সেইদিনা সকলোৰে সন্মুখতে মায়ে মণিক ‘তই’ বুলিয়েই মাতিছিল।
“বোৱাৰীনো কি আৰু, নিজৰ ছোৱালীয়েই!
নিজৰ ছোৱালীজনীক কোনো মাকে ’তুমি’ বুলি মাতেনে?”
সকলোৰে লগত সেইদিনা মণিয়েও হাঁহিছিল।
মই কিন্তু ইমান এটা খোলা মনেৰে হাঁহিব পৰা নাছিলো, কাৰণ আনে নাজানিলেও মইতো জানো, মায়ে আমাৰ মাইনীক ‘তুমি’ বুলি মাতে।
সেইদিনাই মই ধৰিব পাৰিছিলো, মায়ে কিবা এটা জেং লগাব৷
তথাপিও, মই বিশ্বাস কৰিছিলো, মণিৰ ব্যৱহাৰে এদিন নহয় এদিন মাক নিশ্চয় সলনি কৰি পেলাব!
মই ভবাৰ দৰে অৱশ্যে কথাবোৰ নহ’লগৈ।
মায়ে মণিক যথেষ্ট বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।
তুচ্ছ তাচ্ছিল্য কৰিবলৈ ল’লে।
প্ৰায় প্ৰতিটো কথাতে তাইক মাইনীৰ লগত তুলনা কৰিবলৈ ল’লে।
আৰু, আপুনিতো জানেই, মণি কোনো প্ৰকাৰেই মাইনীৰ সমপৰ্য্যায়ৰ নহয়। হ’ব নোৱাৰেও কোনো দিনেই। দুয়োজনীৰ বেকগ্ৰাউণ্ড বেলেগ, কাম- কাজ বেলেগ, চিন্তাচৰ্চাৰ স্তৰ বেলেগ।
তাতে, মাইনী থাকেও বাঙ্গালোৰত, এখন অভিজাত সমাজত!
চাওক মামা, মণিৰ মাক-দেউতাক আজিকালি আমাৰ ঘৰলৈ নাহে।
বিয়াৰ আগতেই যি দুই-এবাৰ আহিছিল আৰু!
প্ৰথমবাৰ, মায়ে যিমান পাৰে কম কথাৰে তেওঁলোকক বুজাই দিলে।
দ্বিতীয়বাৰ দেখায়েই নিদিলে।
মই মাথোঁ তলৰ ওঁঠখন কামুৰি ধৰি এক অপৰাধীৰ দৰেই তললৈ মূৰ কৰি ৰৈ থাকিলো। মইতো জানিছিলো, মোৰ লগত কথা পাতিবলৈ তেওঁলোক অহা নাছিল।
যাবৰ পৰত, গেইটৰ সমুখতে মণিৰ দেউতাকে স্বগতোক্তি কৰাৰ দৰেই কৈছিল, “মোৰ এজনীয়েই ছোৱালী। তাইৰ ভৱিষ্যতটো,...’’
মাকে অট’খনৰ পৰা তেওঁক টানকৈয়ে মাতিছিল, ’এহ্, আহক!’
মনত আছে, সেইদিনা তেওঁলোকে আমাৰ ঘৰত চাহো খোৱা নাছিল।
তেওঁলোক যোৱাৰ পাছত ঠাণ্ডা হোৱা চাহখিনি ৰত্নাই পেলাই দিছিল।
“ইচ্ ইচ্ ইচ্..। বৰ বেয়া কথাটো হ’ল তেন্তে।”
চাওক মামা, মাইনীৰ শহুৰেকৰ ঘৰৰ মানুহো আমাৰ ঘৰলৈ নাহে।