাই নাছিল।

 পিছত, ঘৰত তাইৰ বাবে দৰা বিচৰাৰ কথাটো শুনিয়েই তাই সেই [ ৩১ ] ল’ৰাটোলে পলাই গুচি গ’ল নহয়!

 কালি, ককায়েকে মোলৈ ফোন কৰি বৰ আফচোচ্ কৰিলে, জাননে?”

 মোৰ মনত সঁচায়ে বৰ বেয়া লাগিল। খঙো উঠিল, লাজো লাগিল।

 ছোৱালীজনীয়ে যেন মোৰ কথা শুনিয়েই সিটো ল’ৰালৈ পলাই গ’ল!

 অৱশ্যে, তাই বাৰু মোক দেখাই নাছিল।

 মোক দেখি পলাই গ’লেহে মোৰ লাজ লাগিব।

 এতিয়া অৱশ্যে, মোৰ লাজ লগাৰ কোনো কাৰণ নাই।

 তথাপিও, বেয়া লাগিল দিয়কচোন।

 তাতে, অসীমৰ কথাকেইটাও যে....

 “চা উত্তম! আজিৰ যুগত সবেই নিজৰ জীৱনসঙ্গী নিজেই বাচি লয়।

 আনে বিয়াখন পাতি দিব বুলি কোনো ৰৈ নাথাকে।

 হয়নে নহয়, ক !”

(ৰচনা কাল : ডিচেম্বৰ,২০১৩)

[ ৩২ ]

নৱবৰ্ষৰ শুভেচ্ছা

 

 যোৱাবছৰটো মোৰ বাবে যেনিবা ভালেই হ’ল বুলিব পাৰি।

 যেনেকৈয়ে হওক, চাকৰিটো হৈ গ’ল। চিন্তা এটা আঁতৰিল।

 নহ’লে বোলো, বিসম্বাদত লাগি লাগি শিক্ষামন্ত্ৰীজন আঁতৰিব লাগিলে আমাৰফালে নেচেলেই হ’ব আৰু! কিন্তু, মোৰ ভাগ্য ভাল আছিল বুলিয়েই ক’ব লাগিব যিহেতু শেষত তেওঁ চাকৰিটো দি থৈ গ’ল।

 অৱশ্যে, স্কুলখন অলপ দূৰত হ’ল আৰু!

 একেবাৰে মানে, নেপালীগাঁও এখনৰ ভিতৰত।

 নেপালীগাঁও কেনেকুৱা, জানেই নহয়!

 মেইনৰাস্তাৰ পৰা নামি গৈ গৈ যে অন্তই নপৰে!

 আকৌ, ৰাস্তা-ঘাটৰ কথাতো নুসুধিবই আৰু!

 তাতে, মাজতে দৈয়াংখনো পাৰ হ’ব লাগে নহয়!

 এইবাৰ, বাৰিষাটো যে কেনেকৈ পাৰ কৰিলো, এতিয়া ভাবিলে নিজৰে আচৰিত লাগে, বুইছেনে?

 অৱশ্যে, গাঁওখনৰ মানুহবোৰ ভাল। কম দিনতে আপোন হৈ পৰিছে।

 দুজনমানে, তাৰে এঘৰতে থাকি ল’বলৈকে কৈ আছে।

 একেবাৰে, ঘৰৰ মানুহৰ দৰেই থাকিব পাৰিম বুলিও কৈছে।

 কিন্তু, মইহে বোলো, থাককচোন বাৰু এতিয়ালৈ কথাটো!

 ইফালে, কাঞ্চনে বা কি ভাবে, কি কয়!

 তাইয়ো আৰু যিহে ছোৱালী!

 আৰু, অকণমানতে যেনেকৈহে ওফোন্দ পাতে, ভাঙিবলৈকে টান।

 তাতে, আমাৰ ভণ্টীয়ে তাইক মাজে মাজে জোকাইয়ো থাকে নহয়!

 বোলে, “অ’! কাঞ্চন বাইদেউ! আমাৰ দাদাই তাত কাঞ্চী এজনীকে লৈ আনিবলৈহে পাং পাতিছেনেকি ধৰিবই পৰা নাই দেই!

 জানাই নহয়, নেপালী ছোৱালীবোৰ দেখিবলৈ কি-মা..ন ধুনীয়া!

 তুমি সময় থাকোতেই ইয়াক অলপ চম্ভালা দেই!

 নহ’লে, তুমি ঠোট চেলেকি থাকোঁতেই কাঞ্চন নবৌৰ সলনি কাঞ্চী [ ৩৩ ] নবৌ এজনীহে ঘৰ সোমাবহি। তেতিয়া....”

 এই বদমাচজনীয়ে তাইক যা তা কথাবোৰ কৈ থাকে আৰু সমস্যা- বোৰ হয়গৈ মোৰ!

 ইফালে, কাঞ্চনক বুজুওৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই কথা!

 নুবুজেহে নুবুজে! নামানেহে নামানে!

 মৰা এতিয়া, ক’ত মৰা!

 গতিকে, প্ৰথম সপ্তাহতে ধাৰে-ঋণে চেকেণ্ডহেণ্ড বাইক এখনকে লৈ ল’বলগীয়া হ’ল। নহ'লে, পুৰণি চাইকেলখনৰ ‘পেডেল মাৰি মাৰি’ ভাগৰেই লাগে। নোৱাৰি আৰু ইমান কষ্ট কৰি মৰিব! দেহাই নাটানে।

 যিকোনো কামতে দুই এটা অসুবিধা অৱশ্যে থাকিবই।

 উপায়তো নাই। সবফালে সুবিধানো ক’ত পাম আৰু!

 সঁচা কথা ক’বলৈ হ’লে, মোৰ জীৱনত ইমানখিনিয়েই যে হ’বগৈ, ভবাই নাছিলো। এনেয়ো, আমাৰ অসমখনত আন উপায় আছেনো কিটো?

 তাতে, টেট পাছ কৰাৰতো এবছৰেই পাৰ হৈ গৈছিল।

 লগৰ বহুতেই ইতিমধ্যে চাকৰিও পালে, আৰু বিয়া-বাৰুও কৰাই লৈ একেবাৰে তমস্কাৰ হৈয়েই পৰিল।

 বাটে-পথে সিহঁতক দেখিলে মোৰতো পলাবলগীয়া অৱস্থাই হৈছিল।

 অৰ্থহীন সহানুভূতি কিমান সহ্য কৰিব আৰু, কওকচোন!

 শেষত যেনিবা, এদিন নিযুক্তি পত্ৰখন হাতত পৰিলহি।

 স্বত্বিৰ নিশ্বাস এটা নিজে নিজেই ওলাই গ’ল।

 মা-দেউতাৰো মুখত হাঁহি এটা বিৰিঙি উঠিল।

 ভণ্টীৰো ইটো সিটোকৈ ডিমাণ্ডবোৰ আৰম্ভ হ’বলৈ ধৰিলে।

 মানে, ঘৰখনলৈ সজীৱতা এটা আহিল।

 লগতে, ঘৰখনত মোৰ পাত্তাও আগতকৈ বাঢ়িবলৈ ধৰিলে।

 মোৰ নিজৰো দুদিনমান জীয়াই থকাৰ বাসনা জাগ্ৰত হৈ আহিল।

 মানে, কাঞ্চনক লৈ আকৌ সপোনবোৰ দেখিবলৈ আৰম্ভ কৰিলো।

 নহ’লে মানে, মাজতে এনে লাগিবলৈ ধৰিছিল, এই যেন ক’ৰবাৰ পৰা তথাকথিত সু-পাত্ৰ এজনা আহি ভুটুংকৈ ওলাবহি আৰু কাঞ্চনক লৈ উধাও হ’ব। মানে, তাহানি গোহাঁইদাহঁতে যে কিবা ’হাতৰ ধন বাটতে হেৰুওৱা’ৰ কথাবোৰ কৈ আছিল, তেনেকুৱাই কিবা এটা আৰু!

 তেওঁলোকে মানে ভাবিছিল, মই আৰু নিষ্ফল খং, দুখ, আক্ৰোশত [ ৩৪ ] শূন্যতে গদা ঘূৰাই থাকি, এটা সময়ত দীঘল দাড়ি-চুলি ৰাখি, ৰাস্তাই ৰাস্তাই টলৌ টলৌকৈ ঘুৰি ফুৰি, এদিন.....

 গতিকে, বেছি এটা আয়োজন কৰিবলৈ নহ’ল আৰু!

 গাঁৱৰ নিজৰ খেলৰ মানুহখিনি, একেবাৰে এৰিব নোৱাৰা মিতিৰখিনি আৰু মোৰ বিপদৰ দিনতো লগ এৰা নিদিয়া বন্ধু-বান্ধৱখিনিকে লৈ অনুষ্টুপীয়াকৈ বিয়াখনৰ নিয়মটো কৰি পেলালো আৰু!

 নহ’লে, বেছি খৰচ বহন কৰাৰ সাধ্য তেতিয়া মোৰ কমৰত নাছিল।

 মোৰ আৰু এটা ভাল হ’ল কি মানে, কাঞ্চনেও সোণৰ আ-অলঙ্কাৰৰ বাবে ডিমাণ্ড নিদিলে। মহান ভাৰতীয় নাৰীৰ পৰম্পৰা বজাই ৰাখি তাই মোক মনে মনে ক’লে, “সোণৰ আ-অলঙ্কাৰ কেলৈ? সেন্দুৰকণহে আচল।”

 বিশ্বাস কৰক! বেচেৰীজনীলৈ বেয়াও লাগিল।

 মনতে ভাবিলো, দেহী ঐ বেচেৰীজনী!

 ক’ত শিকিলি এই কেইশাৰী মহান উক্তি!

 আচ্ছা, কৈছ কৈছ বাৰু, মানি লৈছোঁ, কিন্তু একেবাৰে অন্তৰৰপৰাই কৈছ নে মোৰ প্ৰতি পুতৌ দেখুৱাইহে কৈছ?

 মোৰ মনত এশটামান প্ৰশ্ন।

 তাতে, পুৰুষত্বতো আঘাত লাগিছিল।

 পিছে, এইবোৰ সুধিবলৈ গ’লেই বিপদ।

 বাত উল্টা চিধা হ’ জায়েগা। সমস্যা হ’ব।

 গতিকে, সাৱধান হ’লো!

 কিন্তু, সঁচা কথা ক’বলৈ হ’লে, মোৰ মানে হাঁহি এটাও উঠিছিল।

 কিন্তু, সম্বৰণ কৰি ৰাখিলো আৰু।

 যেনেকৈয়ে হওক, বিয়াখন হৈ গ’ল। জীৱনৰ এটা অধ্যায় পাৰ হ’ল।

 পিছৰখিনিও পাৰ হ’ব আৰু কিবা কিবি কৰি।

 এতিয়া, অযথা চিন্তা-ভাবনা কৰি থাকি লাভ নাই।

 যি হয় সময়ত দেখা যাব।

 কিন্তু, খোবা-খুবীৰ পিছদিনাই ডিউটিত জইন কৰিবলগীয়া হোৱাতহে বৰ এটা ভাল নালাগিল। কমেও, এসপ্তাহমানৰ চুটি পাব লাগিছিল দিয়কচোন!

 তাহানিতে সোমোৱা স্থায়ী চাকৰীয়ালসকলে দেখোন পায়!

 আমাকহে চৰকাৰে কিয় ইমানকৈ চেপি ধৰিছে জানো ক’ব নোৱাৰোঁ।

 ভাল দিন কেতিয়া আহিব জানো! [ ৩৫ ]  মোডিয়ে যে কয়, আচ্ছা দিন আয়েগা! লেকিন, কব?

 মাজতে, সিদিনা হ’ল কি মানে, কিবা অসম বন্ধ, স্থানীয় বন্ধ, দেওবাৰ, বৰদিন আদি মিলাই একে লেথাৰিয়ে চাৰি-পাঁচ দিনমানৰ বন্ধ এটা পালো।

 ভাবিলো, অলপ মিতিৰেই ফুৰা হওক এই কেইদিন!

 নতুন পৰিবাৰ, নতুন মিতিৰ! নিশ্চয় ভাল লাগিব।

 এনেয়ো, তাই মাজে মাজে মোমায়েকৰ ঘৰৰ কথা কৈয়েই থাকে।

 তালৈকে যোৱা হওকচোন বাৰু প্ৰথমে!

 মোমায়েকজন বোলে বৰ ভাল। মৰমীয়াল। মাতষাৰ বৰ মিঠা।

 খালি, কথা পাতোতে একেটা কথাকে ‘ৰিপিট’ কৰি থাকে।

 তথাপিও, শুনি আমোদেই লাগে হেনো।

 আকৌ, এসময়ত বোলে প্ৰায় আধা ডজন ৰাংঢালী গাভৰুৰে ভৰি থকা ঘৰখন অনবৰতে হাঁহি আনন্দত উৰি যাওঁ উৰি যাওঁ যেন হৈ থাকিছিল।

 কাঞ্চনে তালৈ যাবলৈ অনবৰতে ঠেং ডাঙিয়েই থাকিছিল।

 খালি, দুদিনমানৰ পিছতে মামীয়েকেহে হেনো বুধি বুধা কৰি তাইক ঘৰলৈ পঠিয়াই দিছিল। তথাপিও, সেই ঘৰখনৰ প্ৰতি তাইৰ অন্তৰত এক ৰুধিব নোৱাৰা আকৰ্ষণ আছিল।

 এতিয়া পিছে, ৰাংঢালী গাভৰুৰ সেই জাকটোও নাই, হাঁহি-ধেমালিৰ সেই পৰিৱেশটোও নাই। আটাইকেইজনীয়েই আন আধা ডজন ভাগ্যৱানৰ লগত বিয়া বাৰু হৈ একোখন সোণৰ নে ৰূপৰ সংসাৰ কৰি আছেগৈ।

 বৰ্তমান, ঘৰত থকাৰ ভিতৰত কেৱল মোমায়েক- মামীয়েকহে।

 তথাপিও, পিছদিনা ৰাতিপুৱাই ভাত-পানী খাই, বাইকখন মহাৰি কৰি লৈ ওলালো আৰু কাঞ্চনৰ মোমায়েকৰ ঘৰলৈ বুলি!

 এঘণ্টামানৰ যাত্ৰা। ৰাস্তাটো অৱশ্যে ভাল।

 জপনামুখত বাইকৰ হৰ্ণ বজোৱাৰ লগে লগেই সৰু ছোৱালী এজনী দুৱাৰমুখলৈ ওলাই আহিল। পিছে পিছে মামীয়েক।

 ৰক্ষা তেও! ঘৰত মানুহ আছে।

 ভিতৰলৈ সোমাই গৈহে দেখিলো, ঘৰখনত অন্য কোনো নাই।

 মোমায়েক গৈছে যোৰহাটলৈ। কিবা অসুখ বোলে।

 টাউনৰ কোনোবা ভাল ডাক্তৰক দেখুৱাবগৈ।

 “মোমায়েৰক লগ নাপাবি চাগে। উভতি আহোঁতে সন্ধিয়া হ’ব।”

 মামীয়েকৰ খোলা কথা। কোনো আঁৰ-বেৰ নাই। [ ৩৬ ]  অৰ্থাৎ, ভাগিনীয়েকক ৰাতি নাৰাখে। চিধা কথা।

 যিয়েই নহওক, কথা বাৰ্তাৰ লগতে চাহৰ যা-যোগাৰো হৈ থাকিল।

 পাকঘৰত গৰম তেলত কিবা দিয়াৰ দৰে চেঁ-চেঁৱনীৰ শব্দ এটা কাণত পৰিলহি। লুচি জাতীয় কিবা এটাই বনাইছে চাগে।

 ইফালে, কাঞ্চনে মোৰ কাণৰ কাষতে ফুচফুচাই ক’লে বোলে, “মামা যিহেতু নায়েই, মামীয়ে ক’ৰনো আৰু ভাত-পানী বনাই খুৱাব?

 চাহ-লুচি খায়েই আমি যামগৈ দিয়া!”

 মই বোলো, হ’ব আৰু, উপায়তো নাই।

 অহাৰ আগতে ফোন এটাতো কৰি ল’ব লাগিছিল।

 কাঞ্চনে বোলে মোমায়েকৰ ম’বাইল ফোনেই নাই।

 কাণেৰে কম শুনা বুঢ়ামানুহটোক ম’বাইল ফোন কেলৈ?

 মই বোলো, ঠিকেই কৈছা!

 চাহ-লুচি খাই থাকোঁতে সুধিলো বোলো এইজনী কাৰ ছোৱালী।

 মামীয়েকে বোলে মাইনীৰ ভাগৰ সৰুজনী।

 মাক দেউতাকে তাইক তেখেতৰ ওচৰতে থৈ কলেজলৈ যায়।

 আবেলি, উভতি যাওঁতে আকৌ লৈ যায়।

 তাৰ পিছতে আৰম্ভ হ’ল তেখেতৰ জী-জোৱাইসকলৰ প্ৰশস্তি।

 শেহতীয়াকৈ, সৰু জী-জোৱাই দুয়োৰে চাকৰি একেলগেই ‘পাৰ্মানেন্ট’ হৈছে। কলেজৰ চাকৰি। ইউ-জি-চি স্কেলৰ দৰ্মহা। একেলগে এগালমান এৰিয়াৰো পালে। লগে লগেই, কিনিলে নতুন মডেলৰ গাড়ীও!

 ইফালে, সমুখত সৌটো বিল্ডিঙৰ কামো চলাই আছে হেনো।

 শহুৰেকৰ পৰাই কিনি লোৱা মাটি, পূৰা ডেৰলাখ টকাত!

 মূঠতে, ইলাহী কাৰবাৰ একেবাৰে!

 ইফালে, ডাঙৰ জী-জোৱাই, মাজু জী-জোৱাইবোৰৰ ধন-ঐশ্বৰ্য্যৰ বৰ্ণনা দি দি মানুহগৰাকী যেন ভাগৰিহে পৰিল।

 মাজতে, তেওঁ পানী এগিলাচো কোৎ কোৎ কৈ খাই ল’লে।

 এজনী মানুহে এখন মুখেৰেই কিমান ক’ব আৰু! নোৱাৰে নহয়।

 “আজিকালি মানে বয় বস্তুৰ দাম যি গতিতহে বাঢ়িছে, এই সৰু-সুৰা চাকৰি কৰি অলপ পইচাৰে ভালদৰে চলিবলৈকে দিগদাৰ।

 অইনে পাৰে যদি ক’ব নোৱাৰোঁ, আমাৰ ইহঁত মানে সৰুৰে পৰাই অলপ আলি-বলিৰ মাজত ডাঙৰ হোৱা যে, ইহঁতে নোৱাৰে। [ ৩৭ ]  অৱশ্যে, এতিয়া বাৰু ইহঁত কোনো এজনীৰে দিগদাৰ নাই। তাতে,....”

 এসময়ত, মোৰ কাণত যেন কিবা এটাই সোঁ-সোঁৱাবলৈহে ধৰিলে।

 তেখেতৰ একো কথাই মোৰ কাণত নোসোমোৱা হ’ল।

 মোৰ চকুৰ সমুখত ভাঁহি উঠিল তেখেতৰ ওঁঠৰ কোণত ওলমি ৰোৱা অৱজ্ঞাৰ হাঁহিটো! যেন, মোক সুধিব বিচাৰিছে, “তুমহাৰা হেচিয়ৎ ক্যা হে’? ঔকাৎ ক্যা হে', মুন্না?”

 অনিচ্ছা স্বত্বেও, চাহ, ৰুটি খোৱাৰ পিছতে বাইকত উঠিলোহি।

 আৰম্ভ হ’ল ওভতনি যাত্ৰা, নিজ ঘৰ অভিমুখে।

 বাটে বাটে ভাবি আহিলো, নতুন বছৰটোত মিতিৰ চিতিৰ ফুৰা বাদ!

 ঘৰতে থাকিম। নিজৰ ডিউটি কৰিম। এইবোৰ মিছামিচি কাৰ্ বাৰ কৰাৰ কোনো দৰকাৰ নাই। অযথা টেনচন!

 কথাবোৰ মনতে পাগুলি পাগুলি আহি আছোঁ আৰু!

 ঠিক, শিলনীজান পাওঁতেই ফোনটো বাজি উঠিল।

 ৰাস্তাৰ কাষত বাইক ৰখাই দিলো।

 দেখিলো, সুনীলৰ ফোন। ইয়াৰ আক’ হ’ল কি!

 যিয়েই হওক, ৰিচিভ কৰিলো আৰু।

 “ঘৈনীয়েৰক পাই আমাক পাহৰিয়েই গ’লি একেবাৰে!

 বদমাচটো ক’ৰবাৰ!

 পিছে, মনত ৰাখিবি, মোৰ লগত এইবোৰ লিলিমাই নচলিব!

 অই, শুন, এক তাৰিখে আহিবি ইয়ালৈকে, নিউ ইয়েৰৰ পাৰ্টি খাম।

 আৰু, তোৰ ওৱাইফক কৈ দিবি, তোক এৰাল দিয়া গৰুৰ দৰে যাতে বান্ধি নাৰাখে, বুজিলি?”

(ৰচনা : জানুৱাৰী, ২০১৫)

[ ৩৮ ]

সংস্কাৰ

 দেউতাক লৈ এটা ডাঙৰ সমস্যাই হয় মাজে মাজে, জানেনে?

 সৰুসুৰা কথাবোৰকে লৈ তেওঁ আপত্তি কৰি থাকে। কাৰোবাৰ কিবাকিবি দোষ এটা পালেই গালি দিয়ে, ডাঙৰ-সৰু চাবলৈ নাই।

 আনকি, ঘৰলৈ কোনোবা আলহী-দুলহী আহিলেও পৰোৱাই নকৰে।

 যাক যি ক’বলৈ মন যায় কৈহে এৰে।

 অসহ্য লাগে মাজে মাজে!

 ঘৰৰ ভিতৰতে কাৰোবাক কিবা এটা ক’লেও ক’লে বাৰু, সেইটো ইমান এটা ডাঙৰ কথা নহয়। কিন্তু, সমস্যাটো হৈছে তেওঁ আগফালে চকী এখন পাৰি বহি ল’ব আৰু বলকি থাকিব।

 ইফালে, তেওঁৰ মাতটোও একেবাৰে ’ৱয়চ অৱ আমেৰিকা’ বুলি মানুহে উপলুঙা কৰা মই নিজ কাণেৰেই শুনিছোঁ। কি মাত!

 তেওঁৰ গালিবোৰ ৰাস্তাৰ মানুহে যে শুনিব, আমাক বেয়া বুলিব, এইবোৰ কথালৈ তেওঁ একেবাৰে পৰোৱাই নকৰে। মূঠতে, সমস্যা, বুইছেনে?

 এবাৰ, আমি এটা বুদ্ধিও কৰিছিলো। মানে, তেওঁ আগফালে বহাটো বন্ধ কৰিবলৈকে বুলি পিছফালে সৰুকৈ পূজাঘৰ এটিকে সজাই দিছিলো।

 নাই, কামত নাহিল। লৰালৰিকৈ পূজা-পাতল সামৰি কৰি আহি আগফালে চকীখন পাৰি বহি ল’ব। বাতৰিকাকতকেইখন উধৰ পৰা মূধলৈকে পঢ়িব আৰু তাৰ পিছত, ৰাস্তাৰে যোৱা কাৰোবাক দেখিলেই হ’ল আৰু, চিধা চিঞৰ ধৰিব, “অ’! সেইটো হীৰেণ নহয়নে? চাওঁ, এইফালে আহচোন!”

 সিয়ো চাগে কিবাকিবি কামত ওলাই যায়। আহিবলৈ টান পায়।

 “আহিছোঁ বৰ্তা, এক মিনিট ৰ’ব!”- বুলি সি পলায়।

 নহ’লে, তাৰ কি গতি হ’ব সিতো নজনা নহয়।

 এই কথাবোৰত আমি মানে লাজ পাওঁ, বিশ্বাস কৰক!

 দেউতাক এনেবোৰ কৰিবলৈ মানা কৰোঁ, কিন্তু তেওঁ নুশুনে।

 উপায় নোহোৱা হয়।

 এনেও, ‘ৰিটায়াৰ’ হোৱা মানুহ। আমনিও পায় চাগে। কথা পাতিবলৈ [ ৩৯ ] লগ এটা বিচাৰে। গতিকে, যাকে পায় তাকে মাতে। চিনিও পায় যে সবকে!

 কিন্তু, তেওঁৰ সেই পুৰণি দিনৰ কথাবোৰ শুনি থাকিবলৈ কাৰ ক’ত সময় আছে? কাৰ কি গৰজ পৰিছে?

 মই সৰু হৈ থাকোঁতে, দেউতাই মোকো বৰ শাস্তি দিছিল, জানেনে?

 মানে, পূৰণৰ মাজু নেওঁতাখনৰতো কথাই নাই, বৰ নেওঁতাখনো মুখস্থ কৰিবলৈ লগাই দিছিল। ইংৰাজী অভিধানৰ পৰা প্ৰতিদিনে কমেও দহটাকৈ নতুন শব্দৰ অৰ্থ শিকি লৈ বাহিৰাবহী এখনত লিখি লিখি মুখস্থ কৰিবলৈও লগাই দিছিল। দীঘল দীঘল কবিতা কিছুমান মুখস্থ কৰিবলৈ লগাই দিও মোৰ ধৈৰ্য্য- পৰীক্ষা কৰিছিল।

 তেতিয়া মোৰ যে কিমান খং উঠিছিল!

 কিন্তু, মনত যিয়েই ভাবো লাগিলে প্ৰকাশ কৰিবলৈ সাহস নাছিল।

 স্কুল-পণ্ডিত দেউতাৰ হাত ল’ৰা পিতোতে পিতোতে পকা হৈ আছিল।

 তেওঁ আছিল ‘চেকনীৰ আগত বিদ্যা!’ দৰ্শনত বিশ্বাসী মানুহ।

 তেওঁৰ সেই দৰ্শনৰ আগত অন্য মানুহৰ অন্যবোৰ দৰ্শন পলাই ফাট্ মাৰিছিল। মই কোন কুটা?

 গতিকে, ইচ্ছা নাথাকিলেও, তেওঁৰ পিতনৰ ভয়তে সেইবোৰ মুখস্থ কৰি কৰি মৰিছিলো।

 তেখেতৰ সমানে সমানে স্কুলৰ আন শিক্ষক কেইজনো কম নাছিল।

 সামান্য ভুল একোটা দেখিলেই চিধাই চেটেপ্ চেটেপ্ লগাইয়েই দিছিল। গোটেই শ্ৰেণীটোত প্ৰথমে এপিতন দি লোৱাৰ পিছতহে শিকাই দিছিল, ভুলটো শুধৰাই দিছিল। তেতিয়াহে হেনো কথাবোৰ ছাত্ৰৰ মনত থাকে।

 তথাকথিত সোণালী শৈশৱৰ সেই কথাবোৰ মনত পৰিলে এতিয়াও হাত দুখন ফৰফৰাবলৈ ধৰে, পিঠিখনো চেকচেকাবলৈ ধৰে।

 খঙো উঠে, হাঁহিও উঠে, জানেনে?

 এতিয়া পিছে, এইবোৰ অসুবিধা নাই। দৰকাৰী কথাবোৰ লেপটপটোত ল’ড কৰি লৈছোঁ। অসমীয়া, ইংৰাজী অভিধান দুখনো ল’ড কৰি ৰাখিছোঁ।

 প্ৰয়োজনত, ম’বাইল ফোনটো উলিয়াই লৈ যোগ-বিয়োগ, পূৰণ-হৰণবোৰ সহজে কৰি লওঁ। এতিয়াহে, অকণমান শান্তি পাইছোঁ, বুইছেনে?

 আজিকালিৰ ল’ৰা-ছোৱালীবোৰো দেখিছোঁ এই ফুটতে উঠিছে।

 সৰু সুৰা যোগ-বিয়োগ একোটা কৰিবলগীয়া হ’লেও চিধাই ম’বাইল ফোনটো উলিয়ায়। সৰুসুৰা তথ্য একোটা লগা হ’লেও চিধাই নেট অন কৰে, [ ৪০ ] গুগুল চাৰ্চ কৰে। শিক্ষকক একো নোসোধেই। শিক্ষকৰ ওচৰলৈ নাযায়েই।

 আকৌ, প্ৰথম ম’বাইল ফোনটো কিনোতে তাৰ ফাংচনবোৰৰ বিষয়ে মুকুতাইহে মোক শিকাই দিছিল।

 আগতে, তাক দেখিলে নেদেখাৰ ভাও জুৰি আঁতৰি দিওঁ যদিও সেইদিনাৰ পৰা তাক দেখিলে আগতেই মাত এষাৰ লগাবলৈ ল’লো।

 লেপটপটো অনাৰ পিছত অৱশ্যে কথাবোৰ বেলেগ হ’ল।

 এইবাৰ আহিল হীৰা। মুকুতাৰ পিছত হীৰা! বঢ়িয়া কম্বিনেশ্বন!

 লাহেলাহে দেখিলো, মুকুতা নিজে নিজেই আঁতৰিবলৈ ল’লে।

 হীৰাহে বুকুৰ কুটুম্ব হ’বলৈ ল’লে।

 তাৰ কথামতেই এদিন ’ৰামধেনু চফ্ট ওৱেৰটো’ও আনি ল’লো।

 ডি-টি-পিও শিকিলো। ইটো সিটো টাইপ কৰিবলৈ শিকিলো।

 প্ৰিন্টাৰ এটাও আনি ল’লো।

 তাৰ পিছত আৰু লাগি থাকোঁ, খট্ খট্ খট্‌!

 আখৰবোৰৰো কিমান যে ধৰণ-কৰণ! কিমান যে ৰূপ-ৰং!

 ইটো টাইপ কৰোঁ, প্ৰিন্ট কৰোঁ। সিটো টাইপ কৰোঁ, প্ৰিন্ট কৰোঁ।

 হাতেৰে কিবা কিবি লিখাৰ অভ্যাস এৰিলোৱেই আৰু!

 পিছে, সিদিনা এঠাইত, এটা কথাত, আকস্মিকভাৱে দৰ্খাস্ত এখন লিখিবলগীয়া হ’ল। উৱা! কি ভূত লাগিল আক’ মোৰ হাতখনত! আখৰৰ দেখোন শ্ৰীচেহেৰাই নাইকিয়া হ’ল! এনেকৈ হ’লে দেখোন ফলং মৰণং!

 সঁচা কথা ক’বলৈ হ’লে, সেইদিনা দুখ-বেজাৰত মোৰ চকুপানীৱেই ওলাই গ’ল। কিমান যত্ন কৰি, আঙুলিত পিতি পিতি দেউতাই আখৰ লিখিবলৈ শিকাইছিল! এতিয়া দেখিছোঁ, অনাভ্যাসে হতঃ বিদ্যাহে হ’ল।

 ঘৰলৈ আহি আকৌ লাগি গ’লো হাতেৰে লিখিবলৈ।

 এসপ্তাহমান পুৰা লাগি থাকিলো।

 পিছে, এদিন অনুভৱ কৰিলো, মোৰ টাইপিঙৰ স্পীড কমি গৈছে।

 গতিকে, আকৌ ধৰিলো কী-বৰ্ডত!

 দেউতাই মাজে মাজে চিঞৰে, “হেৰ’! সেইডালনো কি খট্ খটাই থাক? শুনি বিৰক্তিহে লাগে। বন্ধ কৰ সেইডাল!”

 মায়েও কয়, “দেউতাৰৰ হাতৰ আখৰ দেখিছনে? কি মুকুতাৰ দৰে!

 সৰুতে তোৰো হাতৰ আখৰ ধুনীয়াই আছিল।

 আজিকালিনো সেইডাল কি আনি লৈছ জানো? [ ৪১ ]  তোকে দেখি বাবামণিটোয়েও আজিকালি দেখিছোঁ লিখা-পঢ়া কৰিবলৈ মনেই নকৰা হৈছে। জানো পাই, এইখন কি কৰিব খুজিছ?”

