তাইৰ নিজৰখিনিও সি ধুবলৈ এৰি থৈ নগ’লেহে ৰক্ষা!
নাযাব বুলিও ক’ব নোৱাৰি। আজিকালিৰ ছোৱালীহে তেও।
দেখিছোঁ নহয়, কি ষ্টাইল! কি বাহাদুৰি!”
এই কথাবোৰত, চলিহানীৰ মানে খঙেই উঠি আহে।
তাতে, চলিহাৰো এইবোৰহে কথা!
“এ, নহয়হে, তুমি বুজা নাই।”
চলিহা এইবাৰ সাজু হ’ল চলিহানীক কথাবোৰ বুজাবলৈ।
বেতৰ মুঢ়াটো হাতত লৈ, চেণ্ডেলযোৰ চোঁচৰাই চোঁচৰাই তেওঁ পালেগৈ পিছবাৰাণ্ডা।
“আচল কথাটো হ’ল কি মানে,...”
তেওঁ ’আচল কথা’ টো আৰম্ভ কৰিছিলহে, তেনেতে ঘটংকৈ হোৱা
গেইটৰ শব্দটোৰ লগতে উফৰি আহিল মৃণালৰ মাতষাৰ, ‘ছাৰ! ঘৰত আছেনে?’
ইমান দেৰিৰ পৰা উঠি থকা তেওঁৰ খংটো যেন ভমক্কৈ জ্বলি উঠিল।
তথাপিও, বৰ নাটকীয় কায়দাত খংটো সামৰি-সুতৰি, ভদ্ৰতাৰ হাঁহি এটা ওঁঠত ওলোমাই লৈ তেওঁ আগফাল পালেগৈ।
কিন্তু, তেওঁৰ হাজাৰ চেষ্টাৰ পিছতো, হাজাৰ ভদ্ৰতাৰ মাজেদিও সৰকি আহিল বিৰক্তিৰ এটা ৰেশ।
“কি হে’! মানুহ দেখোন দেখিবলৈকে নোপোৱা হ’লো।
মই বোলো আক’....”
কথাষাৰ অ-সম্পূৰ্ণ কৰি ৰাখিয়েই তেওঁ ডাঙি ল’লে চকী দুখন।
ভিতৰত বহিব নোৱাৰি। বৰ গৰম। বাহিৰতেই ভাল।
“ছাৰে চাগে মোক বেয়াই পাইছে?”
“বেয়া পোৱা নোপোৱাৰ কথা নহয়হে! আচলতে, অসুবিধাৰ কথা।
মোৰ কাম একদম বন্ধ হৈ আছে নহয়।
তাতে আক’, তোমাক লগো পোৱা নাই।
ফোন কৰিলেও হয় নট ৰিচ্ছেবল্ নহয় বিজি।
তুমি ‘কলবেক’ কৰিবওতো পাৰা, নোৱাৰা জানো?
এনেকুৱা হ’লে কি কৰোঁ, কোৱা!”
চলিহাৰ বিৰক্তিখিনি নিজে নিজেই প্ৰকাশ হ’বলৈ ধৰিলে।
“নাই ছাৰ, কিনো কওঁ!
মোৰ সাংঘাতিক সমস্যা এটা পাৰ হৈ গ’ল নহয়। বাচিলো বুলিহে।”