পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লগ এটা বিচাৰে। গতিকে, যাকে পায় তাকে মাতে। চিনিও পায় যে সবকে!

 কিন্তু, তেওঁৰ সেই পুৰণি দিনৰ কথাবোৰ শুনি থাকিবলৈ কাৰ ক’ত সময় আছে? কাৰ কি গৰজ পৰিছে?

 মই সৰু হৈ থাকোঁতে, দেউতাই মোকো বৰ শাস্তি দিছিল, জানেনে?

 মানে, পূৰণৰ মাজু নেওঁতাখনৰতো কথাই নাই, বৰ নেওঁতাখনো মুখস্থ কৰিবলৈ লগাই দিছিল। ইংৰাজী অভিধানৰ পৰা প্ৰতিদিনে কমেও দহটাকৈ নতুন শব্দৰ অৰ্থ শিকি লৈ বাহিৰাবহী এখনত লিখি লিখি মুখস্থ কৰিবলৈও লগাই দিছিল। দীঘল দীঘল কবিতা কিছুমান মুখস্থ কৰিবলৈ লগাই দিও মোৰ ধৈৰ্য্য- পৰীক্ষা কৰিছিল।

 তেতিয়া মোৰ যে কিমান খং উঠিছিল!

 কিন্তু, মনত যিয়েই ভাবো লাগিলে প্ৰকাশ কৰিবলৈ সাহস নাছিল।

 স্কুল-পণ্ডিত দেউতাৰ হাত ল’ৰা পিতোতে পিতোতে পকা হৈ আছিল।

 তেওঁ আছিল ‘চেকনীৰ আগত বিদ্যা!’ দৰ্শনত বিশ্বাসী মানুহ।

 তেওঁৰ সেই দৰ্শনৰ আগত অন্য মানুহৰ অন্যবোৰ দৰ্শন পলাই ফাট্ মাৰিছিল। মই কোন কুটা?

 গতিকে, ইচ্ছা নাথাকিলেও, তেওঁৰ পিতনৰ ভয়তে সেইবোৰ মুখস্থ কৰি কৰি মৰিছিলো।

 তেখেতৰ সমানে সমানে স্কুলৰ আন শিক্ষক কেইজনো কম নাছিল।

 সামান্য ভুল একোটা দেখিলেই চিধাই চেটেপ্ চেটেপ্ লগাইয়েই দিছিল। গোটেই শ্ৰেণীটোত প্ৰথমে এপিতন দি লোৱাৰ পিছতহে শিকাই দিছিল, ভুলটো শুধৰাই দিছিল। তেতিয়াহে হেনো কথাবোৰ ছাত্ৰৰ মনত থাকে।

 তথাকথিত সোণালী শৈশৱৰ সেই কথাবোৰ মনত পৰিলে এতিয়াও হাত দুখন ফৰফৰাবলৈ ধৰে, পিঠিখনো চেকচেকাবলৈ ধৰে।

 খঙো উঠে, হাঁহিও উঠে, জানেনে?

 এতিয়া পিছে, এইবোৰ অসুবিধা নাই। দৰকাৰী কথাবোৰ লেপটপটোত ল’ড কৰি লৈছোঁ। অসমীয়া, ইংৰাজী অভিধান দুখনো ল’ড কৰি ৰাখিছোঁ।

 প্ৰয়োজনত, ম’বাইল ফোনটো উলিয়াই লৈ যোগ-বিয়োগ, পূৰণ-হৰণবোৰ সহজে কৰি লওঁ। এতিয়াহে, অকণমান শান্তি পাইছোঁ, বুইছেনে?

 আজিকালিৰ ল’ৰা-ছোৱালীবোৰো দেখিছোঁ এই ফুটতে উঠিছে।

 সৰু সুৰা যোগ-বিয়োগ একোটা কৰিবলগীয়া হ’লেও চিধাই ম’বাইল ফোনটো উলিয়ায়। সৰুসুৰা তথ্য একোটা লগা হ’লেও চিধাই নেট অন কৰে,

৩৪