পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ঘৰ-পৰিয়াল সকলোকে এৰি তাৰ ওচৰলৈ ঢপলিয়াই গৈছিলি।

 কিন্তু, আজি?

 আজি পলাইছ! পলাইছতো পলাইছই, লগতে সেই বেটাক এক শিক্ষা দি যোৱাৰো হুংকাৰ দিছ!

 মানে, তহঁতৰ প্ৰেম উৰি গ’ল। সাতজনমৰ বান্ধোন চিগি গ’ল!

 তাৰ ঠাইত বাহ ল’লেহি প্ৰচণ্ড ঘৃণাই। কি নাটকীয় বৈপৰিত্য!

 সঁচায়ে, দুনিয়াখনৰ যে কি কাৰবাৰ! কোনে, ক’ত, কাক ভাল পায়, বেয়া পায়, মৰম কৰে, হিংসা কৰে একো ঠিক নাই।

 এইবোৰৰ কোনো নিয়ম নাই। সব বিশৃংখল!

 কোনো পৰিস্থিতিতে একো এটা সিদ্ধান্ত দিবই নোৱাৰি।

 সিদিনা, আমাৰ লগৰে এটাই তাৰ দদায়েকৰ ওচৰলৈ গৈ নিজৰ সমস্যা অলপৰ কথা বেকত কৰি এক সু-পৰামৰ্শ বিচাৰিলে। দদায়েকে অলপ পৰ চিন্তা কৰাৰ দৰে কৰি ক’লে, “চা! তই নিজে যি ভাল দেখ, তাকে কৰ!”

 উভতি আহোঁতে সি খঙতে ভোৰভোৰাই উঠিল।

 সি নিজে ভাল দেখাটোয়েই যদি কৰিব লাগে, তেন্তে এঘণ্টা ধৰি তাৰ দদায়েকক সমস্যাটো বুজাই থাকি তাৰ কিটো লাভ হ’ল?

 তাকে নকৰিলেও কাইলৈ তেওঁ ক’ব বোলে সি ডাঙৰৰ লগত কোনো কথাই আলোচনা নকৰে। অথচ, আলোচনা কৰিলেও তেওঁলোকে সমাধান এটা দিবও নোৱাৰে। এনেকুৱা হ’লে কি লাভ?

 কিন্তু, এই ব্যক্তিগত কথাবোৰত আনে ক’বই বা কি?

 ফোনটো আকৌ বাজিল।

 বাপাৰ ফোন। সি নিশ্চয় তাৰ পইচাটো বিচাৰিব। কি কৰোঁ?

 তাৰ গাতো দোষ দিব নোৱাৰি। যোৱা সপ্তাহতে ঘূৰাই দিম বুলি কৈছিলো। হিচাপেই নিমিলিল দেখোন। তাতে, কাপোৰযোৰো লোৱা হ’ল।

 নাই নধৰোঁ।

 নহয়, নধৰিলে কথাটো বেয়া হ’ব। বিশ্বাস ভাগি যাব। আগলৈ,..

 সেয়েহে বোলো, বেয়া নাপাবি দোষ্ট! মই কাইলৈ চেষ্টা এটা..

 এবাৰ মন কৰিলো, ট্ৰেইনখন পূৰ্ণগতিত আহি আছে।

 লগতে, চলি আছে বিভিন্ন প্ৰকাৰৰ হট্টগোলবোৰ!

 তাৰ লগতে সমানে ফেৰ মাৰিছে ভজাবুট আৰু মিচলচানাৰ অদ্ভুত গোন্ধটোৱে আৰু হিজৰাহঁতৰ বিশেষ তালৰ হাততালিৰ শব্দই।

৪২