সম্বৰ্ধনা
পিছদিনাই আহিব বুলি এডভান্স লৈ যোৱা মানুহটোৰ আজি পোন্ধৰ দিনেই দেখাদেখি নাই। খা-খবৰ এটাও নাই।
ফোন কৰিলেও হয় নট-ৰিচ্ছেবল, নহয় বিজি!
কথাটো কি? ইয়াৰ আচলতে মতলবটো কি?
ই এনেকুৱা বুলি জনাহেঁতেন ইয়াক ইমান পইচা এড্ভান্স দিয়াৰ কথা চলিহাই নাভাবিলেইহেঁতেন। কিন্তু, তেওঁৰ এতিয়া এনেকুৱা দিন চলি আছে যে কাক বিশ্বাস কৰিব পাৰি, কাক নোৱাৰি, এইবোৰ কথা চিন্তা কৰি থাকিবলৈ সময় নাই। মানে, অহা ব’হাগত নতুন ঘৰটো ল’বই লাগে।
বাৰিষাৰ ডাঙৰ বৰষুণজাক আহিব লাগিলে, এই ভগা ঘৰটোত থকা মানে নৰকত থকাৰ দৰেহে হ’ব। যেনি তেনি পানী সোমাব। লগতে সোমাব ভেকুলীগাল! সাপৰ কথাটো ভাবিলেই তেওঁৰ ভয় লাগে। ডিভানকেইখনৰ তলত পানী সোমাব লাগিলে কি গতি হ’ব, সেই কথা ভূক্তভোগীৰ বাহিৰে আনে নুবুজে। কৈয়ো কাম নাই।
তাৰ লগতে আক’ যোগ হ’ব মানুহজনীৰ বলকনিসোপা!
মানে, অসহ্য কাৰবাৰ!
সেইবাবে, তেওঁ এতিয়া, মিস্ত্ৰীৰ পৰা আদি কৰি কাঠ-বাঁহৰ বেপাৰী- লৈকে সকলোৰে লগত বন্দৱস্তবোৰ কৰি গৈছে আৰু এড্ভান্স দি গৈছে।
মানে, পইচাৰ কথা চিন্তা নকৰিবা!
খালি, কামবোৰ ঠিকমতে কৰি যোৱা! কথা সিমানেই।
মুঠতে, অহা ব’হাগত তেওঁক ঘৰটো লাগিবই।
ইপিনে, কাঠৰ বাবে হাহাকাৰ!
শিল, ইটা, বালি, চিমেন্ট সব পাবা। কিন্তু, কাঠ!
কি টেন্চন! ফলাই দিয়াৰ পিছত হেনো মিস্ত্ৰীয়েও চিনিব নোৱাৰে।
লালী বুলি ঔ-টেঙা কাঠ দিলেও চিনিবৰ সাধ্যই নাই বোলে।
কথা এনেকুৱানে? হাঃ কি কাৰবাৰ!
ইপিনে, দিনবোৰ গৈ আছে। লগতে, বাঢ়ি আছে বস্তু বাহানিৰ দাম।