তেওঁৰ মনটো ভাল লাগিছিল।
হওক তেও, ল’ৰাটোৰ সংস্থাপন এটা হৈছে।
লগতে অৱশ্যে, তেওঁৰ মনটো বেয়া নলগাও নহয়।
ল’ৰাটো বহুদূৰলৈ গুছি যাবগৈ! একেবাৰে বাঙ্গালোৰ পাবগৈ।
ক’তনো উভতি আহিব আৰু!
শেষত, তেওঁ আশংকা কৰাটোৱেই হ’লগৈ।
এদিন, মামনলৈ অহা ফোনকল এটাই ঘৰখনত হাহাকাৰৰে সৃষ্টি কৰিলেহি। মানে, মৃণালৰ হেনো তাৰে ছোৱালী এজনী ভাল লাগিছে।
তাই চাকৰিও কৰে একেটা কোম্পানীতে।
ক’ৰ ছোৱালী? কি কথা? আৰু, এনেকৈ হঠাৎ যে?
পিছৰখিনি আৰু গতানুগতিক।
এমাহমানৰ পিছত পো-বোৱাৰী আহি দেখা দিলেহি।
সিহঁতে হেনো তাতে কৰ্ট-মেৰেজ কৰিলে।
নহ’লে হেনো সিহঁতৰ আন উপায় নাছিল।
এইবোৰনো কথানে? কাক বুৰ্বক বনাবলৈ আহে সিহঁত?
চৌধুৰীয়ে কিন্তু নিজকে সৰ্বশক্তিৰে চম্ভালিলে। আধুনিক উদাৰ দৃষ্টিভঙ্গী এটা লৈ তেওঁ বোৱাৰীক স্বাগতম জনাই ইংৰাজীতে কথা পাতিলে।
মৃণালৰ পৰা অৱশ্যে তেওঁ যিমান পাৰে আঁতৰি আঁতৰি থাকিল।
তেওঁৰ অভিমান হ’ল তাৰ ওপৰত।
ইমান চিনি নাপালেনে তেওঁ পুতেকক! নিজৰেই পুতেকক!
তথাপিও, তেওঁ তাৰ ওচৰত হাৰ মানিবলৈ প্ৰস্তুত নহ’ল।
তেওঁ ততাতৈয়াকৈ বিয়াৰ আয়োজন কৰিলে : চাৰি দিনৰ ভিতৰতে পেণ্ডেল সাজু। চিনাকি সোণাৰীৰ পৰা এসপ্তাহৰ নটিচত সোণৰ অলঙ্কাৰ আনি মানুহজনীৰ হাতত তুলিও দিলেহি।
মানুহজনীয়ে এসোঁতা কান্দিলে। অৱশ্যে, লুকাই লুকাই, চৌধুৰীক নেদেখুৱাকৈ। তেওঁৰ মনৰ ভাবটো হ’ল, এতিয়া মানুহজনক দুৰ্বল কৰি তুলিলে নহ’ব। অনুষ্ঠানটো হৈ যাওক।
য’ত যিমান চিনাকি মানুহ আছিল চৌধুৰীয়ে নিজেই গৈ গৈ নিমন্ত্ৰণ কৰি আহিলগৈ। কিছুমানক ফোনেৰেও মাতিলে।
নাই নাই বুলিও তিনিশ মানুহ গোট খালে। হৈ গ’ল বিয়া।
তাৰ পিছত আৰু মামনক লৈয়েই ঘৰখন।