 বিৰক্তি লাগিছিল, বুইছেনে? নতুন কিবা এটা নিশিকিমেই নেকি আৰু?

 সদায় সদায় একেটা ফৰ্মূলাতে পৃথিৱীখন চলি থাকিব নেকি আৰু?

 পিছে, এদিন দেখিলো, কথা সৰ্বনাশ হৈছে।

 মানে, বাবামণিক পঢ়াবলৈ বহি মোৰ একেবাৰে মূৰ ঘূৰাইয়ে গ’ল।

 তাক ক’লো ৮৫ ৰ পৰা ৪৩ বিয়োগ কৰিবলৈ।

 সি পিছে, কি কৰিলে জানে?

 মোৰ ফোনটো উলিয়াই কেলকুলেটৰটো অন কৰিলে।

 মই বোলো, কি কৰিছ তই?

 “কি কৰিম আক’,কেলকুলেটৰ অন কৰিছোঁ, দেখা নাই?”

 মোৰ মানে একেবাৰে হাঁহিমেই নে কান্দিমেই, এনে লাগিল।

 এনে লাগিল, ফোনটো কাঢ়ি লৈ যেন দলিয়াইহে দিম।

 পিছে তাকনো কি ক’ম?

 আজিকালি দেখোন বজাৰে সমাৰে, দোকানে-পোহাৰে কোনেও মুখে মুখে হিচাপ নকৰেই। চিধাই ম’বাইল ফোনটোহে উলিয়ায়।

 দেউতাই কয়, “সেইবোৰ অংক কৰিবলৈয়ো সেইডাল উলিয়াব লাগেনে? হেৰ’ বৰমইনা, এইবোৰ হিচাপ দেখোন মুখতে ওলায়।

 জানো পায়, তহঁতৰ আজি কালি কি হৈছে?

 দেশখন দেখোন ৰসাতলেই গ’ল!”

 দেশখন য’লৈকে যাওক লাগিলে গৈ থাকক! কিন্তু, এই ম’বাইল ফোনৰ কেলকুলেটৰ নোহোৱাকৈ আজিকালি দেখিছোঁ কোনো চলিব নোৱাৰে।

 যোৱা শিক্ষক দিৱসৰ দিনা পিছে হ’ল কি, জিলা প্ৰশাসনে প্ৰদান কৰা ‘জীৱনজোৰা আদৰ্শ শিক্ষকৰ বঁটা’-টি গ্ৰহণ কৰিবলৈ দেউতা যাব নোৱাৰাৰ বাবে দেউতাৰ হৈ মইয়ে যাবলগীয়া হ’ল। গলো আৰু!

 তাত পিছে, ইতিমধ্যেই, অৱসৰ গ্ৰহণ কৰা জিলা-শিক্ষা বিষয়া এজনে মোৰ পৰিচয় বিচৰাত ক’লো পূৰ্ণকান্ত শৰ্মাৰ ল’ৰা বুলি।

 কথাৰ প্ৰসঙ্গত তেওঁ সুধিলে, “পূৰণৰ বৰনেওঁতখন তোমাৰ মুখস্থ আছেনে বাৰু?”

 মই মানে, অলপ থেৰোগেৰোঁ কৰাত তেওঁ কি ক’লে জানে?

 বোলে, “পূৰণৰ বৰনেওঁতাখনেই যদি তোমাৰ মুখস্থ নাই, তেন্তে তোমাক [ ৪২ ] সেই পূৰ্ণকান্ত শৰ্মাৰ ল’ৰা বুলি মানি লওঁ কেনেকৈ?”

 মোৰ মানে তেতিয়া কেনে অৱস্থা হৈছিল, কি কওঁ, কি শুনিব!

 অৱশ্যে, দেউতাক লৈ গৰ্বত বুকুখন ফুলিও গৈছিল, দিয়কচোন!

 ঘৰলৈ আহি যেতিয়া দেউতাক কথাটো ক’লোহি, তেখেতে মাথোঁ ম্লান হাঁহি এটাহে মাৰিলে।

 জানো, আজিৰ ম’বাইল ফোন, কম্পিউটাৰৰ যুগত দেউতাৰ দৰে মানুহবোৰ অচল টকা হ’ল। অথচ, এনে এটা সময় আছিল যেতিয়া তেওঁৰ দৰে মানুহৰ নেওঁতাখন আৰু সুন্দৰ হাতৰ আখৰখিনিয়েই পৰিচয় আছিল।

 পিছদিনা ৰাতিপুৱা, মই নিজেই বেতৰ চকী-টেবুলযোৰ আগফালৰ চোতাললৈ উলিয়াই খবৰকাগজকেইখনমান থৈ আহিলো।

 মাক ক’লো দেউতাক ভাল পাঞ্জাৱী চোলা এটা উলিয়াই দিবলৈ, যাতে ৰাস্তাৰ মানুহে দেখে, মন কৰে।

 ওচৰতে ৰেডিঅ’ টোও থৈ দিলো, যাতে তেওঁ আঞ্চলিক বাতৰিটো মন দি শুনিব পাৰে।

 তাৰ পিছত, টি.ৱি.চাই থকাৰ পৰা বাবামণিক কাণত ধৰি টানি আনি পঢ়াৰ টেবুলত বহুৱাই দি এক প্ৰকাৰ গৰ্জিয়েই উঠিলো, বোলো এইখিনি ভালকৈ পঢ়ি মুখস্থ কৰ! মই অলপ পিছত মুখস্থ ল’মহি।

 কোনো কাৰণতে আগফালে নোলাবি, বুজিলি?

(ৰচনা কাল : ৫ চেপ্তেম্বৰ, ২০১৪)

[ ৪৩ ]

ৰাজযোগ

 ট্ৰেফিক জামৰ পৰা অলপ পৰিত্ৰাণ পায়েই ড্ৰাইভাৰজনে এক্সেলেটৰ- ডাল দবাই দিলে। এটা সকাহ অনুভৱ কৰিলো। ট্ৰেইনখন পাবগৈ লাগে।

 ষ্টেণ্ডত গাড়ীখন ৰোৱাৰ লগে লগেই জপিয়াই নমাদি নামিলোহি।

 যিমান পাৰি খৰ খোজেৰে টিকেট কাউন্টাৰলৈ বুলি আগবাঢ়িলো।

 ফোনটো বাজি উঠিল। তালৈ ধ্যানেই নিদিলো। ৰ’বলৈ সময় নাই।

 দেখিলো, মোৰ সমুখত তিনিজন ভদ্ৰলোক!!

 ফোনটো আকৌ বাজিল। কোনেনো ফোন কৰি আছে জানো!

 অ’.... ভণ্টীৰ ফোন! কি বা কথা! ৰিচিভ কৰিলো আৰু!

 “দাদা! তই আজি ঘৰলৈ এপাক আহিব পাৰিবি নেকি বাৰু?

 মাৰ গাটো একেবাৰে ভাল নহয়।

 ই কানুৰতো এইবোৰলৈ কাণসাৰেই নাই।

 ইপিনে, মোৰ হাতত পইচা-পাতি এটাও নাই৷ পাৰিলে..”

 “চাওঁচোন বাৰু, ৰহঃ”-বুলি ফোনটো অফ্ কৰি দিলো।

 টিকেট ক্লাৰ্কজনো বৰ মেনা! ইফালে গৈ আছে সময়। উপায় নাই।

 ট্ৰেইনখন যেন এই এৰিব, এই এৰিব!

 উত্তেজনাত ঘামি গৈছোঁ। এটা সময়ত টিকেটটো লৈয়েই ঢপলিয়াইছোঁ অভাৰ-ব্ৰীজৰ ওপৰেদি।

 ইমান ভিৰ! তাতে, পিঠিৰ বেগটোত অফিচটোৰ যতমানে সমস্যাৰ এটা ভঁৰাল! ’বছ’ক খালি ’ৰিজাল্ট’ হে লাগে, ৰিজাল্ট! ন এক্সপ্লেনেশ্বন!

 ইফালে, লাউডস্পিকাৰত ঘোষণা হৈয়েই আছে, ক্ষন্তেক সময়ৰ পিছতে ট্ৰেইনখনে প্লেইটফৰ্ম এৰিব। ট্ৰেইন মিচ্ কৰিব লগিলে মৰিলো আৰু!

 ফোনটো আকৌ বাজি উঠিল।

 বাদ দিয়া! যিমান বাজে বাজি থাকক!

 অভাৰ-ব্ৰীজৰ পৰা নামিয়েই সমুখতে পোৱা দবাটোতে জপিয়াই উঠিলো। মানে, এইবাৰলৈ বাচিলো আৰু যেনেতেনে।

 এতিয়া, চিট এটা পালে আৰু চিন্তা নাই! [ ৪৪ ]  ফোনটো আকৌ বাজিল। নাই ধৰা। সময় নাই। ইচ্ছাও নাই।

 তিনিটা কম্পাৰ্টমেন্ট পাৰ হ’লো। কোনো চিট খালী হৈ থকা নাই।

 চাৰিওফালে কেৱল দহটা ভাষাত কৰা হাল্লা-গোল্লা, মিচলচানা আৰু ভজাবুটৰ গোন্ধ! তাৰ মাজেমাজে আকৌ ভিক্ষাৰীৰ পৰা আদিকৰি হিজৰালৈকে নাথাকিবলগীয়া আপদ নাই। অসহ্য কাৰবাৰ!

 শেষত, এটা কম্পাৰ্টমেন্টত চিট এটা খালী হৈ থকা যেন দেখা পাই কাকো একো সোধাসুধি নকৰাকৈ বহিয়েই দিলো আৰু! উসঃ ৰক্ষা!

 “তই মোক শান্তিত থাকিবলৈ নিদিবিয়েই নেকি অ...”

 হঠাৎ, উচুপি উঠা এক নাৰীকণ্ঠত উচপ খাই মূৰটো ঘুৰাই চালো।

 ৰক্ষা! মোৰ মানুহজনী নহয়, বেলেগহে।

 সুন্দৰ কেশ-বিন্যাস আৰু উজ্বল প্ৰসাধনেৰে সজ্জিত এক আধুনিকাহে।

 হাতত এটা স্মাৰ্ট ম’বাইল ফোন!

 হে’ডফোনটো কাণতে লগাই লৈ কঁপা কঁপা মাতেৰে উচুপি উঠিছে।

 মাজেমাজে, ৰুমালখনেৰে চকুলোও মহাৰিছে।

 এইহেন ৰূপহীকো শান্তিত থাকিবলৈ কোনেনো দিয়া নাই বাৰু!

 কাৰ গাতনো কি তেল লাগিছে, হয়?

 বাৰু, সেইবোৰ কথা যিয়েই নহওক, এইৰ কাৰবাৰটো বা কি!

 দেখাততো বিবাহিত যেনো লগা নাই।

 এহঃ বাদ দিয়া! কি দৰকাৰ পৰিছে মোৰ তাই কি, ক’ত, কিয় বিখ্যাত চিন্তা কৰি মৰিবলৈ! এনেও, পথে নাৰী বিবৰ্জিতা!

 “তই মোক একেবাৰে শেষ কৰি দিলি।

 মইয়ো তোক এৰি নিদিওঁ, চাবি! তোক মই....’’

 নিৰ্যাতিতাৰ কঁপা কঁপা মাতৰ কথাবোৰ টুকুৰা টুকুৰিকৈ উফৰি আহি মোৰ কৰ্ণকুহৰত আঘাত কৰি থাকিলহি। শুনি পিছে একেবাৰে ভাল নালাগিল।

 বহুত কথা চিন্তা কৰি, সেই ৰূপহীগৰাকীৰ পৰা যিমান পাৰি আঁতৰি বহিবলৈ চেষ্টা কৰিলো। বাটৰ কচু গাত নঘঁহাটোৱেই মঙ্গল।

 ফোনটো আকৌ বাজিল। উলিয়াই চালো। অ’..মনজিৎ দেখোন!

 ৰিচিভ কৰিলো আৰু! বোলো, ক দোষ্ট, কি খবৰ?

 “নাই দোষ্ট, তই ক’ত আছ বাৰু? অলপ প্ৰব্লেম এটা হৈছে।

 তই মোক পাঁচ এটা দিব পাৰিবিনেকি বাৰু?

 অহা সপ্তাহত দি আছে। মোৰ মানে....” [ ৪৫ ]  তাক চিধাই ‘নাই’ বুলি কৈ দিবও নোৱাৰোঁ। কেতিয়াবা মইয়ো তাৰ পৰা ধাৰে লওঁ। কিন্তু, এতিয়া যে মোৰ নিজৰে পকেট প্ৰায় খালী!

 তাতে মাৰো গাটো বেয়া বোলে। ভণ্টীকো কিবা এটা দিব লাগে।

 কি যে কৰোঁ! কি যে কওঁ!

 সেয়েহে বোলো, মই এতিয়া ডিউটিলৈ আহি আছোঁ।

 কি কৰিব পাৰো, চাওঁচোন বাৰু, ৰহঃ

 আচলতে, চাবলৈ আছেনো কিটো বাৰু!

 খুউব বেছি, মইয়ে কাৰোবাৰ পৰা পাঁচ এটা ধাৰলৈ বিচাৰিব লাগিব।

 কাৰপৰানো বিচাৰোঁ?

 “যোৱাচোন বোপা অলপ সিফালে! মইয়ো বহি লওঁ।”

 এজন বৃদ্ধলোক আহি চিট এটা বিচাৰিলে।

 মই দেখিলো, সেই ৰূপহীগৰাকীক লাহেকৈ ঠেলা এটা মাৰি দিলে বৃদ্ধজনলৈয়ো চিট এটা সুন্দৰকৈ ওলাব। কি কৰোঁ? ৰিস্কটো লওঁ জানো?

 অগত্যা, সেই ৰূপহী আৰু মোৰ মাজতে তেওঁৰ বাবে ঠাই অকণ উলিয়াই দি নিজকে নিৰাপদ অনুভৱ কৰিলো।

 এটা সময়ত ট্ৰেইনখন চলিল।

 সেই নিৰ্য্যাতিতা ৰূপহী, বৃদ্ধ ভদ্ৰলোক, বাঙ্গালী পৰিয়াল দুটা, বিহাৰী ডেকাল’ৰা দুটা, ভিক্ষাৰী,হ’কাৰ, হিজ্ ৰা, ভজাবুট আৰু মিচলচানাৰ অসহ্য গোন্ধৰ মাজতে হেঁচা-টেপা খাই সোমাই থাকিলো।

 মন কৰিলো, এটা সময়ত ৰূপহীগৰাকী শান্ত হ’ল।

 হে’ডফোনটো কাণত লগাই লৈ চকু মুদি তাই বহি থাকিল।

 নিশ্চয়, গান শুনি শুনি কিছুমান কথা পাহৰিবলৈ তাই চেষ্টা কৰিছে।

 হঠাৎ, মোৰ কিন্তু এনে লাগিল, সেইজনী যেন আমাৰ বুবুলী!

 একেই দেহৰ গঠন, একেই সাজ-সজ্জা, একেই ভাব-ভঙ্গী!

 ‘মক্বুল ভাল ল’ৰা। সি মোক মৰম কৰে। মইয়ো তাক ভাল পাওঁ। মই তাৰ লগতে আহিছোঁ। মোক বিচাৰি নাহিবি!’ - বুলি কাগজ এখিলাতে লিখি তাইৰ পঢ়া টেবুলতে থৈ আমাৰ বুবুলী এদিন মক্বুলৰ লগত পলাইছিল।

 কোন এই মক্বুল? তাই তাক লগ পালে কেনেকৈ?

 ভাগিনটোৰ ফোন পায়েই মই ঢপলিয়াই গ’লো।

 দেখিলো, ঘৰখনত হাহাকাৰ পৰিস্থিতি!

 কন্দা-কটা, গালি-গালাজ, দম-ভাবুকি! [ ৪৬ ]  পাৰিলে যেন দুইটাকে ধৰি আনি তেতিয়াই ফাঁচি দিব!

 বাইদেউৰ পেটলৈতো ভাত নোযোৱা অৱস্থা।

 কেৱল, কন্দা, কন্দা আৰু কন্দা! এই কান্দোনৰ যেন শেষ নাই।

 মই ভাবিলো, জীয়েকৰ দুখ কষ্ট হ’ব বুলি আশংকা কৰি তাই কান্দিছে।

 সান্তনাৰ ভাব-ভাষা বিচাৰি মইতো হাইৰান। কি কৰোঁ! কি কওঁ!

 কিন্তু ই কি? তাই এইবোৰ কয় কি?

 “মানুহে এতিয়া মাক চাই জীয়েক বুলিহে নক’বনে?

 এইখন হোৱাতকৈ তাই মৰি থকাহ’লেই ভাল আছিল।”

 এইবোৰনো মাকৰ ভাষানে? মাক এজনীনো ইমান স্বাৰ্থপৰ হয়নে?

 মই আৰু তাইৰ চকুলৈকে নাচালো।

 কি চাম? ভালেই নালাগিল।

 শেষত আৰু, ’যাৰ যি হয়, হৈ থাকক’ বুলি ভাবি গুচি আহিলো।

 কেইদিনমানৰ পিছত খবৰ পালো, সেই মকবুলৰ ওচৰৰপৰাই পলাই আহি তাই মাকৰ ঘৰ ওলাইছিলহি। সি হেনো তাইক অকথ্য নিৰ্য্যাতন কৰে।

 এইবাৰ, মাক-জীয়েকৰ ডিঙিত ধৰাধৰিকৈ কন্দা-কটাৰ পাল!

 কথাটো কেনেবাকৈ গম পাই ভাগিনটো ঘৰ ওলালহি আৰু জেওৰা খুটি উভালি লৈ ভনীয়েকৰ গাত চিধাই লগাই দিলে সাৰৌপ সাৰৌপ কোব!

 লগে লগেই তাইৰ তৰানৰা চিঙি তাৰপৰা পলায়ন!

 এটা অধ্যায়ৰ যৱনিকা পৰিল।

 মানে, ‘বুবুলী কাণ্ড’ৰ অন্তই পৰিল।

 বাইদেৱে হেনো তিনিদিনলৈ ভাত-পানী মুখতে নিদিলে।

 তাৰ পিছত আৰু এই ডাক্তৰ মাতা, দৰৱ আনা, চেলাইন দিয়া!

 মুঠতে, হাহাকাৰ কাণ্ড!

 ভাল নালাগিল বুইছেনে? মই খবৰ ল’বলৈকে বাদ দিলো আৰু!

 এই ৰূপহীও কিজানি আমাৰ বুবুলীৰ দৰেই...

 মাজতে, আঁৰ চকুৰে এবাৰ ৰূপহীগৰাকীৰ ফালে চালো।

 বিশ্বাস কৰক, বেচেৰীজনীলৈ বেয়াই লাগিল।

 কাৰ পৰা কি বিচাৰি গৈছিলিনো? পালি জানো?

 কাৰোবাৰ পৰা কিবা এটা পাবৰ বাবে কিবা এটা যে দিবও লাগে, ক’ব নোৱাৰ! মূল্য নভৰাকৈ এই পৃথিৱীত কোনে কি পায়?

 এদিন নিশ্চয় তাৰ ওচৰলৈ যাবলৈকে উদ্বাউল হৈ উঠিছিলি। [ ৪৭ ]  ঘৰ-পৰিয়াল সকলোকে এৰি তাৰ ওচৰলৈ ঢপলিয়াই গৈছিলি।

 কিন্তু, আজি?

 আজি পলাইছ! পলাইছতো পলাইছই, লগতে সেই বেটাক এক শিক্ষা দি যোৱাৰো হুংকাৰ দিছ!

 মানে, তহঁতৰ প্ৰেম উৰি গ’ল। সাতজনমৰ বান্ধোন চিগি গ’ল!

 তাৰ ঠাইত বাহ ল’লেহি প্ৰচণ্ড ঘৃণাই। কি নাটকীয় বৈপৰিত্য!

 সঁচায়ে, দুনিয়াখনৰ যে কি কাৰবাৰ! কোনে, ক’ত, কাক ভাল পায়, বেয়া পায়, মৰম কৰে, হিংসা কৰে একো ঠিক নাই।

 এইবোৰৰ কোনো নিয়ম নাই। সব বিশৃংখল!

 কোনো পৰিস্থিতিতে একো এটা সিদ্ধান্ত দিবই নোৱাৰি।

 সিদিনা, আমাৰ লগৰে এটাই তাৰ দদায়েকৰ ওচৰলৈ গৈ নিজৰ সমস্যা অলপৰ কথা বেকত কৰি এক সু-পৰামৰ্শ বিচাৰিলে। দদায়েকে অলপ পৰ চিন্তা কৰাৰ দৰে কৰি ক’লে, “চা! তই নিজে যি ভাল দেখ, তাকে কৰ!”

 উভতি আহোঁতে সি খঙতে ভোৰভোৰাই উঠিল।

 সি নিজে ভাল দেখাটোয়েই যদি কৰিব লাগে, তেন্তে এঘণ্টা ধৰি তাৰ দদায়েকক সমস্যাটো বুজাই থাকি তাৰ কিটো লাভ হ’ল?

 তাকে নকৰিলেও কাইলৈ তেওঁ ক’ব বোলে সি ডাঙৰৰ লগত কোনো কথাই আলোচনা নকৰে। অথচ, আলোচনা কৰিলেও তেওঁলোকে সমাধান এটা দিবও নোৱাৰে। এনেকুৱা হ’লে কি লাভ?

 কিন্তু, এই ব্যক্তিগত কথাবোৰত আনে ক’বই বা কি?

 ফোনটো আকৌ বাজিল।

 বাপাৰ ফোন। সি নিশ্চয় তাৰ পইচাটো বিচাৰিব। কি কৰোঁ?

 তাৰ গাতো দোষ দিব নোৱাৰি। যোৱা সপ্তাহতে ঘূৰাই দিম বুলি কৈছিলো। হিচাপেই নিমিলিল দেখোন। তাতে, কাপোৰযোৰো লোৱা হ’ল।

 নাই নধৰোঁ।

 নহয়, নধৰিলে কথাটো বেয়া হ’ব। বিশ্বাস ভাগি যাব। আগলৈ,..

 সেয়েহে বোলো, বেয়া নাপাবি দোষ্ট! মই কাইলৈ চেষ্টা এটা..

 এবাৰ মন কৰিলো, ট্ৰেইনখন পূৰ্ণগতিত আহি আছে।

 লগতে, চলি আছে বিভিন্ন প্ৰকাৰৰ হট্টগোলবোৰ!

 তাৰ লগতে সমানে ফেৰ মাৰিছে ভজাবুট আৰু মিচলচানাৰ অদ্ভুত গোন্ধটোৱে আৰু হিজৰাহঁতৰ বিশেষ তালৰ হাততালিৰ শব্দই। [ ৪৮ ]  বিৰক্তিকৰ! অসহ্য!

 “বুইছা, ডেকাল’ৰা! হিজৰা অকল ইহঁতেই নহয়, গোটেই দেশখনেই হিজৰাৰে ভৰি পৰিছে। নহ’লে, সেই ঢোল কোবোৱা দেশপ্ৰেমিকসোপাই দেশখন এনেকৈ লুটিপুটি খাব নোৱাৰিলেহেঁতেন নহয়, নে কি কোৱা!”

 মই দেখিলো, বৃদ্ধলোকজনৰ চাৱনিত খং আৰু ক্ষোভ ফুটি উঠিছে।

 “আচলতে, নিজে একো এটা নকৰি আনৰ মূৰত কঁঠাল ভাঙি খাবলৈ বিচৰাবোৰেই হিজৰা। কিন্তু দেখিবা, শালেই শিঙিক হাঁহে। খঙেই উঠে, বুইছা!

 কিন্তু, কৰিবানো কি? উলংগ দেশতনো কাম কি ধোবাৰ?”

 মই তেওঁৰ কথাত ’হয়’, ‘নহয়’ একোৱেই নামাতিলো!

 মাথোঁ, মূৰ দুপিয়াই শুনি থাকিলো। ক’ৰ বা মানুহ! কি বা কথা!

 “কি জানা, ডেকাল’ৰা! মই এতিয়া জোৱাইৰ ঘৰৰ পৰা আহিলো।

 কথা এটাত খঙেই উঠি আছে, বুইছা?

 মানে, জোৱাইটোৰ কাম নাই। যিকেইটা পইচা উপাৰ্জন কৰে, মদ খাওঁতেই শেষ কৰে। তাৰ পিছত আৰু জানাই নহয়, ঘৰ চলাবলৈ তাৰ হাতত পইচা এটাও নাথাকে। ছোৱালীজনীক দম-ভাবুকি দিয়ে, মাৰ-পিতো কৰে।

 তাই কান্দি-কাটি মাকলৈ ফোন কৰি পইচা বিচাৰে।

 সিদিনা যেনিবা, নাতি পোৱালীটো কোলাতে লৈ তাই মোৰ ঘৰলৈকে গুচি আহিল।

 তাৰ পিছত যেনিবা কথাবোৰ ঠিকেই চলি আছিল। কিন্তু, এইবাৰ যে এই ‘এন-আৰ-চি’ৰ কথাটো ওলাল, তাতেই কেণাটো লাগিল।

 মানে, নাতিটোৰ বাবে তাৰ বাপেকৰ লিগেচি ডাটা লগা হ’ল।

 বাধ্য হৈ তাই আৰু নাতিটোক লৈ তাৰ ওচৰলৈ গ’লো।

 পিছে, তাৰ কথা কি শুনিবা!

 উপায় নাপাই, ছোৱালীজনীক তাৰ হাততে গতাই উভতি আহিছোঁ।

 পিছত, কি হয়গৈ ক’ব নোৱাৰোঁ।

 এনেয়ো মই প্ৰেছাৰ থকা মানুহ। ভাবিছিলো, ছোৱালীজনী দি ল’ব পাৰিলে শান্তিৰে চকু মুদিব পাৰিম। পিছে, তাইক বিয়া দিয়াৰ পিছত মোৰ প্ৰেছাৰটো বাঢ়িলহে। মোৰ মানে শান্তি নহ’ল, বুইছানে?”

 সঁচায়ে, মানুহবোৰৰ কিবোৰ যে সমস্যা!

 ট্ৰেইনখনত যিমানবোৰ মানুহ আহিছে, প্ৰত্যেকৰে কিবা নহয় কিবা এটা সমস্যা আছেই। নহলে, সিহঁত প্ৰত্যেকেই নিজেই একোটা সমস্যা! [ ৪৯ ]  এই বুঢ়াই যেনিবা ভলভলীয়াকৈ কথাবোৰ কৈ গৈছে, আনে যেনিবা নকয়, মনেমনে থাকে। পাৰ্থক্য সিমানেই।

 মোৰ চেলটোৰ ৰিংট’নটো আকৌ বাজি উঠিল।

 ’বছ’- ৰ ফোন! ৰিচিভ কৰিবই লাগিব।

 “কামটো হ’ল নহয়?”

 “ছৰি ছাৰ, মানে ছাৰ, মই ট্ৰাই কৰি আছোঁ ছাৰ।”

 “ন’ ন..মোক আজিয়েই ৰিজাল্ট লাগে, আজিয়েই। বুজিলা?”

 এইয়াই প্ৰাইভেট কোম্পানীৰ চাকৰি! হাঃ বোলেতো নৌক্ ৰি, নাঃ বোলেতো ঘৰ! ইয়াত, তৃতীয় বিকল্প পথ বুলিবলৈ একো নাই।

 ফোনটো পকেটত ভৰাই হাতখন উলিয়াবলৈ পোৱাই নাই, ৰিংট’নটো আকৌ বাজিলেই নহয়! অগত্যা, ফোনটো আকৌ উলিয়াই আনিলো।

 দেখিলো, ডিচপ্লে’ত মানুহজনীৰ নামটো ট টকৈ জিলিকি উঠিছে।

 এইমাত্ৰ কোৱাৰ্টাৰৰ পৰা আহিছোঁহে! কি হ’ল আক’ এওঁৰ?

 “তুমি মোক শান্তিত থাকিবলৈ নিদিবাই নেকি হে’?

 ঘৰখনত কি আছে, কি নাই তাৰ খবৰ নাই!

 মই মানুহজনীয়ে কি খাইছোঁ, কি বইছোঁ তাৰ চিন্তা নাই!

 খালি, ডিউটিৰ বাহানা দেখুৱাই পুৱাতেই ওলাই যোৱা।

 ইফালে, ঘৰো পালাহি এইটোহে!

 দাগধী মালিকনীজনীৰ যিহে খোচ্মৰা খোচ্মৰা কথা!

 নাথাকোঁ আৰু মই তোমাৰ লগত। মই এতিয়াই মাৰ ঘৰলৈ...”

 এই কি সঁচাকৈয়ে মাকৰ ঘৰলৈ গুচি যাবগৈ নেকি?

 তালৈ গৈ যদি মোৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্য্যাতনৰ অভিযোগ দি থানাত কে’চ এটা তৰি দিয়েগৈ!

 তাই যি ক’ব, সবে আক’ সেইটোহে মানি ল’ব।

 মোৰ কথা শুনিব কোনে?

 জানো, এইক বুজাবলৈ গৈয়ো লাভ নাই। নুবুজে।

 মহা বিপদ! কি যে কৰোঁ?

 অগত্যা, ফোনটো অফ্ নকৰাকৈয়ে পেণ্টৰ পকেটত ভৰাই থৈ দিলো।

 তাতে যি বাজে বাজি থাকক! যি কয়, কৈ থাকক!

 কিমান দেৰিনো বলকিব! এটা সময়ত ভাগৰ লাগিলে নিজেই অফ্ কৰি দিব। নহ’লে, ’টক্ টাইম’ শেষ হলেতো নিজে নিজেই ফোনটো অফ্ হৈ যাব। গতিকে, থাকক যিমান দেৰি বলকি থাকে! মই একো কৰিবলৈ নাই। [ ৫০ ]  কোন সময়ত ট্ৰেইন আহি ষ্টেচন পালেহি টলকিবই নোৱাৰিলো।

 হঠাৎ, বৃদ্ধজনৰ মাতত সম্বিত ঘূৰি আহিল।

 পিঠিত বেগটো লৈ ভিৰ ঠেলি ঠেলি আগবাঢ়িলো।

 দুৱাৰমুখৰপৰা জাপ মাৰি নমাদি নামিলো।

 প্লেইটফৰ্মত যথেষ্ট ভিৰ! ভিৰৰ মাজে মাজেই ওলাই গ’লো।

 দেখিলো, বতৰটো ফৰকাল! মোৰ মনটোও ফৰকাল লাগিল।

 কাণত পৰিল, টাউন কমিটিৰ মাইকত আঞ্চলিক বাতৰি চলি আছে।

 সেইয়া, দেশখনৰ চাৰিওফালে মাথোঁ সমস্যাই সমস্যা!

 পিণ্ডৰাৰ বাকচৰপৰা ওলোৱাৰ দৰে সমস্যাবোৰ ওলায়েই আছে।

 দেশৰ চৰকাৰেও দেখোন সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে!

 সকলোৰে সমস্যাবোৰৰ সমাধান কৰি দিবলৈ তেন্তে মইনো কোন?

 থাকক পৃথিৱীখন যেনেকৈ আছে! মইয়ো থাকোঁ মোৰমতেই!

 হঠাৎ এনে লাগিল, মইয়েই যেন এই পৃথিৱীৰ ৰজা।

 মই যি কওঁ, যি বিচাৰোঁ, সেয়ে হয়।

 পৃথিৱীৰ সকলো মানুহ যেন মোৰ বাবে কাম কৰিবলৈয়েই ৰৈ আছে।

 ইয়াৰ প্ৰতিটো ঘৰ মই থাকিবৰ বাবেই যেন সজোৱা হৈছে।

 ইয়াৰ প্ৰতিটো খাদ্য-সম্ভাৰ মোৰ বাবেই যেন প্ৰস্তুত কৰা হৈছে।

 মই নোখোৱাখিনিহে আনে খাবলৈ পায়!

