এই বুঢ়াই যেনিবা ভলভলীয়াকৈ কথাবোৰ কৈ গৈছে, আনে যেনিবা নকয়, মনেমনে থাকে। পাৰ্থক্য সিমানেই।
মোৰ চেলটোৰ ৰিংট’নটো আকৌ বাজি উঠিল।
’বছ’- ৰ ফোন! ৰিচিভ কৰিবই লাগিব।
“কামটো হ’ল নহয়?”
“ছৰি ছাৰ, মানে ছাৰ, মই ট্ৰাই কৰি আছোঁ ছাৰ।”
“ন’ ন..মোক আজিয়েই ৰিজাল্ট লাগে, আজিয়েই। বুজিলা?”
এইয়াই প্ৰাইভেট কোম্পানীৰ চাকৰি! হাঃ বোলেতো নৌক্ ৰি, নাঃ বোলেতো ঘৰ! ইয়াত, তৃতীয় বিকল্প পথ বুলিবলৈ একো নাই।
ফোনটো পকেটত ভৰাই হাতখন উলিয়াবলৈ পোৱাই নাই, ৰিংট’নটো আকৌ বাজিলেই নহয়! অগত্যা, ফোনটো আকৌ উলিয়াই আনিলো।
দেখিলো, ডিচপ্লে’ত মানুহজনীৰ নামটো ট টকৈ জিলিকি উঠিছে।
এইমাত্ৰ কোৱাৰ্টাৰৰ পৰা আহিছোঁহে! কি হ’ল আক’ এওঁৰ?
“তুমি মোক শান্তিত থাকিবলৈ নিদিবাই নেকি হে’?
ঘৰখনত কি আছে, কি নাই তাৰ খবৰ নাই!
মই মানুহজনীয়ে কি খাইছোঁ, কি বইছোঁ তাৰ চিন্তা নাই!
খালি, ডিউটিৰ বাহানা দেখুৱাই পুৱাতেই ওলাই যোৱা।
ইফালে, ঘৰো পালাহি এইটোহে!
দাগধী মালিকনীজনীৰ যিহে খোচ্মৰা খোচ্মৰা কথা!
নাথাকোঁ আৰু মই তোমাৰ লগত। মই এতিয়াই মাৰ ঘৰলৈ...”
এই কি সঁচাকৈয়ে মাকৰ ঘৰলৈ গুচি যাবগৈ নেকি?
তালৈ গৈ যদি মোৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্য্যাতনৰ অভিযোগ দি থানাত কে’চ এটা তৰি দিয়েগৈ!
তাই যি ক’ব, সবে আক’ সেইটোহে মানি ল’ব।
মোৰ কথা শুনিব কোনে?
জানো, এইক বুজাবলৈ গৈয়ো লাভ নাই। নুবুজে।
মহা বিপদ! কি যে কৰোঁ?
অগত্যা, ফোনটো অফ্ নকৰাকৈয়ে পেণ্টৰ পকেটত ভৰাই থৈ দিলো।
তাতে যি বাজে বাজি থাকক! যি কয়, কৈ থাকক!
কিমান দেৰিনো বলকিব! এটা সময়ত ভাগৰ লাগিলে নিজেই অফ্ কৰি দিব। নহ’লে, ’টক্ টাইম’ শেষ হলেতো নিজে নিজেই ফোনটো অফ্ হৈ যাব। গতিকে, থাকক যিমান দেৰি বলকি থাকে! মই একো কৰিবলৈ নাই।