পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দখলতকৈ কম যেন লগা নাছিল। মানে, আমি যেতিয়া ঘৰখনত উপস্থিত হৈছিলোগৈ তাত গৃহস্থ নাছিল। গুৰুং ডাঙৰীয়া গৈছিল ভাইটিকা লগাবলৈ।

 গৃহস্থনীও গৈছিল কোনোবা বান্ধৱীৰ ঘৰলৈ, দুদিনমান থকাকৈ।

 কিন্তু, লিম্বুৱে আগতীয়াকৈ ফোনেৰে যোগাযোগ কৰি থোৱাৰ কাৰণে ঘৰৰ ওচৰৰ দোকান এখনতে গুৰুং ডাঙৰীয়াই দুৱাৰৰ ছাবিপাট দি থৈ গৈছিল।

 দোকানীজনৰ আগত লিম্বুৱে নিজৰ পৰিচয় দিয়াৰ লগে লগে যেনিবা ছাবিপাট তেওঁৰ হাতলৈ আহিল আৰু আমি নতুন এখন ৰাজ্য জয় কৰাৰ ভঙ্গীত বীৰদৰ্পে প্ৰৱেশ কৰিলোগৈ আৰিঠাঙৰ পাহাৰৰ ওপৰত থকা ঘৰখনত।

 আমাক বাধা দিবলৈ তেতিয়া তাত কোনোৱেই নাছিল।

 নাই যি নাই, মেকুৰী এটাও ঘৰখনত নাছিল।

 বিশেষ একো চিন্তা নকৰি ড্ৰয়িংৰূমৰ চোফাকেইখনতে হাত-ভৰি মেলি তিনিওজন বহি পৰিলো। আচলতে, শুইয়েই দিলো বুলি ক’ব পাৰি।

 ওৱাহ! ওৱাহ! ৰক্ষা দেই, জীৱনটো যেন ঘূৰি আহিছে।

 পাহাৰীয়া ৰাস্তা এক কিল’মিটাৰ বগোৱাটোও যে কি কষ্ট!

 সুদা মানুহটো হ’লেও বেলেগ কথা, কিন্তু পিঠিত গধুৰ বেগ একোটা লৈ খুপিখুপি পাহাৰ বগোৱাটো কি মুখৰ কথা!

 কৰ্ণ লিম্বুৰ কথা অৱশ্যে বেলেগ। শক্তিশালী তেওঁৰ দেহৰ গঠন।

 তাতে, খাদ্য-পাতিৰ কথাও আছে। তেওঁতো সম্পূৰ্ণ আমিষভোজী।

 ইফালে, নিজুতো মাছে-ভাতে বাঙ্গালী, মোৰ দৰে শাকাহাৰী নহয়।

 গতিকে, ভাগৰত মোৰ চকু মুদ খায়েই আহিল।

 কিমান দেৰি হৈছিল জানো, হঠাৎ অনুভৱ কৰিলো ভোক।

 ওৱাল ক্লকটোত দেখিলো, এক বাজিছে।

 গৃহস্থনী নথকা ঘৰখনত আপ্যায়নৰ আশা কৰাটো পৰ্বতত কাছকণী বিচৰাৰ দৰেই। জানো, ভালদৰেই জানো। তেন্তে, উপায়?

 “বাইদেৱে কৈছে, পাকঘৰত সব বস্তুৰ যা-জোগাৰ কৰি থোৱা আছে। খালি, নিজেই ৰান্ধি বাঢ়ি খাব লাগিব। কি কৰিব, ছাৰ?”

 লিম্বুৱে এই প্ৰশ্নটো নিজুক কৰা হ’লে কি উত্তৰ পালেহেঁতেন ক’ব নোৱাৰোঁ। কিন্তু যিহেতু মোকহে কৰা হৈছিল গতিকে উত্তৰটো স্পষ্ট। মানে, পাকঘৰত যিমান যি সুস্বাদু খাদ্য-সম্ভাৰেই থাকক লাগিলে, সেই সময়ত ৰন্ধা-বঢ়া কৰি এসাঁজ খোৱাৰ মানসিক প্ৰস্তুতি মোৰ হ’লে সমূলঞ্চে নাছিল।

 গতিকে, বিকল্প এটায়েই : ওলাই গৈ কোনোবা এখন ৰেষ্টোৰাতে..

৮৮