 ইয়াৰ প্ৰতিটো ৰাস্তা মই যাবৰ বাবেই যেন বনোৱা হৈছে।

 এজন বীৰৰ দৰেই বহল ৰাস্তাটোৰে হলং হলংকৈ খোজ দিলো।

 সঁচায়ে, পৃথিৱীখন সুন্দৰ, সুন্দৰ আৰু অতি সুন্দৰ হৈ পৰিছে!

(ৰচনা :- জুলাই, ২০১৬)

[ ৫১ ]

সান্ধ্যভ্ৰমণ

 পাঁচটামান পৰীক্ষাৰ ৰিপৰ্টখিনিত চকু ফুৰাই চাই ডাক্তৰজনে তলৰ ওঁঠখন সামান্য কামুৰি ধৰিলে।

 বেজবৰুৱাৰ চিন্তা বাঢ়ি গ’ল, কি বা হৈছে।

 “আপোনাৰ বয়স?”

 “পঞ্চাশ মানেই হ’ল আৰু!”

 পেড্ খন টানি লৈ ডাক্তৰে কলম চলাই গ’ল।

 তেওঁ ডাক্তৰৰ মুখৰ অভিব্যক্তি পঢ়ি চাবলৈ চেষ্টা এটা কৰি থাকিল।

 নগৰখনৰ বিখ্যাত ডাক্তৰ তেওঁ। চিকিৎসা-পাতিও ভালেই কৰে বুলি মানুহে কয়। গতিকে, বেজবৰুৱা এওঁৰ ওচৰলৈকে আহিছে। কি বা হয়!

 “এতিয়া, আপোনাক তিনিটা ঔষধ দিছোঁ। কথাখিনি, তলৰ ফাৰ্মাচীত বুজাই দিব। তিনিমাহৰ পিছত এবাৰ ‘চেক আপ’ কৰাবহি!”

 ’ফী’ৰ বাবদ টকা দুশ আগবঢ়াই দি তেওঁ প্ৰেছ্ ক্ৰিপচনখন হাতপাতি ল’লে আৰু চিন্তান্বিত মনেৰে, খটখটিয়েদি নামি আহি তেওঁ চিধাই সোমালহি গ্ৰাউণ্ড ফ্ল’ৰৰ ফাৰ্মাচীখনত।

 “চাওক! সদ্যহতে, ছাৰে আপোনাক তিনিটা ঔযধ দিছে। ইয়াৰে প্ৰথমটো হ’ল, প্ৰতিদিনে কমেও আঠ কিল’মিটাৰমানকৈ মৰ্ণিংওৱাক কৰিব!”

 “হোৱাট?”- বেজবৰুৱা যেন আশ্চৰ্য্যত ফাটিহে পৰিল।

 “হয়। দ্বিতীয়তে, দিনৌ যথেষ্ট পৰিমাণে পৰিষ্কাৰ পানী খাব!”

 “ও?”- বেজবৰুৱাৰ আশ্চৰ্য্যৰ যেন সীমা নাথাকিল।

 “তৃতীয়তে, যিমান পাৰে আনন্দ মনেৰে থাকিব আৰু প্ৰাণখোলাকৈ হাঁহিব! আপোনাৰ সব বেমাৰ ভাল হৈ যাব।”

 ওভতনি যাত্ৰাৰ বাচখনত আহি থাকোতে তেওঁৰ মুখেদি অকস্মাৎ অস্পষ্টভাৱেই যেন ওলাই গ’ল, ডাক্তৰে ঠিকেই কৈছে!

 কিমান দিন প্ৰাণখোলা হাঁহি এটা তেওঁ মাৰি পোৱাই নাই!

 ঘৰততো বাৰু সম্ভৱেই নহয়। দায়িত্ব, চিন্তা। [ ৫২ ]  হঁহাৰ পৰিৱেশ ক’ত?

 তথাপিও, দহটা চিন্তাক একাষৰীয়া কৰি হাঁহি এটা মাৰিবলৈ চেষ্টা এটা কৰিলেই যেনিবা, চিধা আহিব ধাৰাল প্ৰশ্নবান, “কি হল? হাঁহিলে যে!”

 কি হাঁহিবা আৰু!

 ইফালে, ল’ৰা-ছোৱালীকেইটাৰ সমুখত বৰকৈ হাঁহি-মাতি থাকিবলৈ গলেও দিগদাৰ আছে। চল পাব। কথাই নুশুনা হ’ব।

 অফিচতো কামৰ ইমানেই হেঁচা যে হঁহাৰতো কথাই নাই কান্দিবলৈকো আহৰি নাথাকে। তাতে আক, আজিকালি স্থানীয় সংবাদদাতা বোলা শ্ৰেণী এটা ওলাইছে যে, কি খবৰ ক’লৈ পঠিয়াই কিখন কৰি পেলাবগৈ ধৰিবই নোৱাৰি। তেওঁৰ যে ভয়েই লাগে।

 আকৌ, খোজ কঢ়াটোও বাদ পৰাৰ দৰেই হ’লগৈ।

 বাইকখন কিনাৰ পিছৰে পৰাই চাইকেল চলোৱাৰ অভ্যাসটোয়েই তেওঁ এৰি পেলালে। তাৰ পিছততো, আহিল গাড়ীখন!

 শৰীৰ চৰ্চাৰতো অৱকাশেই নোহোৱাৰ দৰে হ’লগৈ।

 গতিকে, যি হ’ব লগা আছিল হৈ গ’ল। মানে, ফেট্ বাঢ়ি গ’ল।

 পেট্ টো বাঢ়ি বাঢ়ি গাটো একেবাৰে মহুৰাটোৰ নিচিনাই হৈছে বুলিব পাৰি। দেখি তেওঁৰ নিজৰে অস্বস্তি লাগে। তাৰ লগতে যোগ হ’বলৈ গৈ আছে বোলে হাই-প্ৰেছাৰ, ডায়েবেটিছ আৰু কত কি!

 এইবোৰ অৱশ্যে দহজনে কোৱা কথাহে। কোনো ডাক্তৰে বাৰু আজিলৈকে কোৱা নাই। তথাপিও, সাৱধানতো হ’বই লাগিব, নহয় জানো?

 এইবাৰ কিন্তু, এই কথাই কথা নহয়। দেহাটোৰ যত্ন ল’ব লাগিব।

 নহ'লে, ৰাজাভাইৰ দৰেহে হ’বগৈ। আগতে যে তাক পেটুৱা বুলি তেওঁ জোকায়, এতিয়া, কোনোবাই তেওঁকো জোকাবলৈ বেছি দিন নালাগিব।

 কাইলৈৰপৰাই মৰ্ণিং ওৱাক আৰম্ভ কৰি দিব লাগিব।

 আৰু, এই নন্-ভেজসোপা খাবলৈকো বাদ দিব লাগিব।

 মানুহজনীয়ে হাল্লা কৰিলেও কৰিব, গুৰুত্ব নিদিলেই হ’ল।

 আক’, ঘৰত যদি হঁহা-মতা কৰিবলৈ অসুবিধা হয়, তেন্তে বাহিৰলৈ ওলাব লাগিব। বন্ধু বান্ধৱ বিচাৰিব লাগিব। নহ’লে যে মৰিব লাগিব খাটাং।

 শোৱাৰ আগতে তেওঁ ম’বাইল ফোনটোত এলাৰ্মটো চেট্ কৰিলে পুৱা চাৰি বজাত। তেতিয়াহে, তেওঁ চাৰে-চাৰিমান বজাত ওলাই যাব পাৰিব।

 নহ’লে আৰু ‘টোপনিৰ চিকুণ পুৱা!’-বুলি কোনোবা ধোদৰ বচনহে [ ৫৩ ] আওঁৰাব লাগিব। বেয়া কথা হ’ব।

 ভবামতেই কাম।

 পুৱা চাৰে চাৰি বজাত তেওঁ গেইটৰ বাহিৰ ওলালেই।

 বাহিৰখন অলপ অলপ আন্ধাৰ আন্ধাৰ যেন হৈ আছিল।

 অৱশ্যে, পূৱ আকাশখন পোহৰ পোহৰ যেন হৈ আহিছিল।

 ফেঁহুজালি দিছিল। চৰাই-চিৰিকটিৰ মাতো শুনিবলৈ পোৱা গৈছিল।

 দূৰৈৰ গছ-বিৰিখবোৰৰ মাজৰপৰাও আন্ধাৰ আন্ধাৰ ভাবটো ক্ৰমে ক্ৰমে আঁতৰি গৈছিল আৰু সেউজীয়া সেউজীয়া ভাবটো আহিছিল।

 পকা ৰাস্তাত উঠিয়েই তেওঁ চিন্তা কৰিলে, কোনটো দিশেৰে যোৱা ভাল হ’ব! পূৱে নে পশ্চিমে?

 বেছি দেৰি চিন্তা কৰি নাথাকি তেওঁ পূৱলৈ যোৱাৰে সিদ্ধান্ত ল’লে।

 যিমানেই যি নহওঁক, মানুহ সদায় পূৱলৈহে যাব লাগে বুলি সেই তাহানিতে তেওঁৰ দেউতাকে কোৱা কথা এষাৰ তেওঁৰ মনলৈ আহিল।

 গতিকে, পিতৃবাক্যকে সাৰোগত কৰি তেওঁ আগবাঢ়িল।

 দত্তহঁতৰ গেইটৰ সমুখতে ৰৈ থকা কুকুৰ এটাই দুবাৰমান ভুকিলে।

 বেজবৰুৱাই লক্ষ্য কৰিলে, কুকুৰটো গেইটৰ মাজেদিয়েই হওক বা ওপৰেদিয়েই হওক পাৰ হৈ আহিব নোৱাৰিব। চিন্তা নাই।

 তেওঁ গহীনত আগবাঢ়িল।

 এঘৰত, টিউৱ-ওৱেল মৰাৰ শব্দ শুনা গ’ল।

 আন এঘৰত, দুৱাৰ খোলাৰ শব্দ শুনা গ’ল।

 আন এঘৰত, কোনো সৰু লৰা নে ছোৱালীক জগোৱা শুনা গ’ল,

 “উঠ্! পঢ়া আৰম্ভ কৰ্!”

 কোনোবা এজনে মুখখনৰ নব্বৈ ডিগ্ৰী কোণ কৰি আমি এটা মৰাৰ শব্দ এটাও শুনা গ’ল, “অস্ স্ স্ আঔ!”

 মানে, মানুহবোৰ উঠিছে।

 “কিহে বেজবৰুৱা? মৰ্ণিং ওৱাক কৰিব?”

 টিনৰ গেইটখন খুলি ওলাই আহিল চন্দন নেওগ।

 হাফ পেন্ট, হাফ চাৰ্ট! একেবাৰে, চাহাবী ঢং!

 ভালেই হ’ল। লগ এটা হ’ল তেওঁৰ।

 কথা পাতি পাতি গৈ থাকিবলৈ ভাল লাগিব।

 নেওগে হেনো আজি প্ৰায় পাঁচ বছৰমান ধৰি মৰ্ণিং ওৱাক কৰি আহিছে, [ ৫৪ ] বতৰ লাগিলে যেনেকুৱাই নহওক।

 এইয়া হেনো তেওঁৰ ‘হাই কমাণ্ড’ৰ নিৰ্দেশ।

 মানে, তেওঁৰ সৰু জীয়েকৰ কথা কৈছে।

 ছেঃ কি খোজ কাঢ়িবা আৰু! ৰাস্তাটো গোটেই ভগা-চিগা!

 তাৰ মাজে মাজে আকৌ, শুই থকা গৰু, গোবৰ, তামোলৰ পিক্, জাবৰ- জোথৰ আৰু কত কি!

 মানে, তৃতীয় বিশ্বৰ দেশ এখনৰ ৰাস্তা-ঘাটৰ এখন সাধাৰণ চিত্ৰ!

 এই আটাইবোৰৰ পৰা নিজকে বচাই বচাই, ঠিক যেন জপিয়াই জপিয়াইহে দুয়ো আগবাঢ়িল।

 তিনি আলিটোত দুয়ো ক্ষন্তেক ৰৈ দিলে।

 কোন ফালে গ’লে ভাল হ’ব বাৰু?

 “এহ্! ব’লক আৰু! সবফালে একেই, লেতেৰা!”

 কোনোবা এজনক খৰ খোজেৰে আহি থকা দেখা গ’ল।

 বেজবৰুৱাই মন কৰিলে, সেই মানুহটোৰো পেট্ টো দৃষ্টিকটুভাৱেই ওলোৱা। দেখি ভাল লগা নাই।

 সমুখৰ পৰা দুজনমানক আহি থকা দেখা গ’ল। একেই, পেটুৱা।

 গাৰ কাষেদিয়েই ডেকা ল’ৰা তিনিটা দুপ দুপাই দৌৰি গ’ল।

 নিশ্চয়, ফৌজীৰ বাবে ইণ্টাৰভিউ দিব।

 নহ’লে, ক’ৰ অলিম্পিকতনো যোগ দিবলৈ যাব এইকেইটা?

 দুগৰাকী মহিলা খৰ খোজেৰে আহি থকা দেখা গ’ল। স্বাস্থ্য সচেতন?

 হ’ব পাৰে। ভালেই হৈছে। এনেকৈ হ’লেও, এজনী দুজনীকৈ মাইকী মানুহবোৰেও মৰ্ণিং ওৱাককে কৰিব লাগে। নহ’লে, অন্য ব্যায়াম বুলিবলৈতো নায়েই। গিৰিয়েকবোৰে ঘৰৰ ভিতৰতে আৰামৰ সুবিধাবোৰ দিওতে দিওতে সববোৰ গেৰেলী গেৰেলী হৈ পৰিছে। দেখি ভাল নালাগে এজনীকো।

 এসঃ কি কথাবোৰনো হঠাৎ মুখৰ পৰা ওলাই যায় জানো!

 নাপায়, নাপায়। পৰস্ত্ৰীৰ বিষয়ে এনেকৈ ভাবিব নাপায়।

 আগে আগে গৈ থকা সুৰেন্দ্ৰ পালক অতিক্ৰম কৰি দুয়ো আগ বাঢ়িল৷

 সৌজন্যতাৰ হাঁহি এটাৰ লগতে ‘গুড মৰ্ণিং! গুড মৰ্ণিং!’

 চৌহানজীক লগ পালে। আকৌ, ‘গুড মৰ্ণিং! গুড মৰ্ণিং!’

 ৰাজাভাই আৰু তাৰ ওৱাইফৰ লগত মুখামুখি।

 বাঃ সুখী দম্পতি একেবাৰে! বৰ বেছি বেছি দেখায় এইহালে! [ ৫৫ ]  তথাপিও, ‘গুড মৰ্ণিং! গুড মৰ্নিং!’

 আৰে, ভাইটি আৰু ভণ্টীও যে!

 এওঁলোকে কেতিয়াৰপৰা একেলগে মৰ্ণিং ওৱাক কৰিবলৈ ল’লে!

 “এহ্! বয়স হ’লে সব ঠিক্ হৈ যায়। আপোনালোকৰো হ’ব, চিন্তা নকৰিব!” নেওগৰ ৰসাল মন্তব্য।

 “আপুনি বাৰু মোৰ কথা ইয়াত সাঙুৰিছে কিয়?”

 বেজবৰুৱাই দস্তুৰমত প্ৰতিবাদ কৰি উঠিল।

 “চিৰিয়াছ হৈছে কিয়? নিজৰে উদাহৰণটো দিলে কথাটো বুজাত আপোনাৰ সুবিধা হ’ব বুলিহে ভাবিলো।”

 তেওঁৰ ৰসৰ যেন শেষ নহ’বই।

 চৌহানজীয়েও ৰস পালে কথাটোত। তেওঁৱো হাঁহিলে।

 কি কৰিব আৰু! উপায়তো নাই। লগৰ মানুহ। ধেমালি কৰিবই।

 তিনিআলিটো পাই তেওঁলোক বাওঁফালে ঘূৰি দিলে।

 এইফালে পোৱা যায় পথাৰখন আৰু চাহ বাগানখন।

 পথাৰখনৰ সিপাৰেই ৰেইল আলিটো।

 এইটো ৰাস্তাত গাড়ী-মটৰৰ আহ-যাহ নাই। খোজ কাঢ়িবলৈ সুবিধা।

 তাতে, ঠাইখনো মুকলি। হাওৱা বতাহ থাকেই।

 তেওঁলোক আগবাঢ়িল। ক্ৰমে ক্ৰমে খোজবোৰ খৰ হ’ল।

 অলপ পিছতেই, ট্ৰেইন এখন আহি থকাৰ শব্দ শুনা গ’ল।

 বেজবৰুৱাই আক’ ট্ৰেইন চাই বৰ ভাল পায়।

 প্ৰধানকৈ, পেচেঞ্জাৰ ট্ৰেইনবোৰ!

 ৰাতি পেচেঞ্জাৰ ট্ৰেইনৰ লাইটবোৰ জ্বলি থাকিলে দূৰৈৰপৰা চাবলৈ যে কিমান ভাল লাগে!

 দিনত অৱশ্যে এইটো সম্ভৱ নহয়। তথাপিও, তেওঁ খোজ খৰ কৰিলে।

 ইতিমধ্যে, ট্ৰেইনখনৰ ইঞ্জিনটো দেখিবলৈ পোৱা গৈছিল।

 তেওঁলোকে খোজ আৰু খৰ কৰিলে।

 হঠাৎ, তেওঁলোকৰ চকুত পৰিল : যথেষ্ট ডাঙৰ কুকুৰ এটা লৈ কোনোবা এজন খৰ খোজোৰে আহি আছে।

 বিলাতী কুকুৰ! যথেষ্ট ধুনীয়া কুকুৰ! বগা। কাণ দুখনো দীঘল।

 কুকুৰটোৱে যেন মানুহজনকহে টানি টানি আনিছে।

 তাৰ ফিটাডালত ধৰি মানুহজন প্ৰায় দৌৰি অহাৰ দৰেই আহি আছে। [ ৫৬ ]  কোননো? কোনোবা নতুন ধনী চাগে!

 এই নতুন ধনীবোৰে মানুহৰ লগত সম্পৰ্ক ৰখাতকৈ কুকুৰৰ লগতহে সম্পৰ্ক ৰাখি ভাল পায়। গেইটতো লিখি থয়, ’কুকুৰৰপৰা সাৱধান!’

 আচলতে, কুকুৰৰপৰা নহয়, ইহঁতৰপৰাহে সাৱধান হ’ব লাগে।

 এনে মানুহবোৰক বেজবৰুৱাৰ সহ্যই নহয়। দেখিলেই এলাৰ্জি হয়।

 “দেখিয়ে ছাৰ! ওৱ কুত্তা উচ আদ্ মিকৌ কেইছে খিচ্ ৰহা হেই!”

 বেজবৰুৱাই অকণমান হাস্যৰসৰ অৱতাৰণা কৰিব বিচাৰিলে।

 “হাঃ আজকলতো কুত্তা ভী মৰ্ণিং ওৱাক কৰ্ ণে লগ গয়া হে’।

 ক্যা জমানা আ গয়া!”

 চৌহানজীৰ সৰল প্ৰতিক্ৰিয়া।

 বেজবৰুৱাৰ মুখত ফুটি উঠিব খোজা হাঁহিটো পিছে লগেলগেই অন্তৰ্ধান হৈ পৰিল। মানে, কথাৰ সোঁত এনেকুৱাহে হ’লে কোনোবাই বাৰু প্ৰাণখোলাকৈ হাঁহিব পাৰেনে?

(ৰচনা কালঃ- চেপ্তেম্বৰ,২০১৪)

[ ৫৭ ]

সম্বৰ্ধনা

 পিছদিনাই আহিব বুলি এডভান্স লৈ যোৱা মানুহটোৰ আজি পোন্ধৰ দিনেই দেখাদেখি নাই। খা-খবৰ এটাও নাই।

 ফোন কৰিলেও হয় নট-ৰিচ্ছেবল, নহয় বিজি!

 কথাটো কি? ইয়াৰ আচলতে মতলবটো কি?

 ই এনেকুৱা বুলি জনাহেঁতেন ইয়াক ইমান পইচা এড্ভান্স দিয়াৰ কথা চলিহাই নাভাবিলেইহেঁতেন। কিন্তু, তেওঁৰ এতিয়া এনেকুৱা দিন চলি আছে যে কাক বিশ্বাস কৰিব পাৰি, কাক নোৱাৰি, এইবোৰ কথা চিন্তা কৰি থাকিবলৈ সময় নাই। মানে, অহা ব’হাগত নতুন ঘৰটো ল’বই লাগে।

 বাৰিষাৰ ডাঙৰ বৰষুণজাক আহিব লাগিলে, এই ভগা ঘৰটোত থকা মানে নৰকত থকাৰ দৰেহে হ’ব। যেনি তেনি পানী সোমাব। লগতে সোমাব ভেকুলীগাল! সাপৰ কথাটো ভাবিলেই তেওঁৰ ভয় লাগে। ডিভানকেইখনৰ তলত পানী সোমাব লাগিলে কি গতি হ’ব, সেই কথা ভূক্তভোগীৰ বাহিৰে আনে নুবুজে। কৈয়ো কাম নাই।

 তাৰ লগতে আক’ যোগ হ’ব মানুহজনীৰ বলকনিসোপা!

 মানে, অসহ্য কাৰবাৰ!

 সেইবাবে, তেওঁ এতিয়া, মিস্ত্ৰীৰ পৰা আদি কৰি কাঠ-বাঁহৰ বেপাৰী- লৈকে সকলোৰে লগত বন্দৱস্তবোৰ কৰি গৈছে আৰু এড্ভান্স দি গৈছে।

 মানে, পইচাৰ কথা চিন্তা নকৰিবা!

 খালি, কামবোৰ ঠিকমতে কৰি যোৱা! কথা সিমানেই।

 মুঠতে, অহা ব’হাগত তেওঁক ঘৰটো লাগিবই।

 ইপিনে, কাঠৰ বাবে হাহাকাৰ!

 শিল, ইটা, বালি, চিমেন্ট সব পাবা। কিন্তু, কাঠ!

 কি টেন্চন! ফলাই দিয়াৰ পিছত হেনো মিস্ত্ৰীয়েও চিনিব নোৱাৰে।

 লালী বুলি ঔ-টেঙা কাঠ দিলেও চিনিবৰ সাধ্যই নাই বোলে।

 কথা এনেকুৱানে? হাঃ কি কাৰবাৰ!

 ইপিনে, দিনবোৰ গৈ আছে। লগতে, বাঢ়ি আছে বস্তু বাহানিৰ দাম। [ ৫৮ ]  আজি কিবা এটা বস্তু ল’ব নোৱাৰিলে কাইলৈ পস্তাব লাগিব।

 লাগিবই। দোকানীয়ে যিহে মিহি মিহিকৈ ক’ব, আপুনি জাষ্ট্ কালি যদি ফোন এটা কৰিও মোক কথাটো কৈ থ’লেহেঁতেন!

 এতিয়া, মই কি কৰো, কওক!

 চাৰা মাৰ্কেটত এটাই দাম বান্ধি দিছে। একদম বেয়া নাপাব ছাৰ!

 বেয়া পাবা কেনেকৈ আৰু! দোকানীহে।

 হ’লচেলাৰৰ পৰা আনিহে বস্তু বিক্ৰী কৰে।

 কিবা বোলে, নিজেই ঘৰতে বনায়নে?

 কি কৰিব কওক! নানিলেহে হ’ব তেওঁৰ পৰা বস্তু।

 নসজালেহে হ’ব ঘৰ-দুৱাৰ।

 সমস্যা, বুইছেনে?

 আচ্ছা, এইবোৰ বাৰু কিবাকিবি কৰি চলি যায়, কিন্তু প্ৰধান সমস্যা হয় এই কাঠক লৈ। চাটাৰিঙৰ কাঠখিনি গোট নোখোৱালৈকে পকামিস্ত্ৰীৰ হেনো কামেই নাই।

 ইটা পৰি আছে, বালি পৰি আছে, ৰড্ সোপাত মামৰেই ধৰিছে পাই!

 বেয়াই লাগে, জানেনে?

 ইপিনে, চকুৰ আগত থিয় দি আছে এই আধা বনোৱা ঘৰটো আৰু সংসাৰৰ যতমানে লাংখা লিংখি বস্তুসোপা!

 তেওঁৰ খঙেই উঠি আহে। ঘৰত থকা সময়খিনি তেওঁ ভোৰভোৰাই ভোৰভোৰাই ভিতৰ-বাহিৰ কৰি থাকে।

 ইপিনে, চলিহানীৰ লাগে বিৰক্তি।

 “ধৈৰ্য্য যদি ধৰিবই নোৱাৰে, দিয়ে কেলেই এডভান্স?

 এতিয়া, মোৰ কাণ দুখন ঘোলা কৰিবলৈ আহিছে। কি মানুহ!”

 চলিহানীৰ মুখ্খন মানে বেকা হৈ যায়।

 এপাকত, তেওঁ উচাট মাৰি আঁতৰিয়েই যায়।

 কাম আছে তেওঁৰ। গোটেই পাকঘৰৰ কামবোৰ পৰি আছে।

 ইপিনে, মাইনাৰ কাপোৰখিনিতো বাথৰূমতে পৰিয়েই আছে।

 সেইখিনিও ধুব লাগে। লগতে, গাৰু গিলিপকেইটাও!

 “এই মাইনাটোও যে আৰু! নিজৰ কাপোৰকেইটাও বাৰু ধুই ল’ব নোৱাৰেনে? সব মোলৈ থৈ যায়।

 আগলৈ, দেখিম নহয়, ঘৈনিয়েকে কিমান কি ধুই দিয়ে। [ ৫৯ ]  তাইৰ নিজৰখিনিও সি ধুবলৈ এৰি থৈ নগ’লেহে ৰক্ষা!

 নাযাব বুলিও ক’ব নোৱাৰি। আজিকালিৰ ছোৱালীহে তেও।

 দেখিছোঁ নহয়, কি ষ্টাইল! কি বাহাদুৰি!”

 এই কথাবোৰত, চলিহানীৰ মানে খঙেই উঠি আহে।

 তাতে, চলিহাৰো এইবোৰহে কথা!

 “এ, নহয়হে, তুমি বুজা নাই।”

 চলিহা এইবাৰ সাজু হ’ল চলিহানীক কথাবোৰ বুজাবলৈ।

 বেতৰ মুঢ়াটো হাতত লৈ, চেণ্ডেলযোৰ চোঁচৰাই চোঁচৰাই তেওঁ পালেগৈ পিছবাৰাণ্ডা।

 “আচল কথাটো হ’ল কি মানে,...”

 তেওঁ ’আচল কথা’ টো আৰম্ভ কৰিছিলহে, তেনেতে ঘটংকৈ হোৱা

গেইটৰ শব্দটোৰ লগতে উফৰি আহিল মৃণালৰ মাতষাৰ, ‘ছাৰ! ঘৰত আছেনে?’

 ইমান দেৰিৰ পৰা উঠি থকা তেওঁৰ খংটো যেন ভমক্‌কৈ জ্বলি উঠিল।

 তথাপিও, বৰ নাটকীয় কায়দাত খংটো সামৰি-সুতৰি, ভদ্ৰতাৰ হাঁহি এটা ওঁঠত ওলোমাই লৈ তেওঁ আগফাল পালেগৈ।

 কিন্তু, তেওঁৰ হাজাৰ চেষ্টাৰ পিছতো, হাজাৰ ভদ্ৰতাৰ মাজেদিও সৰকি আহিল বিৰক্তিৰ এটা ৰেশ।

 “কি হে’! মানুহ দেখোন দেখিবলৈকে নোপোৱা হ’লো।

 মই বোলো আক’....”

 কথাষাৰ অ-সম্পূৰ্ণ কৰি ৰাখিয়েই তেওঁ ডাঙি ল’লে চকী দুখন।

 ভিতৰত বহিব নোৱাৰি। বৰ গৰম। বাহিৰতেই ভাল।

 “ছাৰে চাগে মোক বেয়াই পাইছে?”

 “বেয়া পোৱা নোপোৱাৰ কথা নহয়হে! আচলতে, অসুবিধাৰ কথা।

 মোৰ কাম একদম বন্ধ হৈ আছে নহয়।

 তাতে আক’, তোমাক লগো পোৱা নাই।

 ফোন কৰিলেও হয় নট ৰিচ্ছেবল্ নহয় বিজি।

 তুমি ‘কলবেক’ কৰিবওতো পাৰা, নোৱাৰা জানো?

 এনেকুৱা হ’লে কি কৰোঁ, কোৱা!”

 চলিহাৰ বিৰক্তিখিনি নিজে নিজেই প্ৰকাশ হ’বলৈ ধৰিলে।

 “নাই ছাৰ, কিনো কওঁ!

 মোৰ সাংঘাতিক সমস্যা এটা পাৰ হৈ গ’ল নহয়। বাচিলো বুলিহে।” [ ৬০ ]  “কি সমস্যা হ’ল আক’ তোমাৰ? মোকতো তুমি একো কোৱা নাই।

 ক’লেহে জানিম, নহয় জানো?”

 চলিহাই যেন এটা ৰহস্যৰহে গোন্ধ পালে।

 উলিয়াব চাগে ই কিবা এটা বাহানা!

 বাহানাৰ কি অভাৱ পৰিছে ইহঁতৰ!

 ফাঁকিবাজবোৰৰ বৰ সুবিধা। নাকটো মহাৰিলেই বুদ্ধিটো ওলায়।

 চিধা মানুহে পাত্তাই নেপায়।

 আৰু, দুনিয়াৰ যতমানে ফাঁকিবাজবোৰ ওলাইছেহি তেওঁৰ ওচৰত।

 কি দিন পৰিছে যে তেওঁৰ!

 তথাপিও, শুনিতো ল’ব লাগিব ই কয় কি।

 “নাই ছাৰ! ইমানেই আকস্মিকভাৱে ঘটিল সেই ঘটনাটো যে মই একো চিন্তাই কৰিব নোৱাৰিলো। মোৰ মানে, একেবাৰে থৰকাছুটি হেৰাল।

 কেনেকৈ যে ফঁচি গ’লো, কি কওঁ!”

 মৃণালৰ অৱস্থা দেখি তেওঁৰ বেয়াও লাগিল।

 ল’ৰাটো দেখোন কন্দনামুৱাই হ’ল।

 এস্! কি যে কথাটো হ’ল!

 “কোৱাচোন বাৰু, কথাটো বা কি!”

 “ছাৰ! কথাটো হ’ল কি মানে, আমাৰ এওঁ বৰ সাংঘাতিক কাম এটা কৰি পেলালে নহয়, সিদিনা! আজি দহ বাৰ দিন দৌৰা-দৌৰি কৰি, ত্ৰিশ হাজাৰমান টকাও ভৰিহে, কথমপি তেওঁকো বচাই আনিছোঁ, আৰু মই নিজেও বাচি আহিছো।”

 মানে?

 “মানে ছাৰ, কথাটো এনেকুৱা হ’ল, আমি মানে সিদিনা গৈছিলো ওচৰতে বিয়া এখন খাবলৈ।

 সন্ধিয়া ঠিক সাত মান বাজিছিল।

 তেনেতে, তেওঁৰ মনত পৰিল দৰব এটা খাবলৈ।

 কিবা গেষ্ট্ৰিকৰ দৰব।

 মই লগত নাহিলো। ভতিজীজনীৰ লগতে যাবলৈ ক’লো।

 পিছে, হ’ল কি, এওঁ খাব লাগিছিল যিটো দৰব, সেইটো নাখাই, খাই দিলে বেলেগ এটাহে।

 মানে, স্কীন-ডিজিজৰ দৰব এটা আনি থোৱা আছিল। ওচৰতে আছিল নেকি নাজানো, দিলে নহয় খাই! নেচালেই নে কিয়েই হ’ল, দিলে খাই। [ ৬১ ]  তাৰ পিছতে, আৰম্ভ হ’ল বমি।

 লগে লগে, মানুহ হেনো পৰিয়েই গ’ল।

 মুখেৰে হেনো ফেনাবলৈকো ধৰিলে।

 ভতিজীজনীয়ে ভয় খাই দৌৰি আহিল মোৰ ওচৰলৈ।

 বিয়াঘৰৰ আন মানুহেও শুনিলে কথাটো।

 সব মানুহ দৌৰ মাৰিলে মোৰ ঘৰলৈ।

 বিয়াঘৰ আৰু বিয়াঘৰ হৈ নাথাকিল।

 মোৰ ঘৰহে মানুহেৰে ভৰি পৰিল।

 তাৰ পিছত আৰু, দহটা মানুহৰ দহটা আদেশ, নিৰ্দেশ, উপদেশ।

 মই বোলো, এই কথাই কথা নহয়, লৈ যাওঁ ডাক্তৰৰ ওচৰলৈ।

 পিছে, ইয়াত কামেই নাই হেনো।

 গতিকে, নৰ’লোৱেই আৰু, চিধা ডিব্ৰুগড়!

