এই যেন পৰ্দাখন কঁপিব, এই যেন মানুহজনী ওলাই আহিব।
এই যেন তেওঁৰ কাণত পৰিবহি, “অ! লাইট-চাইট নজ্বলোৱাকৈ যে বহি আছে? লওক! চাহ লওক!”
লাহে লাহে তেওঁৰ ওঁঠযুৰি কঁপিবলৈ ধৰিলে।
চকুযুৰিও চলচলীয়া হৈ পৰিল।
কালৈ বাট চাইছে তেওঁ? আৰুনো, ক’ত আহিব বাৰু মানুহজনী!
লগে লগে, এক তীব্ৰ অভিমানেৰে ভৰি পৰিল তেওঁৰ মন।
আজিৰ কথা বাৰু বেলেগ, কিন্তু আগতেও কোনোদিনেই মানুহ জনীয়ে তেওঁৰ লগত বহি জোনাকৰ সৌন্দৰ্য্য পান নকৰিলে। হাজাৰবাৰ মাতিলেও নাহে। খালি, ভিতৰতে সোমাই সোমাই কামতে লাগি থাকে।
যি তি কাম। যেন, কাম কৰিবলৈহে তেওঁৰ জন্ম হৈছিল।
মাতি থাকিলেও প্ৰথমতে নুশুনাৰ ভাও ধৰিব। পিছত, বিৰক্তি প্ৰকাশ কৰিব, “এহঃ যাওঁ বুইছেনে। নোৱাৰো মই ইয়াত বহি থাকিব।
আপুনিয়েই বহি থাকক! মোৰ বহুত কাম আছে।”
কি যে মানুহ!
মৃণাল আৰু মামনক মতাৰতো কথাই নাহে।
মৃণাল হয় ওলাই যাব, নহয় কোঠাত সোমাই টি ৱি চাই বহি থাকিব।
অৱশ্যে, এনেই থাকিলেও সি নাহে।
কোনো পুতেকে দেউতাকৰ লগত বহি জোনাকৰ সৌন্দৰ্য্য পান নকৰে। এনে ঘটনা তেওঁ আজিলৈকে দেখাও নাই, শুনাও নাই।
গতিকে, তাক মতাৰতো প্ৰশ্নই নুঠে।
ইফালে, মামন থাকিব পঢ়াৰ টেবুলত।
অৱশ্যে, একো নকৰিলেও তাই তেওঁৰ লগত বাহিৰত বহি জোনাকৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ নাহে। মানে, আজিলৈকে অহা নাই।
ভৱিষ্যতে অহাৰতো প্ৰশ্নই নুঠে।
অৱশ্যে, ওচৰত কোনো নাথাকিলেও চৌধুৰীৰ অকলশৰীয়া অনুভৱ হোৱা নাছিল। ঘৰখন ভৰি আছিল। চালে-বেৰে মাত-কথাবোৰ প্ৰতিধ্বনিত হৈ আছিল। ঘৰখন ঘৰ যেন হৈ আছিল।
কিন্তু, কেনেকৈ কিবোৰ যে হ’বলৈ ল’লে জানো!
মৃণালে এদিন কোনোবা প্ৰাইভেট কোম্পানী এটাত চাকৰি পোৱাৰ খবৰ এটা তেওঁ পাইছিল।