তথাপিও, ‘গুড মৰ্ণিং! গুড মৰ্নিং!’
আৰে, ভাইটি আৰু ভণ্টীও যে!
এওঁলোকে কেতিয়াৰপৰা একেলগে মৰ্ণিং ওৱাক কৰিবলৈ ল’লে!
“এহ্! বয়স হ’লে সব ঠিক্ হৈ যায়। আপোনালোকৰো হ’ব, চিন্তা নকৰিব!” নেওগৰ ৰসাল মন্তব্য।
“আপুনি বাৰু মোৰ কথা ইয়াত সাঙুৰিছে কিয়?”
বেজবৰুৱাই দস্তুৰমত প্ৰতিবাদ কৰি উঠিল।
“চিৰিয়াছ হৈছে কিয়? নিজৰে উদাহৰণটো দিলে কথাটো বুজাত আপোনাৰ সুবিধা হ’ব বুলিহে ভাবিলো।”
তেওঁৰ ৰসৰ যেন শেষ নহ’বই।
চৌহানজীয়েও ৰস পালে কথাটোত। তেওঁৱো হাঁহিলে।
কি কৰিব আৰু! উপায়তো নাই। লগৰ মানুহ। ধেমালি কৰিবই।
তিনিআলিটো পাই তেওঁলোক বাওঁফালে ঘূৰি দিলে।
এইফালে পোৱা যায় পথাৰখন আৰু চাহ বাগানখন।
পথাৰখনৰ সিপাৰেই ৰেইল আলিটো।
এইটো ৰাস্তাত গাড়ী-মটৰৰ আহ-যাহ নাই। খোজ কাঢ়িবলৈ সুবিধা।
তাতে, ঠাইখনো মুকলি। হাওৱা বতাহ থাকেই।
তেওঁলোক আগবাঢ়িল। ক্ৰমে ক্ৰমে খোজবোৰ খৰ হ’ল।
অলপ পিছতেই, ট্ৰেইন এখন আহি থকাৰ শব্দ শুনা গ’ল।
বেজবৰুৱাই আক’ ট্ৰেইন চাই বৰ ভাল পায়।
প্ৰধানকৈ, পেচেঞ্জাৰ ট্ৰেইনবোৰ!
ৰাতি পেচেঞ্জাৰ ট্ৰেইনৰ লাইটবোৰ জ্বলি থাকিলে দূৰৈৰপৰা চাবলৈ যে কিমান ভাল লাগে!
দিনত অৱশ্যে এইটো সম্ভৱ নহয়। তথাপিও, তেওঁ খোজ খৰ কৰিলে।
ইতিমধ্যে, ট্ৰেইনখনৰ ইঞ্জিনটো দেখিবলৈ পোৱা গৈছিল।
তেওঁলোকে খোজ আৰু খৰ কৰিলে।
হঠাৎ, তেওঁলোকৰ চকুত পৰিল : যথেষ্ট ডাঙৰ কুকুৰ এটা লৈ কোনোবা এজন খৰ খোজোৰে আহি আছে।
বিলাতী কুকুৰ! যথেষ্ট ধুনীয়া কুকুৰ! বগা। কাণ দুখনো দীঘল।
কুকুৰটোৱে যেন মানুহজনকহে টানি টানি আনিছে।
তাৰ ফিটাডালত ধৰি মানুহজন প্ৰায় দৌৰি অহাৰ দৰেই আহি আছে।