পিছে, ছমাহেই নহ’ল নেকি, এদিন তাইৰ বাবেও আহিল এটা প্ৰস্তাৱ।
ল’ৰাৰ মাক-দেউতাক নিজেই আহিল।
অৱস্থাপন্ন পৰিয়াল। ল’ৰাও প্ৰতিষ্ঠিতই। কলেজ এখনৰ প্ৰফেছৰ।
তাতে, একমাত্ৰ ল’ৰা। আগলৈ পিছলৈ দায়-দায়িত্ব বুলিবলৈ নাই বুলিবই পাৰি। ইফালে, মাক দেউতাকৰ নিজৰে চাকৰি আছেই।
ঠিকেই আছে। ভালেই। বেয়া বুলিবলৈ তেনেকৈ একো চকুত নপৰিল।
ৰৈ থকাৰ কাৰণেই নাছিল। গতিকে, তিনিমাহৰ নটিচত বিয়াখন হৈ গ’ল। কন্যাদানৰ দায়িত্বৰপৰাও তেওঁ মুক্ত হৈ পৰিল।
এতিয়া আৰু কৰিবলৈ একোৱেই নাথাকিলগৈ।
অৱশ্যে, চাকৰিটো আছে। সময়খিনি কাট্ খাব।
ঘৰখন কিন্তু খালী হৈ গ’ল। নিজান নিজান হৈ পৰিল।
হাঁহি-খিকিন্দালিবোৰ নাইকিয়া হৈ গ’ল।
মাত-কথাবোৰ নাইকিয়া হৈ গ’ল।
অৱশ্যে, হোৱাই-নোহোৱাই টি.ৱি.টো চলি থাকিল।
ঘৰ এখনক সজীৱ কৰি ৰাখিবৰ বাবে ই যে শেষ উপায়!
চৌধুৰী অফিচলৈ গ’লে চৌধুৰীয়নী অকলেই আৰু!
অৱশ্যে, আগতেও তেওঁ তেনেকৈয়ে থাকে। তথাপি, নিৰ্দিষ্ট সময়ত আহি “অ’ মা!” বুলি মাতষাৰ মাতিবলৈ ল’ৰাটো আছিল, ছোৱালীজনী আছিল।
গতিকে, দিনটোৰ চাৰি-পাঁচ ঘণ্টা সময় অকলে থাকিলেও তেওঁৰ অকলশৰীয়া লগা নাছিল।
কিন্তু এতিয়া?
নিজান! নিস্তব্ধ! গহীন গহীন!
মানুহজনী যেন শুকাই খনাই গৈছে।
হয়তো, খাবলৈ ব’বলৈয়ো বৰকৈ মন নকৰা হৈছে।
বয়সতো ইমান এটা হোৱা নাই। কিমাননো হ’ব আৰু? পঞ্চাচ।
ওঁহো! আঠচল্লিশ, উনপঞ্চাশ। তেনেকুৱাই হ’ব।
চৌধুৰীৰ চিন্তা হ’ল। বেয়াও লাগিল।
দেহী ঐ! কিমান কি আশা কৰি বিয়া হৈছিল চৌধুৰীৰ লগত!
এখন ভৰাঘৰ হ’ব! সুখ-শান্তি হ’ব!
হৈছিলো নহয়। নোহোৱাকৈতো থকা নাছিল। কিন্তু, সময়ৰ সোঁতত সব উটি-ভাঁহি গুচি গ’ল। তেওঁ কাকো ধৰি ৰাখিব নোৱাৰিলে।