পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মামন যোৱাৰ পিছত কিন্তু তেওঁৰ বেছিকৈহে অকলশৰীয়া লাগিবলৈ ধৰিলে। মনটো কিবা দুৰ্বল যেন লাগিল।

 তাতে, নাতিটোৱেও তেওঁক যথেষ্ট আৱেগিক কৰি তুলিলেহি।

 দেহী ঐ! নাতিটোক আজি মানুহজনীয়ে দেখা হ’লে!

 পিছে, লাভ একো নহ’ল।

 সাতদিনৰ পিছত ডে’ডবডীহে ওলাই আহিল আই-চি-ইউৰ পৰা।

 লগতে আহিল বিল। একলাখ একাৱন্ন হাজাৰ টকাৰ বিলখন!

 মৃণালক খবৰ দিয়া হ’ল।

 সি আহিল সপৰিয়ালে।

 মামনো উভতি আহিল। লগতে, জোৱাই, বিয়ৈ, বিয়নী সকলো।

 টকা পইচা ডাঙৰ কথা নহয়, কিন্তু মানুহজনী হেৰাই গ’ল।

 অকলশৰীয়া হৈ গ’ল চৌধুৰী। খালী হৈ গ’ল ঘৰখন!

 চৌধুৰীৰ পিছে ভাব হ’ল, মানুহজনী বাথৰূমতে ঢুকাল। লগেলগেই ঢুকাল। নাৰ্চিং হোমত মাথোন নাটকহে কৰিলে। কেৱল, পইচাৰ লোভত!

 নাপায় দেই, মানুহ ইমান নীচ হ’ব নাপায়।

 আজি, ইমান দিনৰ পিছতো চৌধুৰীৰ মুখত থুই ওলাই গ’ল। ছিঃ

 হঠাৎ, ধমকৈ শব্দ এটা হোৱাত তেওঁ উচপ খাই উঠিল।

 ডিঙিটো হলাই তেওঁ কিনো হৈছে বুলি চাবলৈ চেষ্টা কৰিলে।

 একো দেখা নাপালে।

 জা-নো ক’ত কি ফুটিল! ফট্কা চট্কা চাগে।

 এহ বাদ দিয়া! কিবা হ’লে টি.ৱিত দিবই নহয়। ভাবি কি লাভ?

 বিশেষ একো নাভাবি তেওঁ গা-টো অলপ ইফাল-সিফাল কৰি ল’লে। গ্ৰীলৰ ফুটাৰ পৰা ভৰি দুটা উলিয়াই আনি এইবাৰ তেওঁ মজিয়াত ৰাখিলে।

 এতিয়া আৰাম লাগিল।

 একাপ চাহো পোৱা হ’লে!

 চাহৰ কথা ভাবোতেই আকৌ মনলৈ আহিল মানুহজনীৰ মুখখন।

 কেনেকৈ যে হেৰাই গ’ল মানুহজনী!

 মানুহজনীৰ মৃত্যুৰ পিছত তেওঁৰতো হাহাকাৰ অৱস্থা হৈছিল।

 গোটেইখন নিমাওঁ মাওঁ। নিজান! নিস্তব্ধ!

 যেন, মৰুভূমিহে। যেন মৰিশালীহে।

 মাত কথাৰ ‘ম’ টোও নাইকিয়া হ’ল।

৭৫