“কি সমস্যা হ’ল আক’ তোমাৰ? মোকতো তুমি একো কোৱা নাই।
ক’লেহে জানিম, নহয় জানো?”
চলিহাই যেন এটা ৰহস্যৰহে গোন্ধ পালে।
উলিয়াব চাগে ই কিবা এটা বাহানা!
বাহানাৰ কি অভাৱ পৰিছে ইহঁতৰ!
ফাঁকিবাজবোৰৰ বৰ সুবিধা। নাকটো মহাৰিলেই বুদ্ধিটো ওলায়।
চিধা মানুহে পাত্তাই নেপায়।
আৰু, দুনিয়াৰ যতমানে ফাঁকিবাজবোৰ ওলাইছেহি তেওঁৰ ওচৰত।
কি দিন পৰিছে যে তেওঁৰ!
তথাপিও, শুনিতো ল’ব লাগিব ই কয় কি।
“নাই ছাৰ! ইমানেই আকস্মিকভাৱে ঘটিল সেই ঘটনাটো যে মই একো চিন্তাই কৰিব নোৱাৰিলো। মোৰ মানে, একেবাৰে থৰকাছুটি হেৰাল।
কেনেকৈ যে ফঁচি গ’লো, কি কওঁ!”
মৃণালৰ অৱস্থা দেখি তেওঁৰ বেয়াও লাগিল।
ল’ৰাটো দেখোন কন্দনামুৱাই হ’ল।
এস্! কি যে কথাটো হ’ল!
“কোৱাচোন বাৰু, কথাটো বা কি!”
“ছাৰ! কথাটো হ’ল কি মানে, আমাৰ এওঁ বৰ সাংঘাতিক কাম এটা কৰি পেলালে নহয়, সিদিনা! আজি দহ বাৰ দিন দৌৰা-দৌৰি কৰি, ত্ৰিশ হাজাৰমান টকাও ভৰিহে, কথমপি তেওঁকো বচাই আনিছোঁ, আৰু মই নিজেও বাচি আহিছো।”
মানে?
“মানে ছাৰ, কথাটো এনেকুৱা হ’ল, আমি মানে সিদিনা গৈছিলো ওচৰতে বিয়া এখন খাবলৈ।
সন্ধিয়া ঠিক সাত মান বাজিছিল।
তেনেতে, তেওঁৰ মনত পৰিল দৰব এটা খাবলৈ।
কিবা গেষ্ট্ৰিকৰ দৰব।
মই লগত নাহিলো। ভতিজীজনীৰ লগতে যাবলৈ ক’লো।
পিছে, হ’ল কি, এওঁ খাব লাগিছিল যিটো দৰব, সেইটো নাখাই, খাই দিলে বেলেগ এটাহে।
মানে, স্কীন-ডিজিজৰ দৰব এটা আনি থোৱা আছিল। ওচৰতে আছিল নেকি নাজানো, দিলে নহয় খাই! নেচালেই নে কিয়েই হ’ল, দিলে খাই।