একা-বেঁকা, ওখ-চাপৰ এটা ৰাস্তাৰে গাড়ীবোৰৰ এক সৰ্পিল গতি!
মন কৰিলো, এফালে যদি গাড়ীৰ ওপৰতে শিল বাগৰি পৰিবপৰা সুউচ্চ পৰ্বতৰ শাৰী, আনফালে আক’ চকুৰে মনিব নোৱাৰা দ গড়-খাৱৈ।
মানে, ড্ৰাইভাৰৰ ’ধ্যান হতি তু দুৰ্ঘটনা ঘটি!’
ড্ৰাইভাৰজনে নিজেই কৈছে, সেইটো ৰাস্তাত কুঁৱলীৰ বাবেই কিমান দুৰ্ঘটনা ঘটে হিচাব নাথাকে। মানে, গাড়ী উফৰি গৈ ক’ত পৰেগৈ ঠিক নাই।
গতিকে, আঁচলত জীৱটো বান্ধি আহি আছোঁ আৰু!
মনৰ মাজত আনন্দ-উত্তেজনাৰ এক প্ৰচণ্ড টনা আঁজোৰা।
তাৰ মাজতে আক’ চলি থাকিল আমাৰ প্ৰত্যেকৰে ম’বাইল ফোনৰ কেমেৰাৰ ক্লিক্ ক্লিক্! বেছিভাগেই শ্বেলফি। ফে’চবুকত প’ষ্ট কৰিবৰ বাবে।
ৰাস্তাৰ দুয়োফালে সেউজীয়া পাহাৰবোৰৰ যেন মেলাহে বহিছে।
তাতে, যেনি তেনি জলপ্ৰপাতবোৰৰো হৰ-হৰ খল-খল শব্দ!
পাহাৰবোৰৰ মাজে মাজে আকৌ দুষ্ট ডাৱৰবোৰৰ দৌৰা-ঢপৰা খেল!
ক’তো বৰফৰ নাম-গোন্ধ নাই যদিও গা সিৰসিৰাই যোৱা ঠাণ্ডা বতাহ।
গাড়ীৰ গ্লাছ খুলিবই নোৱাৰি। টুপী-মাফলাৰো খুলিবই নোৱাৰি।
বাটতে এঠাইত ৰেষ্টোৰাজাতীয় দোকান এখনত গাড়ীখন ৰখালে।
ডাইভাৰে ক’লে, সকলোৱে গৰম কিবা এটা খাই ল’ব লাগে।
ৰিচেপশ্বনত অৰ্ডাৰ দিলোলৈ, কফি চাৰিকাপ। লগত, কে’ক চাৰিপিচ।
“এই ঠাণ্ডাতনো কোনোবাই কফি খাইনে!”
মানে? অ আচ্ছা আচ্ছা, মইনো বাৰু ইমান আঁকৰা হৈ থাকিব লাগেনে।
শেষত গৈ থৈ, কফিৰ অৰ্ডাৰ হ’লগৈ মাথোঁ একাপৰহে।
এটা সময়ত চাংগু লে’কৰ পাৰত গাড়ীখন ৰখাই দিয়াত নিজু, লিম্বুৰ আফচোচৰ অন্ত নাইকিয়া হ’ল। যেন, কান্দিয়েই দিব! নহ’লে, ফেকুৰিবই।
মই বোলো, কি হ’ল ভাই, কিহৰ ইমান দুখ!
“চাওকচোন, ইমান আশা কৰি আহিলো, পিছে, বৰফ পৰাই নাই।”
তাতে, টুৰিষ্টো বেছি নাই। গাড়ীও দুই এখনহে চকুত পৰিল।
মানে, বৰফ নপৰা দিনত ইয়ালৈ টুৰিষ্টৰ আগমন কম হয়।
কিজানি, বাবা মন্দিৰ ফালে বৰফ পৰিছে, সোনকালে ব’লক নহ’লে।
“এ, ৰ’ব না, সৌ য়াককেইটা দেখিছে নহয়? তাত উঠিব লাগিব।”
হয় যি হয়! শিংবোৰত ৰঙা ঊণেৰে সজ্জিত হৈ ৰৈ আছে য়াকবোৰ।
কেইমিটাৰমান উঠাব। তাতে, এজনৰ ভাড়া তিনিশ পঞ্চাশ টকাকৈ।