পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেইদিনা সন্ধিয়াই ঠিক হ’ল তাৰপৰা প্ৰায় যাঠি কিঃমিঃ দূৰত থকা হিগাঁও নামৰ এক পৰ্বতীয়া অঞ্চলত নিৰ্মীয়মাণ হৈ থকা লিম্বুসকলৰ পূৰ্বপুৰুষ শ্ৰীজঙ্গাৰ বিশাল পিতলৰ মূৰ্তিটি দৰ্শনৰ বাবে পিছদিনা পুৱাই যোৱা হ’ব।

 কৰ্ণসিং লিম্বুৰ লগত গৈ সেই অচিন অজান দেশখনত দুটিকৈ লিম্বু পৰিয়ালতে আশ্ৰয় ল’ম আৰু তেওঁলোকৰ সন্মানীয় পূৰ্বপুৰুষজনৰ বিশাল মূৰ্তিটি চাবলৈ নাযাম, এনে কথাতো ভাবিবও নোৱাৰি।

 গতিকে, পিছদিনা পুৱা আঠ বজাতে খাই বৈ সাজু হ’লো।

 দেখিলো, গাড়ী তেওঁলোকৰে, ড্ৰাইভাৰো নিজৰে।

 তথাপিও, তেলখিনি ভৰাই দিয়াতো মোৰ দায়িত্ব বুলি ভাবিলো।

 ভাগিনী জ্যোতি ৰায়ক আগচিটতে বহিবলৈ দি কৰ্ণ আৰু মই বহিলো পিছৰ চিটত। ভাবিলো, গাভৰু ছোৱালীজনী আগচিটত বহি থাকিলে ডাইভাৰ ল’ৰাটোৱে ভগা-ছিগা ৰাস্তা হলেও চলাই বেয়া নাপাব চাগে।

 ভূমিস্খলন আৰু সৰুসুৰা জলপ্ৰপাতবোৰৰ বাবে ৰাস্তাটো মাজে মাজে ভাগিচিগি গৈছে যদিও ড্ৰাইভাৰ ল’ৰাটোৱে নিপুণতাৰেই ড্ৰাইভ কৰি গৈছিল।

 গাড়ীখন ড্ৰাইভাৰ টিংকু আৰু ভাগিনী জ্যোতিৰ হাততে সম্পূৰ্ণৰূপে এৰি দি মই মাথোঁ বিমুগ্ধ নয়নে চাই গৈছিলো লেথাৰি নিছিগা নীলা পাহাৰবোৰ, খলখলাই বৈ অহা সৰু-ডাঙৰ জলপ্ৰপাতবোৰ, ৰং-বিৰঙী বনৰীয়া ফুলবোৰ, পাহাৰবোৰৰ খাঁজে খাপে সজোৱা বিভিন্ন গঠনৰ ঘৰবোৰ আৰু মাজে মাজে গাড়ীৰ আগত অগাডেৱা কৰা দুষ্ট কুঁৱলী (নে, ডাৱৰ?) ৰ জাকবোৰ!

 এবাৰ চকুত পৰিল আমি গৈ থকা ৰাস্তাটোৰ সমান্তৰালকৈ তীব্ৰগতিৰে খলখলাই বৈ যোৱা নৈখনিত চলি থকা ৰবৰৰ নাওকেইখনমান!

 নিশ্চয়কৈ, কোনো দুঃসাহসী অভিযানকাৰীৰ এক ৰোমাঞ্চকৰ যাত্ৰা।

 তেনে এক ৰোমাঞ্চকৰ যাত্ৰাৰ সোৱাদ ল’বলৈ লিম্বুৰো মন গৈছিল।

 কিন্তু, সৰুৰেপৰা পানীৰ লগত খেলা নকৰাৰ বাবে মোৰ সাহস নহয়।

 গাড়ীখন কেতিয়া যে গন্তব্যস্থান পালেগৈ খেয়ালেই কৰা নাছিলো।

 লিম্বুৱে হঠাৎ ‘নামক!' বুলি কোৱাতহে মোৰ সম্বিত ঘূৰি আহিল।

 লগেলগে, দুৱাৰ খুলি বাহিৰলৈ ওলালো আৰু চাৰিওফালে চালো।

 যিমান পাৰি স্মাৰ্ট হ’বলৈ চেষ্টা কৰি তেওঁলোকৰ লগতে খোজ মিলাই চক্ৰীয়ভাৱে বনোৱা এঢলীয়া পদপথটিৰে পাহাৰটোৰ টিঙলৈ উঠি গ’লো।

 তাৰ পিছতো চলিল আকৌ বিৰাট এক গাঁথনিত আৰোহণ!

 প্ৰায় চল্লিশ ফুট ওখ পিতলৰ সেই বিশাল মূৰ্তিটিৰ বেদীত উঠি লৈ

৯৯