কথাবোৰ মই কিবা বুজিয়েই নাপাওঁ দেখোন।
আকৌ, কাম কৰা মানুহজনী দেখোন সদায় জাধলী হৈয়েই থাকে।
মূৰ নাঁচোৰে, দাঁতকেইটা পৰিষ্কাৰ কৰি নাৰাখে।
তাতে, তামোল পকতিয়াই একেবাৰে ঘিণলগা এজনী হৈ থাকে।
তাই কিবা এটা ৰান্ধি বাঢ়ি দিলেও খাবলৈ ভাল নালাগে।
আলহী-দুলহী গলে অৱশ্যে মালিকনীসকলে নিজেই খাদ্যখিনি পৰিৱেশন কৰে। মানুহজনীক আলহীৰ ওচৰলৈ ওলাবলৈ নিদিয়ে বাৰু।
তথাপিও, মই এই কথাবোৰ ধৰিব পাৰো।
দুই এঘৰৰ মালিক-মালিকনীক মই কৈছিলোও, বোলো এইক অলপ চাফা হৈ থাকিবলৈ দিবচোন! এইবোৰত বেমাৰ আজাৰৰ কথাও থাকে।
পিছে, নাই নহ’ল। যাৰে ঘৰলৈকে যাওঁ, সেই একেই অৱস্থা।
মই এই কথা জানিবলৈ পাই আচৰিত নহৈ নোৱাৰিলো যে কামকৰা মাইকী মানুহবোৰৰ এই বিকৰ্ষণীয় চেহেৰাৰ বাবে দায়ী মালিকনীসকলহে!
তেওঁলোকে মানে, সিহঁতক গা-পা ধুই পৰিষ্কাৰ হৈ, মূৰ-চুৰ আঁচুৰি, ভাল কাপোৰ এসাজ পিন্ধি থাকিবলৈকে নিদিয়ে। আনকি, সিহঁতে নাখাওঁ বুলিলেও জোৰকৈ তামোল একোখন খুৱাই দাঁতকেইটা লেতেৰা কৰাই ৰাখে।
তাইক দেখিলেই মানে আপোনাৰ ‘মিটাৰ ডাউন’-হে হৈ যায়।
কথাটো আপোনালোকে মন কৰিছেনে বাৰু?
মই কিন্তু মন কৰোঁ, বুইছেনে?
দেখাত সৰু যদিও আচলতে ই কিন্তু ডাঙৰ কথাই।
সিদিনা, আমাৰ ঘৰতো কামকৰা বাই এজনীৰ বিষয়টো ওলাইছিল।
তেওঁ নিজেই উলিয়াইছিল। মই মাথোঁ নিৰৱে শুনিহে আছিলো।
সেই সময়ত, মোৰ মনৰ চকুৰ আগত ভাহি উঠিছিল তাহানিৰ ৰত্নাৰ পৰা আদি কৰি ৰুমালৈকে প্ৰায় বিশজনীমান কাম কৰা মাইকী মানুহৰ প্ৰতিচ্ছবি।
সঁচায়, এক বিৰক্তিকৰ আৰু অসহনীয় অনুভৱ, বিশ্বাস কৰক!
“মই মানে মানুহ এজনী পাইছোঁ। ঠিকেই আছে। কাইলৈ মাতিছোঁ।
কথা পাতি চাম। কথা মিলিলে ৰাখিম আৰু! নে, কি কয়?”
তেওঁ মোৰ পৰামৰ্শ বিচাৰিছে! আচৰিত কথা!
মই যেনিবা এওঁক চিনিহে নাপাওঁ!
এওঁ ‘ঠিকেই আছে’ বোলা মানুহজনী কেনেকুৱা হ’ব পাৰে তাক অনুমান
কৰিবলৈ বেছি মগজৰ প্ৰয়োজনেই নাই। মোৰটোৰ নিচিনা মগজেই যথেষ্ট।