পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহি সুনিতাদিদিৰ ঘৰ পোৱাৰ পিছৰেপৰাই আৰম্ভ হ’ল নিজুৰ ঠেনঠেননি। মানে, তেওঁৰ ল’ৰাটোলৈয়ে মনত পৰিছে নে মিছেচলৈয়ে মনত পৰিছে, স্পষ্টকৈ নকয়, খালি পিছদিনা পুৱাই ঘৰলৈ উভতি যাবলৈ লাগে।

 আচৰিত কাৰবাৰ!

 মই বোলো, দুদিনমান ফুৰিম বুলিহে ওলাই আহিছোঁ, যায়েইনে!

 উপাই নাপাই পুৱা আঠবজাৰ গাড়ীখনতে তেওঁক তুলি দিলোহি।

 গাড়ীখনত উঠি লৈ তেওঁ হাঁহি হাঁহিয়েই হাত জোকাৰি বিদায় ল’লে যদিও, বিশ্বাস কৰক, লিম্বু আৰু মই কিন্তু কান্দি কান্দিহে উভতি আহিলো।

 তথাপিও, পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচীমতে, দুপৰীয়াৰ ভাতসাঁজ খায়েই আমি ওলালো সিংটাম নামৰ ঠাই এখনলৈ বুলি। তাৰপৰাই গঙ্গাপ্ৰসাদ খনাল নামৰ এজনে আমাক পেণ্ডামত থকা তেওঁৰ ঘৰত এৰাতি থকাকৈ নিবহি।

 এই ব্যৱস্থাটো তেওঁ হেনো কৰিছে বিনোদ খনালদেৱৰ খাতিৰত।

 পাহাৰৰ ওপৰত অৱস্থিত পেণ্ডামৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

 অনুভৱ হ’ল, ’লালীগুৰাঁস’খন লিখি আচলতে ভালেই কৰিলো।

 পেণ্ডামত বিশেষ কাম নথকাৰ বাবে পিছদিনা পুৱাতেই সাজু হ’লো পুনৰ সিংটাম হৈ জোৰঠাং টাউন অভিমুখে। সেইখন নগৰো চাবলগীয়াই।

 তাতোকৈয়ো, জোৰঠাঙৰপৰা পাঁচ কিঃমিঃ মান আঁতৰৰ চিচ্নে নামৰ ঠাইত থকা মাহীয়েকে লিম্বুকতো মাতিয়েই আছে। তাকো, দুদিনমান থকাকৈ!

 আমাৰ বাবে এইবোৰ যে কিমান শুভ সংবাদ!

 বিশেষকৈ, আমাৰ হোটেল-লজৰ খৰচ-পাতিবোৰ যে বাচি গৈছে।

 খালি, টেক্সিৰ ভাড়া আৰু এন্ট্ৰি টিকেটৰ পইচাহে ভৰিবলগীয়া হৈছে।

 মনত আনন্দত “লিম্বুকী ৰিষ্টেদাৰোকা জয় হ’!” বুলি তেওঁৰ লগত এবাৰ হাঁহি-মজাক অলপো কৰিলো।

 মাহীয়েকৰ ঘৰ মানে লিম্বুৰ নিজৰেই ঘৰ আৰু! গতিকে, চিন্তা কিহৰ!

 ভাত-পানী খাই অলপ জিৰাই শঁতাই সেইদিনা আবেলি তেওঁলোকৰ ঘৰৰ তলৰ মহলাত থকা ফাষ্টফুডৰ উদ্যোগটোত এপাক মাৰিলো।

 মেগি, চাওচাও আদি প্ৰস্তুত কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো বৰ মন দি চালো।

 লিম্বু আৰু মই দুয়োজনে একপ্লেটকৈ চাওচাও খালোও।

 “জানে, ছাৰ, এওঁ আক’ মোৰ মাৰ ভণ্টী নহয় দেই, একে গাঁৱৰহে।

 আৰু, কি জানে, ইয়াৰ আগতে এওঁক মই দেখাই নাছিলো।”

 মোৰ যে আকৌ এবাৰ আচৰিত হোৱাৰ পাল।

৯৮