পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তোকে দেখি বাবামণিটোয়েও আজিকালি দেখিছোঁ লিখা-পঢ়া কৰিবলৈ মনেই নকৰা হৈছে। জানো পাই, এইখন কি কৰিব খুজিছ?”

 বিৰক্তি লাগিছিল, বুইছেনে? নতুন কিবা এটা নিশিকিমেই নেকি আৰু?

 সদায় সদায় একেটা ফৰ্মূলাতে পৃথিৱীখন চলি থাকিব নেকি আৰু?

 পিছে, এদিন দেখিলো, কথা সৰ্বনাশ হৈছে।

 মানে, বাবামণিক পঢ়াবলৈ বহি মোৰ একেবাৰে মূৰ ঘূৰাইয়ে গ’ল।

 তাক ক’লো ৮৫ ৰ পৰা ৪৩ বিয়োগ কৰিবলৈ।

 সি পিছে, কি কৰিলে জানে?

 মোৰ ফোনটো উলিয়াই কেলকুলেটৰটো অন কৰিলে।

 মই বোলো, কি কৰিছ তই?

 “কি কৰিম আক’,কেলকুলেটৰ অন কৰিছোঁ, দেখা নাই?”

 মোৰ মানে একেবাৰে হাঁহিমেই নে কান্দিমেই, এনে লাগিল।

 এনে লাগিল, ফোনটো কাঢ়ি লৈ যেন দলিয়াইহে দিম।

 পিছে তাকনো কি ক’ম?

 আজিকালি দেখোন বজাৰে সমাৰে, দোকানে-পোহাৰে কোনেও মুখে মুখে হিচাপ নকৰেই। চিধাই ম’বাইল ফোনটোহে উলিয়ায়।

 দেউতাই কয়, “সেইবোৰ অংক কৰিবলৈয়ো সেইডাল উলিয়াব লাগেনে? হেৰ’ বৰমইনা, এইবোৰ হিচাপ দেখোন মুখতে ওলায়।

 জানো পায়, তহঁতৰ আজি কালি কি হৈছে?

 দেশখন দেখোন ৰসাতলেই গ’ল!”

 দেশখন য’লৈকে যাওক লাগিলে গৈ থাকক! কিন্তু, এই ম’বাইল ফোনৰ কেলকুলেটৰ নোহোৱাকৈ আজিকালি দেখিছোঁ কোনো চলিব নোৱাৰে।

 যোৱা শিক্ষক দিৱসৰ দিনা পিছে হ’ল কি, জিলা প্ৰশাসনে প্ৰদান কৰা ‘জীৱনজোৰা আদৰ্শ শিক্ষকৰ বঁটা’-টি গ্ৰহণ কৰিবলৈ দেউতা যাব নোৱাৰাৰ বাবে দেউতাৰ হৈ মইয়ে যাবলগীয়া হ’ল। গলো আৰু!

 তাত পিছে, ইতিমধ্যেই, অৱসৰ গ্ৰহণ কৰা জিলা-শিক্ষা বিষয়া এজনে মোৰ পৰিচয় বিচৰাত ক’লো পূৰ্ণকান্ত শৰ্মাৰ ল’ৰা বুলি।

 কথাৰ প্ৰসঙ্গত তেওঁ সুধিলে, “পূৰণৰ বৰনেওঁতখন তোমাৰ মুখস্থ আছেনে বাৰু?”

 মই মানে, অলপ থেৰোগেৰোঁ কৰাত তেওঁ কি ক’লে জানে?

 বোলে, “পূৰণৰ বৰনেওঁতাখনেই যদি তোমাৰ মুখস্থ নাই, তেন্তে তোমাক

৩৬