“কিন্তু এটা কথা, খাই-বৈ ইয়ালৈ উভতি নাহোঁ আৰু! হাতত এতিয়াও ছয়-সাত ঘণ্টা সময় আছে যেতিয়া বাহিৰে বাহিৰে ক’ৰবালৈ গুচি যাম।
ইয়াত শুই-বহি জিৰাই থাকিবলৈ অহা নাই নহয়। নে, কি কয় ছাৰ?”
এনেহেন প্ৰস্তাৱৰ বিৰুদ্ধেও কিবা এষাৰ ক’ব পাৰিনে?
গতিকে, খৰধৰকৈ সাজু হৈ ওখ-চাপৰ ৰাস্তাৰে লিম্বুৰ পিছ ল’লো।
মানে, এই অচিন, অজান দেশখনত তেওঁৱেই হ’ল আমাৰ ’গাইড’।
অৱশ্যে, মাজে মাজে মই তেওঁক মিচগাইড বুলি কৈ জোকাওঁ দেই!
কথাটোত তেওঁ বেয়া নাপায় যেনেই লাগে কাৰণ বয়সৰ ফালৰ পৰা তেওঁতো মোৰ বেটাৰ দৰেই। এতিয়া, বাধ্যত পৰিহে দোষ্ট বনাই লৈছোঁ।
গৈ গৈ লাইটেৰে জিকমিকাই থকা ৰেষ্টোৰা এখনত সোমাই দিলোগৈ।
ইউনিফৰ্ম পিন্ধা ওৱেইটাৰ এজন আহি মেনু এখন দি গ’ল।
কোনে বা কি খায়! মইতো নিৰামিষেই খাম, চিধা কথা।
শেষত, দুই প্লেট মাংস-ভাত আৰু এক প্লেট নিৰামিষ খানাৰ দামটো কোনে দিব তাকে লৈ কৰ্ণ লিম্বু, নিজু আৰু মোৰ মাজত সংঘটিত হোৱা এক প্ৰচণ্ড বাকযুদ্ধৰ অন্তত অৱশ্যে নিজুৱেই বিজয়ৰ হাঁহিটি মাৰিলেগৈ।
জ্যেষ্ঠ হিচাপে মোৰ ভাগত পৰিলগৈ টেক্সিৰ ভাড়াটো। হ’ব আৰু!
কৰ্ণ লিম্বুৰ আক’ এটা সুবিধা আছে। গাৰ গঠন আৰু ভাষাৰ উচ্চাৰণ ভঙ্গীৰ ফালৰপৰা তেওঁক চিক্কিমৰ স্থায়ী বাসিন্দা যেনেই লাগে। গতিকে, আমিও সুবিধাটো ল’বলৈ বুলিয়েই য’ত ত’ত, প্ৰধানকৈ টেক্সিৰ দামদৰ কৰিবলগীয়া হ’লে তেওঁকে আগবঢ়াই দিওঁ : ‘যাওক না লিম্বু, আপুনিহে পাৰিব।’
কথাটোত তেওঁ ভালেই পায় আৰু বীৰদৰ্পে আগবাঢ়িও যায়।
ঠিক হ’ল বনজাক্ৰি জলপ্ৰপাত, গুমজুং মনাষ্টেৰী, গনেশ টক, পাৰ্ক এখন, ফ্লাৱাৰ শ্ব’ আদি ফুৰাই আনিবগৈ। পিছে, ভাড়া লাগিব পোন্ধৰশ টকা।
পোন্ধৰশ! তাকো, লিম্বুৱে নিজেই দামদৰ কৰাৰ পিছতো!
“আপোনালোক হোৱাহ’লে দুহেজাৰৰ কম নকৰিলেহেঁতেন, জানে?”
সঁচা? পিছে, প্ৰমাণ কৰি চাবলৈ আমাৰ সময়টো বেয়া হ’ল।
অৱশ্যে, ড্ৰাইভাৰৰ যুক্তি : পাহাৰীয়া ঠাইত তেল বেছি খায়।
স্পীড দিবই নোৱাৰি। গিয়েৰো এক, দুই নম্বৰতহে লগাব লাগে।
হয় চাগে। নোহোৱা কথাবোৰো পৰদেশত হয় বুলি ধৰি ল’ব লাগে।
তেওঁলোক দুয়োজনকে সাৱধানেৰে অতিক্ৰম কৰি লৰালৰিকৈ গাড়ী খনৰ আগচিটটোকে দখল কৰি ল’লোগৈ যাতে চাৰিওফালে চাই যাব পাৰো।