তেওঁলোক ডাঙৰ মানুহ, ব্যস্ত মানুহ। প্লেইনত অহা-যোৱা কৰা মানুহ!
আগৰ দিনৰ অসমীয়া মানুহৰ দৰে বিহুৱে-সংক্ৰান্তিয়ে মিতিৰ ফুৰিবলৈ তেওঁলোকৰ সময়ো নাই, ইচ্ছাও নাই। যোৰহাটৰ ঘৰখনলৈ তেওঁলোক কেতিয়াবা আহিলে অৱশ্যে দুই এক ‘পুৰণি বন্ধু’ৰ সান্নিধ্য বিচাৰি যায়।
তাকো, কোনো অফিচাৰ বা বিখ্যাত উকিল বা ব্যৱসায়ী বন্ধুহে।
কিন্তু, মিতিৰ ফুৰিবলৈ নাযায়।
মাথোঁ, কেতিয়াবা মায়েহে ফোন কৰা দেখো।
মাইনীৰ ল’ৰাটোৰ জন্ম হওতে যোৱাবছৰ মাৰ লগত অৱশ্যে মইয়ো বাঙ্গালোৰলৈ গৈছিলো। ট্ৰেইনতে গ’লো। দুদিন থাকিলোও।
পিছে, তেওঁলোকৰ ফ্লেটৰ জীৱন, কৃত্ৰিম জীৱন।
একেবাৰে ভাল নালাগিল।
গতিকে, ডিউটিৰ বাহানা দেখুৱাই গুচি আহিলো।
মাকো লগতে লৈ আনিলো।
মন কৰিছিলো, মা যথেষ্ট উৎফুল্লিত হৈ উঠিছিল। মায়ে মোক কৈছিল, “এইবোৰ ডাঙৰ মানুহৰ ডাঙৰ কথা! কাৰবাৰেই বেলেগ, দেখিলি?”
মই মাৰ মুখলৈকে চোৱা নাছিলো। মাথোঁ, খিৰিকিৰে বাহিৰলৈ চাই ৰৈছিলো। তথাপিও, মোৰ মনৰ চকুৰ আগত ভাঁহি উঠিছিল মাৰ মুখত বিৰিঙি উঠা ৰঙীন আভাখিনি!
চাওক মামা, মোৰ গাত থকা দেউতাৰ তেজে সেইবোৰ কৃত্ৰিমতা সহ্য নকৰে যেন লাগে। মা কিন্তু সম্পূৰ্ণ বিপৰীত। আমাৰ লগত নিমিলেই।
ঘৰলৈ আহি জীয়েক-জোৱায়েকৰ ডাঙৰ মানুহৰ ডাঙৰ কথাবোৰ মায়ে পাগুলি থকাৰ সময়তে এদিন দেউতাৰ দৰেই আন এক টোকোনাৰ জাত মণিৰ মাক-দেউতাক অট’ এখনত উঠি আহি উপস্থিত হৈছিলহি আমাৰ গেইটৰ সমুখত।
মায়ে তেওঁলোকক যথেষ্ট ভদ্ৰভাৱে কথাবোৰ বুজাই দি বিদায় দিলে।
তেওঁলোকক বিদায় দিয়াৰ পিছতে মায়ে মোকো শেষবাৰৰ বাবে কথাবোৰ বুজাই দিলে।
কিন্তু কিয় জানো, মাৰ কথাবোৰ বুজিবলৈ মই বৰ টান পাইছিলো।
হয়তো, দেউতাৰ দৰেই মোৰো মগজ বোলা বস্তুটো নাই!
মগজ নথকা মানুহক কথা বুজাই থাকিবলৈ মাৰ ধৈৰ্য্য নাই।
গতিকে, তেওঁ মোৰ গালত শোধাই দিলে এটা কাণতলীয়া চৰ!
আপুনিতো দেখিছেই, মা কিমান মদ্ গজ মানুহ! জোৰো আছে গাত।