 ইপিনে, এওঁৰ মাকৰ ঘৰৰ মানুহে কথা বেলেগলৈ পোনাইছিলেই।

 পুলিচত কে’চ দিবই খুজিছিল।

 মইতো ভয়েই খালো, বোলো ক’ৰ পৰা কি হ’লগৈ!

 দিনেই বেয়া পৰিছে নেকি!

 ভাগ্যে, এওঁ যেনিবা সুস্থ হোৱাৰ পিছত কৈ দিলে আচল কথাটো।

 বাছিলো আৰু যেনে তেনে।”

 একেলেথাৰিয়ে কথা কৈ কৈ মৃণালৰ নিশ্চয় ভাগৰ লাগিছিল।

 হয়তো, কথাখিনি পুনৰ পাগুলিবলগীয়া হোৱাৰ বাবে অস্বস্তিও অনুভৱ কৰিছিল। হয়তো, পিয়াহো লাগিছিল তাৰ।

 তালৈ চলিহাৰ বেয়াও লাগিল।

 ডিঙিটো ঘূৰাই তেওঁ ভিতৰলৈ বুলি চিঞৰ এটা মাৰিলে, বোলে, চাহ দুকাপ আনাহে’! মৃণাল আহিছে।

 লগতে, আগফালৰ লাইটৰ চুইচটো দি থৈ যাবলৈও ক’লে।

 চকীখন ডাঙি লৈ তেওঁ এইবাৰ ঘূৰি লৈ মৃণালৰ মুখামুখিকৈ বহিল।

 মুখখন অলপ হাওলাই লৈ তেওঁ এইবাৰ বৰ গোপন কথা এটা ক’বলৈ আগবঢ়াৰ দৰে মৃণালৰ ওচৰ চাপি ল’লে।

 “বাচিলাহে বুলিছোঁ মৃণাল তুমি!

 কিবা দৈৱ-দুৰ্বিপাকত মানুহ সিফলীয়া হোৱা হ’লে নিউজ আহি গ’লহেঁতেন : নৱ বিবাহিতাৰ আত্মহত্যা। সন্দেহৰ আৱৰ্তত স্বামী, শাহু, ননদ। [ ৬২ ] থানাত গোচৰ ৰুজু। সবিশেষ সন্ধিয়া ৭ত।

 ইপিনে, তুমি একো ক’বই নোৱাৰা!

 লগে লগে, একাংশ উত্তেজিত ৰাইজৰ আক্ৰমণত লণ্ডভণ্ড হ’লহেঁতেন তোমাৰ ঘৰ-দুৱাৰ!

 মাৰ-পিট কৰি চুলি কাটি দিলেহেঁতেন তোমাৰ মা আৰু ভনীৰ।

 সমগ্ৰ দৃশ্য হ’লহেঁতেন কেমেৰাত বন্দী।

 তোমাক বচাবলৈ আহিব কোন?

 সব তোমাৰ বিৰুদ্ধেই যাব। সবে তোমাৰ বিৰুদ্ধেই ক’ব।

 তুমি তাইক কিমান অত্যাচাৰ কৰাৰ বাবে তাই শেষত উপায়বিহীন হৈহে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল, তাৰ বিশ্বাসযোগ্য বৰ্ণনা দিব।

 কি কৰিবা তুমি? ক’বা কি?

 তোমাৰ কথা শুনিব কোনে?

 টি-ৱিত দিনৌ নিউজবোৰ নেদেখা?

 ভাল বাচিলা দেই মৃণাল তুমি!

 আচ্ছা, হেৰি নহয়, ইমান চিনি নেপালেনে দৰবটো?

 নামটোও পঢ়ি নাচালেনে?

 ক’ৰ ছোৱালীহে’? পঢ়া-শুনা একা?”

 চাহৰ কাপটো চোতালতে থৈ মৃণালে দুয়োখন হাতেৰে মুখখন অলপ মহাৰি ল’লে। লগতে, এৰি দিলে এটা হুমুনিয়াহ!

 চলিহাই তাৰফালে একান্তমনেৰে চাইয়ে থাকিল।

 সৰু ল’ৰা! কিমাননো বয়স হ’ব ইয়াৰ? পচিশ? চাব্বিছ? সাতাইশ?

 যৌৱনৰ তাগিদাত আনিলে চাগে কোনোবা এজনী।

 জীৱন দেখাই নাছিল। সংসাৰ দেখাই নাছিল। নাৰী-মনস্তত্বৰ বিষয়ে একো জনাই নাছিল। চেম্পো কৰা চুলিৰ বাহাৰ দেখি, লিপষ্টিক লগোৱা ওঁঠৰ মন ভুলোৱা হাঁহি দেখি চাগে পাগলেই হৈ গ’ল ই! বেচেৰাটো!

 মৃণালৰ প্ৰতি সহানুভূতিত তেওঁৰ অন্তৰ যেন গলি গ’ল।

 দেহি ঐ! সঁচায় কি জীৱন মানুহৰ!

 কেতিয়া যে কিবোৰ ঘটি যায়?

 কিমান ডাঙৰ ডাঙৰ ঘটনা একোটাও ঘটি যায়! ক’ৰ মানুহ ক’ত পায়গৈ, ঠিক নাথাকে। অথচ, ভুক্তভোগীয়ে নিজেই গম নাপায় কি ঘটিল, কিয় ঘটিল! ফলটো কিন্তু ভোগ কৰিবই লাগিব। [ ৬৩ ]  কিমানে মানসিক ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথো বাছি লয়। পিছে, কাৰনো কি আহে যায়?

 কোন দুৰ্ভগীয়া ক’ত থাকে, ক’ত মৰে কাৰ কি দৰকাৰ?

 খুউব বেছি, নিউজ চেনেলবোৰৰ বাবে নিউজ-আইটেম এটা হয়।

 কথাবোৰ এনেকুৱাই, নহয় জানো?

 ইয়াৰোতো কথাবোৰ চাগে...

 হাত দুখনেৰে মুখখন মহাৰি মহাৰি মৃণালে অলপ হঁহাৰ দৰে কৰিলে।

 চলিহাৰ মানে হাঁহিবলৈকো অসুবিধা হ’ল। কিয়বা হাঁহিছে ই?

 “ইয়াৰে ছোৱালী ছাৰ!

 আপোনালোকৰ কলেজৰপৰাই বি এ পাছ কৰিছিল।”

( ৰচনা কাল : চেপ্তেম্বৰ,২০০৮)

[ ৬৪ ]

প্ৰতিচ্ছবি

 প্ৰবীণদাৰ দেউতাকক ওচৰৰপৰা পোৱা বহুকেইজনে ক’লেহি, এই প্ৰতিচ্ছবিখনৰ মানুহজন বৰদেউতা হবই নোৱাৰে। এইজন বেলেগ মানুহ।

 সমস্যাই হ’ল! ইফালে, হাতত যে নাই সময়!

 তিনিদিনৰ ভিতৰত প্ৰতিচ্ছবিখন আমাক লাগেই।

 নহ’লেও, কাম হ’ব ঠিকেই, কিন্তু মনৰ সন্তুষ্টি বুলিও কথা এটা আছে নহয়! ইমানখিনি কষ্ট কৰিছোঁনো কেলেই?

 আচলতে, দহটা মানুহৰ দহটা কথাত কাণ দিয়াটোৱেই তেওঁৰ ভুল। মহাভুল! আমি প্ৰথমে যি ভাবিছিলো, তাতে তেওঁ লাগি থাকিব লাগিছিল।

 মই দেখিছোঁ, বেছিভাগ মানুহ দেখিবলৈ নিজৰ দেউতাকৰ সৈতে আশীৰ পৰা নব্বৈ শতাংশ মিলে। বাকী দহ-বিশ শতাংশহে পৰিৱেশৰ প্ৰভাৱত পৰি সলনি হয়। গতিকে, মইয়ে প্ৰবীণদাক ক’লো বোলো, তেওঁ নিজেই প্ৰশান্তৰ সমুখত মডেল হৈ অলপ সময় বহি থাকক আৰু তেওঁকে চাই চাই প্ৰশান্তই আঁকক! তাৰ পিছত, সেই ছবিখনতে বয়সৰ ছাপ অলপ পেলাই দি তেওঁৰ দেউতাকৰ প্ৰতিচ্ছবিখনৰ পৰিকল্পনা কৰক!

 মই ভাবো, ইয়াতকৈ ভাল আন কোনো উপায় আমাৰ হাতত নাই।

 মোৰ কথামতেই তেওঁ কৰিছিলেও নহয়। কিন্তু, লেঠাটো লাগিল যেতিয়া তেওঁ সেই ছবিখন আক দেখুৱালে, তাক দেখুৱালে।

 প্ৰথমে, মাকে ক’লে, “দেউতাৰৰ নাকটো অলপ জোঙা আৰু অলপ ঘোৰ খোৱা আছিল অ’! ইমান পাহৰিলিনে তই?”

 বচ, তেওঁ আহিল প্ৰশান্তৰ ওচৰলৈ, “হেৰি কৰা অ’ প্ৰশান্ত! নাকটো অলপমান জোঙা আৰু অলপমান ঘোৰখোৱা কৰি দিব পাৰিবানে বাৰু?”

 দদায়েকজনে আক’ বহুতপৰ ছবিখনলৈ চাই থাকি ক’লে, “এহ্! ককাইদেউৰ মুখখন বৰ গহীন আছিল, অ’! চাৱনিটোও যথেষ্ট কাৰা আছিল। আমি মানে, আগতে, তেওঁলৈ ভয়েই কৰিছিলো। ওচৰেই নাচাপিছিলো, বুইছ?

 তই হেৰি কৰিবি! ফটো আঁকা ল’ৰাটোক কথাটো এবাৰ....”

 প্ৰশান্তৰ তুলিকা আকৌ চলিল। [ ৬৫ ]  ছবিখন চাই দদায়েকে এইবাৰ ক’লে, “ও! এতিয়াহে ঠিক হৈছে।”

 পিছে, উভতি অহাৰ বাটত তেওঁক কি চুৎখৰে খালে জানো, ছবিখন দেখুৱালে দেউতাকৰ লগত তাহানি একেলগে ভাওনা-নাটক আদি কৰা ডম্বৰু বৰদেউতাকক। বোলে, “বৰদেউতা! এনেকুৱা কথা এটা ভাবিছোঁ। পিছে, দেউতাৰতো কোনো ফটো-চটো নাই, গতিকে,......”

 শয্যাগত বুঢ়া মানুহজনে বহুতপৰ ছবিখন জুপি জুপি চাই থাকি, এসময়ত কঁপা কঁপা মাতেৰে ক’লে, “তোৰ দেউতাৰ বৰ হাঁহিমুখীয়া মানুহ আছিল, অ’! চাৱনীটোও বৰ কোমল আছিল। চুলিখিনিও বৰ ডাঠ আছিল। ইয়াত পিছে.....”

 তেওঁৰ কথা শুনি প্ৰবীণদাৰ মানে টিঙিচকৈ খং এটা উঠিয়েই আহিল নহয়। এজনে কয় এটা, আন এজনে কয় আন এটা! এনেকৈ হ’লে দেখোন.....

 মই দেখিলো, পৰিস্থিতি বেয়া হ’বলৈ গৈ আছে। মানুহজনৰ ধৈৰ্য্যৰ বান্ধ চিগো চিগো যেনেই হৈছে। আৰু, কিবা স্বৰূপত ছবিখন ফালি পেলাবলৈকো আছে। ইফালে, হাতত নাই সময়! কি কৰোঁ?

 বহুত ভাবি-চিন্তি, তেওঁক অলপ একাষৰীয়াকৈ মাতি আনিলো। বোলো, ক’ৰবাত কেনেবাকৈ তেখেতৰ দেউতাক থকা গ্ৰুপফটো এখন হ’লেও বিচাৰিলে ওলাব পাৰে। মানে, তাহানি তেওঁলোকে একেলগে ভাওনা, নাটক আদি কৰোঁতে নিশ্চয় ক’ৰবাত নহয় ক’ৰবাত এখন হ’লেও গ্ৰুপ ফটো......

 পিছে, প্ৰস্তাৱটো দি মৰিলো মইহে। মানে, তেনে গ্ৰুপ ফটোৰ অন্বেষণৰ দায়িত্বটো মোলৈকে পেলাই দি তেওঁ প্ৰায় উচাৎ মাৰিয়েই গুছি গ’ল।

 পিছে, কৰোঁনো কি! প্ৰস্তাৱটোতো মোৰেই।

 মোৰ মানে, খং এটাও উঠিল, হাঁহি এটাও উঠিল, বুইছেনে?

 কিহৰ পাল্লাত যে পৰিলোহি!

 পিছদিনা, বাইকৰ তেল পুৰি পুৰি গোটেই এলেকাটো ঘৰে ঘৰে ঘুৰিলো। কাৰ ঘৰত কুকুৰে ভুকিছে, কাৰ ঘৰৰ আগফালৰ গ্ৰীল খুলি দিওতে আধাঘণ্টা লগাইছে, কাৰ ঘৰত মোক মাত এষাৰ লগাবলৈকো কাৰো আহৰি হোৱা নাই, এইবোৰ কথা চোৱা নাই আৰু!

 কেইবাঘৰো মানুহৰ বহাকোঠা, শোৱনিকোঠাৰ বেৰৰপৰা এলান্ধু লগা তাহানিৰ ক’লা-বগা ফটো কেইখনমান নমাই আনি জুপি জুপি নিজেও চালো, আনকো দেখুৱালো। নাই, একো ধৰিবই নোৱাৰিলো।

 আৰে! পাৰিমনো কেনেকৈ? মইতো মানুহজনক কোনো দিনে দেখাই নাছিলো। আৰু, যিসকল বুঢ়া-মেথা বৰ্তমানো বাচি আছেগৈ তেওঁলোকৰো চকুৰ [ ৬৬ ]  শক্তি গ’ল। একো মনিবই নোৱাৰে।

 শেষত যেনিবা, ভদ্ৰেশ্বৰ দদাইয়ে তেওঁৰ শোৱনিকোঠাৰ বেৰৰপৰা নমাই অনা, অৱস্থা নাইকিয়া হোৱা ক’লা-বগা ফটো এখনৰ ওপৰত ভালেমান পৰ চকু ফুৰাই ফুৰাই এটা সময়ত এঠাইত আঙুলিটো লগাই ক’লে, “এইটোৱেই আছিল লোকনাথ! ধৰিব পাৰিছনে?”

 “জা..নো! ৰ’ব! প্ৰবীণদাক এবাৰ দেখুৱাই আনোগে” বুলি মই আহিলো তেওঁৰ ঘৰলৈ।

 তেওঁ চালে, মাকে চালে, ওচৰৰ ৰেৱতী বৰমাকে চালে।

 নাই, স্পষ্ট নহয়। ধৰিবই নোৱাৰিলে। কি কৰোঁ?

 আইডিয়া! ফটোখন স্কেনিং কৰি লেপটপত ভৰাই এনলাৰ্জ কৰি চালে কিজানি সমাধানটো ওলাইয়েই!

 পিছে, নাই। কামত নাহিল। ফটোখন জ্বলি গৈছে। স্পষ্ট নহয়।

 ইপিনে হাতত আছে মাত্ৰ দুটা দিন!

 এই দুদিনৰ ভিতৰতে কিবা এটা কৰিব নোৱাৰিলে নিজেই লাজ পাব লাগিব। ইফালে, কথাটো গম পোৱা কেইটাইয়ো ডাউন দিব। জানো।

 মূঠতে, মহা পয়মাল!

 পয়মাল মানে কি আৰু, প্ৰবীণদাই বাৰ্ষিকভাবে আয়োজন কৰা ‘লোকনাথ বৰদলৈ সোঁৱৰণি নাট প্ৰতিযোগিতা’ত ষ্টেজৰ সমুখত তেওঁৰ দেউতাকৰ প্ৰতিচ্ছবি এখন সজাই থোৱাৰ পোষকতা কৰিছিল।

 কথাটো মইয়ো সমৰ্থন কৰিলো।

 পিছে, শেষত গৈ থৈ মই নিজেইহে ফান্দত পৰিছোঁগৈ দেখোন!

 কিছুমান মানুহো যে থাকে মানে, কি কওঁ! নিজৰ ফটো এখন তুলি নথয়। ভয় কৰে। মানে, মৰিবলৈ আগবঢ়া বুঢ়া-বুঢ়ীৰহে হেনো ফটো এখন তুলি থয় যাতে শ্ৰাদ্ধৰ দিনা মালা-চালা পিন্ধাই ৰভাতলীত সজাই থ’ব পাৰি।

 গতিকে, আৰে! ফটো কেলৈ? মই আছোঁৱেই নহয় মানুহটো!

 কি কথা আছে ক!’

 কথাবোৰ মানে এনেকুৱা।

 অৱশ্যে, এইবোৰ ধৰক, পঞ্চাশ বছৰৰ আগৰ কথা কৈছোঁ।

 আজিকালিতো, এনে কথা কোনেও নাভাবেও, নকয়ো।

 তাতে, আজিকালিতো হাতে হাতে থকা ফোনতবোৰত কেমেৰা থাকেই। গতিকে, যাৰে মন যায়, যেতিয়াই মন যায় ফটো তুলিলেই হ’ল। [ ৬৭ ]  কিহৰ চিন্তা?

 কিন্তু, তেতিয়াৰ দিনত?

 বাপ্ ৰে, কি সমস্যা! ফটো তোলাটো হেনো এক প্ৰকাৰৰ অভিযানেই আছিল বুলিব পাৰি। বহুদিনীয়া এটা ব্যাপাৰ! কিমানেনো কৰে তেনে ব্যাপাৰ?

 মই আচৰিত হৈছোঁ আন এটা কথাতো।

 মানে, প্ৰবীণদাহঁতে হেনো দেউতাকক ভালদৰে দেখাই নাছিল।

 কথাটো শুনি মইতো একেবাৰে উচপ খাইয়ে উঠিছিলো বুলিব পাৰি।

 নুঠিম নেকি, কওকচোন বাৰু! আৰে, নিজৰ দেউতাক হয়, থাকেও একেখন ঘৰতে। কিবা বোলে ফৌজত চাকৰি কৰিছিল, মাজে-মধ্যেহে আহে, ল’ৰাহঁতো বোলে হোষ্টেলত থাকে, লগ ভাগ নাপায়, তেতিয়াও মানি ল’ব পাৰি। কিন্তু, একেখন ঘৰতে থাকিও ল’ৰা-ছোৱালীকেইটাই নিজৰ দেউতাকক দেখা নোপোৱাৰ কথাটো বাৰু কোন মূৰ্খই মানি ল’ব?

 হয়নে নহয়, কওক!

 কিন্তু, কথাটো হেনো অলপ বেলেগ। মানে, অবিশ্বাস্য কিন্তু সত্য!

 প্ৰবীণদাৰ কথা যদি সত্য হয় তেন্তে ক’ব লাগিব, তেওঁলোকৰ ঘৰখনো ব্যতিক্ৰমেই আছিল। তেওঁলোক কোনো কাৰণতে দেউতাকৰ মুখামুখি নহৈছিলেই। দেউতাক আগফালে থাকিলে তেওঁলোক থাকিব হেনো পিছফালে। দেউতাক কিবা কাৰণত পিছফালে আহিলে ল’ৰা-ছোৱালীকেইটা হেনো ঢপলিয়াব আগফালে। আকৌ, লৰা-ছোৱালীকেইটাৰ যিকোনো ধৰণৰ অভাৱ-অভিযোগ শুনিছিল মাকেহে। কোনো কাৰণতে কোনো ল’ৰা-ছোৱালীয়ে যাতে তেওঁৰ ওচৰত চল নাপায় তাৰ বাবে তেওঁ সদা-সচেতন আছিল।

 অৱশ্যে, ঘৰখনত মানুহজনে যেনেকুৱাই আচৰণ কৰক লাগিলে, বাহিৰত তেওঁৰ এখন ভাল সমাজ আছিল। তেওঁক বাদ দি কোনো সামাজিক কাম-কাজ সেই অঞ্চলটোত নহৈছিলেই। প্ৰবীণদাৰ মাকে হেনো মাজে মাজে ভোৰভোৰাইছিল, ’ঘৰখন কেনেকৈ চলে খবৰ ৰাখিলেহে! কি মানুহ!’

 মানুহজনৰ আকৌ এখন ডাঙৰ গেলামালৰ দোকান আছিল।

 তেতিয়াৰ দিনত, প্ৰায় পাঁচ কিল’মিটাৰমান ব্যাসাৰ্দ্ধৰ সেই অঞ্চলটোত সেইখনেই হেনো একমাত্ৰ আৰু ডাঙৰ দোকান আছিল।

 তেওঁ পুৱা আঠ বজাতে দোকানলৈ যায় আৰু উভতি আহে ৰাতি দহ বজাতহে। তেতিয়ালৈ, ল’ৰা-ছোৱালীকেইটা টোপনিত লালকালেই হয়।

 ঘৰখনৰ কথা কাণ্ডবোৰ যদি এনেকুৱাই হয় তেন্তে ল’ৰা-ছোৱালী [ ৬৮ ] কেইটাই দেউতাকক নেদেখাটোৱেই স্বাভাৱিক কথা। নহয় জানো?

 আনহাতে, আমাৰ দেউতাই কোৱামতে, তেওঁলোকৰ দোকানখন সেই অঞ্চলটোৰ সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু আনকি ৰাজনৈতিক জীৱনৰো প্ৰাণকেন্দ্ৰই আছিল। সেই অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ কোনোবা নহয় কোনোবা এজন সদস্য দিনটোত এবাৰ হ’লেও সেইখন দোকানলৈ আহিছিল। গতিকে, সেই অঞ্চলটোৰ যিকোনো ধৰণৰ বা-বাতৰি সেইখন দোকানতে পোৱা গৈছিল। তাৰ ওপৰত চৰ্চা কৰা হৈছিল।

 যিকোনো সমস্যাৰ সমাধান বিচাৰিও মানুহ তালৈ আহিছিল।

 সমাধানো পাইছিল। কাৰণ, সেইখন দোকানত গাঁওখনৰ জনা-শুনা, বয়সস্থ মানুহকেইজন প্ৰায়ে গোট খাইছিল।

 আনকি, নগৰৰ ডাকঘৰৰ পিয়নজনেও যিকোনো চিঠিপত্ৰ সেইখন দোকানতে দি থৈ গৈছিল। ঘৰে ঘৰে বিলাই ফুৰিবলগীয়া নহৈছিল।

 সেই অঞ্চলটোৰ এনেকুৱাই এক প্ৰাণকেন্দ্ৰ আছিল প্ৰবীণদাহঁতৰ দেউতাকৰ সেই দোকানখন!

 তাতে, তেওঁ আছিল ভাওনা, সবাহ, গীত ভাল পোৱা সৰবৰহী লোক।

 তেওঁ নিজেই ভাওনাৰ আয়োজন কৰিছিল, ভাও লৈছিল।

 সহ-অভিনেতাৰ বাবে বচন লিখিও দিছিল।

 তদুপৰি, ভাওনা, থিয়েটাৰ আদি পাতিবলৈ যে মেণ্ঠল লাইট কেইটা মান লাগে, সেইকেইটাও তেওঁৰ দোকানতে পোৱা গৈছিল। তাকো, বিনা মূলীয়াকৈ। অৱশ্যে, তেলৰ দামটো তেওঁ লৈছিল। নহ’লে, নোৱাৰে নহয়।

 তেওঁৰোতো চলাবলৈ নিজা এখন ঘৰ-সংসাৰ আছে!

 অৱশ্যে, তেওঁৰ ঘৰ-সংসাৰৰ লগত থকা সম্পৰ্কটোৰ চৰিত্ৰৰ বিষয়ে ওলালে আজিকালি প্ৰবীণদাই ৰহস্যৰ হাঁহি এটাহে মাৰে।

 গতিকে, তেওঁৰ বিষয়ে প্ৰবীণদাতকৈ সেইসকল মানুহেহে বেছিকৈ জনাটো একো আচৰিত হ’বলগীয়া কথাই নহয়। সেইবাবেই, প্ৰশান্তই অঁকা ছবিখন তেওঁ সেই অঞ্চলৰ কেইবাজনো মানুহক দেখুৱাই ফুৰিছিল আৰু তেওঁলোকৰ মতামত বিচাৰিছিল। আৰু, সমস্যাটোৰ সৃষ্টি হৈছিল তাতেই।

 যিহেতু, আমাৰ হাতত সময় প্ৰায় নাছিলেই, মাথোঁ এটা দিনহে আছিল, গতিকে, নিজৰ মগজৰ ওপৰত যিমান পৰা যায় সিমান হেঁচা দিবলৈ মই বাধ্য হ’লো। মই ভাবি ভাবি এটা কথা আৱিষ্কাৰ কৰিলোগৈ যে আজিৰ দিনত প্ৰবীণদাৰ দেউতাকক দেখা মানুহ বেছি নাই। খুউব বেছি, দুই তিনিজন ওলাব পাৰে। কিন্তু, [ ৬৯ ] সেই কেইজনো বুঢ়া হৈ আহিছে। চকুৰে নমনা হৈ আহিছে।

 আৰু, প্ৰবীণদাহঁতেতো তেওঁক ভালকৈ দেখাই নাছিল বুলিব পাৰি।

 গতিকে, ছবিখন ইমান শুদ্ধ নহ’লেও বৰ বেছি এটা ফাৰাক নপৰিব।

 মূঠতে, পিছদিনাৰ অনুষ্ঠানটো সুকলমে হৈ গ’লেই মই তৎ পাওঁ।

 সেইদিনা সন্ধিয়া, মই অকলেই গৈ প্ৰশান্তক লগ কৰিলো আৰু তাক মোৰ মনৰ কথাটো ক’লো। তাৰো চাগে ছবিখন বাৰে বাৰে আঁকি আঁকি আমনি লাগিছিল। গতিকে, সি মোৰ ইঙ্গিতটো সহজেই বুজি পালে আৰু বিনা বাক্যব্যয়ে তাক মানিও ল’লে।

 বুজাবুজিটো আমাৰ দুটাৰ মাজতে থাকিল। অইনে গমেই নাপালে।

 আনকি, প্ৰবীণদাকো এই বিষয়ে একো জানিবলৈ নিদিলো।

 চাওঁচোন বাৰু, ক’ৰ পানী ক’লৈ যায়!

 সন্ধিয়া ৭ মান বজাৰপৰাই দৰ্শক গোট খাবলৈ লৈছিল।

 প্ৰথমখন নাটকৰ বাবে মঞ্চসজ্জাৰ কামবোৰ আঁৰ কাপোৰৰ আঁৰত চলি আছিল। প্ৰেক্ষাগৃহত ৰঙা-নীলা লাইটবোৰ জ্বলি আছিল। চাউণ্ড বক্সত ভূপেন হাজৰিকাৰ গীত বাজি আছিল, ’ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ। কোনে কি ভাও ল’বা আহা, সময় যে তাকৰ’

 এটা সময়ত বৰমাও আহিল। মানে, প্ৰবীণদাৰ মাকৰ কথা কৈছোঁ।

 তেখেতে ছবিখনৰ ’ফাইনেল’ ৰূপটো এবাৰ চাবলৈ বিচাৰিলে।

 তেখেতক গ্ৰীণৰূমলৈ মাতি নি ছবিখন দেখুৱালো।

 তেখেতে মোক সুধিলে, সেইখন কাৰ ছবি!

 মই বোলো, বৰদেউতাৰ!

 তেখেতৰ মুখত পিছে পৰিস্ফুত হৈ উঠিল এক তীব্ৰ অসন্তুষ্টিৰ ভাব।

 তেখেতে মোক ক’লে কি, বোলে, যিজন মানুহৰ লগত তেখেতে সুদীৰ্ঘ ওঠৰ বছৰ সংসাৰ কৰিলে, সেইজন মানুহৰ ছবিখনহে দেখিবলৈ পাব বুলি তেখেতে আশা কৰি আহিছিল। কিন্তু, সেইয়াতো নহ’ল।

 এতিয়া, তেখেতে আনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কেনেকৈ?

 মইতো থিয়ে থিয়ৈ থৰ লাগিলো।

 অলপ পিছতে, গা বেয়া লাগিছে বুলি কৈ তেখেত যাবলৈকে ওলাল।

 কথাটোত, মোৰ বেয়া লাগিল দিয়কচোন!

 যাৰ নামত অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ তেওঁৰ সহধৰ্মিনীয়েই যদি সভাগৃহ ত্যাগ কৰে, কেনেকৈ হ’ব বাৰু? [ ৭০ ]  অগত্যা, তেখেতক আগবঢ়াই দিবলৈ বুলি লগে লগেই আগবাঢ়িলো।

 বৰ্ মাৰ লগত কথা পাতি পাতি গৈ থাকোঁতেই মোৰ চকুত পৰিল উদ্ধোধক ডাঙৰীয়াৰ গাড়ীখন কাযেদিয়েই পাৰ হৈ যোৱা।

 অ’ কি হ’ব এতিয়া?

 বৰমাকো আদ্-বাটতে এৰিব নোৱাৰোঁ!

 আনহাতে, উদ্ধোধক ডাঙৰীয়াক আদৰিবলৈ গামোচা আদি লৈ ছোৱালীকেইজনী চাগে আগবাঢ়ি গৈছেই।

 প্ৰসেনহঁতেও তেখেতক মঞ্চলৈ আগবঢ়াই নিবলৈ চাগে সাজু হৈছে।

 সিহঁতৰ গাততো কোনো দোষ নাই।

 মই আগতেই সিহঁতক কৈ থৈছোঁ, বোলো মই দহটা কামত লাগি থাকিবলগীয়া হ’ব। গতিকে, সিহঁতেই যাতে উদ্ধোধক ডাঙৰীয়াক মঞ্চলৈ আগবঢ়াই লৈ যায়। মই বাৰু আহিম যিমান পাৰো সোনকালে।

 সিহঁতো হোলাৰ ভাই মোলা!

 তাতে, মোৰ কথা অমান্য কৰিবলৈ সাহস সিহঁত এটাইয়ো নকৰে।

 কিন্তু, সমস্যাটো হৈছে যে তাতেই!

 এতিয়াই যদি কিবা বুদ্ধি কৰি তেখেতক বাধা দিব পৰা নাযায় তেন্তে সাংঘাতিক কথাই হ’ব। এখন ভুল প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিবলৈ দিয়াৰ বাবে সমস্ত দায়-দোষ মোৰ মূৰতে পৰিব। গৰিহণাৰ প্ৰস্তাৱ পৰ্যন্ত লোৱা হ’ব পাৰে৷

 তাতে প্ৰেক্ষাগৃহ দৰ্শকেৰে ভৰ্তি হৈ আছে৷

 অৱশেষত আৰু, ‘যাঃ যি হয় হ’ব!’ বুলি ভাবি লৈ মই বৰমাক ৰাস্তাতে এৰি মঞ্চৰ ফালে দৌৰ দিলো।

 উদ্ধোধক ডাঙৰীয়াই মাল্যাৰ্পণ কৰাৰ আগতেই যেনেতেনে হ’লেও খুন্দা এটা লগাই ছবিখন যাতে তললৈ পেলাই দিব পাৰে, তাৰ গ্লাছখন যাতে ভাঙি দিব পাৰো আৰু বহুত দুখ প্ৰকাশ কৰি সেই ভগা ফ্ৰেমৰ প্ৰতিচ্ছবিখনত মাল্যাৰ্পণ কৰাৰ পৰা তেখেতক যাতে বাৰণ কৰিব পাৰো!!

