পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তেতিয়া? তেওঁ কাক বিশ্বাস কৰিব?

 সৰসৰকৈ ওলাই অহা চকুপানীখিনি ৰুমালেৰে মহাৰি লৈ তেওঁ ৰূম এটাত সোমাল। কিবা এটা কৰিব লাগিব। কৰিবই লাগিব।

 তেওঁ দুৰ্বল হ’লে নহ’ব। দুৰ্বল হ’লে হাৰি যাব।

 আৰু, হাৰিবলৈ যে তেওঁ কোনো কাৰণতেই প্ৰস্তুত নহয়।

 তেওঁ কাগজ কলম উলিয়াই ল’লে।

 “মৰমৰ মামন!

 মই আহিলো। মোক বিচাৰি অযথা কষ্ট নকৰিবি।

 অৱশ্যে, মই কোনো কাৰণতে আত্মহত্যা নকৰোঁ, ভয় নকৰিবি।

 জানমণিটোৰ যত্ন ল’বি! তাক আগলৈ মোৰ কথা কবি!

ইতি,

তোৰ দেউতা”

 তাৰ পিছত, কাকো মাত এষাৰো নলগোৱাকৈ তেওঁ ওলাই আহিল।

 প্ৰথমে, ৰেইলষ্টেচন। তাৰ পিছত, আৰম্ভ হ’ল এক অনিৰ্দিষ্ট যাত্ৰা।

 অৱশ্যে, তেওঁ লক্ষ্যহীন নহয়। তেওঁ হেৰাই যাবলৈ বিচৰা নাই।

 তেওঁ জীয়াই থাকিব, কিন্তু স-সন্মানে।

 এনেকৈ, লোকৰ হাতত লাঞ্চিত, বঞ্চিত, অপমানিত হৈ নহয়।

 কিন্তু, তেওঁ যাব কলৈ? কাৰ ওচৰলৈ?

 কোন আছে আজি তেওঁৰ বাবে আগ্ৰহেৰে বাট চাই?

 হাতত থকা পইচা-পাতি কেইটা শেষ হৈ যোৱাৰ আগতেই তেওঁৰ থকা-খোৱাৰ এটা ভাল ব্যৱস্থাতো হ’বই লাগিব, নহয় জানো?

 অৱশ্যে, কাঙালৰ দৰে নহয় দেই, স-সন্মানেৰে।

 নৃপতি পুৰুয়ে যেনেকৈ আলেকজেণ্ডাৰক কৈছিল, “ৰজাৰ দৰে!’’

 যেনেকৈয়ে নহওক, তেওঁতো এদিন এজন চৰকাৰী বিষয়াই আছিল।

 ভিক্ষাৰীতো নাছিল কোনোদিনেই।

 কিয়নো, তেওঁ এখন বৃদ্ধাশ্ৰমলৈকে নাযায়?

 অৱশ্যে, কথাটো মনলৈ অহাৰ লগে লগেই তেওঁৰ মনটো কঁপি উঠিল।

 যি বুলিয়েই কওক, সেইখনতো বৃদ্ধাশ্ৰম!

 কপৰ্দক শূন্য বুঢ়া-বুঢ়ীসকলৰ শেষ আশ্ৰয়!

 “নাযাওঁ, নাযাওঁ!” বুলি ভাবি থাকিও শেষত তেওঁ আহি ওলালহি এই

আশ্ৰমখনত। তেওঁৰ মনত কিন্তু এক সংশয়। লগতে, এক অভিমানো।

৮১