সমললৈ যাওক

পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 তথাপি, মাকৰ হাতৰ চৰ! কোনো ডাঙৰ কথা নহয়।

 সহ্য কৰিব পাৰি।

 কিন্তু, এনেকুৱা চৰ মণিয়ে সহ্য কৰিব কিয়?

 তাকো, সৰু সুৰা কথাবোৰতে!

 “তইতো, আগতে মোক এইবোৰ কথা কাহানিও...”

 হয়, কোৱা নাছিলো।

 ভাবিছিলো, ঘৰৰ ভিতৰৰ কথাবোৰ ঘৰৰ ভিতৰতে থাকক।

 নিজৰ লেতেৰা কাপোৰ ৰাজহুৱাকৈ ধোৱাটো বেয়া কথা।

 কিন্তু, তাই হৈছে ঘৰৰ একমাত্ৰ ছোৱালী! দেউতাকৰ নয়নৰ মণি!

 মাকৰ ঘৰত তাইৰ গাত চাগে কোনেও আঙুলি এটাও লগোৱা নাছিল।

 অথচ, মোৰ লগত বিয়া হোৱাৰ সুবাদতে তাইৰ গালত পৰিল চৰ!

 কি কৰোঁ কওক! মাক বুজাবলৈ যোৱা আৰু ঢেৰুৱা ঠাৰি সিজাবলৈ যোৱা একেটাই কথা। লাভ নাই। জানো। কিন্তু, এনেকৈ চৰ-গোৰ খাই মৰিবলৈ মণিকো মাৰ হাতত এৰি দিব নোৱাৰোঁ নহয়।

 তাইয়োতো গাভৰু ছোৱালী।

 খং উঠি কোনোবা দিনা যদি উভতি ধৰে?

 এইবোৰ কথা চিন্তা কৰিয়েই এদিন মণিক ঘৰখনৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰিলো। মানে, প্ৰাইভেট স্কুল এখনতে সুমুৱাই দিয়ালো। অন্ততঃ মই ডিউটিলৈ যোৱাৰ সময়কণত, দিনটোৰ পাঁচ-ছয় ঘণ্টা, তাই ঘৰৰ বাহিৰত থাকিলে ঘৰখনত শান্তি হ’ব। বাকী সময়খিনিত যিহেতু মই ঘৰত থাকিমেই, কিবাকিবি কৰি পৰিস্থিতি চম্ভালিব পাৰিম আৰু!

 মায়ে তাতে আপত্তি কৰিলে। এইখন ঘৰৰ বোৱাৰীয়ে বোলে বাহিৰলৈ গৈ চাকৰি কৰিবগৈ নোৱাৰে। আমাৰ এটা মান-সন্মানৰ কথা আছে।

 ’কথাবোৰ তই তোৰ ঘৈনিয়েৰক......’

 মন কৰিলেনে মামা, মাৰ কথাষাৰ?

 সেই সময়তে মোৰ ফোনৰ ৰিংট’নটো বাজি উঠিছিল।

 মাৰ কথা তল পৰিল।

 ফোনটো ৰিচিভ কৰিয়েই ওলাই আহি গাড়ীত বহিলোহি।

 ক্ষন্তেক পিছতে মণিও ওলাই আহিল।

 মন কৰিলো, বোৱা কপাহী কাপোৰযোৰে তাইক যথেষ্ট শুৱাইছিল।

 তাই মাৰফালে মূৰ দোৱাই সোঁ-হাতখন মেলি দিয়া চকুত পৰিল।