 তাৰ বাহিৰে আন কোনো উপায় মই দেখাই নাই।

 গতিকে, ‘দৌৰ আকাশ, দৌৰ!’

 মানে, মই নিজকে নিজেই ক’লো আৰু দৌৰিবলৈ ল’লো।

 মই দৌৰিছোঁ, মাথোঁ দৌৰিছোঁ। মানুহ ফালি ফালি কেৱল দৌৰিছোঁ।

 কোনে কি ভাবিছে, কি কৈছে, চোৱা নাই আৰু!

 এইবোৰ চাবলৈ, শুনিবলৈ মোৰ এতিয়া সময়ো নাই, ইচ্ছাও নাই। [ ৭১ ]  মোৰ চকুৰ আগত দেখিছোঁ কেৱল উদ্ধোধক ডাঙৰীয়াক!

 সেইয়া, তেখেত আগবাঢ়ি গৈ আছে, গৈ আছে, গৈ আছে!

 তেখেত প্ৰতিচ্ছবিখনৰ ওচৰ পাইছেগৈ!

 তেখেতৰ হাতত ফুলৰ মালাধাৰ!!

(ৰচনা কাল : ৫ চেপ্তেম্বৰ, ২০১৪)

[ ৭২ ]

সহযাত্ৰী

 বেলকনিলৈ ওলাই আহি চৌধুৰী তভক মাৰি ৰৈ গ’ল।

 বাহিৰত ইমান জোনাক! একেবাৰে, ফৰিংফুটা জোনাক!

 আকাশখনিও পৰিষ্কাৰ।

 জ্বলি থকা লাইটটো তেওঁ অফ্ কৰি দিলে।

 কি দৰকাৰ বিজুলিবাতিৰ?

 গোটেইখনতে দেখোন জোনাকৰ মেলাই বহিছে!

 প্লাষ্টিকৰ চকী এখন টান মাৰি লৈ তেওঁ বহি ল’লে। ভৰি দুটা গ্ৰীলৰ ফুটা দুটাত সুমুৱাই দি অলপ আৰাম কৰিয়েই তেওঁ বহি ল’লে।

 সঁচায় কি সুন্দৰ জোনাক! বাহিৰত যেন সব জিলিকি আছে। সমুখৰ ৰাস্তাটো, সিপাৰৰ ঘৰবোৰ, সৌ খেলপথাৰখন, স্কুলখন,গছ-গছনিবোৰ!

 দূৰৈত, সৌটো পাহাৰ নহয়নে?

 পাহাৰেই হয়। তাৰ নীলা সীমনাটো অস্পষ্টভাৱে হ’লেও জিলিকি আছে। দেখিবলৈ বৰ ভাল লাগিছে।

 অৱশ্যে, দেখি ভাল লগা নাই অ’ত ত’ত জিলিকি থকা লাইটবোৰ, চলন্ত গাড়ীবোৰৰ হে’ডলাইটবোৰ, বহুদূৰৈৰ ক’ৰবাত জ্বলি থকা ডাঙৰ জুইকুৰা!

 চিতাৰ জুই?

 হ’ব পাৰে। নহ’বওতো পাৰে!

 কি যে চিন্তা একোটা হঠাৎ মনলৈ আহে!

 ’নাই, নাই!’ বুলি কৈ তেওঁ দুবাৰমান মূৰটো জোকাৰিলে, যেন মনৰ পৰা দুঃচিন্তাটো জোকাৰি উলিয়াই পেলাবলৈহে চেষ্টা কৰিলে। গাটো ঘূৰাইয়ো বহি ল’লে। ভৰি দুটাও উলিয়াই আনি বেলেগ দুটা ফুটাত ভৰাই ল’লে।

 অলপ অলপ ঠাণ্ডা পৰিছে।

 তেওঁ চোলাটোৰ একেবাৰে ডিঙিৰ ওচৰৰ বাটনটোও মাৰি ল’লে।

 গলখেকাৰি এটাও মাৰি ল’লে।

 এই যেন কাৰোবাক কিবা এটা ক’ব।

 মূৰটো ঘূৰাই তেওঁ দুৱাৰখনৰ ফালে চালে। [ ৭৩ ]  এই যেন পৰ্দাখন কঁপিব, এই যেন মানুহজনী ওলাই আহিব।

 এই যেন তেওঁৰ কাণত পৰিবহি, “অ! লাইট-চাইট নজ্বলোৱাকৈ যে বহি আছে? লওক! চাহ লওক!”

 লাহে লাহে তেওঁৰ ওঁঠযুৰি কঁপিবলৈ ধৰিলে।

 চকুযুৰিও চলচলীয়া হৈ পৰিল।

 কালৈ বাট চাইছে তেওঁ? আৰুনো, ক’ত আহিব বাৰু মানুহজনী!

 লগে লগে, এক তীব্ৰ অভিমানেৰে ভৰি পৰিল তেওঁৰ মন।

 আজিৰ কথা বাৰু বেলেগ, কিন্তু আগতেও কোনোদিনেই মানুহ জনীয়ে তেওঁৰ লগত বহি জোনাকৰ সৌন্দৰ্য্য পান নকৰিলে। হাজাৰবাৰ মাতিলেও নাহে। খালি, ভিতৰতে সোমাই সোমাই কামতে লাগি থাকে।

 যি তি কাম। যেন, কাম কৰিবলৈহে তেওঁৰ জন্ম হৈছিল।

 মাতি থাকিলেও প্ৰথমতে নুশুনাৰ ভাও ধৰিব। পিছত, বিৰক্তি প্ৰকাশ কৰিব, “এহঃ যাওঁ বুইছেনে। নোৱাৰো মই ইয়াত বহি থাকিব।

 আপুনিয়েই বহি থাকক! মোৰ বহুত কাম আছে।”

 কি যে মানুহ!

 মৃণাল আৰু মামনক মতাৰতো কথাই নাহে।

 মৃণাল হয় ওলাই যাব, নহয় কোঠাত সোমাই টি ৱি চাই বহি থাকিব।

 অৱশ্যে, এনেই থাকিলেও সি নাহে।

 কোনো পুতেকে দেউতাকৰ লগত বহি জোনাকৰ সৌন্দৰ্য্য পান নকৰে। এনে ঘটনা তেওঁ আজিলৈকে দেখাও নাই, শুনাও নাই।

 গতিকে, তাক মতাৰতো প্ৰশ্নই নুঠে।

 ইফালে, মামন থাকিব পঢ়াৰ টেবুলত।

 অৱশ্যে, একো নকৰিলেও তাই তেওঁৰ লগত বাহিৰত বহি জোনাকৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ নাহে। মানে, আজিলৈকে অহা নাই।

 ভৱিষ্যতে অহাৰতো প্ৰশ্নই নুঠে।

 অৱশ্যে, ওচৰত কোনো নাথাকিলেও চৌধুৰীৰ অকলশৰীয়া অনুভৱ হোৱা নাছিল। ঘৰখন ভৰি আছিল। চালে-বেৰে মাত-কথাবোৰ প্ৰতিধ্বনিত হৈ আছিল। ঘৰখন ঘৰ যেন হৈ আছিল।

 কিন্তু, কেনেকৈ কিবোৰ যে হ’বলৈ ল’লে জানো!

 মৃণালে এদিন কোনোবা প্ৰাইভেট কোম্পানী এটাত চাকৰি পোৱাৰ খবৰ এটা তেওঁ পাইছিল। [ ৭৪ ]  তেওঁৰ মনটো ভাল লাগিছিল।

 হওক তেও, ল’ৰাটোৰ সংস্থাপন এটা হৈছে।

 লগতে অৱশ্যে, তেওঁৰ মনটো বেয়া নলগাও নহয়।

 ল’ৰাটো বহুদূৰলৈ গুছি যাবগৈ! একেবাৰে বাঙ্গালোৰ পাবগৈ।

 ক’তনো উভতি আহিব আৰু!

 শেষত, তেওঁ আশংকা কৰাটোৱেই হ’লগৈ।

 এদিন, মামনলৈ অহা ফোনকল এটাই ঘৰখনত হাহাকাৰৰে সৃষ্টি কৰিলেহি। মানে, মৃণালৰ হেনো তাৰে ছোৱালী এজনী ভাল লাগিছে।

 তাই চাকৰিও কৰে একেটা কোম্পানীতে।

 ক’ৰ ছোৱালী? কি কথা? আৰু, এনেকৈ হঠাৎ যে?

 পিছৰখিনি আৰু গতানুগতিক।

 এমাহমানৰ পিছত পো-বোৱাৰী আহি দেখা দিলেহি।

 সিহঁতে হেনো তাতে কৰ্ট-মেৰেজ কৰিলে।

 নহ’লে হেনো সিহঁতৰ আন উপায় নাছিল।

 এইবোৰনো কথানে? কাক বুৰ্বক বনাবলৈ আহে সিহঁত?

 চৌধুৰীয়ে কিন্তু নিজকে সৰ্বশক্তিৰে চম্ভালিলে। আধুনিক উদাৰ দৃষ্টিভঙ্গী এটা লৈ তেওঁ বোৱাৰীক স্বাগতম জনাই ইংৰাজীতে কথা পাতিলে।

 মৃণালৰ পৰা অৱশ্যে তেওঁ যিমান পাৰে আঁতৰি আঁতৰি থাকিল।

 তেওঁৰ অভিমান হ’ল তাৰ ওপৰত।

 ইমান চিনি নাপালেনে তেওঁ পুতেকক! নিজৰেই পুতেকক!

 তথাপিও, তেওঁ তাৰ ওচৰত হাৰ মানিবলৈ প্ৰস্তুত নহ’ল।

 তেওঁ ততাতৈয়াকৈ বিয়াৰ আয়োজন কৰিলে : চাৰি দিনৰ ভিতৰতে পেণ্ডেল সাজু। চিনাকি সোণাৰীৰ পৰা এসপ্তাহৰ নটিচত সোণৰ অলঙ্কাৰ আনি মানুহজনীৰ হাতত তুলিও দিলেহি।

 মানুহজনীয়ে এসোঁতা কান্দিলে। অৱশ্যে, লুকাই লুকাই, চৌধুৰীক নেদেখুৱাকৈ। তেওঁৰ মনৰ ভাবটো হ’ল, এতিয়া মানুহজনক দুৰ্বল কৰি তুলিলে নহ’ব। অনুষ্ঠানটো হৈ যাওক।

 য’ত যিমান চিনাকি মানুহ আছিল চৌধুৰীয়ে নিজেই গৈ গৈ নিমন্ত্ৰণ কৰি আহিলগৈ। কিছুমানক ফোনেৰেও মাতিলে।

 নাই নাই বুলিও তিনিশ মানুহ গোট খালে। হৈ গ’ল বিয়া।

 তাৰ পিছত আৰু মামনক লৈয়েই ঘৰখন। [ ৭৫ ]  পিছে, ছমাহেই নহ’ল নেকি, এদিন তাইৰ বাবেও আহিল এটা প্ৰস্তাৱ।

 ল’ৰাৰ মাক-দেউতাক নিজেই আহিল।

 অৱস্থাপন্ন পৰিয়াল। ল’ৰাও প্ৰতিষ্ঠিতই। কলেজ এখনৰ প্ৰফেছৰ।

 তাতে, একমাত্ৰ ল’ৰা। আগলৈ পিছলৈ দায়-দায়িত্ব বুলিবলৈ নাই বুলিবই পাৰি। ইফালে, মাক দেউতাকৰ নিজৰে চাকৰি আছেই।

 ঠিকেই আছে। ভালেই। বেয়া বুলিবলৈ তেনেকৈ একো চকুত নপৰিল।

 ৰৈ থকাৰ কাৰণেই নাছিল। গতিকে, তিনিমাহৰ নটিচত বিয়াখন হৈ গ’ল। কন্যাদানৰ দায়িত্বৰপৰাও তেওঁ মুক্ত হৈ পৰিল।

 এতিয়া আৰু কৰিবলৈ একোৱেই নাথাকিলগৈ।

 অৱশ্যে, চাকৰিটো আছে। সময়খিনি কাট্ খাব।

 ঘৰখন কিন্তু খালী হৈ গ’ল। নিজান নিজান হৈ পৰিল।

 হাঁহি-খিকিন্দালিবোৰ নাইকিয়া হৈ গ’ল।

 মাত-কথাবোৰ নাইকিয়া হৈ গ’ল।

 অৱশ্যে, হোৱাই-নোহোৱাই টি.ৱি.টো চলি থাকিল।

 ঘৰ এখনক সজীৱ কৰি ৰাখিবৰ বাবে ই যে শেষ উপায়!

 চৌধুৰী অফিচলৈ গ’লে চৌধুৰীয়নী অকলেই আৰু!

 অৱশ্যে, আগতেও তেওঁ তেনেকৈয়ে থাকে। তথাপি, নিৰ্দিষ্ট সময়ত আহি “অ’ মা!” বুলি মাতষাৰ মাতিবলৈ ল’ৰাটো আছিল, ছোৱালীজনী আছিল।

 গতিকে, দিনটোৰ চাৰি-পাঁচ ঘণ্টা সময় অকলে থাকিলেও তেওঁৰ অকলশৰীয়া লগা নাছিল।

 কিন্তু এতিয়া?

 নিজান! নিস্তব্ধ! গহীন গহীন!

 মানুহজনী যেন শুকাই খনাই গৈছে।

 হয়তো, খাবলৈ ব’বলৈয়ো বৰকৈ মন নকৰা হৈছে।

 বয়সতো ইমান এটা হোৱা নাই। কিমাননো হ’ব আৰু? পঞ্চাচ।

 ওঁহো! আঠচল্লিশ, উনপঞ্চাশ। তেনেকুৱাই হ’ব।

 চৌধুৰীৰ চিন্তা হ’ল। বেয়াও লাগিল।

 দেহী ঐ! কিমান কি আশা কৰি বিয়া হৈছিল চৌধুৰীৰ লগত!

 এখন ভৰাঘৰ হ’ব! সুখ-শান্তি হ’ব!

 হৈছিলো নহয়। নোহোৱাকৈতো থকা নাছিল। কিন্তু, সময়ৰ সোঁতত সব উটি-ভাঁহি গুচি গ’ল। তেওঁ কাকো ধৰি ৰাখিব নোৱাৰিলে। [ ৭৬ ]  শেষত, গৈ থৈ গোটেইখন অসাৰ সংসাৰহে হ’লগৈ।

 এতিয়া, মানুহজনীৰ মনটো ভাগি নাযাবৰ বাবে কিবা এটাতো কৰিব লাগিব। কিন্তু, তেওঁ কৰিবনো কি?

 তাতে টি.ৱি.টোতো কি কি যে খবৰ কিছুমান আহি থাকে!

 কেতিয়াবা দেখিবা, কোনোবা বুঢ়ামানুহ এজনক কোনোবা স্বেচ্চাসেৱী সংগঠনৰ সদস্যই ফুটপাথৰপৰা তুলি নিছে কোনোবা বৃদ্ধাশ্ৰমলৈ।

 সাংবাদিকৰ কেমেৰাৰ সমুখত বৃদ্ধই কান্দি উঠিছে।

 দুটাকৈ প্ৰতিষ্ঠিত পুতেক! নগৰত অট্টালিকা! গাইপতি গাড়ী-মটৰ!

 তথাপিও, বুঢ়াৰ বাবে অকণো ঠাই নহ’ল সিহঁতৰ ঘৰবোৰত।

 আকৌ, বুঢ়া নিজেও আছিল হেনো চাহ বাগান এখনৰ মেনেজাৰ!

 প্ৰাচুৰ্য্যৰ মাজত জীৱন কটোৱা মানুহ।

 অথচ, কি মানুহ কি হৈ গ’ল!

 আকৌ, কেতিয়াবা দেখিবা, এজনী বুঢ়ীমানুহক পুতেকে দূৰ-দূৰণিৰ বাটত এৰি থৈ গৈছে। ৰাইজে পাই উদ্ধাৰ কৰি নি থৈছেগৈ কোনোবা বৃদ্ধাশ্ৰমত।

 টি.ৱিত ৰাইজৰ সাংঘাতিক প্ৰতিক্ৰিয়া!

 পুত্ৰৰ বিৰুদ্ধে ৰাইজ জাগি উঠিছে।

 ইপিনে, পত্নীসহিতে পুত্ৰই কৰিছে পলায়ন!

 কৰা, এতিয়া কি কৰা!

 এদিন অৱশ্যে, আন এটা আলোড়নকাৰী খবৰ আহিল।

 এজনী কন্যা শিশুক মাতৃয়েই ফুটপাথত পেলাই থৈ গুছি গৈছে!

 কোনোবা নিঃসন্তানে তুলি নিছে।

 এইবোৰনো খবৰনে? এইবোৰ খবৰে কাৰ কি উপকাৰ কৰিব?

 কৰিলে, অপকাৰহে কৰিব। মানৱীয় সম্পৰ্কবোৰ দূষিতহে কৰিব।

 অন্যৰ কি হয় তেওঁ ক’ব নোৱাৰে, কিন্তু এইবোৰ খবৰে চৌধুৰীয়নীৰ মন যে ভাঙি দিব সেইটো চৌধুৰীয়ে অনুমান কৰিছে আৰু তেওঁ ভয় খাইছে।

 চৌধুৰীৰ মনটোও যে মাজে মাজে নকঁপে, এনে নহয়, কঁপে।

 ল’ৰাতো গলেই। ছোৱালীওতো গ’লেই। থাকিলনো কোন আৰু?

 তথাপিও, তেওঁ ইমান এটা ভাগি পৰা নাই।

 ব্যস্ততা আছে যে! চাকৰিটো আছে যে!

 কিন্তু, চৌধুৰীয়নী?

 বহুত কথা চিন্তা কৰি চৌধুৰীয়ে স্বেচ্চা-অৱসৰ ল’লে। [ ৭৭ ]  মানুহজনীক লগ দিব লাগে। মানুহজনীক বচাই দিব লাগে।

 কিন্তু, কিমান আৰু ঘৰতে সোমাই থাকিব তেওঁ? আমনি লাগে নহয়।

 এবাৰ ভাবিলে, এই কথাই কথা নহয়, অলপ ফুৰিবও লাগে। দেশখন চাব লাগে। উত্তৰ ভাৰতখনকে চাব লাগে। দিল্লী, আগ্ৰা, লক্ষ্ণৌ, হৰিদ্বাৰ আদি কৰি য’ত যি আছে এবাৰ গৈ চাই আহিব লাগে।

 কথা মতেই কাম। মৃণাললৈকো খবৰ এটা পঠিয়ালে।

 কিন্তু, সি কিবা ট্ৰেইনিঙত থকাৰ বাবে লগ দিবলৈ অসুবিধা হ’ল।

 মামনকো খবৰ এটা দিছিল। কিন্তু, তাইৰো আক’ অসুবিধা।

 জোৱাইৰ বোলে কিবা আক’ ফিল্ড ষ্টাডি আছে। ব্যস্ত।

 হ'ব। কথা নাই। তেওঁলোকে নিজেই যাব পাৰিব।

 প্ৰায় এমাহৰ কাৰ্য্যসূচী সামৰি, তেওঁলোক ঘূৰি আহি পদুলিমুখত অট’ৰিক্সাৰ পৰা যেতিয়া নামিলহি তেতিয়া তেওঁলোকলৈ ৰৈ আছিল কেৱল আশ্চৰ্য্য! মানে, গেইটৰ সমুখত গোবৰ, বাৰীত এজাক গৰু, ঘৰৰ দুৱাৰ খোলা।

 এক উৎকণ্ঠিতমন লৈ যেতিয়া তেওঁলোক ঘৰত সোমালগৈ তেতিয়াতো হাহাকাৰ পৰিস্থিতি।

 আলমিৰা খোলা! ডিভানখন খোলা! কাপোৰ-কানিবোৰ লণ্ডভণ্ড!

 এইবোৰ কি? কোনে কৰিলে এইবোৰ?

 মানুহজনীয়ে বলকি আহিল, মই কৈছিলোঁ নহয়, ঘৰখন এৰি নাযাওঁ বুলি, আপুনিহে নামানিলে। এতিয়া যে চোৰে গোটেইখন তহিলং কৰিলে!”

 অথচ, সেইজনী মানুহেই শেষত এনেকৈ ঘৰখন এৰি...!

 “বল, ব’ল! ঘৰলৈ ব’ল! এইবোৰ কথা ৰাস্তাত নহয়।”

 কোনোবা পথচাৰীৰ মুখৰ কথাষাৰ হঠাৎ উফৰি আহি চৌধুৰীৰ কাণত পৰিলহি। লগেলগে, তেওঁৰ কান্দো কান্দো যেনেই লাগিল।

 সব মানুহ এসময়ত ঘৰলৈ যায়, কিন্তু আজি তেওঁ আছেহি ক’ত?

 তেওঁৰ ওঁঠযুৰি বিকৃত হৈ গ’ল। চকুহাল চলচলীয়া হৈ গ’ল।

 ৰুমালেৰে চকুযুৰি মহাৰি লৈ তেওঁ স্বাভাৱিক হ’বলৈ চেষ্টা কৰিলে।

 গাটো অলপ লৰাই কৰিও বহি ল’লে।

 একাপ চাহ পোৱা হ’লে!

 নাই, ইয়াত ক’ত চাহ-তাহ পাব আৰু ইমান সময়ে সময়ে!

 থাকিব লাগিব আৰু এনেকৈয়ে।

 বাহিৰলৈ চাই থাকোঁতেই কোন টলকত তেওঁ আকৌ অন্যমনস্ক হৈ [ ৭৮ ] পৰিল নিজেই ধৰিব নোৱাৰিলে।

 চোৰে কি নিলে, কি থ’লে সেইবোৰ পিছৰ কথা, কিন্তু, থানাততো খবৰ এটা দি থ’ব লাগিল। এইটোৱেইতো নিয়ম।

 মুখ-হাতকেইটা ধুইয়েই তেওঁ গ’ল থানালৈ।

 লগত তিনিটা কনষ্টেবল লৈ আহিল এটা হাবিল্ডাৰ।

 নিয়ম মাফিক দুই এটা বস্তু চাই চৌধুৰীলৈ বুলি এৰিলে এটা পোন- পটীয়া প্ৰশ্ন, “আপুনি কাৰোবাক সন্দেহ কৰে নেকি?”

 চৌধুৰীৰ চিধা কথা, ’নকৰোঁ’।

 বচ, তদন্ত আগেই নাবাঢ়িল।

 কিন্তু, কি অবিশ্বাস্য কথা! পুলিচ যোৱাৰ ক্ষন্তেক পিছতেই এজন চুবুৰীয়াই চৌধুৰীকতো আচৰিত কৰি দিলেহি। গেইটৰ সমুখত তেওঁ আহি পোৱাৰে পৰা তেওঁৰ ছাঁৰ দৰে লাগি থকা মানুহজনে বহুত দেৰি চুচুক-চামাক কৰি থাকি এসময়ত নিজকে আৰু ধৰি ৰাখিব নোৱাৰিলে।

 “ছাৰ! আপুনি বাৰু মোকেই সন্দেহ কৰিছে নেকি?”

 বচঃ জোলোঙাৰ মেকুৰী ওলাইয়েই গ’ল। আৰুনো কি প্ৰমাণ লাগে?

 কিন্তু, ওলালেই যেনিবা অপৰাধীটো, কৰেনো কি তেওঁক?

 ওলাওতে সোমাওতে দেখি থকা মানুহ। কথাতে কয়, ওলায়েই দেখিবা যাক, শত্ৰু নাভাবিবা তাক। গতিকে, থাকিল আৰু। বাদ দিলে তেওঁ।

 আচ্ছা, সেইটো বাৰু চোৰেই, কিন্তু মৃণাল?

 তাক তেওঁ কয় কি বুলি?

 মৃণালৰ মুখখনৰ বিভিন্ন ৰূপ তেওঁৰ চকুৰ সমুখত ভাহি উঠিল।

 সেই সৰুকালৰ নিৰ্দোষ, সৰল মুখখন, ডেকাকালৰ উজ্জল মুখখন, বিয়াৰ পিছৰ গহীন মুখখন, মাটি বেচাৰ কথা কোৱাৰ সময়ৰ হাঁহিভৰা মুখখন।

 আজি বাৰু সি দেখিবলৈ কেনেকুৱা হৈছে?

 “এহ্ যাঃ বাদ দিয়া এইবোৰ কথা! কি লাভ তাৰ কথা ভাবি?”

 তেওঁ দৃঢ় হ’বলৈ চেষ্টা কৰিলে।

 এবাৰ তেওঁ দুৱাৰখনৰ ফালেও চালে। একাপ চাহ পোৱা হ’লে!

 আজি মানুহজনী থকা হ’লে!

 লগেলগে তেওঁ কিছু দুৰ্বল হৈ পৰিল। তেওঁৰ চকুৰ সমুখত এইবাৰ ভাঁহি উঠিল মানুহজনীৰ মুখখন। ক’ত যে হেৰাই গ’ল বেচেৰীজনী!

 এদিন মানুহজনীয়ে কৈছিল, যি হ’ল হ’ল আৰু। এতিয়া বেলেগ কথাহে [ ৭৯ ] পাতিব লাগে।’

 বেলেগ কথা মানে, মামনৰ গা বেয়া কৰিছিল। খবৰ আহিছিল।

 আকৌ, ঘৰ-দুৱাৰ বন্ধ কৰি দুয়ো পালেগৈ তাইৰ ঘৰ। চোৰ আহিলেও আহিব, নিলেও নিব কি পায়। নহ’লে আৰু, চোৰ ৰাখি বহি থাকিলেহে হ’ব।

 নাতিল’ৰাৰ মুখখন চায়েই চৌধুৰী উভতি আহিল! যিমানেই যি ভাবক, চোৰৰ হাতত ঘৰখন এৰি গৈ তেওঁৰ একেবাৰে ভাল লগা নাছিল।

 চৌধুৰীয়নী পিছে থাকি আহিল।

 নাতিক একেবাৰে সূৰ্য্য়-দৰ্শন কৰাইহে আহিব বোলে।

 এদিন, চৌধুৰীয়নীও আহিল। কথা-বাৰ্তাবোৰ আৰম্ভ হ’ল।

 বেলেগ কথানো কি ওলাব আৰু! খালি, নাতিটোৰ কথাই!

 তথাপিও, মানুহজনী যে সজীৱ হ’ল সেইয়াই বহুত।

 নহ’লে চৌধুৰীৰতো চিন্তাই হৈছিল।

 পিছে, ভাল দিনবোৰ বেছিদিনলৈ নচলিল। চৌধুৰীয়নী এদিন বাথৰূমতে পিচল খাই পৰি গ’ল। ওপৰলৈ মুখখন দি পৰিল। মূৰ ফাটি গ’ল।

 লগেলগেই অজ্ঞান হৈ পৰিল।

 ইফালে, চৌধুৰীয়ে ক’বই নোৱাৰে। বহুত দেৰিৰ পিছত তেওঁ নিজে বাথৰূমত সোমাব খোজোতেহে কথাটো ধৰা পৰিল।

 কথাটোতো সাংঘাতিক! পিছে, তেওঁ অকলে কৰে কি?

 বাহিৰলৈ ওলাই আহি যাকে পালে তাকে তেওঁ মাতিলে।

 তেওঁৰ ভাগ্য ভাল আছিল যে সেই সময়তে মিস্ত্ৰী এজনো আহি ওলালহি। মৰিয়াই খটিয়াই দুৱাৰখন ভাঙিলে। মানুহজনীক উলিয়ালে।

 তাৰ পিছত এই ডাক্তৰ মাতা, এই গাড়ী মাতা। মানে, হুলস্থূল আৰু!

 এম্বুলেন্স এখন আহিল। চিধা নাৰ্চিং হোম। একেবাৰে আই-চি-ইউ।

 পূৰা সাতদিনৰ ব্যাপাৰ! দৌৰা-দৌৰি! উৎকণ্ঠা! চিন্তা!

 ইফালে, মৃণালে একো ক’বই নোৱাৰে। খবৰেই দিয়া নহ’ল তাক।

 দিওঁনো কি লাভ? ক’তনো আহি পাবহি! আহিলেওনো কৰিব কি?

 হ’ব। ভাল হৈ লওঁকচোন প্ৰথমে। পিছতো, খবৰটো দিব পৰা হ’ব।

 চৌধুৰীয়ে আশা এৰি দিয়া নাছিল।

 মামন পিছে আহি ওলালহি। ইপিনে, তাইৰো কোঁচত কেঁচুৱা৷

 চৌধুৰীৰ তাইলৈ বেয়া লাগিল।

 “হ’ব আই, তই যাগৈ! মই পাৰিম।” [ ৮০ ]  মামন যোৱাৰ পিছত কিন্তু তেওঁৰ বেছিকৈহে অকলশৰীয়া লাগিবলৈ ধৰিলে। মনটো কিবা দুৰ্বল যেন লাগিল।

 তাতে, নাতিটোৱেও তেওঁক যথেষ্ট আৱেগিক কৰি তুলিলেহি।

 দেহী ঐ! নাতিটোক আজি মানুহজনীয়ে দেখা হ’লে!

 পিছে, লাভ একো নহ’ল।

 সাতদিনৰ পিছত ডে’ডবডীহে ওলাই আহিল আই-চি-ইউৰ পৰা।

 লগতে আহিল বিল। একলাখ একাৱন্ন হাজাৰ টকাৰ বিলখন!

 মৃণালক খবৰ দিয়া হ’ল।

 সি আহিল সপৰিয়ালে।

 মামনো উভতি আহিল। লগতে, জোৱাই, বিয়ৈ, বিয়নী সকলো।

 টকা পইচা ডাঙৰ কথা নহয়, কিন্তু মানুহজনী হেৰাই গ’ল।

 অকলশৰীয়া হৈ গ’ল চৌধুৰী। খালী হৈ গ’ল ঘৰখন!

 চৌধুৰীৰ পিছে ভাব হ’ল, মানুহজনী বাথৰূমতে ঢুকাল। লগেলগেই ঢুকাল। নাৰ্চিং হোমত মাথোন নাটকহে কৰিলে। কেৱল, পইচাৰ লোভত!

 নাপায় দেই, মানুহ ইমান নীচ হ’ব নাপায়।

 আজি, ইমান দিনৰ পিছতো চৌধুৰীৰ মুখত থুই ওলাই গ’ল। ছিঃ

 হঠাৎ, ধমকৈ শব্দ এটা হোৱাত তেওঁ উচপ খাই উঠিল।

 ডিঙিটো হলাই তেওঁ কিনো হৈছে বুলি চাবলৈ চেষ্টা কৰিলে।

 একো দেখা নাপালে।

 জা-নো ক’ত কি ফুটিল! ফট্কা চট্কা চাগে।

 এহ বাদ দিয়া! কিবা হ’লে টি.ৱিত দিবই নহয়। ভাবি কি লাভ?

 বিশেষ একো নাভাবি তেওঁ গা-টো অলপ ইফাল-সিফাল কৰি ল’লে। গ্ৰীলৰ ফুটাৰ পৰা ভৰি দুটা উলিয়াই আনি এইবাৰ তেওঁ মজিয়াত ৰাখিলে।

 এতিয়া আৰাম লাগিল।

 একাপ চাহো পোৱা হ’লে!

 চাহৰ কথা ভাবোতেই আকৌ মনলৈ আহিল মানুহজনীৰ মুখখন।

 কেনেকৈ যে হেৰাই গ’ল মানুহজনী!

 মানুহজনীৰ মৃত্যুৰ পিছত তেওঁৰতো হাহাকাৰ অৱস্থা হৈছিল।

 গোটেইখন নিমাওঁ মাওঁ। নিজান! নিস্তব্ধ!

