তাৰ পিছতে, আৰম্ভ হ’ল বমি।
লগে লগে, মানুহ হেনো পৰিয়েই গ’ল।
মুখেৰে হেনো ফেনাবলৈকো ধৰিলে।
ভতিজীজনীয়ে ভয় খাই দৌৰি আহিল মোৰ ওচৰলৈ।
বিয়াঘৰৰ আন মানুহেও শুনিলে কথাটো।
সব মানুহ দৌৰ মাৰিলে মোৰ ঘৰলৈ।
বিয়াঘৰ আৰু বিয়াঘৰ হৈ নাথাকিল।
মোৰ ঘৰহে মানুহেৰে ভৰি পৰিল।
তাৰ পিছত আৰু, দহটা মানুহৰ দহটা আদেশ, নিৰ্দেশ, উপদেশ।
মই বোলো, এই কথাই কথা নহয়, লৈ যাওঁ ডাক্তৰৰ ওচৰলৈ।
পিছে, ইয়াত কামেই নাই হেনো।
গতিকে, নৰ’লোৱেই আৰু, চিধা ডিব্ৰুগড়!
ইপিনে, এওঁৰ মাকৰ ঘৰৰ মানুহে কথা বেলেগলৈ পোনাইছিলেই।
পুলিচত কে’চ দিবই খুজিছিল।
মইতো ভয়েই খালো, বোলো ক’ৰ পৰা কি হ’লগৈ!
দিনেই বেয়া পৰিছে নেকি!
ভাগ্যে, এওঁ যেনিবা সুস্থ হোৱাৰ পিছত কৈ দিলে আচল কথাটো।
বাছিলো আৰু যেনে তেনে।”
একেলেথাৰিয়ে কথা কৈ কৈ মৃণালৰ নিশ্চয় ভাগৰ লাগিছিল।
হয়তো, কথাখিনি পুনৰ পাগুলিবলগীয়া হোৱাৰ বাবে অস্বস্তিও অনুভৱ কৰিছিল। হয়তো, পিয়াহো লাগিছিল তাৰ।
তালৈ চলিহাৰ বেয়াও লাগিল।
ডিঙিটো ঘূৰাই তেওঁ ভিতৰলৈ বুলি চিঞৰ এটা মাৰিলে, বোলে, চাহ দুকাপ আনাহে’! মৃণাল আহিছে।
লগতে, আগফালৰ লাইটৰ চুইচটো দি থৈ যাবলৈও ক’লে।
চকীখন ডাঙি লৈ তেওঁ এইবাৰ ঘূৰি লৈ মৃণালৰ মুখামুখিকৈ বহিল।
মুখখন অলপ হাওলাই লৈ তেওঁ এইবাৰ বৰ গোপন কথা এটা ক’বলৈ আগবঢ়াৰ দৰে মৃণালৰ ওচৰ চাপি ল’লে।
“বাচিলাহে বুলিছোঁ মৃণাল তুমি!
কিবা দৈৱ-দুৰ্বিপাকত মানুহ সিফলীয়া হোৱা হ’লে নিউজ আহি গ’লহেঁতেন : নৱ বিবাহিতাৰ আত্মহত্যা। সন্দেহৰ আৱৰ্তত স্বামী, শাহু, ননদ।