পাতি নেপেলাওঁ। কোনো কাৰণতে, মই যেন স্বাৰ্থপৰ হৈ নপৰো।
এজনীয়েই ভণ্টী! তাইৰ কথা যাতে ভাবো।
আজিৰ যুগতো অইনে বিয়াখন পাতি দিব বুলি ৰৈ থাকিব লাগেনে?
আমি ককাই-ভনী দুটাৰ বাহিৰে কোনে কৰে এনেকুৱা অঁকৰালি?
ইফালে, দেউতাও যে আৰু!
আজিলৈকে, কোনো ঠাইতে ভণ্টীৰ কাৰণে দৰা এটা বিচাৰি নগ’ল।
হাইস্কুলৰ হে’ড মাষ্টৰ হৈ ৰিটায়াৰ কৰিলে যে, আত্ম-সম্মানটোকে খামুচি ধৰি থাকিল। কোনোবাই তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে বুলি ভয়তে ক’লৈকো ন’গল। কাকো একো এটা নকলেও। নিজেই কোনোবা এটা অহালৈ বাট চাই ৰৈ থাকিল : কোনোবা এটা সু-পাত্ৰ আহিব, তেখেতক যোগ্য সম্মান প্ৰদৰ্শন কৰি কন্যাভিক্ষা মাগিব, তেখেতেও তাহানিৰ হে’ড মাষ্টৰৰ মেজাজেৰে দৰাপক্ষক জেৰা কৰিব, মায়েও কথাৰ পাকতে, “আমিওতো চাব লাগিব, নহয় জানো?” বুলি টিপ্পনি কাটিব।
ইমানৰ পিছতো, দৰাপক্ষই দেউতাক হাতযোৰ কৰি অনুৰোধ কৰিব।
শেষত, মায়ে, “হ’ব আৰু! উপায়তো নাই, নহয় জানো?”বুলি বিয়াখনৰ আয়োজন কৰিব।
ধুৰ! মানুহ কিছুমানৰ যে আশাবোৰ আৰু!
কিবা বোলে, ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ,.......
এনেকৈ হলে, আমাৰ কাৰো একোডাল নহ’বগৈ।
হ’ব বাৰু কেনেকৈ, কওকচোন!
মাজতে ভাবিছিলো, অৰিন্দম ল’ৰাটো বেয়া নহ’ব চাগে।
উপাৰ্জনৰ পথ এটাও আছে, স্বাস্থ্য-পাতিও ভালেই।
মদ-পানী খোৱাও আজিলৈকে চকুত পৰা নাই। আৰুনো লাগে কি?
ভণ্টীৰ লগত মিলিব যেনেই লাগিছিল।
আলেঙে আলেঙে খবৰ এটাও লোৱালো।
কিন্তু নাই, নহ’ল। বায়েকজনীৰ বিয়াখন নোহোৱালৈকে সি হেনো নিজৰ বিয়াৰ কথা ভাবিবই নোৱাৰে। মাকে হেনো নামানেই।
মাক দেউতাকবোৰেও এনেকুৱাখন কৰিলে ভাল লাগেনে বাৰু?
কাম নাই, কাম নাই। এনেকৈ হ’লে, আমাৰ ভৱিষ্যত বুলিবলৈ একো ডালেই নাথাকিবগৈ। মই মানে, এনেই কোৱা নাই দেই।
যি দেখিছোঁ, যি বুজিছোঁ, তাৰ ওপৰত ভিত্তি কৰিহে কৈছোঁ।