 যেন, মৰুভূমিহে। যেন মৰিশালীহে।

 মাত কথাৰ ‘ম’ টোও নাইকিয়া হ’ল। [ ৮১ ]  আনকি, টি.ৱি.টোও নবজা হ’ল।

 আৰে’ বজাব কোনে? ঘৰখনত আছে কোন?

 ঘৰখনত থাকিবলৈ তেওঁৰ একেবাৰেই ভাল নলগা হ’ল।

 ইমান নিজান! ইমান নিস্তব্ধ!

 তেওঁৰ এনে লাগিবলৈ ধৰিলে, এই যেন পৰ্দা ঠেলি মানুহজনী ওলাই আহিব, এই যেন তেওঁক একাপ চাহ দিব, এই যেন বজাৰৰ বেগটো আগবঢ়াই দি ক’ব, ‘পাচলি চাচলি একো নাই দেই! বজাৰৰ পৰাই আহকগৈ নেকি!

 কিন্তু নাই। কোনো নাই। একো নাই। সব উদং!

 নাই নাই, এনেকৈ তেওঁ থাকিব নোৱাৰে। অইনৰ কথা তেওঁ ক’ব নোৱাৰে, কিন্তু তেওঁ যে নোৱাৰে, খাটাং। তেওঁ ইমান উদাসীন হ’ব নোৱাৰে। তেওঁ পাগল হৈ যাবলৈকো আছে। পাই হেৰুওৱাৰ দুখ সহ্য কৰা টান।

 কিন্তু, তেওঁ কৰেনো কি বাৰু?

 বিকল্প মাথোঁ দুটাই আছে : এটা মৃণাল আৰু আনটো মামন।

 তাতো অৱশ্যে, অসুবিধা নথকা নহয়।

 মৃণাল আছেগৈ দূৰৈত। বহু দূৰৈত!

 তাতে, তাৰ ভাড়াঘৰহে। সৰু ঘৰ! মাত্ৰ দুটা কোঠাহে হেনো।

 আকৌ, তাৰ পৰিয়ালো বাঢ়িল। ল’ৰা-পোৱালি এটাও আছে নহয়।

 ইপিনে, মামনতো বিয়া দিয়া ছোৱালী।

 জোৱায়েও বা কি ভাবে, কি কয়?

 তাতে, তাইয়ো নতুনকৈ মাক হৈছে।

 তাইকে সহায় সাৰথি এটা লাগেহে।

 তাই অকলে অকলেনো কিমান কি কৰিব।

 কিমাননো বয়স হৈছে তাইৰ!

 আচলতে, তাইক প্ৰয়োজন হৈছিল মাকজনীৰহে, বুঢ়া দেউতাকটোৰ নহয়। বুঢ়া মানুহবোৰো আচলতে কেঁচুৱায়েই। সঁচা কথা ক’বলৈ হ’লে, দুটা কেঁচুৱাৰ জঞ্জাল সামৰিবলৈ তাইৰ অসুবিধাহে হ’ব।

 কথাটো তেওঁ নিজেই বুজি পায়। আনে বুজাই দিবই নালাগে।

 পিছে, চৌধুৰীয়ে চিন্তাটো কৰিবলগীয়া নহ’ল। মামনে নিজেই তেওঁক লগত লৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়ালে। কথাটোত মৃণালেও সন্মতি জনালে।

 “কেইদিনমান তোৰ লগতে ৰাখচোন বাৰু! মইয়ো চাওঁচোন, কি কৰিব পাৰো। মানে, ফ্লেট এটা চাইছোঁ। ল’ব পাৰিলেই দেউতাক লগতে লৈয়েই যাম [ ৮২ ] আৰু! নহ’লে, কি কৰিব তেখেতে ইয়াত অকলে অকলে?”

 এইবোৰ মানুহজনীৰ আদ্য-শ্ৰাদ্ধৰ পিছৰ কথা।

 ৰভা-পৰলা ভঙাৰ পিছত এদিন ৰাতিৰ ভাতসাজ খাবলৈ বুলি ডাইনিং টেবুলত বহি থাকোঁতেই সিহঁতে পতা কথা।

 তেওঁৰ ভালেই লাগিল।

 হওক তেও, ল’ৰা-ছোৱালীহাল ঠিকেই আছে।

 তেওঁৰ কথা চিন্তা কৰিছে।

 এনেকৈ হ’লে তেওঁ ইমান দুৰ্ভগীয়া নহয়।

 পিছদিনা, মৃণাল আৰু জোৱায়ে নিজেই ঘৰৰ দুৱাৰ-খিৰিকিবোৰ বন্ধ কৰিলে। তাৰ পিছত, অতি দৰকাৰী আৰু মূল্যবান বুলি ভবা বস্তু কেইটামান বেগ কেইটামানত ভৰাই লৈ তেওঁ উঠিলগৈ জী-জোৱাইৰ গাড়ীত।

 মৃণালহঁতেও তেওঁক আগবঢ়াই দিবলৈ বুলি লগতে ওলাল!

 আৰম্ভ হ’ল তেওঁৰ জীৱনৰ এক নতুন অধ্যায়।

 কিমান দীঘলনো আছিল এই অধ্যায়!

 ছমাহমান নহ’লেই নেকি! মামনৰ ঘৰতে এদিন ওলালহি মৃণাল।

 লগত, বোৱাৰী আৰু নাতি।

 ঘৰখন ভৰি গ’ল। চৌধুৰীৰ মনত ভাল লাগি গ’ল। ওঁঠৰ কোণত হাঁহি এটা ওলমি ৰ’ল। তাতে, পো-নাতিৰ মুখত প্ৰথমবাৰৰ বাবে তেওঁ শুনিবলৈ পালে এটা নতুন সম্বোধন, ‘ককা!’

 আদ্যশ্ৰাদ্ধৰ সময়ত তাৰ মাত ফুটাই নাছিল। এইবাৰ হয়তো মৃণালে তাক শিকাই আনিছিল। দেউতাকৰ মনটো ভাল কৰি ৰখাৰ বাবে তাৰ চিন্তা আছিল, দায়িত্ব আছিল। সি দায়িত্ব বুজা ল’ৰা।

 দেউতাকক লগত লৈ গোটেইকেইটাই দুদিনমান ফুৰিলেও।

 শিৱসাগৰখনো চাই আহিলগৈ। নাজিৰাৰ পুৰণি ঘৰখনতো পাক এটা মাৰি আহিলগৈ। ওভতাৰ বাটত চৌধুৰীৰ শৈশৱৰ বন্ধু হেমকান্ত মহন্তৰ ঘৰতো এপাক সোমাই আহিল। তাহানি তেওঁ পঢ়া স্কুলখনো চাই আহিল।

 তেওঁৰ মনটো অলপ ভাল লাগিল। বহুত দিনৰ পিছত অন্ততঃ এপাক হ’লেও তেওঁ মুকলিকৈ ফুৰি আহিলগৈ।

 ফুৰি চাকি উভতি অহাৰ পিছত এদিন ৰাতি ভাতৰ টেবুলতে মৃণালে কথাটো উলিয়ালে : সি ফ্লেট এটা ল’ব। দেউতাকক লগতে লৈ যাব।

 নহ’লে, তেওঁ ইয়াত অকলে অকলে কি কৰিব। [ ৮৩ ]  কিন্তু, কথাটো হৈছে, তাৰ পইচাৰ অলপ টনাটনি হৈছে।

 পঞ্চাশ লাখমান টকা তাক লাগে।

 ইপিনে, তাৰ হাতত আছে মাত্ৰ ত্ৰিশলাখ মানহে।

 গতিকে, ইয়াৰ ঘৰ-মাটিখিনিকে বেচি...

 হঠাৎ, কাণৰ কাষতে মহ এটাৰ কোনকোননি শুনি তেওঁ এচাপৰ মাৰি দিলে। কিন্তু, মহটো নমৰিল। অলপ পিছত, আকৌ কোনকোন!

 তেওঁৰ এনে লাগিল, মাটিখিনি বেচাৰ কথাটো লৈ মৃণালেও যেন তেওঁৰ কাণৰ ওচৰত কোনকোনাইয়েই আছিল।

 অজানিতেই, তেওঁৰ ওঁঠৰ কোণত হাঁহি এটা ফুটি উঠিল।

 এটা বিদ্ৰুপৰ হাঁহি।

 তেওঁৰ মনৰ ভাবটো নিশ্চয় এনেকুৱা, ‘ঠিকেই কৰিলি বোপাই! তই কোনো ভুল কৰা নাই।’

 আচলতে, মাটিখিনি বেচাৰ কথাটোত তেওঁ প্ৰথমে এটা ডাঙৰ ঢাক্কাই খাইছিল। কিন্তু, তেওঁ নিজকে চম্ভালি লৈছিল।

 অৱশ্যে, কথা এটা হয়ো, কি কৰিবলৈ এই ঘৰ-বাৰীখিনি?

 ইয়াত থাকিব কোন? এদিন, গোটেইখন এৰাবাৰীহে হ’বগৈ।

 তাতকৈ, তাৰে যদি কিবা কামত আহে তেন্তে কিনো বেয়া হ’ব?

 কথাটো মিছাও নাছিল।

 চৌধুৰীৰ পুৰণি চিনাকি মাটিৰ দালাল এজনক কথাটো কোৱাৰ লগে লগে গ্ৰাহক এজনৰ যোগাৰ হ’ল। বহুত কেৰজেৰ কৰাৰ পিছত যেনিবা বিশলাখ টকাত মাটিখিনি বেচাৰ লেঠাটো মৰিল।

 মৃণাল অৱশ্যে বুজা ল’ৰা। ভনীয়েকক পৈতৃক সম্পত্তিৰ ভাগৰ পৰা সি বঞ্চিত নকৰিলে। দুইলাখ টকাৰ বান্দোল এটা তাইৰ হাতত তুলি দি সি আফচোঁচ কৰিলে, “তোক আচলতে আধাখিনিয়েই দিব লাগে, মই জানো।

 কিন্তু চা! ফ্লেটটো এতিয়াই কিনি নল’লে পিছত দাম আৰু বাঢ়িব।

 তেতিয়া, সমস্যা হ’ব।

 এতিয়া লেঠাটো মাৰি ল’ব পাৰিলে পিছে পৰেও তোক দিব পৰা যাব। নে, কি কৱ?

 তাইনো কি ক’ব আৰু!

 ককায়েকৰ প্ৰতি মৰম, কৃতজ্ঞতাত গোটেইজনী একেবাৰে পমি গ’ল।

 আনকি, তাইক দিয়াৰ ভাগৰে দহ হাজাৰ টকাৰ সৰু বান্দোল এটা [ ৮৪ ] অকণমানি ভতিজাকটোৰ ফুল-কোমল হাতত তাই তুলিহে দিলে, বোলে,

‘মিঠাই খাবা দেই, সোণটো মোৰ!’

 মৃণালে ’নালাগে, নালাগে!’ কৰিছিল। তাই কিন্তু নামানিলে।

 “হ’ব যাঃ তাকহে দিছোঁ। তোক দিয়া নাই নহয়।”

 চৌধুৰীয়ে নাহাঁহি নোৱাৰিলে। কি সুখ! কি শান্তি!

 এইয়াই হ’ব। অন্য একো নালাগে তেওঁক। মাথোঁ, ল’ৰা-ছোৱালীহাল এনেকৈ ভালে থাকিলেই হ’ব। ইহঁতহালৰ মৰম চেনেহ কমি নগ’লেই হ’ব।

 “হেৰি কৰ নহ’লে! মই ফ্লেট্ টোৰ লেঠা-পিঠাখিনি মাৰি লওঁ, তাৰ পিছতে এদিন আহি দেউতাক লৈ যামহি। এতিয়াই নিলে বয়-বস্তু সামৰোতে কৰোতে অসুবিধাহে হ’ব। গতিকে, এই কেইদিন দেউতা তোৰ লগতে থাকক!

 অসুবিধা নহয় চাগে? নে, তই কি কৱ?”

 মৃণালৰ কথা শুনি গোটেইজনী একেবাৰে জাঙুৰ খাই উঠিল।

 “কি অদ্ভুত কথা কৈছ অ’ তই!

 দেউতা মোৰ লগত থাকিলে মোৰ কি অসুবিধাটো হ’ব?”

 চৌধুৰীৰ মানে একেবাৰে ’হাঁহিমেই নে কান্দিমেই’, এনে লাগিল।

 এৰা, এইবোৰহে ল’ৰা-ছোৱালী! সব ল’ৰা-ছোৱালী ইহঁতহালৰ দৰে হোৱাহেঁতেন সেই দুৰ্ভগীয়া বুঢ়া-বুঢ়ীবোৰৰ খবৰ বাতৰিবোৰ নোলালেইহেঁতেন।

 মৃণালৰ ফ্লেট্ কিনাৰ খবৰটো আহিছিল। চৌধুৰীৰ ওঁঠৰ কোণেদি হাঁহি এটা সৰকি গৈছিল। মামনজনীয়েও আনন্দ কৰিছিল।

 জোৱায়েও মিঠাই দুটামান আনি সৰু-সুৰা পাৰ্টি এটা দিছিল।

 আনৰ সুখ-আনন্দ ভাগ ল’ব জনা মানুহ আছিল তেওঁলোক।

 সঁচাই কি যে মূৰ্খ আছিল তেওঁলোক!

 কি কথাটোত যে অঁকৰাৰ দৰে হাঁহিছিল, পাৰ্টি কৰিছিল!

 তাৰ পিছততো, কথাবোৰ তেওঁ ভবা মতে, আশা কৰা মতে নহ’ল।

 এদিন দুদিনকৈ এটা মাহ পাৰ হ’ল। দুটা মাহ পাৰ হ’ল।

 নাই, মৃণাল নাহিল। ফোনকল এটাও নহা হ’ল।

 এদিন, মামনে ফোন কৰিছিল। কিন্তু, বোৱাৰীয়েহে ফোনটো ধৰিলে।

 সি বোলে ফোনটো চাৰ্জত দি বজাৰলৈ ওলাই গৈছিল।

 সি আহিলে কথাটো ক’বলৈ কৈ তাই নিজৰ কামত লাগিল।

 বিশেষ চিন্তা নকৰিলে।

 হ’ব পাৰে। ফোনটো চাৰ্জত দি বজাৰলৈ যাবও পাৰে। [ ৮৫ ]  সেইটোনো কি কথা!

 কিন্তু, পিছততো সি ‘কলবেক’ কৰিব লাগিছিল।

 তাৰ পিছত, তাই মূঠতে চাৰিবাৰ কল কৰিছিল।

 সি কিন্তু ফোন ৰিচিভেই নকৰিলে।

 কি হৈছিল তাৰ? বেমাৰ আজাৰ নেকি আক’?

 হ’লেও, সিতো কথাটো ক’ব লাগিছিল।

 খবৰ এটাও দিব নোৱাৰাকৈনো সি বেমাৰত পৰিছিলনে?

 আচলতে, তাৰ বেমাৰেই হৈছিল। মনৰ বেমাৰ।

 বৰ বেয়া বেমাৰ এইটো। ই কলিজা খাই দিয়ে। জীৱন খাই দিয়ে।

 চৌধুৰীৰ তালৈ বেয়াই লাগিল।

 যিমানেই যি নহওঁক সি যে তেওঁৰ একমাত্ৰ পুতেক! বেচেৰাটো!

 পিছ মুহূৰ্ততে চৌধুৰীৰ অৱশ্যে হাঁহি এটাহে উঠিল।

 এটা বেকা হাঁহি। যেন, ক’ব বিচাৰিলে, ঠিকেই কৰিলি তই, বোপাই!

 পিছে, মামনে কৰিছিল কি? তাই আৰম্ভ কৰিলে মেছেজ দিবলৈ।

 নাই। তাৰো, একো সঁহাৰি নাপালে তাই। বেচেৰীজনী!

 কথা কাণ্ডবোৰ দেখি-শুনি চৌধুৰীৰ পিছে গা চেবাইছিল।

 তেওঁ ভবামতে, আশা কৰা মতে নহ’লগৈ দেখোন।

 মামনৰ চকুলৈ চাবলৈ তেওঁৰে বেয়া লগা হ’ল। তাই বা কি ভাবিছে?

 ভাবিছে নেকি যে তাইৰ ডিঙিতে বুঢ়া দেউতাকক ওলমাই থৈ মৃণাল অৱশেষত পলাল। পলাল!!

 বুঢ়া বাপেকটোৰ দায়িত্ব ল’বলৈ সি আহিব বুলি তাই ভাবিব পাৰিছে কেনেকৈ? তাক কি তাই ইমান অঁকৰা পাইছে! আঁকৰীজনী ক’ৰবাৰ!

 তাইতো তায়েই, চৌধুৰীৰ লাজ লাগিল জোৱায়েকৰ আগতহে।

 কিবা ভাবিছে জোৱায়ে? বুঢ়াকালত শহুৰেকৰ সমস্ত দায়-দায়িত্ব তেওঁৰ ওপৰতহে পৰিলগৈ বুলি মনে মনে ভয়ো নোখোৱাকৈ থকা নাই চাগে।

 এক মনোকষ্টৰ মাজত থাকি তেওঁ সময়বোৰ পাৰ কৰিবলৈ ধৰিলে।

 অসহ্য! অবৰ্ণনীয় এক অনুভূতি!

 ইফালে, হাত প্ৰায় খালী। সম্পত্তি বেচা টকা-পইচা সব পুত্ৰ-কন্যাৰ হাতত সপি দি এতিয়া তেওঁ প্ৰায় দিগম্বৰেই হৈ পৰিল বুলিব পাৰি।

 অৱশ্যে, মাহিলি পেন্সনৰ টকাকেইটা পাই থাকিব।

 কিন্তু, কি ঠিক, এদিন সেইকেইটাৰ ওপৰতো সিহঁতৰ চকু পৰিব। [ ৮৬ ]  তেতিয়া? তেওঁ কাক বিশ্বাস কৰিব?

 সৰসৰকৈ ওলাই অহা চকুপানীখিনি ৰুমালেৰে মহাৰি লৈ তেওঁ ৰূম এটাত সোমাল। কিবা এটা কৰিব লাগিব। কৰিবই লাগিব।

 তেওঁ দুৰ্বল হ’লে নহ’ব। দুৰ্বল হ’লে হাৰি যাব।

 আৰু, হাৰিবলৈ যে তেওঁ কোনো কাৰণতেই প্ৰস্তুত নহয়।

 তেওঁ কাগজ কলম উলিয়াই ল’লে।

 “মৰমৰ মামন!

 মই আহিলো। মোক বিচাৰি অযথা কষ্ট নকৰিবি।

 অৱশ্যে, মই কোনো কাৰণতে আত্মহত্যা নকৰোঁ, ভয় নকৰিবি।

 জানমণিটোৰ যত্ন ল’বি! তাক আগলৈ মোৰ কথা কবি!

ইতি,

তোৰ দেউতা”

 তাৰ পিছত, কাকো মাত এষাৰো নলগোৱাকৈ তেওঁ ওলাই আহিল।

 প্ৰথমে, ৰেইলষ্টেচন। তাৰ পিছত, আৰম্ভ হ’ল এক অনিৰ্দিষ্ট যাত্ৰা।

 অৱশ্যে, তেওঁ লক্ষ্যহীন নহয়। তেওঁ হেৰাই যাবলৈ বিচৰা নাই।

 তেওঁ জীয়াই থাকিব, কিন্তু স-সন্মানে।

 এনেকৈ, লোকৰ হাতত লাঞ্চিত, বঞ্চিত, অপমানিত হৈ নহয়।

 কিন্তু, তেওঁ যাব কলৈ? কাৰ ওচৰলৈ?

 কোন আছে আজি তেওঁৰ বাবে আগ্ৰহেৰে বাট চাই?

 হাতত থকা পইচা-পাতি কেইটা শেষ হৈ যোৱাৰ আগতেই তেওঁৰ থকা-খোৱাৰ এটা ভাল ব্যৱস্থাতো হ’বই লাগিব, নহয় জানো?

 অৱশ্যে, কাঙালৰ দৰে নহয় দেই, স-সন্মানেৰে।

 নৃপতি পুৰুয়ে যেনেকৈ আলেকজেণ্ডাৰক কৈছিল, “ৰজাৰ দৰে!’’

 যেনেকৈয়ে নহওক, তেওঁতো এদিন এজন চৰকাৰী বিষয়াই আছিল।

 ভিক্ষাৰীতো নাছিল কোনোদিনেই।

 কিয়নো, তেওঁ এখন বৃদ্ধাশ্ৰমলৈকে নাযায়?

 অৱশ্যে, কথাটো মনলৈ অহাৰ লগে লগেই তেওঁৰ মনটো কঁপি উঠিল।

 যি বুলিয়েই কওক, সেইখনতো বৃদ্ধাশ্ৰম!

 কপৰ্দক শূন্য বুঢ়া-বুঢ়ীসকলৰ শেষ আশ্ৰয়!

 “নাযাওঁ, নাযাওঁ!” বুলি ভাবি থাকিও শেষত তেওঁ আহি ওলালহি এই আশ্ৰমখনত। তেওঁৰ মনত কিন্তু এক সংশয়। লগতে, এক অভিমানো। [ ৮৭ ]  অৱশ্যে, নিজৰ প্ৰতিহে। আনৰ প্ৰতি নহয়। লাভ কি?

 কিন্তু ই কি? ইয়াত যে তেওঁৰ বাবে ৰৈ আছিল এক বিস্ময়!

 স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে তেওঁৰ আগমন উপলক্ষে আয়োজন কৰিলে এক আদৰণি অনুষ্ঠানৰ। ডিঙিত গামোচা পিন্ধাই আদৰা হ’ল তেওঁক।

 চাহ-মেলৰো আয়োজন চলিল।

 এটা গীতো পৰিৱেশন কৰা হ’ল, ‘আমি একেখন নাৱৰে যাত্ৰী, সহযাত্ৰী একেখন নাৱৰে!’

 মনৰ এক আকস্মিক আনন্দ উত্তেজনাত তেওঁৱো প্ৰদান কৰিলে এক চমু ভাষণ। ভাষণৰ মাজতে সৰসৰকৈ ওলাই আহিল তেওঁৰ চকুপানী।

 অৱশ্যে, আনন্দৰ চকুপানীহে।

 তেওঁ যে আজিৰ পৰা অকলশৰীয়া নহয়, সেই বাবে।

 এজন এজনকৈ সকলোৰে লগত তেওঁ নিজেই চিনাকি হ’ল।

 সকলোখিনি তেওঁৰ প্ৰায় সমবয়সীয়াই হ’ব।

 চাৰি-পাঁচ বছৰৰ ইফাল সিফাল অৱশ্যে হ’ব পাৰে।

 গতিকে, তেওঁ পুৰুষসকলক ’ককাইদেউ’ আৰু মহিলাসকলক ’বাইদেউ’ সম্বোধনেই কৰিলে।

 সকলো একেটা পৰিয়ালৰেই সদস্য হৈছে। একেখন ঘৰৰে মানুহ।

 গতিকে, অন্য সম্বোধনৰ কথা তেওঁ ভাবিবও নোৱাৰিলে।

 গোটেই আবেলিটো অনুষ্ঠানটোৰ মাজতে কটাই অলপ পৰৰ আগতে তেওঁ ওলাই আহিছে বেলকনিলৈ।

 জোনাকখিনি ভাল লাগিছে। সঁচায়ে, সুন্দৰ জোনাক!

 হঠাৎ, তেওঁৰ অনুভৱ হ’ল, কোনোবা এজন যেন পৰ্দা ঠেলি সোমাই আহিছে। তেওঁ প্ৰায় উচপ খাইয়েই উঠিল, মানুহজনীয়েই নেকি আক’!

 নাই, নহয়। আবেলি চিনাকি হোৱা মহিলাগৰাকীহে।

 বগা শাৰী এখন পিন্ধি থকা বয়সস্থ মহিলাগৰাকী।

 “আহক বাইদেউ! বহক ইয়াতে!”

 “হ’ব দিয়ক।”

 চৌধুৰীয়ে টানি অনা চকীখনতে মানুহগৰাকী বহিল।

 মানুহৰ স্বভাৱেই হৈছে, চিনাকি হোৱাৰ পিছতেই ঘৰৰ কথা সোধা, পৰিয়ালৰ কথা সোধা, লাগিলে চিনাকিৰ স্থানখন বৃদ্ধাশ্ৰমেই নহওক কিয়!

 গতিকে, চৌধুৰীয়েও তাকে কৰিলে। [ ৮৮ ]  “এহ্ কিনো ক’ব বুইছেনে! ঘৰ-বাৰী সবেই আছিল মোৰ।

 মানুহজনো ডাক্তৰেই আছিল।

 ল’ৰাদুটাও ডাক্তৰ, আমেৰিকাত থাকে।

 ছোৱালীজনীও ডাক্তৰ।

 টাউনৰ ডাঙৰ ডাক্তৰ বুলিয়েই শুনিবলৈ পাওঁ।

 আমাৰ অঞ্চলৰ ৰাইজেতো মোক আদৰ্শ মাতৃৰ বঁটাও দিছিল।

 এতিয়া পিছে,......”

 “হ’ব দিয়ক, বাইদেউ! এতিয়া, এইবোৰ কথা নুলিয়াব।

 মনটো বেয়াহে লাগিব।

 বাৰু, কওঁকচোন! আপোনাৰ ইয়াত থাকি কেনে লাগিছে?”

 ভাল লাগিছে তেওঁৰ ইয়াত থাকি। কথা পাতিবলৈ লগ এটা পাইছে।

 নহ’লে, বয়সস্থ মানুহৰ এইটো এটা ডাঙৰ সমস্যা।

 অকলে অকলে থকাতো কিমান অসহনীয়!

 পাতিবলৈ যে কিমান কথা থাকে!

 কথা পাতি পাতি দুয়ো আপোন পাহৰা হৈ পৰিল।

 যেন, দুয়ো বহুদিনৰ চিনাকি। দুয়ো যেন পুৰণি বন্ধু!

 তাহানি কলেজত দুয়ো যেন একেলগে পঢ়িছিল।

 মাজতে, এৰাএৰি।

 এতিয়া যেন আকৌ লগ পাইছে কোনো এক বিয়াঘৰত!

 “এহ্ ইমান দেৰি কথা পতিলো, আপোনাৰ কথা একো নক’লেই দেখোন! কওকচোন আপোনাৰ ঘৰত কোন কোন আছে? নাতি-নাতিনী একা?”

 মহিলাগৰাকীৰ প্ৰশ্নটো শুনি চৌধুৰী উচপ খাই উঠিল।

 তেওঁৰ চকুৰ সমুখত ভাহি উঠিল মামনৰ কেঁচুৱাটোৰ মুখখন।

 তেওঁ তলৰ ওঁঠখন কামুৰি ধৰিলে। চকুযুৰিও চলচলীয়া হৈ আহিল।

 অজানিতেই ওলাই আহিল এক হুমুনিয়াহ।

 কেনেকৈ যে কিখন হৈ গ’ল!

 তেওঁ বাৰু গুচি আহিব নালাগিছিল নেকি এনেকৈ?

 হঠাৎ, কি যে সিদ্ধান্ত এটা লৈ পেলালে তেওঁ!

 “কি হল? একো নক’লে যে। বেয়া পালে নেকি?”

 মহিলাগৰাকীয়ে আফচোচ্ কৰিলে।

 নাই, তেওঁ বেয়া পোৱা নাই। তেওঁক আৱেগেহে দিগদাৰ কৰিছে। [ ৮৯ ]  কিন্তু, তেওঁ ইমান দুৰ্বল হৈ পৰিলে নহ’ব। সবল হ’ব লাগিব।

 নিজকে ইমান উলঙ্গ কৰি দিবতো নোৱাৰি।

 হাজাৰ হওক, তেওঁতো এজন অফিচাৰেই আছিল।

 কিন্তু, তেওঁ ক’ব কি?

 নিস্তেজ হাঁহি এটা মাৰি তেওঁ গাটো অলপ লৰচৰ কৰি বহিল।

 “ব’লক নহ’লে, একাপ চাহকে খাওঁ!”

 মহিলাগৰাকী যেন উচপ খাইহে উঠিল।

 হাঃ কি শুনিলে তেওঁ!

 সঁচায়ে শুনিলেনে?

 চৌধুৰীয়ে তেওঁকে কৈছেনে?

 কিমানদিনৰ পিছত তেওঁ পাইছে এনে এক প্ৰস্তাৱ!

 তাহানি, কলেজৰ দিনবোৰ এৰি অহাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ পালে এনে এক প্ৰস্তাৱ।

 পিছ মুহূৰ্ততে, তেওঁৰ মুখত বিৰিঙি উঠিল এটা হাঁহি।

 এটি উজ্জল হাঁহি!

 সেই হাঁহিটি তৎ মুহূৰ্ততে চৌধুৰীলৈয়ো সংক্ৰমিত হ’ল।

 পূৰ্ণিমাৰ সেই উজ্জল জোনাকত দুয়োৰে সেই হাঁহি মিলি গ’ল।

(ৰচনা কাল : অক্টোবৰ,২০১৪)

[ ৯০ ]

প্ৰতিধ্বনি

 তাহানি, প্ৰাথমিক বিদ্যালয়ত পঢ়িথকাৰ দিনত, প্ৰাকৃতিক দৃশ্য আঁকিবলৈ দিলেই চিধাই আঁকিবলৈ লৈছিলো এখনি বিশেষ ছবি : কেইশাৰীমান পাহাৰৰ ওপৰৰ ভগ্ন অংশ এটাৰে আধা ওলাই অহা ৰঙা বেলিটো, V আকৃতিত উৰি থকা কেইটামান চৰাই, এখনি একা-বেঁকা নৈ, তাতে নাৱৰীয়াৰে সৈতে এখন বা দুখন নাও, নাৰিকলগছ দুজোপামান!

 বেলেগ ধৰণৰ ছবিৰ কথা মনলৈ নাহেই দেখোন!

 লাহে লাহে বয়স বাঢ়ি আহিল, চিন্তা-ভাবনাবোৰো বেলেগ হ’ল।

 কিন্তু, প্ৰাকৃতিক দৃশ্য বুলি ক’লে আজিও সেই একেখন ছবিয়েই মনলৈ আহে। আজিও, বাহিৰলৈ ওলালেই হেঁপাহ পলুৱাই চাওঁ নীলা আকাশ খন, দূৰৰ সীমনাত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ থকা নীলা পাহাৰৰ শাৰীবোৰ, পাতলীয়া ডাৱৰত কাড়ৰ দৰে জিলিকি উঠা উদীয়মান বা অস্তায়মান বেলিটোৰ ৰঙচুৱা আভাখিনি, কেতিয়াবা আক’ জাক পাতি উৰি যোৱা চৰাইবোৰ!

 মইয়ো যেন লগতে গুচি যাম উৰি উৰি, কোনোবা দূৰ দিগন্তলৈ!

 সঁচায়ে, তাহানিৰপৰাই আকাশত উৰিবলৈ কিমান যে হেপাহ!

 এইবাৰ কিন্তু, স্কাইডাইভিং কৰিম বুলিয়েই গৈছিলো গেংটকলৈ।

 পিছে, শেষ মুহূৰ্তত সাহে নুকুলালে : কিজানিবা পৰি যাওঁ!

 মইতো চৰাই নহওঁ যে পৰি গ’লেও পাখি মেলি উৰি যাব পাৰিম!

 কৰ্ণ লিম্বুৰ কিন্তু সাহস আছে দেই! তেওঁতো সৌ এক কিল’মিটাৰমান ওখ পাহাৰটোৰ ওপৰৰ পৰা পেৰাচ্যুট পিন্ধি লৈ দিলে জপিয়াই, আৰু আমাৰ মেলা মুখ আৰু অমৰাগুটিৰ দৰেই ডাঙৰ ডাঙৰ হৈ পৰা চকুৰ সমুখতে ঠিক পাঁচমিনিটমানৰ পিছতে আহি উপস্থিত হ’লহি তলৰ ময়দানখনত।

 মইতো দস্তুৰমত আচৰিত, ভয় লগা নাছিলনে লিম্বুৰ!

