পৃষ্ঠা:সান্ধ্যভ্ৰমণ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ছবিখন চাই দদায়েকে এইবাৰ ক’লে, “ও! এতিয়াহে ঠিক হৈছে।”

 পিছে, উভতি অহাৰ বাটত তেওঁক কি চুৎখৰে খালে জানো, ছবিখন দেখুৱালে দেউতাকৰ লগত তাহানি একেলগে ভাওনা-নাটক আদি কৰা ডম্বৰু বৰদেউতাকক। বোলে, “বৰদেউতা! এনেকুৱা কথা এটা ভাবিছোঁ। পিছে, দেউতাৰতো কোনো ফটো-চটো নাই, গতিকে,......”

 শয্যাগত বুঢ়া মানুহজনে বহুতপৰ ছবিখন জুপি জুপি চাই থাকি, এসময়ত কঁপা কঁপা মাতেৰে ক’লে, “তোৰ দেউতাৰ বৰ হাঁহিমুখীয়া মানুহ আছিল, অ’! চাৱনীটোও বৰ কোমল আছিল। চুলিখিনিও বৰ ডাঠ আছিল। ইয়াত পিছে.....”

 তেওঁৰ কথা শুনি প্ৰবীণদাৰ মানে টিঙিচকৈ খং এটা উঠিয়েই আহিল নহয়। এজনে কয় এটা, আন এজনে কয় আন এটা! এনেকৈ হ’লে দেখোন.....

 মই দেখিলো, পৰিস্থিতি বেয়া হ’বলৈ গৈ আছে। মানুহজনৰ ধৈৰ্য্যৰ বান্ধ চিগো চিগো যেনেই হৈছে। আৰু, কিবা স্বৰূপত ছবিখন ফালি পেলাবলৈকো আছে। ইফালে, হাতত নাই সময়! কি কৰোঁ?

 বহুত ভাবি-চিন্তি, তেওঁক অলপ একাষৰীয়াকৈ মাতি আনিলো। বোলো, ক’ৰবাত কেনেবাকৈ তেখেতৰ দেউতাক থকা গ্ৰুপফটো এখন হ’লেও বিচাৰিলে ওলাব পাৰে। মানে, তাহানি তেওঁলোকে একেলগে ভাওনা, নাটক আদি কৰোঁতে নিশ্চয় ক’ৰবাত নহয় ক’ৰবাত এখন হ’লেও গ্ৰুপ ফটো......

 পিছে, প্ৰস্তাৱটো দি মৰিলো মইহে। মানে, তেনে গ্ৰুপ ফটোৰ অন্বেষণৰ দায়িত্বটো মোলৈকে পেলাই দি তেওঁ প্ৰায় উচাৎ মাৰিয়েই গুছি গ’ল।

 পিছে, কৰোঁনো কি! প্ৰস্তাৱটোতো মোৰেই।

 মোৰ মানে, খং এটাও উঠিল, হাঁহি এটাও উঠিল, বুইছেনে?

 কিহৰ পাল্লাত যে পৰিলোহি!

 পিছদিনা, বাইকৰ তেল পুৰি পুৰি গোটেই এলেকাটো ঘৰে ঘৰে ঘুৰিলো। কাৰ ঘৰত কুকুৰে ভুকিছে, কাৰ ঘৰৰ আগফালৰ গ্ৰীল খুলি দিওতে আধাঘণ্টা লগাইছে, কাৰ ঘৰত মোক মাত এষাৰ লগাবলৈকো কাৰো আহৰি হোৱা নাই, এইবোৰ কথা চোৱা নাই আৰু!

 কেইবাঘৰো মানুহৰ বহাকোঠা, শোৱনিকোঠাৰ বেৰৰপৰা এলান্ধু লগা তাহানিৰ ক’লা-বগা ফটো কেইখনমান নমাই আনি জুপি জুপি নিজেও চালো, আনকো দেখুৱালো। নাই, একো ধৰিবই নোৱাৰিলো।

 আৰে! পাৰিমনো কেনেকৈ? মইতো মানুহজনক কোনো দিনে দেখাই নাছিলো। আৰু, যিসকল বুঢ়া-মেথা বৰ্তমানো বাচি আছেগৈ তেওঁলোকৰো চকুৰ

৬০