অৰ্থাৎ, ভাগিনীয়েকক ৰাতি নাৰাখে। চিধা কথা।
যিয়েই নহওক, কথা বাৰ্তাৰ লগতে চাহৰ যা-যোগাৰো হৈ থাকিল।
পাকঘৰত গৰম তেলত কিবা দিয়াৰ দৰে চেঁ-চেঁৱনীৰ শব্দ এটা কাণত পৰিলহি। লুচি জাতীয় কিবা এটাই বনাইছে চাগে।
ইফালে, কাঞ্চনে মোৰ কাণৰ কাষতে ফুচফুচাই ক’লে বোলে, “মামা যিহেতু নায়েই, মামীয়ে ক’ৰনো আৰু ভাত-পানী বনাই খুৱাব?
চাহ-লুচি খায়েই আমি যামগৈ দিয়া!”
মই বোলো, হ’ব আৰু, উপায়তো নাই।
অহাৰ আগতে ফোন এটাতো কৰি ল’ব লাগিছিল।
কাঞ্চনে বোলে মোমায়েকৰ ম’বাইল ফোনেই নাই।
কাণেৰে কম শুনা বুঢ়ামানুহটোক ম’বাইল ফোন কেলৈ?
মই বোলো, ঠিকেই কৈছা!
চাহ-লুচি খাই থাকোঁতে সুধিলো বোলো এইজনী কাৰ ছোৱালী।
মামীয়েকে বোলে মাইনীৰ ভাগৰ সৰুজনী।
মাক দেউতাকে তাইক তেখেতৰ ওচৰতে থৈ কলেজলৈ যায়।
আবেলি, উভতি যাওঁতে আকৌ লৈ যায়।
তাৰ পিছতে আৰম্ভ হ’ল তেখেতৰ জী-জোৱাইসকলৰ প্ৰশস্তি।
শেহতীয়াকৈ, সৰু জী-জোৱাই দুয়োৰে চাকৰি একেলগেই ‘পাৰ্মানেন্ট’ হৈছে। কলেজৰ চাকৰি। ইউ-জি-চি স্কেলৰ দৰ্মহা। একেলগে এগালমান এৰিয়াৰো পালে। লগে লগেই, কিনিলে নতুন মডেলৰ গাড়ীও!
ইফালে, সমুখত সৌটো বিল্ডিঙৰ কামো চলাই আছে হেনো।
শহুৰেকৰ পৰাই কিনি লোৱা মাটি, পূৰা ডেৰলাখ টকাত!
মূঠতে, ইলাহী কাৰবাৰ একেবাৰে!
ইফালে, ডাঙৰ জী-জোৱাই, মাজু জী-জোৱাইবোৰৰ ধন-ঐশ্বৰ্য্যৰ বৰ্ণনা দি দি মানুহগৰাকী যেন ভাগৰিহে পৰিল।
মাজতে, তেওঁ পানী এগিলাচো কোৎ কোৎ কৈ খাই ল’লে।
এজনী মানুহে এখন মুখেৰেই কিমান ক’ব আৰু! নোৱাৰে নহয়।
“আজিকালি মানে বয় বস্তুৰ দাম যি গতিতহে বাঢ়িছে, এই সৰু-সুৰা চাকৰি কৰি অলপ পইচাৰে ভালদৰে চলিবলৈকে দিগদাৰ।
অইনে পাৰে যদি ক’ব নোৱাৰোঁ, আমাৰ ইহঁত মানে সৰুৰে পৰাই অলপ আলি-বলিৰ মাজত ডাঙৰ হোৱা যে, ইহঁতে নোৱাৰে।