 ‘প্ৰথমে, অলপ ভয় লাগিছিল হয়, কিন্তু ছোৱালীকেইজনীৰ আগত ভয় কৰি দেখুৱাবলৈ লাজ লাগিল যে!

 ওৱাহ ছোৱালী, ওৱাহ! সঁচায়ে, কি যে যাদু ইহঁতৰ!

 মাত্ৰ এটা বেঁকা চাৱনি আৰু এক অবোধ্য সংজ্ঞাৰ হাঁহিৰেই ইহঁতে যে [ ৯১ ] কিছুমান মানুহক কেনেকৈ দুৰন্ত সাহসী কৰি তুলিব পাৰে, আচৰিত!

 অৱশ্যে, মোৰ এটায়েই সান্তনা, নিজুওতো নুঠিল।

 মানে, তেওঁৰ ওজনটো জোখতকৈ বেছি হ’ল।

 ভাল বাচি গ’ল তেওঁ!

 নহ’লে, মোৰ দৰেই ভয়াতুৰ বুলি নিৰ্ঘাত বদনাম এটা পালেহেঁতেন।

 অৱশ্যে, কৰ্ণ লিম্বুৰ দৰে ছোৱালীৰ সমুখত লাজ পোৱাৰ কথা নিজু আৰু মোৰ নাই। বিবাহিত ব্যক্তি হিচাপে আমি দুয়োজনেই ছোৱালীৰ তালুৰ পৰা তলুৱালৈকে সবেই চিনি পাওঁ। ইহঁতৰ আগত লাজ কৰিবলগীয়া আমাৰ আচলতে একোৱেই নাই। কিন্তু, লিম্বুয়ে কৰিব। তেওঁ যে এতিয়াও অবিবাহিত।

 অৱশ্যে, বিয়া নকৰালেও তেওঁ হেনো ৰভাৰ তলত সোমাই পাইছে।

 পাব পাৰে, নাই পোৱা বুলি নকওঁ, কিন্তু হিচাপত ধৰিব নোৱাৰি যে!

 “লিম্বুৰ কথা বাদ দিয়ক, ছাৰ! নেপালী মানুহ, এনেয়ে সাহসী।”

 নিজুৱে অৱশ্যে ঠিকেই কৈছে যেন লাগিল।

 এবাৰ ভাবিলো, উৰিব যদি লাগেই তেন্তে হেলিকপ্তাৰতেই উঠোঁগৈ।

 ওপৰলৈ চালেই হেলিকপ্তাৰকে উৰি থকা দেখা পাইছোঁ।

 কথাটো মনলৈ অহাৰ লগে লগে নিজুৰ হাতত ধৰি টানিবলৈ ধৰিলো,

 “ব’লক না! যিমান পইচা লাগে ময়েই দিম, উঠো আৰু এবাৰ!”

 লগে লগে, ড্ৰাইভাৰলৈয়ো ফোন লগালো।

 বোলো, ব’লা ব’লা, দেৰি নকৰিবা, হেলিকপ্তাৰত উঠিবগৈ লাগে।

 নিজুৱে বোলে কিবা এটা খাইয়ো ল’ব লাগিছিল।

 কি ঠিক, তালৈ গৈ খাবলৈ পাওঁ বা নাপাওঁ! সময়ো বা কিমান লাগে!

 ঠিক আছে, ফাষ্ট ফুড খালে হ’ব? লিম্বুৱে বা কি কয়!

 হ'ব। মূঠতে, পেটটো ভৰি থাকিব লাগে। খালী পেটত ঠাণ্ডাও লাগে।

 হাতত বেছি সময় নথকাৰ বাবেই আমি ইমান খৰধৰকৈ খাবলৈ ধৰিলো যে আমাক লক্ষ্য কৰি থকা যিকোনো মানুহেই ভাবিবলৈ বাধ্য হ’ব যে আমি হয়তো বহুত দিন ধৰি খাবলৈ পোৱা নাছিলো। আমাৰ প্ৰতিজনেই মুখভৰ্তি খাদ্যখিনি চোবাই থকাৰ ৰূপটো সঁচায়ে আমোদজনক হৈ উঠিছিল।

 কিন্তু, হাঁহিবলৈকো আমাৰ হাতত তেতিয়া সময় নাছিল।

 সময়বোৰ যেন পিছল মাছৰ দৰেই আমাৰ হাতৰ পৰা সৰকি গৈছিল।

 টেক্সিত বহিয়েই ড্ৰাইভাৰক ক’লো, আন কথা বাদ, স্পিড দিয়া!

 ড্ৰাইভাৰে বোলে, দেখিছেই নহয় পাহাৰীয়া ঠেক ৰাস্তা। তাতে, একা [ ৯২ ] বেঁকা আৰু উঠা নমা। মাজে মাজে, ভূস্খলন আৰু পানীৰ প্ৰচণ্ড সোঁতৰ বাবে ভাগি যোৱা অংশবোৰতো আছেই! এফালে যদি ওপৰৰ পৰা শিল খহি পৰাৰ ভয়, আনফালে আক’ খৰস্ৰোতা পৰ্বতীয়া নৈত গাড়ী বাগৰি পৰাৰো ভয়।

 গতিকে, গিয়েৰ হয় এক নম্বৰ নহ’লে দুই নম্বৰতহে চলাব পাৰি।

 সেইমতে, স্পিডো খুউব বেছি বিশ বা ত্ৰিশ কিল’মিটাৰহে।

 হ’ব আৰু, উপায়তো নাই। যেতিয়া পাওঁগৈ, পাম আৰু!

 অগত্যা, বাহিৰলৈকে চাই চাই গৈ থাকিলো।

 শীতল বতাহত যেন ৰ’দ পুৱাই ৰৈ থকা সৌ সেউজীয়া পাহাৰবোৰ, অ’ত ত’ত গছভৰি ফুলি থকা ৰং-বিৰঙৰ ফুলবোৰ, চঞ্চলা গাভৰুৰ হাঁহিৰ দৰেই খিলখিলাই শব্দ কৰি ধাৰাষাৰে নামি অহা সৰু-ডাঙৰ জলপ্ৰপাতবোৰ, পাহাৰৰ খলপাবোৰত খাজে খাপে সজাই থোৱা ঘৰবোৰ। কি যে সুন্দৰ!

 মোৰ দৃঢ় বিশ্বাস, পৃথিৱীত যদি সঁচায়ে সৰগ আছে তেন্তে ইয়াতেই!

 আৰু, এইখন স্বৰ্গকে এতিয়া মই চামগৈ সৌ আকাশৰপৰা! আহ্..হা!

 “নহ’ব, বুইছে ছাৰ, হাতত বেছি সময় নাই। এতিয়াও দহ কিঃমিঃ মান যাবলৈ আছেই। ইফালে, চাৰিবজাত ফ্লাইং বন্ধ কৰে। কাইলৈ ওলাব!”

 কি! কি কৈছে ড্ৰাইভাৰে। এনেকৈ হ’লে দেখোন....

 “কি, ছাৰ, কি ভাবিছে?

 ঘৰ বাৰী বাদ দিয়ক নহ’লে, থাকিয়েই যাওক ইয়াতে!”

 নিজুৱে যেন মোৰ মনৰ কথাখিনিকে বেকত কৰি দিলে।

 লিম্বুৰো একেই ভাব-চিন্তা। পাৰিলে, যেন থাকিয়েই যায় ইয়াতে।

 তেওঁৰ গাঁৱৰে কিমান মানুহ ইয়াতে স্থায়ী বাসিন্দা হৈ পৰিলহি।

 এতিয়াওতো, আমি তেওঁৰ বায়েক-ভিনিহীয়েকৰ আৰিঠাঙৰ ঘৰতে আশ্ৰয় লৈছোঁহি, হোটেল-লজততো থাকিবলগীয়া হোৱা নাই।

 নহ’লে, আমাৰতো খৰচৰ আদি-অন্ত নোহোৱা হ’লহেঁতেন।

 এনেয়ো, পাহাৰীয়া নগৰবোৰত খৰচ-পাতি যথেষ্ট বেছিয়েই হয়।

 গাড়ী-গুৰাৰ ভাড়াও যথেষ্ট বেছি।

 কিন্তু, আমাৰে নিশ্চয় ভাগ্য ভাল হ’ল যে গেংটকৰ কুমাৰ গুৰঙে এদিন কইনা বিচাৰি গৈ উৰিয়ামঘাটৰ সুনিতা লিম্বুকে নিজৰ বুলি আঁকোৱালি ল’লেগৈ আৰু তাৰেই সুবিধা লৈ আজি আমি তেওঁলোকৰ ঘৰৰে এটা কোঠা সম্পূৰ্ণৰূপে দখল কৰি ল’বহি পাৰিছোঁ। যেন, ই মিতিৰ হোৱাৰে জৰিমনা!

 দখল কৰা বুলি কৈছোঁ যদিও প্ৰথমে কিন্তু কথাটো মোৰ মনত বে[ ৯৩ ] দখলতকৈ কম যেন লগা নাছিল। মানে, আমি যেতিয়া ঘৰখনত উপস্থিত হৈছিলোগৈ তাত গৃহস্থ নাছিল। গুৰুং ডাঙৰীয়া গৈছিল ভাইটিকা লগাবলৈ।

 গৃহস্থনীও গৈছিল কোনোবা বান্ধৱীৰ ঘৰলৈ, দুদিনমান থকাকৈ।

 কিন্তু, লিম্বুৱে আগতীয়াকৈ ফোনেৰে যোগাযোগ কৰি থোৱাৰ কাৰণে ঘৰৰ ওচৰৰ দোকান এখনতে গুৰুং ডাঙৰীয়াই দুৱাৰৰ ছাবিপাট দি থৈ গৈছিল।

 দোকানীজনৰ আগত লিম্বুৱে নিজৰ পৰিচয় দিয়াৰ লগে লগে যেনিবা ছাবিপাট তেওঁৰ হাতলৈ আহিল আৰু আমি নতুন এখন ৰাজ্য জয় কৰাৰ ভঙ্গীত বীৰদৰ্পে প্ৰৱেশ কৰিলোগৈ আৰিঠাঙৰ পাহাৰৰ ওপৰত থকা ঘৰখনত।

 আমাক বাধা দিবলৈ তেতিয়া তাত কোনোৱেই নাছিল।

 নাই যি নাই, মেকুৰী এটাও ঘৰখনত নাছিল।

 বিশেষ একো চিন্তা নকৰি ড্ৰয়িংৰূমৰ চোফাকেইখনতে হাত-ভৰি মেলি তিনিওজন বহি পৰিলো। আচলতে, শুইয়েই দিলো বুলি ক’ব পাৰি।

 ওৱাহ! ওৱাহ! ৰক্ষা দেই, জীৱনটো যেন ঘূৰি আহিছে।

 পাহাৰীয়া ৰাস্তা এক কিল’মিটাৰ বগোৱাটোও যে কি কষ্ট!

 সুদা মানুহটো হ’লেও বেলেগ কথা, কিন্তু পিঠিত গধুৰ বেগ একোটা লৈ খুপিখুপি পাহাৰ বগোৱাটো কি মুখৰ কথা!

 কৰ্ণ লিম্বুৰ কথা অৱশ্যে বেলেগ। শক্তিশালী তেওঁৰ দেহৰ গঠন।

 তাতে, খাদ্য-পাতিৰ কথাও আছে। তেওঁতো সম্পূৰ্ণ আমিষভোজী।

 ইফালে, নিজুতো মাছে-ভাতে বাঙ্গালী, মোৰ দৰে শাকাহাৰী নহয়।

 গতিকে, ভাগৰত মোৰ চকু মুদ খায়েই আহিল।

 কিমান দেৰি হৈছিল জানো, হঠাৎ অনুভৱ কৰিলো ভোক।

 ওৱাল ক্লকটোত দেখিলো, এক বাজিছে।

 গৃহস্থনী নথকা ঘৰখনত আপ্যায়নৰ আশা কৰাটো পৰ্বতত কাছকণী বিচৰাৰ দৰেই। জানো, ভালদৰেই জানো। তেন্তে, উপায়?

 “বাইদেৱে কৈছে, পাকঘৰত সব বস্তুৰ যা-জোগাৰ কৰি থোৱা আছে। খালি, নিজেই ৰান্ধি বাঢ়ি খাব লাগিব। কি কৰিব, ছাৰ?”

 লিম্বুৱে এই প্ৰশ্নটো নিজুক কৰা হ’লে কি উত্তৰ পালেহেঁতেন ক’ব নোৱাৰোঁ। কিন্তু যিহেতু মোকহে কৰা হৈছিল গতিকে উত্তৰটো স্পষ্ট। মানে, পাকঘৰত যিমান যি সুস্বাদু খাদ্য-সম্ভাৰেই থাকক লাগিলে, সেই সময়ত ৰন্ধা-বঢ়া কৰি এসাঁজ খোৱাৰ মানসিক প্ৰস্তুতি মোৰ হ’লে সমূলঞ্চে নাছিল।

 গতিকে, বিকল্প এটায়েই : ওলাই গৈ কোনোবা এখন ৰেষ্টোৰাতে.. [ ৯৪ ]  “কিন্তু এটা কথা, খাই-বৈ ইয়ালৈ উভতি নাহোঁ আৰু! হাতত এতিয়াও ছয়-সাত ঘণ্টা সময় আছে যেতিয়া বাহিৰে বাহিৰে ক’ৰবালৈ গুচি যাম।

 ইয়াত শুই-বহি জিৰাই থাকিবলৈ অহা নাই নহয়। নে, কি কয় ছাৰ?”

 এনেহেন প্ৰস্তাৱৰ বিৰুদ্ধেও কিবা এষাৰ ক’ব পাৰিনে?

 গতিকে, খৰধৰকৈ সাজু হৈ ওখ-চাপৰ ৰাস্তাৰে লিম্বুৰ পিছ ল’লো।

 মানে, এই অচিন, অজান দেশখনত তেওঁৱেই হ’ল আমাৰ ’গাইড’।

 অৱশ্যে, মাজে মাজে মই তেওঁক মিচগাইড বুলি কৈ জোকাওঁ দেই!

 কথাটোত তেওঁ বেয়া নাপায় যেনেই লাগে কাৰণ বয়সৰ ফালৰ পৰা তেওঁতো মোৰ বেটাৰ দৰেই। এতিয়া, বাধ্যত পৰিহে দোষ্ট বনাই লৈছোঁ।

 গৈ গৈ লাইটেৰে জিকমিকাই থকা ৰেষ্টোৰা এখনত সোমাই দিলোগৈ।

 ইউনিফৰ্ম পিন্ধা ওৱেইটাৰ এজন আহি মেনু এখন দি গ’ল।

 কোনে বা কি খায়! মইতো নিৰামিষেই খাম, চিধা কথা।

 শেষত, দুই প্লেট মাংস-ভাত আৰু এক প্লেট নিৰামিষ খানাৰ দামটো কোনে দিব তাকে লৈ কৰ্ণ লিম্বু, নিজু আৰু মোৰ মাজত সংঘটিত হোৱা এক প্ৰচণ্ড বাকযুদ্ধৰ অন্তত অৱশ্যে নিজুৱেই বিজয়ৰ হাঁহিটি মাৰিলেগৈ।

 জ্যেষ্ঠ হিচাপে মোৰ ভাগত পৰিলগৈ টেক্সিৰ ভাড়াটো। হ’ব আৰু!

 কৰ্ণ লিম্বুৰ আক’ এটা সুবিধা আছে। গাৰ গঠন আৰু ভাষাৰ উচ্চাৰণ ভঙ্গীৰ ফালৰপৰা তেওঁক চিক্কিমৰ স্থায়ী বাসিন্দা যেনেই লাগে। গতিকে, আমিও সুবিধাটো ল’বলৈ বুলিয়েই য’ত ত’ত, প্ৰধানকৈ টেক্সিৰ দামদৰ কৰিবলগীয়া হ’লে তেওঁকে আগবঢ়াই দিওঁ : ‘যাওক না লিম্বু, আপুনিহে পাৰিব।’

 কথাটোত তেওঁ ভালেই পায় আৰু বীৰদৰ্পে আগবাঢ়িও যায়।

 ঠিক হ’ল বনজাক্ৰি জলপ্ৰপাত, গুমজুং মনাষ্টেৰী, গনেশ টক, পাৰ্ক এখন, ফ্লাৱাৰ শ্ব’ আদি ফুৰাই আনিবগৈ। পিছে, ভাড়া লাগিব পোন্ধৰশ টকা।

 পোন্ধৰশ! তাকো, লিম্বুৱে নিজেই দামদৰ কৰাৰ পিছতো!

 “আপোনালোক হোৱাহ’লে দুহেজাৰৰ কম নকৰিলেহেঁতেন, জানে?”

 সঁচা? পিছে, প্ৰমাণ কৰি চাবলৈ আমাৰ সময়টো বেয়া হ’ল।

 অৱশ্যে, ড্ৰাইভাৰৰ যুক্তি : পাহাৰীয়া ঠাইত তেল বেছি খায়।

 স্পীড দিবই নোৱাৰি। গিয়েৰো এক, দুই নম্বৰতহে লগাব লাগে।

 হয় চাগে। নোহোৱা কথাবোৰো পৰদেশত হয় বুলি ধৰি ল’ব লাগে।

 তেওঁলোক দুয়োজনকে সাৱধানেৰে অতিক্ৰম কৰি লৰালৰিকৈ গাড়ী খনৰ আগচিটটোকে দখল কৰি ল’লোগৈ যাতে চাৰিওফালে চাই যাব পাৰো। [ ৯৫ ]  যেনিয়েই চকু গৈছে, কেৱল নীলা পাহাৰবোৰ। নে, পৰ্বতবোৰ?

 এই ঠাইবোৰত বেলিটো নিশ্চয় দুপৰীয়াৰ সময়কণতহে দেখা পায়।

 পুৱা, আবেলিতো সৌ ওখ ওখ পৰ্বতবোৰে আঁৰ কৰিয়েই ৰাখে।

 চাই চাই, সময়বোৰ কেনেকৈ পাৰ হৈ গৈছিল গমেই পোৱা নাছিলো।

 বিশাল পাৰ্ক এখনত গাড়ীখন ৰখোৱাতহে মন কৰিলো এই বনজাক্ৰি জলপ্ৰপাতটোক লৈয়ো দেখোন বিৰাট এক কাৰবাৰ, বিৰাট এক ব্যৱসায়!

 ৰেষ্টোৰাৰপৰা আদিকৰি গৰমকাপোৰৰ দোকানলৈকে, সবেই আছে।

 এন্ট্ৰি টিকেটৰ দায়িত্বটো নিজুৱেই লোৱাত মই আৰু হেপাহ পলুৱাই চাৰিওফালৰ পাহাৰবোৰকে চাই থাকিলো।

 দুটামান পাহাৰ লৈ যাবপৰাহ’লে!

 টিকেটৰ লেঠাটো মৰাত তিনিওজন আগবাঢ়িলো খটখটি বগাই বগাই।

 ইফালে, কাণত বাজি থাকিল জলপ্ৰপাতটোৰ ঝৰঝৰ গৰ্জন!

 শেষত যেনিবা প্ৰপাতটো পালোগৈ আৰু ফটো তোলাত লাগিলো।

 নিজু আৰু লিম্বুয়েতো জোতা-মোজা খুলি তললৈ নামিয়েই গ’ল।

 যেন ওপৰৰপৰা চালেই নহৈছে।

 ভাবিলো, যলৈ যোৱা গৈ থাকা, মই হ’লে ৰিস্ক ল’বলৈ নাই দেই!

 প্ৰায় আধাঘণ্টাৰ পিছতে পুনৰ গাড়ীত উঠিলোহি।

 গুমজুং মনাষ্টেৰীটোৰ সমুখত গাড়ীখন ৰ’লহি।

 পাহাৰৰ ওপৰতো ইমান বৃহৎ এটা মনাষ্টেৰী, ইমান ডাঙৰ ঘৰ-দুৱাৰ!

 ইমানখিনি ভিক্ষু একেলগে থকাৰ পিছতো ইমান শান্ত, ইমান নিস্তব্ধ!

 যেন, বেজি এটা পৰিলেও শব্দটো শুনা যাব!

 আৰু, চাৰিওফালে ইমান যে পৰিষ্কাৰ পৰিচ্ছন্নও!

 পাণৰ পিক পেলাবলৈ ঠাই নাপাই নিজুৱেতো গিলিয়েই থ’লে পাই!

 ঘৰ এটাৰ ছাঁদেই চোতাল হৈ পৰা এঠাইত দেখা পালো মেৰুণ ৰঙৰ সাজ পিন্ধা দহ বাৰটামান টকলা পোৱালী-ভিক্ষুয়ে বল এটা লৈ খেলি আছে।

 এটা দিশত, ধুনীয়াকৈ খাঁজকটা দৰ্জা এখনেৰে সোমাই গ’লো।

 বুদ্ধৰ মূৰ্তি, মাখনৰ বাতিত জ্বলোৱা বন্তি, ওপৰত এটা গধুৰ ঘণ্টা।

 কুঁহিয়াৰশালৰ ভীমৰ দৰে চকৰিবোৰ ঘূৰাই ঘূৰাই এপাক মাৰিলো।

 নিজু, লিম্বুয়ে ধামধুম ফটো তুলিলে। বেছিভাগেই আক’ শ্বেলফিহে।

 মই বোলো, শ্বেলফিছ মানুহেহে শ্বেলফি মাৰি ভাল পায়।

 মই শ্বেলফিছ নহয়। গতিকে, শ্বেলফিও নামাৰো৷ [ ৯৬ ]  নিজু, লিম্বুৱেও নিজকে শ্বেলফিচ নহয় বুলি দেখুৱাবলৈ চেষ্টা কৰিলে।

 মাজে মাজে, মোক কিবা কিবি খুৱাবলৈও চালে।

 মই কিন্তু যা তা বস্তুবোৰ খাই ফুৰিবলৈ ভাল নাপাওঁ।

 ফুৰিবলৈ আহি পেটটো বেয়া কৰি ল’বলৈ মোৰ মন নাই।

 এঠাইত পিছে লিম্বুয়ে চিঞৰি দিলে, “এই ৰখোৱা! মম’ খাই লওঁ।”

 দেখিলো, ৰাস্তাৰ কাষতে সামান্য চালি এখন দি মঙ্গোলীয় মুখগঠনৰ এগৰাকী সুন্দৰী যুৱতীয়ে মম’ৰ দোকান এখন দি বহি আছে।

 লিম্বুয়ে ক’লে, এই দোকানখনৰ মম’ বোলে সমগ্ৰ চিক্কিমতে বিখ্যাত।

 সঁচানে? তেন্তে, আমিও খোৱাহে কথা!

 এইবাৰ কিন্তু মম’ৰ দামটো লিম্বুয়েই দিলে। ডেকা ল’ৰাৰ কথা!

 “মম’খিনি কেনেকুৱা পালে, ছাৰ!”

 দুই তাল ৰাখিয়েই ক’লো বোলো, ভাল ভাল, যথেষ্ট ধুনীয়াই।

 খাই বৈ লোৱাৰ পিছত তাত ৰৈ থকাৰ আন কাৰণ নাছিল।

 কাষতে থকা লালীগুৰাঁসৰ বাবে বিখ্যাত পাৰ্কখনলৈ সোমাই গ’লো।

 পিছে, ক’তো ফুলৰ ফ-টোও নাই। কেৱল লঠঙা গছবোৰহে।

 এদিন কোনে জানো কৈছিল, ফুল নথকা ফুলনি আৰু যৌৱনে মেলানি মগা ছোৱালী একেই৷ কাৰো আকৰ্ষণ বুলিবলৈ একোৱেই নাথাকে। সঁচা কথা।

 গতিকে, খৰধৰলৈ ওলাই আহি টেক্সিত বহি ল’লোহি।

 “লালীগুৰাঁস চাবলৈ হ’লে এপ্ৰিল-মে মাহত আহিব লাগে, ছাৰ!”

 কি? এপ্ৰিল-মে’ত আকৌ আহিবগৈ লাগিব তেনেহ’লে!

 একেখন ঠাইলৈকে ফুৰিবলৈ বুলি দুবাৰ যাব নোৱাৰি নহয়!

 প্ৰথমৰ আকৰ্ষণ, উত্তেজনাখিনি জানো দ্বিতীয়বাৰত অনুভৱ হয়!

 এইবাৰ, গাড়ীখন ৰ’লহি গনেশ টক বোলা মন্দিৰ এটাৰ কাষত।

 ভাবিলো, যাওঁৱেইচোন এপাক। তাৰ স্থাপত্য কলাখিনিকে চাম।

 কথাটো হয়ো। মন্দিৰটো ধুনীয়াই। আৰু, বহুত ওখকৈয়ে সজোৱা।

 পিছে, তাত জোতা খুলি সোমাব লাগে বাবেই মই নোসোমালো।

 নিজু আৰু লিম্বু কিন্তু সোমাল। পূজা চুজা কিবাকিবি কৰিলেও হেনো।

 মই আৰু বাহিৰৰ নৈসৰ্গিক সৌন্দৰ্য্যকে চাই চাই সময়বোৰ কটালো।

 যিমানলৈকে চকু যায়, কেৱল সেউজীয়া পাহাৰৰ শাৰীবোৰ।

 হঠাৎ, কাণত পৰিল নিজুৰ মাত, “আহক আক’! কিনো চাই আছে?”

 কি চাই আছোঁ কি বুজিবা দোষ্ট! [ ৯৭ ]  “ব’লক ব’লক, দেৰি নকৰিব! ফ্লাৱাৰ পাৰ্কখনত সোমাওঁগৈ।”

 লিম্বুৰ কথামতে পুনৰ গাড়ীত বহিলোহি। স্পীকাৰত বাজিবলৈ ল’লে কোনোবা সুকণ্ঠী গায়িকাৰ নেপালী গান। গানৰ তালে তালে ড্ৰাইভাৰৰ সুহুৰি। পিছৰ চিটত বহিথকা লিম্বুও এনেয়ে বহি থকা নাই। তেওঁৱো গুণগুণাইছে।

 এতিয়া, মইনো বাৰু কিহৰ দুখত মন মাৰি থাকোঁ?

 ইয়ালৈ আহিছোঁৱেই আনন্দ কৰিম বুলি।

 পাৰ্কখনৰ ওচৰত গাড়ী পাৰ্কিঙৰ সুবিধা নথকাৰ বাবে দুশমিটাৰমান আঁতৰতে গাড়ীখন ৰখাই দিলে। আমি খোজ কাঢ়িয়েই আগবাঢ়িবলগীয়া হ’ল।

 বাটতে দেখা পালো মুখ্যমন্ত্ৰী ড° পৱন কুমাৰ চামলিংদেৱৰ চৰকাৰী বাসগৃহটো। ৰাস্তাৰ কাষৰপৰা দেখাখিনিয়েই অতি সুন্দৰ লাগিল। কিন্তু লগতে, অতি আচৰিতো লাগিল এই কাৰণেই যে গেইটৰ সমুখত ৰৈ আছিল মাত্ৰ দুজন সাধাৰণ ৰখীয়াহে। অবিশ্বাস্য কিন্তু সত্য। মানে, আন ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰী সকলৰ বাসগৃহবোৰৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাবোৰ দেখি দেখি অভ্যস্ত হোৱাসকলৰ বাবে সেই দৃশ্যটি নিশ্চয়কৈ আশ্চৰ্য্যকৰেই।

 মাজতে, মনলৈ আহিল, যিমানেই যি নহওক, আমিতো বাহিৰা মানুহ। মুখ্যমন্ত্ৰীজনৰ বাসগৃহটিৰ ফালে ৰ-লাগি চাই থাকিলে নিৰাপত্তাৰক্ষীৰ সন্দেহো হৈ যাব পাৰে। গতিকে, খৰ খোজেৰে ফুলৰ পাৰ্কখনৰ ফালেই আগবাঢ়িলো।

 দেখিলো, গ্ৰীণহাউচ এটাৰ ভিতৰত অসংখ্য চিনাকি অচিনাকি ফুলৰ যেন এক মেলাহে বহিছে। মাজতে, সৰুকৈ পকাখাল এটা বন্ধাই তাৰ ওপৰতে বেকাকৈ দলং এখনো সাজি থৈছে যাতে খালত খেলি থকা ৰং-বিৰঙৰ মাছখিনি চাব পৰা যায়। ফুলৰ শাৰীবোৰৰ মাজে মাজে আক’ পাৰি থোৱা আছে বেঞ্চ!

 এপাক মাৰি ফুলবোৰ চালো, ফটো তুলিলো, বেঞ্চতো অলপ বহিলো।

 মূঠতে, বিশটকীয়া টিকটৰ দামটো উচল কৰিহে এৰিলো।

 হঠাৎ, ফোনৰ ৰিংট’নটো বাজি উঠাত দেখিলো পৰাগৰ কল!

 “তাত কেনেকুৱা লাগিছে, ছাৰ! ফটো অলপ পঠিয়াই দিয়কচোন!”

 বিন্দাছ, বুইছানে বেটা, কি কওঁ আৰু! ইয়াতে থাকি যাওঁ যেন লাগিছে।

 আচলতে, তোমাকো লগতে লৈ আনিব লাগিছিল, ভুলেই হৈ গ’ল।

 “মোৰ মনত ইমানকৈ দুখ নিদিব, ছাৰ! তাৰ দৃশ্যবোৰ নেটত চায়েই মনটো কিবা লাগি গৈছে। লগৰ দুটামানক কৈছোঁ বোলো এপাক যাওঁ ব’ল!”

 বাচি বাচি কেইখনমান ফটো আৰু দুটামান ভিডিঅ’ তেওঁৰ হোৱাটচ্‌ এপলৈ লগেলগেই পঠিয়াই দিলো। লগতে মেচেজ এটাও দিলো যে ইয়ালৈ [ ৯৮ ] আহি দৃশ্যবোৰ নিজচকুৰে নাচালে এই ফটোবোৰৰ বিশেষ কাম নাই।

 নাজানো, তেওঁৰ মনৰ অৱস্থা কি হ’ব পাৰে। মাথো, অনুমান কৰিছোঁ, ল’ৰাটোৱে চাগে ভৰি ডাঙিয়েই আছে। খালি, কামিনাকেইটাই লগ দিয়া নাই।

 এপাকত বাহিৰলৈ ওলায়েই মন কৰিলো, সন্ধিয়াই হ’লহি আৰু!

 এইকেইটা বস্তু চাওঁতেই ইমান দেৰি হ’লনে!

 অৱশ্যে, পৰ্বতীয়া ৰাস্তাৰে অহা-যোৱা কৰোঁতেহে বেছিখিনি সময় গ’ল। এনেয়েতো, টুৰিষ্টস্পটবোৰ দূৰৰপৰাই জিলিকি থাকে। কিন্তু দেখিবা, একা-বেঁকা, ওখ-চাপৰ পাহাৰীয়া ৰাস্তাৰে গৈ গৈ যে অন্তই নপৰে।

 সন্ধিয়া ঠিক ছয়মান বজাতে আমাক নমাই দিলেহি গেংটক নগৰৰ মাজ- মজিয়াৰ বিখ্যাত এম.জি. মাৰ্গৰ সমুখত!

 একান্ত বাধ্য ছাত্ৰৰ দৰেই আকৌ লিম্বুৰ পিছ ল’লো।

 বাঃ কি সুন্দৰ লাগিছে! ভাৰতেই নে বিদেশেই, ধৰিবই নোৱাৰি পাই!

 কিয়নো এই সমগ্ৰ ৰাস্তাটোৰ এটা ভিডিঅ’কে নকৰোঁ আৰু ফে’চবুকত প’ষ্ট কৰি নিদিওঁ! মোৰ যিসকল বন্ধু আজিলৈকে ইয়ালৈ অহা নাই তেওঁলোকে এবাৰ হ’লেও ইয়ালৈ আহিবলৈ আগ্ৰহ এটা অনুভৱ কৰক!

 বাৰু, তেওঁলোক আহে নে নাহে পিছৰ কথা, কিন্তু মই যে ইয়ালৈ আহিছোঁ সেই কথাটোতো তেওঁলোকে জানিব পাৰিব, নহয়নে?

 ভিডিঅ’টো কৰি লৈ এবাৰ ৰিপ্লে’ কৰি দেখিলো, ৰাস্তা আৰু দোকান- পোহাৰৰ লাইটবোৰ আৰু ছায়ামূৰ্তিৰ দৰে ঘূৰি ফুৰা মানুহবোৰহে দেখোন!

 নহ’ব। এই ধৰণৰ ফাল্টু ভিডিঅ’ পষ্ট কৰিলে মোৰ বদনামহে হ’ব।

 মই ফটো তোলা, ভিডিঅ’ কৰাৰ টেকনিকেই নাজানো বুলি ক’ব।

 লগে লগেই ভিডিঅ’ ডিলিট!

 পিছদিনা পিছে পুৱা পাঁচ বজাতেই লিম্বুক জগুৱাই দিলো, “ওলাওক না, এম.জি. মাৰ্গৰ ভিডিঅ’ কৰোঁগৈ। সন্ধিয়া কৰিলে স্পষ্টই নহয়।”

 প্ৰায় দুই মিনিটৰ ভিডিঅ’টো শেষত ফেচবুকত প’ষ্ট কৰিহে শান্তি!

 উভতি আহি গা-পা ধুই ভাত-পানী ৰান্ধি ঠিক খাবলৈ বহোতেই আহি ওলালহি লিম্বুৰ বায়েকগৰাকী আৰু সৰু সৰু ভাগিনী দুজনী। ৰক্ষা!

 কৰ্ণ লিম্বুয়ে ঠিক তেৰ বছৰৰ আগতেই হেনো বায়েকক শেষবাৰৰ বাবে দেখিছিল! ইফালে, ভিনিহীয়েকৰ লগত তেওঁৰ হেনো আজিলৈকে দেখা সাক্ষাৎ হোৱাই নাই। বাটত খুন্দা-খুন্দি লাগিলেও কোনেও কাকো চিনি নাপাব।

 উপায় নাপাই তেওঁ বেৰত ওলমাই থোৱা ফটোকে চাই ভিনিহীয়েকৰ [ ৯৯ ] চেহেৰাটো মনত ৰাখিবলৈ চেষ্টা কৰি থাকিল।

 নহ’লে, তেওঁৰ ঘৰতে থাকি তেওঁকে চিনিব নোৱাৰিলে কি যে হ’ব!

 অৱশ্যে, বায়েকে কোৱামতে, ফটোত দেখাতকৈ মানুহজন শকত।

 তথাপিও, মুখৰ গঠনটো মোটামুটি একেই হৈ থাকিব চাগে।

 বাৰু, সেইবোৰ কথা সময়ত দেখা যাব। কিন্তু, মোৰ আচৰিত লাগিছে। এইবাবেহে যে শহুৰেকৰ ঘৰৰ সামান্য এটা ফোনকলৰ ভিত্তিতেই কাহানিও নেদেখা খুলশালীজনৰ বাবে তেওঁ ঘৰৰ চাবি-কাঠিও এৰি থৈ গৈছে!

 কি বিশ্বাস! কি আন্তৰিকতা! কি আতিথ্যৰ ভাব!

 “আমাৰ মানুহবোৰ এনেকুৱাই, ছাৰ! মৰম, আন্তৰিকতা বহুত বেছি।

 আন মানুহৰ দৰে নহয়। এতিয়া, দেখিলেই নহয়!”

 লিম্বুৰ দাবীটোত, দেখিছোঁ, সত্যতা আছে।

 আৰু, বায়েক মানেও গাঁও সম্পৰ্কীয় বায়েকহে, সহোদৰতো নহয়।

 ইয়াৰ পিছতো! আচৰিত! তাৰিফ কৰিবলৈ ভাষাই বিচাৰি নাপাওঁ।

 বাৰু, এইবোৰ কথা ইমানতে বাদ। আমাৰ পৰৱৰ্তী প্লেন বনাব লাগে।

 সুনিতা দিদিৰ আশ্বাস, ভিনিহীয়েক আহি পালেই চিন্তা নাথাকিব।

 কথাটো হয়ো। সেইদিনা সন্ধিয়াই ঘপঘপকৈ ভিতৰলৈ সোমাই অহা হৃষ্টপুষ্ট মানুহজনেই ভিনিহীয়েক বুলি বুজি পাবলৈ আমাৰ অসুবিধা নহ’ল।

 সময়ৰ শৰ সময়ত মাৰিব জনা লিম্বুয়ে মাতিয়েই দিলে, ‘ভিনাজু!’

 আমিও আৰু যিমান পৰা যায় সন্ত্ৰম ৰক্ষা কৰি হাঁহি একোটা মাৰিলো।

 আমি যেন তেওঁৰ পূৰ্বৰে চিনাকি, এনে এটা ভাবত তেওঁ কথা আৰম্ভ কৰিলে। দুটা দিনত ক’লৈ ক’লৈ গ’লো, কি কি চালো, কেনে পালো, সুধিলে।

 আমি আৰু বনজাক্ৰি জলপ্ৰপাতৰপৰা আদিকৰি গুমজুং মনাষ্টেৰী, ৰুমটেক মনাষ্টেৰী, স্কাইডাইভিং আদিলৈ যোৱাৰ কথাখিনি চমুকৈ ক’লো।

 “কাইলৈ তেন্তে চাংগু লেক, বাবা মন্দিৰ আদিকে চাই আহকগৈ!

 মই বাৰু গাড়ী এখন বন্দৱস্ত কৰি দিওঁ, ৰ’ব!”

 পিছদিনা, পুৱা সাত বজাতে টেক্সি আহি হাজিৰ।

 ইফালে, আমাৰ ব্ৰেকফাষ্ট খোৱা হোৱাই নাই!

 আমাৰ বাবে প্ৰয়োজনীয় ’পাছ’ আদি উলিয়াই লৈ গাড়ী যেতিয়া প্ৰধান ৰাস্তাত উঠিলগৈ তেতিয়া পুৱা আঠ বাজিছে। বেলিটোও উঠি আহিছে।

 গাড়ী ক্ৰমে ক্ৰমে উঠিবলৈ ধৰিলে ওপৰলৈ, ওপৰলৈ আৰু ওপৰলৈ!

 মাজে মাজে অনেক ঠাইত ডাঠ, পাতল ডাৱৰৰ একোখন ৰাজ্য! [ ১০০ ]  একা-বেঁকা, ওখ-চাপৰ এটা ৰাস্তাৰে গাড়ীবোৰৰ এক সৰ্পিল গতি!

 মন কৰিলো, এফালে যদি গাড়ীৰ ওপৰতে শিল বাগৰি পৰিবপৰা সুউচ্চ পৰ্বতৰ শাৰী, আনফালে আক’ চকুৰে মনিব নোৱাৰা দ গড়-খাৱৈ।

 মানে, ড্ৰাইভাৰৰ ’ধ্যান হতি তু দুৰ্ঘটনা ঘটি!’

 ড্ৰাইভাৰজনে নিজেই কৈছে, সেইটো ৰাস্তাত কুঁৱলীৰ বাবেই কিমান দুৰ্ঘটনা ঘটে হিচাব নাথাকে। মানে, গাড়ী উফৰি গৈ ক’ত পৰেগৈ ঠিক নাই।

 গতিকে, আঁচলত জীৱটো বান্ধি আহি আছোঁ আৰু!

 মনৰ মাজত আনন্দ-উত্তেজনাৰ এক প্ৰচণ্ড টনা আঁজোৰা।

 তাৰ মাজতে আক’ চলি থাকিল আমাৰ প্ৰত্যেকৰে ম’বাইল ফোনৰ কেমেৰাৰ ক্লিক্ ক্লিক্‌! বেছিভাগেই শ্বেলফি। ফে’চবুকত প’ষ্ট কৰিবৰ বাবে।

 ৰাস্তাৰ দুয়োফালে সেউজীয়া পাহাৰবোৰৰ যেন মেলাহে বহিছে।

 তাতে, যেনি তেনি জলপ্ৰপাতবোৰৰো হৰ-হৰ খল-খল শব্দ!

 পাহাৰবোৰৰ মাজে মাজে আকৌ দুষ্ট ডাৱৰবোৰৰ দৌৰা-ঢপৰা খেল!

 ক’তো বৰফৰ নাম-গোন্ধ নাই যদিও গা সিৰসিৰাই যোৱা ঠাণ্ডা বতাহ।

 গাড়ীৰ গ্লাছ খুলিবই নোৱাৰি। টুপী-মাফলাৰো খুলিবই নোৱাৰি।

 বাটতে এঠাইত ৰেষ্টোৰাজাতীয় দোকান এখনত গাড়ীখন ৰখালে।

 ডাইভাৰে ক’লে, সকলোৱে গৰম কিবা এটা খাই ল’ব লাগে।

 ৰিচেপশ্বনত অৰ্ডাৰ দিলোলৈ, কফি চাৰিকাপ। লগত, কে’ক চাৰিপিচ।

 “এই ঠাণ্ডাতনো কোনোবাই কফি খাইনে!”

 মানে? অ আচ্ছা আচ্ছা, মইনো বাৰু ইমান আঁকৰা হৈ থাকিব লাগেনে।

 শেষত গৈ থৈ, কফিৰ অৰ্ডাৰ হ’লগৈ মাথোঁ একাপৰহে।

 এটা সময়ত চাংগু লে’কৰ পাৰত গাড়ীখন ৰখাই দিয়াত নিজু, লিম্বুৰ আফচোচৰ অন্ত নাইকিয়া হ’ল। যেন, কান্দিয়েই দিব! নহ’লে, ফেকুৰিবই।

 মই বোলো, কি হ’ল ভাই, কিহৰ ইমান দুখ!

 “চাওকচোন, ইমান আশা কৰি আহিলো, পিছে, বৰফ পৰাই নাই।”

 তাতে, টুৰিষ্টো বেছি নাই। গাড়ীও দুই এখনহে চকুত পৰিল।

 মানে, বৰফ নপৰা দিনত ইয়ালৈ টুৰিষ্টৰ আগমন কম হয়।

 কিজানি, বাবা মন্দিৰ ফালে বৰফ পৰিছে, সোনকালে ব’লক নহ’লে।

 “এ, ৰ’ব না, সৌ য়াককেইটা দেখিছে নহয়? তাত উঠিব লাগিব।”

 হয় যি হয়! শিংবোৰত ৰঙা ঊণেৰে সজ্জিত হৈ ৰৈ আছে য়াকবোৰ।

 কেইমিটাৰমান উঠাব। তাতে, এজনৰ ভাড়া তিনিশ পঞ্চাশ টকাকৈ। [ ১০১ ]  য়াকতনো উঠোনে! গৰুৰ পিঠিত উঠাৰ দৰেই। তাতে, ই-মা-ন ভাড়া!

 “উঠকনা! ফেচবুকত দিবলৈয়ো ফটোকেইখনমান লাগে নহয়!”

 ঠিকেই, অন্ততঃ আমি যে ইয়ালৈ আহিছোঁ, তাৰ প্ৰমাণ কেইটামানতো হাতত লাগে, নহয়নে? আৰু, য়াকতো অসমত নাই। গতিকে, উঠাহে কথা।

 ভাবিলো, য়াকটোৰ হেণ্ডেলডালত ধৰি থাকিব লাগিব।

 “য়ে হেণ্ডেল নেহি, চা-ব, শিং হে’, মত পক্ ৰিয়ে! মাৰেগা।”

 মই নমাৰ পিছত নিজু আৰু লিম্বুও এজন এজনকৈ উঠিল।

 মানে, আটাইকেইজন একেলগে উঠিলে ভিডিঅ’ কৰিবলৈ অসুবিধা।

 মন কৰিলো, নিজুয়ে ভিডিঅ’টো পষ্ট কৰি মেলি আজৰি একেবাৰে!

 য়াকৰ ভাড়াটো নিজুৱেই দিয়াৰ প্ৰস্তাৱ দিলে। মই একো নক’লো।

 আচলতে, য়াকত উঠাতকৈয়ো মোৰ মন গৈছিল ওচৰতে থকা কেবল কাৰত উঠি পৰ্বতটোৰ ওপৰলৈ যোৱাৰ আৰু তাৰপৰা তলৰ ঠাইবোৰৰ ভিডিঅ’ কৰাৰ বাবে। আৰু, য়াকত উঠাৰ ক্ষেত্ৰত নিজুৰ জেদটো মানি লোৱাৰ পিছত এইবাৰ তেওঁৱো মোৰ জেদটো মানি ল’বলৈ বাধ্য হ’ল। লিম্বু, পিছে, নগ’ল।

 এজনৰ তিনিশনবৈ টকাকৈ দুটা টিকত কিনি লৈ গহীনত আগবাঢ়িলো।

 ইতিমধ্যে, টিকত কাউণ্টাৰতে শুনিবলৈ পাইছিলো, পৰ্বতটোৰ ওপৰৰ পৰা কাঞ্চনজংঘাৰ উপৰিও চীনৰ সীমান্তটোও স্পষ্টকৈ দেখা পোৱা যায়।

 প্ৰায় ৭৫° কোণ কৰি থিয় হৈ থকা, ছয়শ ফুট ওখ পৰ্বতটোৰ ওপৰলৈ উঠি গৈ থাকোতে আমাৰ মনত আনন্দ-উত্তেজনাৰ কি যে টনা-আজোৰা!

 তথাপিও, দুয়োজনেই সমগ্ৰ যাত্ৰাটোৰ ভিডিঅ’ কৰি গৈ থাকিলো।

 কিন্তু, ডাৱৰৰ বাবেই কাঞ্চনজংঘাটো আমাৰ চকুতেই নপৰিল।

 অৱশ্যে, যোৱাবাৰ দাৰ্জিলিঙৰপৰা শৃংগটো মই দেখিছিলোৱেই।

 খালি, নিজুৰহে দেখা হোৱা নাই। বেয়াই লাগিল (বেচেৰাটোলৈ)।

 হঠাৎ লক্ষ্য কৰিলো, পশ্চিম আকাশৰ ডাৱৰখিনি আঁতৰি গৈ আছে।

 এটা সময়ত, ৰ’দ পৰি জিলিকি উঠিল সৌ কা-ঞ্চ-ন-জং-ঘা!

 ওৱাহ, ওৱাহ! কি সুন্দৰ! অতদেৰি ক’তনো লুকাই আছিলা তুমি!

 তললৈ নামিয়েই নিজু লাগি গ’ল ভিডিঅ’টো প’ষ্ট কৰাত।

 সেই ঠাইত চাবলৈ বুলি আন একোৱেই আমাৰ চকুত নপৰাত ঠিক কৰা হ’ল, বাবা মন্দিৰলৈকে যোৱাৰ। লগে লগে, গাড়ীৰ ষ্টাৰ্ট দিলেই!

 আকৌ আৰম্ভ হ’ল সেই একা-বেঁকা ৰাস্তাটোৰেই আমাৰ যাত্ৰা।

 মন কৰিলো, গাড়ী গৈ আছে ওপৰলৈ, ওপৰলৈ, কেৱল ওপৰলৈ! [ ১০২ ]  মাজে মাজে পাৰ হ’ব লাগে ডাঠ কুঁৱলীৰ একো একোখন ৰাজ্য।

 এবাৰ লক্ষ্য কৰিলো, ডাৱৰবোৰ দেখোন প্ৰায় আধা কিল’মিটাৰমান তলতে এৰি আহিলো। বাপৰে’, কি কাৰবাৰ! আৰু বা কিমান উঠিব লাগিব!

 ঠিক এঘণ্টামানৰ মূৰত, চাৰিওফালে পৰ্বতেৰে আগুৰা মুকলি অঞ্চল এটাত প্ৰৱেশ কৰোঁতেই চকুত পৰিল বাবা মন্দিৰটি।

 ওচৰতে, সেনাৰ চাউনি, ৰেষ্টোৰা আদিও দেখিলো।

 গাড়ীৰপৰা নামিয়েই অনুভৱ কৰিলো গা সিৰসিৰাই যোৱা ঠাণ্ডাবতাহ।

 সৰ্বপ্ৰথমেই আগবাঢ়িলো ৰেষ্টোৰখনলৈ বুলি।

 মানে, গাটো অলপ গৰম কৰি ল’ব লাগে যে!

 মই অৱশ্যে আকৌ একাপ কফিয়েই খালো।

 তাৰ পিছতে আগবাঢ়িলো কিছু ওপৰত থকা শিৱমূৰ্তিটোৰ ফালে।

 শিলৰ ওপৰেৰে জপিয়াই জপিয়াই, মাজে মাজে সৰু সৰু দলং একোখন পাৰ হৈ ওপৰলৈ গৈ থাকোতে অনুভৱ হ’ল যেন দম টুটি আহিছে। তথাপিও, সাহ কৰি আগুৱাই গৈ থাকিলো। শেষত, মূৰ্তিটোৰ প্ৰকাণ্ড বেদীখনত উঠাৰ পিছতে এনে লাগিবলৈ ধৰিলে যেন উশাহটো লওঁতে কষ্টহে হৈছে।

 হয়তো, সেই ঠাইত অক্সিজেন কম আছে।

 “অক্সিজেন কম নহয় হে’, ভেজ খানা আৰু চাহ-কফিসোপাকে খাই থকা মানুহৰ এনেকুৱাই হয়। আপোনাক কৈছিলো নহয়, আপুনিহে নুশুনিলে।”

 লিম্বুৱে মোক জ্ঞানেই দিলে নে দমেই দিলে, ধৰিবই নোৱাৰিলো।

 লাহে লাহে তললৈ নামি আহি আকৌ একাপ কফিকে খাই ল’লো।

 মোৰ কথা-কাণ্ড দেখি দুয়োজনে হেনো নাহাঁহি নোৱাৰিলে।

 ওভতনি যাত্ৰাপথত গঞ্জু লামা স্মৃতিভৱনটোতো এপাক মাৰিলো।

 চীন-ভাৰত যুদ্ধৰ স্মাৰকবোৰো চালো। খালি, ফটো উঠোৱাত মানা।

 ওভতনি যাত্ৰাত তললৈ নামি আহিছোঁ, কেৱল তললৈ আৰু তললৈ!

 মন কৰিলো, নামি আহোঁতে সময় যথেষ্ট কম লাগিল।

 দুঘণ্টামানতে দেখোন গেংটক টাউনখন পালোহিয়েই!

 এতিয়া পিছে কৰোঁ কি! তিনিহে বাজিছে। হাতত সময় যথেষ্ট আছে।

 ঠিক কৰা হ’ল, খানা চানা খাই লৈ অলপ পৰ লিম্বুৰ বায়েকৰ ঘৰতে জিৰণি ল’ম, আবেলি যদু ঘিমিৰে’ নামৰ এজন মানুহক লগ কৰিবলৈ টাডাঙলৈ যাম আৰু সন্ধিয়াটো এম.জি. মাৰ্গতে কটাম। তাতে, চাহ, কফি আদিও খাম।

 সেই সন্ধিয়ালৈকে আমাৰ কথাবোৰ ঠিকেই আছিল যদিও ফুৰি চাকি [ ১০৩ ] আহি সুনিতাদিদিৰ ঘৰ পোৱাৰ পিছৰেপৰাই আৰম্ভ হ’ল নিজুৰ ঠেনঠেননি। মানে, তেওঁৰ ল’ৰাটোলৈয়ে মনত পৰিছে নে মিছেচলৈয়ে মনত পৰিছে, স্পষ্টকৈ নকয়, খালি পিছদিনা পুৱাই ঘৰলৈ উভতি যাবলৈ লাগে।

 আচৰিত কাৰবাৰ!

 মই বোলো, দুদিনমান ফুৰিম বুলিহে ওলাই আহিছোঁ, যায়েইনে!

 উপাই নাপাই পুৱা আঠবজাৰ গাড়ীখনতে তেওঁক তুলি দিলোহি।

 গাড়ীখনত উঠি লৈ তেওঁ হাঁহি হাঁহিয়েই হাত জোকাৰি বিদায় ল’লে যদিও, বিশ্বাস কৰক, লিম্বু আৰু মই কিন্তু কান্দি কান্দিহে উভতি আহিলো।

 তথাপিও, পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচীমতে, দুপৰীয়াৰ ভাতসাঁজ খায়েই আমি ওলালো সিংটাম নামৰ ঠাই এখনলৈ বুলি। তাৰপৰাই গঙ্গাপ্ৰসাদ খনাল নামৰ এজনে আমাক পেণ্ডামত থকা তেওঁৰ ঘৰত এৰাতি থকাকৈ নিবহি।

 এই ব্যৱস্থাটো তেওঁ হেনো কৰিছে বিনোদ খনালদেৱৰ খাতিৰত।

 পাহাৰৰ ওপৰত অৱস্থিত পেণ্ডামৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

 অনুভৱ হ’ল, ’লালীগুৰাঁস’খন লিখি আচলতে ভালেই কৰিলো।

 পেণ্ডামত বিশেষ কাম নথকাৰ বাবে পিছদিনা পুৱাতেই সাজু হ’লো পুনৰ সিংটাম হৈ জোৰঠাং টাউন অভিমুখে। সেইখন নগৰো চাবলগীয়াই।

 তাতোকৈয়ো, জোৰঠাঙৰপৰা পাঁচ কিঃমিঃ মান আঁতৰৰ চিচ্নে নামৰ ঠাইত থকা মাহীয়েকে লিম্বুকতো মাতিয়েই আছে। তাকো, দুদিনমান থকাকৈ!

 আমাৰ বাবে এইবোৰ যে কিমান শুভ সংবাদ!

 বিশেষকৈ, আমাৰ হোটেল-লজৰ খৰচ-পাতিবোৰ যে বাচি গৈছে।

 খালি, টেক্সিৰ ভাড়া আৰু এন্ট্ৰি টিকেটৰ পইচাহে ভৰিবলগীয়া হৈছে।

 মনত আনন্দত “লিম্বুকী ৰিষ্টেদাৰোকা জয় হ’!” বুলি তেওঁৰ লগত এবাৰ হাঁহি-মজাক অলপো কৰিলো।

 মাহীয়েকৰ ঘৰ মানে লিম্বুৰ নিজৰেই ঘৰ আৰু! গতিকে, চিন্তা কিহৰ!

 ভাত-পানী খাই অলপ জিৰাই শঁতাই সেইদিনা আবেলি তেওঁলোকৰ ঘৰৰ তলৰ মহলাত থকা ফাষ্টফুডৰ উদ্যোগটোত এপাক মাৰিলো।

 মেগি, চাওচাও আদি প্ৰস্তুত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো বৰ মন দি চালো।

 লিম্বু আৰু মই দুয়োজনে একপ্লেটকৈ চাওচাও খালোও।

 “জানে, ছাৰ, এওঁ আক’ মোৰ মাৰ ভণ্টী নহয় দেই, একে গাঁৱৰহে।

 আৰু, কি জানে, ইয়াৰ আগতে এওঁক মই দেখাই নাছিলো।”

 মোৰ যে আকৌ এবাৰ আচৰিত হোৱাৰ পাল। [ ১০৪ ]  সেইদিনা সন্ধিয়াই ঠিক হ’ল তাৰপৰা প্ৰায় যাঠি কিঃমিঃ দূৰত থকা হিগাঁও নামৰ এক পৰ্বতীয়া অঞ্চলত নিৰ্মীয়মাণ হৈ থকা লিম্বুসকলৰ পূৰ্বপুৰুষ শ্ৰীজঙ্গাৰ বিশাল পিতলৰ মূৰ্তিটি দৰ্শনৰ বাবে পিছদিনা পুৱাই যোৱা হ’ব।

 কৰ্ণসিং লিম্বুৰ লগত গৈ সেই অচিন অজান দেশখনত দুটিকৈ লিম্বু পৰিয়ালতে আশ্ৰয় ল’ম আৰু তেওঁলোকৰ সন্মানীয় পূৰ্বপুৰুষজনৰ বিশাল মূৰ্তিটি চাবলৈ নাযাম, এনে কথাতো ভাবিবও নোৱাৰি।

 গতিকে, পিছদিনা পুৱা আঠ বজাতে খাই বৈ সাজু হ’লো।

 দেখিলো, গাড়ী তেওঁলোকৰে, ড্ৰাইভাৰো নিজৰে।

 তথাপিও, তেলখিনি ভৰাই দিয়াতো মোৰ দায়িত্ব বুলি ভাবিলো।

 ভাগিনী জ্যোতি ৰায়ক আগচিটতে বহিবলৈ দি কৰ্ণ আৰু মই বহিলো পিছৰ চিটত। ভাবিলো, গাভৰু ছোৱালীজনী আগচিটত বহি থাকিলে ডাইভাৰ ল’ৰাটোৱে ভগা-ছিগা ৰাস্তা হলেও চলাই বেয়া নাপাব চাগে।

 ভূমিস্খলন আৰু সৰুসুৰা জলপ্ৰপাতবোৰৰ বাবে ৰাস্তাটো মাজে মাজে ভাগিচিগি গৈছে যদিও ড্ৰাইভাৰ ল’ৰাটোৱে নিপুণতাৰেই ড্ৰাইভ কৰি গৈছিল।

 গাড়ীখন ড্ৰাইভাৰ টিংকু আৰু ভাগিনী জ্যোতিৰ হাততে সম্পূৰ্ণৰূপে এৰি দি মই মাথোঁ বিমুগ্ধ নয়নে চাই গৈছিলো লেথাৰি নিছিগা নীলা পাহাৰবোৰ, খলখলাই বৈ অহা সৰু-ডাঙৰ জলপ্ৰপাতবোৰ, ৰং-বিৰঙী বনৰীয়া ফুলবোৰ, পাহাৰবোৰৰ খাঁজে খাপে সজোৱা বিভিন্ন গঠনৰ ঘৰবোৰ আৰু মাজে মাজে গাড়ীৰ আগত অগাডেৱা কৰা দুষ্ট কুঁৱলী (নে, ডাৱৰ?) ৰ জাকবোৰ!

 এবাৰ চকুত পৰিল আমি গৈ থকা ৰাস্তাটোৰ সমান্তৰালকৈ তীব্ৰগতিৰে খলখলাই বৈ যোৱা নৈখনিত চলি থকা ৰবৰৰ নাওকেইখনমান!

 নিশ্চয়কৈ, কোনো দুঃসাহসী অভিযানকাৰীৰ এক ৰোমাঞ্চকৰ যাত্ৰা।

 তেনে এক ৰোমাঞ্চকৰ যাত্ৰাৰ সোৱাদ ল’বলৈ লিম্বুৰো মন গৈছিল।

 কিন্তু, সৰুৰেপৰা পানীৰ লগত খেলা নকৰাৰ বাবে মোৰ সাহস নহয়।

 গাড়ীখন কেতিয়া যে গন্তব্যস্থান পালেগৈ খেয়ালেই কৰা নাছিলো।

 লিম্বুৱে হঠাৎ ‘নামক!' বুলি কোৱাতহে মোৰ সম্বিত ঘূৰি আহিল।

 লগেলগে, দুৱাৰ খুলি বাহিৰলৈ ওলালো আৰু চাৰিওফালে চালো।

 যিমান পাৰি স্মাৰ্ট হ’বলৈ চেষ্টা কৰি তেওঁলোকৰ লগতে খোজ মিলাই চক্ৰীয়ভাৱে বনোৱা এঢলীয়া পদপথটিৰে পাহাৰটোৰ টিঙলৈ উঠি গ’লো।

 তাৰ পিছতো চলিল আকৌ বিৰাট এক গাঁথনিত আৰোহণ!

 প্ৰায় চল্লিশ ফুট ওখ পিতলৰ সেই বিশাল মূৰ্তিটিৰ বেদীত উঠি লৈ [ ১০৫ ] মূৰ্তিটিক নেপথ্যত ৰাখি শ্বেলফি দুটামান মাৰিয়েই আমি নামি আহিলো।

 ইতিমধ্যে এক বাজিছিল। মানে, উভতি ঘৰ পাওঁতে সন্ধিয়াই হ’বগৈ।

 পিছদিনা, আমাৰ লক্ষ্যস্থান ঠিক কৰা হ’ল দক্ষিণ চিক্কিমৰ নামচি টাউন হৈ আন এক পাহাৰৰ শিখৰত অৱস্থিত বৌদ্ধ তীৰ্থক্ষেত্ৰ ‘সিদ্ধেশ্বৰ ধাম’ আৰু তাৰ পিছতে আকৌ আন এক পাহাৰত থকা হিন্দু তীৰ্থক্ষেত্ৰ ‘চাৰধাম’!

 প্ৰথমে সিদ্ধেশ্বৰ ধাম, পিছত চাৰধাম।

 নহ’ব। প্ৰথমে চাৰধাম, পিছতহে সিদ্ধেশ্বৰ ধাম।

 ঠিক আছে, ঠিক আছে। ভাগিনৰ মতেই হওক। প্ৰথমে তেন্তে চাৰধাম।

 অন্য যিয়েই হওক বা নহওক, এটা কথা কিন্তু মানিবলগীয়া, এই বিশাল চাৰধাম অঞ্চলটি বিৰাট চাফ-চিকুন! জাবৰ জোথৰৰতো কথাই নাই আনকি ধুলিও তাত নাই। শুদা ভৰিৰেই চাৰিওফালে খোজকাঢ়ি ফুৰিব পাৰি।

 তাতে, পদপথৰ কাষে কাষে থকা শাৰী শাৰী জোপোহা গছবোৰে ঠাইকণৰ আকৰ্ষণ কেইবাগুণে বঢ়াই তুলিছে। ইফালে, চাৰিফালৰ পাহাৰবোৰ!

 ফটো মৰা আৰু ভিডিঅ’ কৰাৰ বাহিৰে কৰিবলৈ আমাৰ আছে কি!

 প্ৰায় এঘণ্টামান কটায়েই উভতি আহি গাড়ীত উঠিলোহি।

 এইবাৰ চিধা সিদ্ধেশ্বৰ ধাম!

 ইয়াতো কথা-কাণ্ডবোৰ প্ৰায় একেই।

 বিশাল এক স্তুপ আৰু তাৰ ওপৰত বুদ্ধৰ বিশাল এক পিতলৰ মূৰ্তি!

 অৱশ্যে, স্তুপটোৰ চাৰিওফালে বিভিন্ন ফুলৰ এক মনোমোহা বাহাৰ!

 লগতে, অঞ্চলটোত ধৰ্মীয় গীত কিছুমানো স্পীকাৰত বাজি থাকে।

 ইয়াতো অলেখ ফটো মাৰি লৈ ফে’চবুকত প’ষ্ট কৰি দিলো।

 ভিডিঅ’টো পঠিয়ালো নিজুলৈ, যাতে তেওঁ জ্বলি জ্বলি মৰে।

 কিয় জানো, মাজতে মোৰ ইমান স্ফুৰ্তি লাগিল যে স্তুপটোৰ পিছফালে থকা পাহাৰটো অকলেই বগাবলৈ ধৰিলো।

 তলৰপৰা লিম্বুয়ে চিঞৰি থাকিল, নুঠিব, ছাৰ, পৰি যাব, নামি আহক!

 মই কিন্তু উঠি উঠি গৈয়েই থাকিলো।

 ইমান সুন্দৰ এই দৃশ্য!

 হাঁওফাঁওৰ ভিতৰলৈ যিমান পাৰো বায়ু সুমুৱাই লৈ চিঞৰি দিলো,

 চি-ক্কি-ম! আ-ই-লা-ভ-ইউ-উ-উ-উ-উ-উ!

 ক্ষন্তেক পিছতে, মোৰ কাণত পৰিলহি, লাভ ইউ-উ-উ-উ-উ

(নৱেম্বৰ, ২০১৭)

[ ১০৬ ]

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।